৩ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

৩ ডিচেম্বৰ (ইংৰাজী: 3 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৩৭তম (অধিবৰ্ষত ৩৩৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ দ্বাৰা পালন কৰা এক আন্তৰ্জাতিক দিৱস। এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিটো দিশত দিব্যাংগ ব্যক্তিসকলক একগোট কৰি তেওঁলোকৰ মৰ্যদা, অধিকাৰ আৰু কল্যাণৰ হকে কাম কৰা। ইয়াক মূলতঃ ২০০৭ চনলৈকে "আন্তৰ্জাতিক দিব্যাংগ ব্যক্তি দিৱস" বুলি কোৱা হৈছিল। প্ৰতি বছৰে এই দিনটোত বেলেগ বেলেগ বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়।
  • ১৯৭১ - ভাৰত-পাকিস্তান যুদ্ধ আৰম্ভ। এই যুদ্ধ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত এক সামৰিক সংঘৰ্ষ যি ১৯৭১ চনৰ ৩ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ ১৬ ডিচেম্বৰলৈকে ঢাকাস্থিত পাকিস্তানী সৈন্যৰ আত্মসমৰ্পণলৈকে চলিছিল অৰ্থাৎ পূব-পাকিস্তানত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত সংঘটিত হৈছিল।
  • ১৯৮৪ - ভূপাল দুৰ্যোগ, যাক ভূপাল গেছ ট্ৰেজেডী বুলিও কোৱা হয়, ভাৰতৰ মধ্য প্ৰদেশভূপালত থকা ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (ইউচিআইএল) কীটনাশক প্ৰকল্পত ১৯৮৪ চনৰ ২-৩ ডিচেম্বৰৰ নিশা এক ৰাসায়নিক দুৰ্ঘটনা সংঘটিত হৈছিল। ৫,০০,০০০ৰো অধিক লোক এই প্মিৰকল্থাপটোৰ পৰা ওলোৱা ইল আইচোচাইনেট (এমআইচি) গেছত আক্ৰান্ত হৈছিল। এই গেছৰ সংক্ৰমণত চৰকাৰী তথ্য মতে তাৎক্ষণিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২,২৫৯জন। ২০০৮ চনত, মধ্য প্ৰদেশ চৰকাৰে গেছ সংক্ৰমণত মৃত্যু হোৱা ৩,৭৮৭ জন লোকৰ পৰিয়ালৰ সদস্যসকলক আৰু ৫,৭৪,৩৬৬ জন আহত লোকক ক্ষতিপূৰণ পৰিশোধ কৰিছিল। কিন্তু ২০০৬ চনত এক চৰকাৰী শপতনামাত কোৱা হৈছিল যে এই গেছৰ সংক্ৰমণৰ ফলত ৫,৫৮,১২৫ জন আঘাতপ্ৰাপ্ত হৈছিল, যাৰ ভিতৰত আছিল ৩৮,৪৭৮ টা অস্থায়ী আংশিক আঘাত আৰু প্ৰায় ৩,৯০০ গুৰুতৰ ভাৱে তথা স্থায়ীভাৱে আঘাতপ্ৰাপ্ত হোৱা। আন এক তথ্য অনুসৰি এই গেছৰ সংক্ৰমণৰ ফলত দুসপ্তাহৰ ভিতৰত ৮,০০০ জন লোকৰ মৃত্যু হৈছিল অথবা গেছ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হৈ ৮,০০০ বা ততোধিক লোকৰ মৃত্যু হৈছিল।
  • ১৯৯২ – চেমা গ্ৰুপৰ এজন পৰীক্ষক অভিযন্তাই ভোডাফোন নেটৱৰ্কৰ জৰিয়তে বিশ্বৰ প্ৰথম পাঠ বাৰ্তা (Text Message) এজন সহকৰ্মীৰ ফোনলৈ প্ৰেৰণ কৰিবলৈ ব্যক্তিগত কম্পিউটাৰ ব্যৱহাৰ কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৮৮৪ - ড° ৰাজেন্দ্ৰ প্ৰসাদ ৰাজনীতিবিদ, উকীল, ভাৰতীয় স্বাধীনতা কৰ্মী, সাংবাদিক আৰু পণ্ডিত আছিল। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। তেওঁ ১৯৫০ চনৰ পৰা ১৯৬২ চনলৈ ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি বিহাৰ আৰু মহাৰাষ্ট্ৰ অঞ্চলত কংগ্ৰেছৰ এজন প্ৰধান কৰ্মী হিচাপে পৰিগণিত হৈছিল। মৃত্যু ২৮ ফেব্ৰুৱাৰী, ১৯৬৩।
