২৪ নৱেম্বৰ (ইংৰাজী : 24 November ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৩২৮তম (অধিবৰ্ষ ত ৩২৯তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৫৯ - বিজ্ঞান সাহিত্যৰ বিখ্যাত গ্ৰন্থ চাৰ্লছ ডাৰউইন ৰ প্ৰজাতিৰ উৎপত্তি(On the origin of Species) প্ৰকাশ পায়।
১৬২২ - লাচিত বৰফুকন , আহোম সেনাপতি।
১৮৬৭ - ৰজনীকান্ত বৰদলৈ , ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতৃ-পুৰুষ।
১৮৭১ - পদ্মনাথ গোহাঞি বৰুৱা , অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি।
১৮৮৮ - ডেল কাৰ্নেগী , আমেৰিকান লেখক আৰু প্ৰবক্তা।
১৯৬১ - অৰুন্ধতী ৰয় প্ৰসিদ্ধ লেখিকা। তেওঁৰ সম্পূৰ্ণ নাম সুজন্না অৰুন্ধতী ৰয় । অৰুন্ধতী ৰয় তেওঁৰ উপন্যাস "দ্য গড অব্ স্মল থিংছ (১৯৯৭)" ৰ বাবে সৰ্বাধিক পৰিচিত, যি ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰিছিল আৰু এগৰাকী অনা-প্ৰবাসী ভাৰতীয় লেখকৰ দ্বাৰা সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে পৰিগণিত হৈছিল। তেওঁ এগৰাকী মানৱ অধিকাৰ আৰু পৰিবেশ কৰ্মী হোৱাৰ লগতে এগৰাকী ৰাজনৈতিক কৰ্মীও।
১৯৭৬ - অংগৰাগ মহন্ত , অসমীয়া কণ্ঠশিল্পী।
১৯৮৪ - নীনা গুপ্তা , ভাৰতীয় গণিতজ্ঞ।
১৯৯০ - প্ৰিঞ্চ নাৰুলা , ভাৰতীয় মডেল আৰু অভিনেতা।
২০০১ - অচিন্ত্য শিউলি , ভাৰতীয় ভাৰোত্তোলনকাৰী।