কোষকান্ত দেৱগোস্বামী
অৱয়ব
কোষকান্ত দেৱগোস্বামী | |
---|---|
জন্ম | ১৯৩২ চামগুৰি সত্ৰ, মাজুলী, অসম |
পেচা | সত্ৰাধিকাৰ, মুখাশিল্পী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
কোষকান্ত দেৱগোস্বামী অসমৰ মাজুলীৰ পৰম্পৰাগত মুখাশিল্পৰ এগৰাকী যশস্বী শিল্পী তথা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত দেৱগোস্বামী প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়।[1]
জীৱন
[সম্পাদনা কৰক]১৯৩২ চনৰ ১৬ জুনত মাজুলীৰ চামগুৰি সত্ৰত দেৱগোস্বামীয়ে জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম ৰোষেশ্বৰ গোস্বামী। তেওঁ মাজুলীতে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। শৈশৱতে কোষকান্ত দেৱগোস্বামী সত্ৰীয়া শিক্ষাৰে দীক্ষিত হয়। সত্ৰত দৈনন্দিন দেখি অহা সত্ৰীয়াসকলৰ হস্তশিল্প, চাৰুকলা আদিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ মুখাশিল্পৰ প্ৰশিক্ষণ লাভ কৰে। মুখাশিল্পৰ উপৰিও কোষকান্ত দেৱগোস্বামীয়ে নাট্যকাৰ হিচাপেও আত্মপ্ৰকাশ কৰে। অসমত সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ, সংৰক্ষণ কৰাৰ বাবে তেওঁৰ অৱদান উল্লেখযোগ্য। [1]
অৱদান
[সম্পাদনা কৰক]শিল্প-ভাস্কৰ্য্য
[সম্পাদনা কৰক]ৰচিত নাট
[সম্পাদনা কৰক]- শ্ৰীকৃষ্ণৰ কলংক মোচন
- ব্ৰহ্মলোক
- দ্ৰৌপদীৰ সতীত্ব পৰীক্ষা
- অঘাসুৰ বধ
- দশাৱতাৰ মুখা ভাওনা
বটাঁ আৰু সন্মান
[সম্পাদনা কৰক]- ২০০৩ চনত ভাৰত চৰকাৰে সংগীত নাটক একাডেমী বঁটা
- ২০১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বটাঁ[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 (১ জানুৱাৰী,২০১৪). "আমাৰ অসমত প্ৰকাশিত বাতৰি". (Web link). সংগ্ৰহ কৰা হৈছে: 1 জানুৱাৰী 2014. Archived 2013-12-17 at the Wayback Machine