  • ১৮৯৪ - দিভা জিভাৰাটিনাম এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা আছিল। তেওঁ ১৯৪৫ চনত ফ্ৰান্সৰ সংবিধান সভাৰ নিৰ্বাচনত পণ্ডিচেৰীক (তেতিয়া ফৰাচী উপনিবেশ) প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁক অস্থায়ী সংবিধান সভাত নিযুক্তি দিয়া হৈছিল। ১৯৪৩ চনৰ নৱেম্বৰত আলজিয়াৰ্ছচাৰ্লছ ডি গলে তেওঁক এই পদবীত প্ৰতিনিধিত্ব কৰিবৰ বাবে প্ৰস্তাৱ দিছিল ১৯৪৪ চনৰ ১৩ জানুৱাৰীত তেওঁৰ এই প্ৰস্তাৱ কাৰ্যকৰী হৈছিল। ইয়াৰ উপৰিও জিভাৰাটিনামক বিধানসভাৰ বিদেশী আয়োগত অন্তৰ্ভুক্ত কৰা হৈছিল। মৃত্যু ২৫ মাৰ্চ, ১৯৭৫।
  • ১৯৫৮ - মমতা চন্দ্ৰকৰ, ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৫৮ - অনুভৱ তুলসী, অসমীয়া কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ।
  • ১৯৮২ - মিতালী ৰাজ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৯৪ - ৰবাৰ্ট লুই ষ্টিভেনছন, স্কটিছ ঔপন্যাসিক, কবি, নিৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী লেখক।
  • ১৯৫৬ - মানিক বন্দোপাধ্যায় ভাৰতীয় সাহিত্যিক যাক বিংশ শতিকাৰ বঙালী সাহিত্যৰ অন্যতম মুখ্য ব্যক্তি হিচাপে গণ্য কৰা হয়। তেওঁৰ ৪৮ বছৰীয়া জীৱনকালত ২৮ বছৰ সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। তেওঁৰ প্ৰায় ২৮ বছৰ বয়সৰ পৰা মৃগীৰোগ আৰু সকলো সময়তে বিত্তীয় চাপৰ সৈতে যুঁজিও, তেওঁ কবিতা, প্ৰবন্ধ আদিৰ উপৰিও উপন্যাস আৰু চুটি গল্প ৰচনা কৰিছিল। জন্ম ১৯ মে', ১৯০৮।
  • ১৯৭৯ - মেজৰ ধ্যান চান্দ ভাৰতীয় হকী খেলুৱৈ আছিল, যাক ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ হকী খেলুৱৈ হিচাপে গণ্য কৰা হয়। তেওঁৰ বাবেই ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনৰ অলিম্পিকত ভাৰতে হকী খেলত স্বৰ্ণ পদক অৰ্জন কৰিছিল। ধ্যান চান্দ তেওঁৰ অসাধাৰণ বল নিয়ন্ত্ৰণ আৰু গ'ল-স্ক'ৰিং কৃতিত্বৰ বাবেও জনাজাত আছিল। ভাৰতে ১৯২৮ চনৰ পৰা ১৯৬৪ চনলৈ আঠখন অলিম্পিকৰ ভিতৰত সাতখনত হকী খেলত জিকিছিল। সুন্দৰ বল নিয়ন্ত্ৰণৰ বাবে হকীৰ যাদুকৰ নামেৰে জনাজাত চান্দে ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল। তেওঁৰ সমগ্ৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১০০০ৰো অধিক গ'ল কৰিছিল। বিবিচিয়ে তেওঁক "হকীৰ মহম্মদ আলীৰ সমতুল্য" বুলি অভিহিত কৰিছিল। ভাৰত চৰকাৰে ১৯৫৬ চনত চান্দক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ সন্মান প্ৰদান কৰে। তেওঁৰ জন্মদিন, ২৯ আগষ্ট, প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। জন্ম ২৯ আগষ্ট, ১৯০৫।
