সমললৈ যাওক

যমুনা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যমুনা বৰুৱা

দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)প্ৰমথেশ বৰুৱা আৰু যমুনা বৰুৱা
জন্ম যমুনা গুপ্তা
১০ অক্টোবৰ, ১৯১৯
আগ্ৰা, ইউনাইটেড প্ৰভিন্সছ অফ আগ্ৰা এণ্ড অৱধ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৪ নৱেম্বৰ, ২০০৫ (৮৬ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী প্ৰমথেশ বৰুৱা
১৯৩৬ চনৰ দেৱদাস ছবিৰ হিন্দী সংস্কৰণত কুন্দল লাল চেইগলৰ লগত যমুনা বৰুৱা

যমুনা বৰুৱা (১০ অক্টোবৰ ১৯১৯ – ২৪ নৱেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰ'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত। ইয়াৰ উপৰিও তেওঁ অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা অসমগৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্ৰমথেশ বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।

২০০৫ চনৰ ২৪ নৱেম্বৰ তাৰিখে কলকাতাত তেওঁ মৃত্যু বৰণ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯১৯ চনৰ ১০ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সছ অফ আগ্ৰা এণ্ড অৱধৰ আগ্ৰাৰ কাষৰ গাঁও এখনত যমুনা গুপ্তাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম পুৰণ গুপ্তা। যমুনা ছয় গৰাকী ভনীয়েকৰ ভিতৰত চতুৰ্থ সন্তান। তেওঁৰ আটাইকেইগৰাকী ভনীয়েকৰ নাম ভাৰতীয় নদীৰ নাম যেনে, গংগা, ভাগীৰথী ইত্যাদি আদিৰ পৰা লোৱা হৈছিল। পিছলৈ যমুনায়ে কলিকতালৈ আহে। তেওঁ অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তাৰপিছত তেওঁ প্ৰমথেশ বৰুৱাৰ প্ৰডাক্টচনৰ চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলে।[1] Devdas[2] ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰ'ৰ চৰিত্ৰত তেওঁ অৱতীৰ্ণ হৈছিল। ইয়াৰ উপৰিও তেওঁ অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হল আমিৰি, মুক্তি, অধিকাৰ আৰু শেষ উত্তৰ। ১৯৫০ চনত তেওঁৰ স্বামী প্ৰমথেশ বৰুৱাৰ মৃত্যুৰ পিছত যমুনা বৰুৱায়ে অভিনয় পৰা আঁতৰি আহিছিল।[3]

অভিনয় জীৱন

[সম্পাদনা কৰক]

যমুনা বৰুৱায়ে ১৯৩৪ চনত মুক্তি লাভ কৰা হিন্দী ছবি মহাব্বত কি কাচৌটিত সৰু ভূমিকা এটাত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ছবিখন প্ৰমথেশ বৰুৱায়ে নিৰ্মাণ কৰা বাংলা ছবি ৰূপৰেখাৰ হিন্দী সংস্কৰণ আছিল।[4] তাৰপিছত তেওঁ বৰুৱাৰ ১৯৩৫ চনৰ বিখ্যাত ছবি দেৱদাসত মুখ্য চৰিত্ৰ পাৰ্বতীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।[5][6] তেওঁ কেইবাটাও ভাষাত বহুবাৰ নিৰ্মাণ হোৱা দেৱদাসৰ প্ৰথম পাৰ্বতী হিচাপে তেওঁ কৃতিত্ব অৰ্জন কৰিলে। তাৰপিছত তেওঁ বৰুৱাৰ গিৰীধৰ (১৯৩৬), মায়া (১৯৩৬), অধিকাৰ (১৯৩৯), উত্তৰায়ন (১৯৪১), শেষ উত্তৰ (১৯৪২), চান্দেৰ কলংক (১৯৪৪) আদি বাংলা ছবি আৰু তাৰপিছত এইবোৰৰ হিন্দী সংস্কৰণত তেওঁ অভিনয় কৰিছিল। তাৰপিছত তেওঁ বৰুৱাৰ হিন্দী ছবি আমিৰি, পেহচান আদিত অভিনয় কৰিছিল। প্ৰমথেশ বৰুৱাৰ বাহিৰে আনে নিৰ্মাণ কৰা তিনিখন বাংলা ছবিত তেওঁ অভিনয় কৰিছিল। তাৰে ভিতৰত প্ৰথম দুখন হল দেৱাৰ (১৯৪৩) আৰু নিলানগুৰিয়া (১৯৪৩)। তেওঁৰ শেষ ছবি হল ১৯৫৩ চনৰ মালঞ্চ

