৪ জুন (ইংৰাজী: 4 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৫তম (অধিবৰ্ষত ১৫৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১০টা দিন বাকী থাকে।
- ১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
- ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।
- ২০০৪ - চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন কৰা হয়।
- ১৮২৯ - এলান অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা। (মৃত্যু: ৩১ জুলাই ১৯১২)
- ১৯৪৬ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় নেপথ্য সঙ্গীতশিল্পী,সঙ্গীত পৰিচালক আৰু অভিনেতা। (মৃত্য়ু: ২৫/০৯/২০২০)
- ১৯৭৫ - এঞ্জেলিনা জ'লি, মাৰ্কিন অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱহিতৈষিণী।
- ১৯৮০ - প্ৰশান্ত নীল, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷
- ১৯৮৮ - প্ৰমোদ ভগত, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
- ১৯৭৮ - দীননাথ শৰ্মা, অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। (জন্ম: ১২ নৱেম্বৰ ১৯১৪)
- ২০২০ - বলিউদৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ বাসু চেটাৰ্জী। (জন্ম: ১০/০১/১৯৩০)
- আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস।
- হাঙ্গেৰীৰ ৰাষ্ট্ৰীয় একতা দিৱস।