  • ১৯৭৯ - কংকনা সেন শৰ্মা, ভাৰতীয় অভিনেত্ৰী, লেখক আৰু পৰিচালক।
  • ১৯৮২ - বিষ্ণু দে, জ্ঞানপীঠ বঁটা বিজয়ী বাংলা কবি,লেখক আৰু চলচিত্ৰ সমালোচক।
  • ২০১০ - ৰামেশ্বৰ পাঠক, কামৰূপী লোকগীতৰ বিশিষ্ট শিল্পী। ১৯৯০ চনত তেওঁক ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।
  • ২০১১ - দেৱ আনন্দ, প্ৰকৃত নাম ধৰমদেৱ পিশোৰিমল আনন্দ। এজন ভাৰতীয় অভিনেতা, লেখক, পৰিচালক আৰু প্ৰযোজক আছিল। যি ছয় দশকতকৈও অধিক সময় ধৰি হিন্দী চলচ্চিত্ৰ জগতৰ লগত জড়িত আছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম সফল অভিনেতা হোৱাৰ লগতে ৰাজ কাপুৰ আৰু দিলীপ কুমাৰৰ সৈতে ট্ৰিনিটি-দ্য গোল্ডেন ট্ৰিঅৰ অংশ আছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০১ চনত পদ্মভূষণ সন্মান আৰু ২০০২ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে। তেওঁ দুবাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা আৰু ১৯৯৩ চনত ফিল্মফেয়াৰৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিছে। জন্ম ২৬ ছেপ্তেম্বৰ, ১৯২৩।
  • ২০১৯ - হৰিণ মহন্ত, প্ৰগতিশীল লেখক, আইনজীৱী। হৰিণ মহন্ত আছিল মাৰ্ক্স আৰু লেনিনৰ আদৰ্শত গভীৰভাৱে বিশ্বাসী জনগণৰ অধিকাৰ সম্পৰ্কে সদাসচেতন এজন ব্যক্তি। মহন্তই বিশেষকৈ অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ বিষয়ত অসমীয়া বিভিন্ন বাতৰি-কাকত আৰু আলোচনীত নিয়মীয়াকৈ লিখি আহিছিল। ১৯৪৭ চনত কৰঙাৰ তেলপানী সত্ৰত জন্মগ্ৰহণ কৰা হৰিণ মহন্তই সাতখন কিতাপ লিখি উলিয়াইছিল, তাৰ ভিতৰত "আলফা মৰিলেই স্বাধীন অসমৰ দাবীতো মৰিবনে", "যুক্তিয়ে য'ত হাৰ মানিলে", "সংবিধান, সাৰ্বভৌমত্ব আৰু ৰাজনীতি" ইত্যাদি।
  • ২০২০ - মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড, MDH) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।
  • ২০২৩ - অৰুণ দাস, অসমীয়া দৰদী সংগীত শিল্পীৰূপে পৰিচিত। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰিও দুখন চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। ১৯৮৭ চনত তেওঁৰ কণ্ঠৰ প্ৰথমটো কেছেট মোৰ গীত মোৰ প্ৰেম মুক্তি পাইছিল। ১৯৫৩ চনৰ ২৭ অক্টোবৰত যোৰহাটৰ ভোগদৈপাৰত জন্ম।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]