স্বামীৰ মৃত্যু

[সম্পাদনা কৰক]

১৯৫১ চনত মাত্ৰ ৪৮ বয়সতে প্ৰমথেশ বৰুৱাৰ মৃত্যু হয়। তেওঁৰ তিনি জন পুত্ৰ দেৱ কুমাৰ, ৰজত আৰু প্ৰসুন তেতিয়া প্ৰাপ্ত বয়স্ক হোৱা নাছিল আৰু গৌৰীপুৰ ৰাজ্যয়ে তেওঁলোকক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তাৰপিছত তেওঁ সন্তানৰ প্ৰাপ্য আৰু স্বীকৃতিৰ বাবে প্ৰভাৱশালী গৌৰীপুৰ ৰাজ্যৰ বিৰুদ্ধে আইনী যুঁজঁ দিছিল। পিছলৈ তেওঁ গোচৰত জয়ী হয় আৰু ঘৰ, মাটি-সম্পত্তিৰ সৈতে ধনো লাভ কৰে। তাৰপিছত তেওঁ শেষৰ ছবি মালঞ্চ সম্পূৰ্ণ কৰে কৰে আৰু চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি আহে।

পিছলৈ তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম পাৰ্বতী হিচাপে সম্বৰ্ধনা লাভ কৰিছিল।[7]

২০০৫ চনৰ ২৪ নৱেম্বৰ তাৰিখে দক্ষিণ কলকাতাৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Pallab Bhattacharya (2015-08-21). "A grand cinematic exchange". The Daily Star. http://www.thedailystar.net/arts-entertainment/event/grand-cinematic-exchange-130036 আহৰণ কৰা হৈছে: 2017-06-15.
  2. "Looking back at Bollywood in Posters". Rediff.com. 2010-06-01. http://www.rediff.com/movies/slide-show/slide-show-1-excerpts-from-bollywood-posters/20100601.htm আহৰণ কৰা হৈছে: 2017-06-15.
  3. "IndiaGlitz - Original Paro of 'Devdas' passes away - Bollywood Movie News". Indiaglitz.com. Archived from the original on 2008-01-15. https://web.archive.org/web/20080115142416/http://www.indiaglitz.com/channels/hindi/article/18483.html আহৰণ কৰা হৈছে: 2009-02-18.
  4. "Roop Lekha (1934)". chiloka.com. http://chiloka.com/movie/roop-lekha-1934 আহৰণ কৰা হৈছে: 1 February 2015.
  5. Mankermi, Shivani (2013-05-24). "WEEKEND ENTERTAINMENT: Bollywood is waking up to the power of fictione". Dailymail.co.uk. http://www.dailymail.co.uk/indiahome/indianews/article-2330520/WEEKEND-ENTERTAINMENT-Bollywood-waking-power-fiction.html আহৰণ কৰা হৈছে: 2017-06-15.
  6. Namrata Joshi. "Namrata Joshi on Shivendra Singh Dungarpur’s enviable collection of film memorabilia". The Hindu. http://www.thehindu.com/features/magazine/Remembrance-of-films-past/article14001630.ece আহৰণ কৰা হৈছে: 2017-06-15.
  7. "Radiating with brilliance". The Hindu. 2015-06-25. http://www.thehindu.com/features/friday-review/radiating-with-brilliance/article7354463.ece আহৰণ কৰা হৈছে: 2017-06-15.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]