প্ৰণৱ বৰুৱা শিল্পী বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰণৱ বৰুৱা শিল্পী বঁটা
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
বৰ্ণনা চিত্ৰকলা আৰু ভাস্কৰ্য
প্ৰতিষ্ঠা ২০০২
নগদ টকা এটা স্মাৰক, এখন প্ৰশস্তি-পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা

প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত গুৰুত্ব্পূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষক প্ৰদান কৰা এটা বঁটা। প্ৰয়াত যশস্বী শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে তেওঁৰ জন্মদিন ২২ ফেব্ৰুৱাৰীত এই বঁটাৰ প্ৰদান কৰা হয়। এই বঁটা ২০০২ চনৰ পৰা প্ৰৱৰ্ত্তন কৰা হৈছে৷ এই বঁটাত এটা স্মাৰক, এখন প্ৰশস্তি-পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা প্ৰদান কৰা হয়।[1]

বঁটাপ্ৰাপক[সম্পাদনা কৰক]

এই বঁটা বৰ্তমানলৈকে অসমৰ শোভা ব্ৰহ্ম, বেণু মিশ্ৰ, নীলপৱন বৰুৱা, আদ্য শৰ্মা, বীৰেণ সিং, ননী বৰপূজাৰী, পুলক গগৈ, জিতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, মণিপুৰটি টম্বি সিং আৰু ত্ৰিপুৰাৰ চিত্ৰশিল্পী চিন্ময় ৰয়ক প্ৰদান কৰা হৈছে৷[1]

বৰ্ষ প্ৰাপক স্থান পেছা শ্ৰেণী তথ্যউৎ‍স
২০০২ শোভা ব্ৰহ্ম অসম চিত্ৰশিল্পী চিত্ৰকলা আৰু ভাস্কৰ্য [2]
২০০৩
২০০৪
২০০৫
২০০৬
২০০৭ চিন্ময় ৰয় ত্ৰিপুৰা চিত্ৰশিল্পী চিত্ৰকলা আৰু ভাস্কৰ্য [3]
২০০৮
২০০৯
২০১০ পুলক গগৈ অসম চলচ্চিত্ৰ নিৰ্মাতা চিত্ৰকলা আৰু ভাস্কৰ্য [4]
২০১১ জিতেন হাজৰিকা অসম চিত্ৰশিল্পী চিত্ৰকলা আৰু ভাস্কৰ্য [5]
২০১২ জনক ঝংকাৰ নাৰ্জাৰী অসম ভাস্কৰ্যশিল্পী চিত্ৰকলা আৰু ভাস্কৰ্য [6]
২০১৩ কোষকান্ত দেৱগোস্বামী অসম ভাস্কৰ্যশিল্পী চিত্ৰকলা আৰু ভাস্কৰ্য [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]