সমললৈ যাওক

বীৰেন সিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীৰেন সিংহ
জন্ম ১৯৫১ চনৰ ১৩ এপ্ৰিল
কামৰূপ জিলা
পেচা চিত্ৰশিল্পী, ভাস্কৰ
ভাষা অসমীয়া

বীৰেন সিংহ অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী তথা চিত্ৰ পৰিচালক৷[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বীৰেন সিংহৰ জন্ম হয় ১৯৫১ চনৰ ১৩ এপ্ৰিলত অবিভক্ত কামৰূপ জিলাৰ ছয়গাঁৱত৷ তেওঁৰ পিতৃয়ে শিলভঙা শ্ৰমিকৰূপে কাম কৰিছিল৷ আৰ্থিক অনাটনৰ বাবে পাঁচ বছৰ বয়সতে বীৰেন সিংহই উপাৰ্জনমুখী হ'ব লগাত পৰিছিল৷ ১৫ বছৰ বয়সত তেওঁ জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহে৷ গুৱাহাটীত ৰিক্সা চলোৱা, চাইনবৰ্ড লিখাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কৰি তেওঁ জীৱন নিৰ্বাহ কৰিব লগাত পৰে৷

১৯৭৮ চনত তেওঁ কাৰ্বি আংলং জিলালৈ যায়৷ ইয়াতে তেওঁৰ চিত্ৰশিল্পীৰূপে আত্মপ্ৰকাশ ঘটে৷[1]

একক চিত্ৰ প্ৰদৰ্শনী

[সম্পাদনা কৰক]
  • ডিফু ক্লাব (১৯৮০)
  • ডিফু চৰকাৰী মহাবিদ্যালয় (১৯৮৬)
  • গুৱাহাটীৰ ৰাজ্যিক কলাবীথিকা (১৯৮০,১৯৮২,১৯৮৮)
  • লিটল থিয়েটাৰ গেলাৰী, নতুন দিল্লী (১৯৮১)
  • ত্ৰিবেণী আৰ্ট গেলাৰী, নতুন দিল্লী (১৯৮৮)
  • একাডেমী অব ফাইন আৰ্টছ, কলকাতা (১৯৮২)

সমূহীয়া চিত্ৰ প্ৰদৰ্শনী[1]

[সম্পাদনা কৰক]
  • গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ বাৰ্ষিক প্ৰদৰ্শনী
  • কলকাতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ বাৰ্ষিক প্ৰদৰ্শনীৰ সোণালী জয়ন্তী
  • কলকাতা আৰু গুৱাহাটীৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত আছাম-বেংগল আৰ্ট এক্সপ'জিছন
  • তেজপুৰত অনুষ্ঠিত উত্তৰ-পূব চিত্ৰ প্ৰদৰ্শনী
  • নতুন দিল্লী আৰু কলকাতাত ভাৰতীয় বাণিজ্যিক মহাসংঘই আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিত্ৰ আৰু ভাস্কৰ্য প্ৰদৰ্শনী

কলা নিৰ্দেশনা[1]

[সম্পাদনা কৰক]
  • কাৰ্বি চলচ্চিত্ৰ 'জিৰছং'
  • ডিমাছা চলচ্চিত্ৰ 'দা আনট'ল্ড ষ্টৰী অৱ ব্লু হিলছ'
  • অসমীয়া চলচ্চিত্ৰ 'পানী'
  • ভালেসংখ্যক অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ

বঁটা আৰু সন্মান[1]

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]