পূৰ্ণচন্দ্ৰ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূৰ্ণচন্দ্ৰ গোস্বামী
জন্ম ১৩ এপ্ৰিল, ১৯১১
বৰবামচুঙী, ধলৰসত্ৰ, যোৰহাট জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা শিশু সাহিত্যিক, প্ৰকাশক, সত্ৰাধিকাৰ

পূৰ্ণচন্দ্ৰ গোস্বামী অসমৰ এজন শিশু সাহিত্যিক, স্বাধীনতা সংগ্ৰামী, সমাজসেৱক, প্ৰকাশক, মুদ্ৰক আৰু সত্ৰাধিকাৰ। যোৰহাট জিলাৰ অন্তৰ্গত বৰবামচুঙীৰ ধলৰসত্ৰত ১৯১১ চনৰ ১৩ এপ্ৰিল তাৰিখে পূৰ্ণচন্দ্ৰ গোস্বামীৰ জন্ম হয়। গোস্বামীয়ে চৈধ্যখন শিশু-গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে। ভিন্নধৰ্মী সাধুকথা, কেইজনমান লোকৰ জীৱনী, নীতি শিক্ষা ইত্যাদি তেওঁৰ শিশু সাহিত্যৰ বিষয়বস্তু।

শিশু সাহিত্য সম্ভাৰ[সম্পাদনা কৰক]

  1. জিলিংখাপৰ সাধু (১৯৫৫)
  2. আজিৰ দিনৰ সাধু
  3. পাহাৰী সাধু (১৯৫৭)
  4. সুৱদি সাধু (১৯৫৪)
  5. এচকুৱা ভাটৌৰ সাধু (১৯৯৩)
  6. নতুন সাধু (১৯৫২)
  7. উৰণীয়া সৈনিকৰ জুৰণীয়া উপাখ্যান (১৯৫৩)
  8. আজিৰ দিনৰ উপাখ্যান (১৯৫৬)
  9. ফুল কোঁৱৰৰ উপাখ্যান (১৯৫৯)
  10. তাহানিখনৰ কথা (১৯৫৫)
  11. এই সকল কোন বাৰু? (১৯৫৫)
  12. জনা গাভৰুৰ গীত (১৯৭৯)
  13. তাই মাই (১৯৫৩)
  14. সামাজিক আচৰণ (১৯৫৭)

তেখেতৰ মৃত্যুৰ পিছত সেই চৈধ্যখন গ্ৰন্থৰ একত্ৰ সংকলন ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদনাত ‘পূৰ্ণচন্দ্ৰ গোস্বামী শিশু-লেখা মালঞ্চ‘ নামেৰে প্ৰকাশ হৈছে।

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  1. ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদিত ‘পূৰ্ণচন্দ্ৰ গোস্বামী শিশু-লেখা মালঞ্চ‘ গ্ৰন্থ, পুথিতীৰ্থ প্ৰকাশন,২০১১।