জ্ঞানদা বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম জ্ঞানদা বৰা
১-৬-১৯৩৭
নগাঁও, নগাঁও জিলা
মৃত্যু ০৪-০২-২০১৯
নগাঁও
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা, সমাজকৰ্মী৷
ধৰ্ম হিন্দু ধৰ্ম
পিতৃ-মাতৃ ৰেৱকান্ত বৰা (পিতৃ)
পদ্মেশ্বৰী বৰা (মাতৃ)


জ্ঞানদা বৰা (ইংৰাজী: Jyanada Bora) নগাঁৱৰ এগৰাকী অভিনেতা আৰু সাহিত্যিক৷ “ৰঙ্গমঞ্চৰ কবি’’ৰূপে খ্যাত জ্ঞানদা বৰা লেখক, নাট্য পৰিচালক আৰু সমাজকৰ্মী আছিল৷

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

জ্ঞানদা বৰা জন্ম হৈছিল ১৯৩৭ চনৰ ১ জুন তাৰিখে৷ তেওঁৰ পিতৃৰ নাম ৰেৱকান্ত বৰা আৰু মাতৃৰ নাম পদ্মেশ্বৰী বৰা৷ [1]

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

জ্ঞানদা বৰাই নগাঁৱতে প্ৰাথমিক শিক্ষা আৰু হাইস্কুলীয়া শিক্ষা আহৰণ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু কলিকতাৰ যাদৱপুৰ পলিটেকনিকৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমা গ্ৰহণ কৰি ঘৰলৈ উভতি আহে৷ শিক্ষা সাং কৰাৰ পিছত বৰাই নগাঁৱৰ বান নিয়ন্ত্ৰণ বিভাগৰ শাখা বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছত নগাঁও পৌৰসভাৰ সহকাৰী অভিযন্তা হিচাপে যোগদান কৰে৷ ১৯৯৭ চনত সেই পদৰ পৰাই অৱসৰ গ্ৰহণ কৰে৷[1]

অভিনয়[সম্পাদনা কৰক]

জ্ঞানদা বৰাই স্কুলীয়া জীৱনৰ পৰাই নাটকৰ সৈতে জড়িত আছিল৷ জ্ঞানপীঠ বঁটা বিজয়ী মৃত্যুঞ্জয় নামৰ উপন্যাসৰ আধাৰত অৰুণ শৰ্মাই ৰচনা কৰা একে নামৰ নাটকত মহদা গোঁসাইৰ চৰিত্ৰত অভিনয় কৰি জ্ঞানদা বৰা নাট্যসমাজত জনাজাত হৈ পৰিছিল৷ ৰুদ্ৰ চৌধুৰীয়ে পৰিচালনা কৰা নাটকখনি আৰাধনা থিয়েটাৰত মঞ্চস্থ কৰা হৈছিল ১৯৮৩-৮৪ চনত৷[2] বৰাই অভিনয় কৰা উল্লেখযোগ্য নাটকসমূহ হ’ল; কাৰেঙৰ লিগিৰী, চিৰাজউদ্দৌল্লা, মগৰীবৰ আজান, শকুনিৰ প্ৰতিশোধ, এন ইন্সপেক্টৰ কলচ্, সোণাপুৰৰ বস্তি, সেই বাটেদি আদি৷ মন প্ৰজাপতি আৰু মৰম তৃষ্ণা নামৰ দুখন অসমীয়া কথাছবিতো তেওঁ অভিনয় কৰিছিল৷ টেলিফিল্ম আঁহতগুৰিৰ নতুন বাট, আৰু ডকুমেণ্টৰী নগাঁও দৰ্পনত বৰাই অভিনয় কৰিছিল৷ বিয়াল্লিছৰ শ্বহীদ,উত্তৰণ, বিদ্ৰোহ, লাচিত বৰফুকন(হিন্দী), এলান্ধু, মুখ্যমন্ত্ৰী আদি দূৰদৰ্শনযোগে প্ৰচাৰিত ধাৰাবাহিকতো তেওঁ অভিনয় কৰিছিল৷ জ্ঞানদা বৰাই কেৱল অভিনয়তে ক্ষান্ত নাথাকি নাট পৰিচালনাৰ কামো কৰিছিল আৰু ভোগজৰা, সাঁকো, ৰাইফল, পহিলা তাৰিখ, উপপথ, বাওনা, অৱৰোধ আদি বহু নাটক পৰিচালনা কৰিছিল৷ [1] বৰাই নাট্যকাৰ উৎপল দত্তৰ ’ৰাইফল’ নামৰ নাটকখন অসমীয়ালৈ অনুবাদ কৰি নগঁাও পুথিভঁৰাল প্ৰেক্ষাগৃহত নিজ পৰিচালনাৰে মঞ্চস্থ কৰিছিল৷ পাছলৈ তেওঁ জে,বি, ড্ৰামা স্কুল নামৰ নাট্য প্ৰশিক্ষণ স্কুল এখন নিজা ঘৰতে খুলি নতুন নাট্যকৰ্মীক নাট সম্বন্ধে শিক্ষাদান কৰিছিল৷[3]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

জ্ঞানদা বৰাই আমাৰ নগাঁও নামে এখন অধুনালুপ্ত সাপ্তাহিক কাকত সম্পাদনা কৰিছিল৷ অসমৰ বিভিন্ন কাকত আলোচনীত বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখাৰ উপৰি বৰাই “ৰঙ্গমঞ্চ’’ নামে এখনি কবিতা পুথি লিখিছিল৷ এই পুথিখনিৰ বিশেষত্ব এয়ে আছিল যে, ইয়াৰ বিষয়বস্তু কেৱল নাটক আৰু অভিনয় আছিল৷[2] [1]

বঁটা সন্মান[সম্পাদনা কৰক]

অসম চৰকাৰে ২০০৭ চনত জ্ঞানদা বৰাক নটসূৰ্য বঁটা প্ৰদান কৰে৷ ২০০৯-১০ বৰ্ষত মুন লাইট মেডিয়াই জীৱনজোৰা সাধনা বঁটা, ২০১২ চনত আজীৱন সাধনাৰ বাবে ছিগাল থিয়েটাৰৰ দ্বাৰা সন্মান প্ৰদান কৰা হৈছিল৷ [1]

মৃত্যু[সম্পাদনা কৰক]

মৃত্যুৰ সময়ত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্ঞানদা বৰাৰ ২০১৯ চনৰ ৪ ফেব্ৰুৱাৰীত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮২ বছৰ বয়সত মৃত্যু হয়৷ [1]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 বিশিষ্ট অভিনেতা জ্ঞানদা বৰাৰ মৃত্যু. Archived from the original on 2023-01-03. https://web.archive.org/web/20230103141825/https://janambhumi.in/VFdwbk1FOVVRVDA9/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE-%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8%E0%A6%A6%E0%A6%BE-%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81.html। আহৰণ কৰা হৈছে: 2023-01-03. 
  2. 2.0 2.1 দাস, উজ্জ্বল জ্যোতি (২০২০). বৰেণ্য. তৰা প্ৰকাশন. পৃষ্ঠা. ৬৮. 
  3. বৰদলৈ, সপোনটি (ফেব্ৰুৱাৰী ২০১৫). "স্বৰাজোত্তৰ নগাঁৱত নাট্যচৰ্চা". মনপুৰ মৌচন্দা: ৩১৭.