সমললৈ যাওক

১৩ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০  

১৩ এপ্ৰিল (ইংৰাজী: 13 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৩তম (অধিবৰ্ষত ১০৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯১৯ - ৰাওলাট আইনৰ প্ৰতিবাদত অমৃতসৰত হোৱা বিক্ষোভ সমাবেশত জেনাৰেল ডায়াৰেৰ নিৰ্দেশত ব্ৰিটিছ পুলিচে গুলি চালনা কৰি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰে।
  • ১৯৪৫ - দ্বিতীয় বিশ্বযুদ্ধঃ জাৰ্মানীৰ গাৰ্ডেলেগেনত জাৰ্মান সৈন্যই ১০০০ৰো অধিক ৰাজনৈতিক আৰু সামৰিক বন্দীক হত্যা কৰে।
  • ১৯৪৮ - ভুৱনেশ্বৰত ওড়িশাৰ ৰাজধানী পতা হয়।
  • ১৯৪৮ - এম্বুছত হাদাছা হাস্পতালৰ ৭৮ জন ইহুদী চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, আৰু এজন ব্ৰিটিছ সৈনিকক শ্বেইখ জাৰাহত আৰবসকলে হত্যা কৰে।
  • ১৯৬০ – প্ৰথম উপগ্ৰহ নেভিগেচন ব্যৱস্থা আৰম্ভ ।
  • ১৯৯৭ - মাষ্টাৰছ টুৰ্ণামেণ্টত জয়ী হোৱা আটাইতকৈ কম বয়সীয়া গলফাৰ হিচাপে পৰিগণিত হৈছে টাইগাৰ উডছ।
  • ১৯৯৯ - ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়।
  • ২০১৩ - পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী চালাম ফায়াদৰ পদত্যাগ ।
  • ১৭৪৩ - থমাছ জেফাৰচন, তৃতীয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ।
  • ১৯০৬ - চেমুৱেল বেকেট, আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক, কবি আৰু সাহিত্য অনুবাদক।
  • ১৯১১ - পূৰ্ণচন্দ্ৰ গোস্বামী, অসমীয়া শিশু সাহিত্যিক তথা স্বাধীনতা সংগ্ৰামী।
  • ১৯৪০ - নাজমা হেপতুল্লা, ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান মণিপুৰৰ ৰাজ্যপাল।
  • ১৯৫১ - বীৰেন সিংহ, অসমীয়া চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী তথা চিত্ৰ পৰিচালক।
  • ১৯৫২ - অঞ্জন দত্ত, অসমীয়া ৰাজনীতিবিদ।
  • ১৯৭৩ - বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (জন্ম: ১ মে', ১৯১৩)
  • ১৯৯৪ - জানকী অম্মল, ভাৰতীয় সমাজকৰ্মী, ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ পত্নী।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]