সমললৈ যাওক

অৰুণ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰুণ দাস (ইংৰাজী: Arun Das) অসমৰ ৰকষ্টাৰ হিচাপে পৰিচিত এগৰাকী সংগীত শিল্পী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰি দুখন চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল। ১৯৮৭ চনত তেওঁৰ কণ্ঠৰ প্ৰথমটো কেছেট “মোৰ গীত মোৰ প্ৰেম’’ মুক্তি পাইছিল।

জন্ম আৰু বিবাহ

[সম্পাদনা কৰক]

তেওঁৰ জন্ম হৈছিল ১৯৫৩ চনৰ ২৭ অক্টোবৰত যোৰহাটৰ ভোগদৈপাৰত। পলমকৈ বিবাহপাশত আৱদ্ধ হোৱা অৰুণ দাসৰ পত্নীৰ নাম পিংকী দাস। মৃত্যুৰ সময়ত তেওঁ গুৱাহাটীৰ সৰু মটৰীয়াৰ এটি ভাড়াঘৰত বাস কৰিছিল।[1]

সংগীত জীৱন

[সম্পাদনা কৰক]

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ অৰুণ দাস শিক্ষাৰ্থী জীৱনৰ পৰাই সংগীতৰ সৈতে জড়িত আছিল।[2] নব্বৈৰ দশকত তেওঁ অসমত অতি জনপ্ৰিয় শিল্পী আছিল। সংগীতৰ বাবে তেওঁ চৰকাৰী চাকৰিও এৰি দিছিল। পিছলৈ তেওঁ আৰ্থিক দুৰ্দশা ভোগ কৰিছিল। পিছলৈ তেওঁ মুম্বাইলৈয়ো গৈছিল, কিন্তু প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিলে।[2] আনকি থাকিবলৈ নিজা ঘৰো নাছিল তেওঁৰ। তেওঁ গোৱা কেইটিমান জনপ্ৰিয় গীত “নেলাগে মৰম, নকৰিবা তুমি, ভুলতো নক’বা ভালপাওঁ বুলি’’; “মনৰ যাতনা’’; “যোৱাগৈ তুমি’’ আদি।[3] মই এটি মুকলি পখী শীৰ্ষক গীতেৰে জনপ্ৰিয় হৈ পৰা অৰুণ দাস “লিজেণ্ড অৱ নাইণ্টি’’ আখ্যা পাইছিল। তুমি জানো জান সোণ, অকলে অকলে মই কিমান কান্দিম আদি ৰোমাণ্টিক গীতৰ স্ৰষ্টা অৰুণ দাসৰ ৩ ডিচেম্বৰ ২০২৩ ৰ পুৱা ৪ বাজি ৩৫ মিনিটত দেহাৱসান ঘটে।[4][2][1]

মন্তব্য

[সম্পাদনা কৰক]

অৰুণ দাসৰ গীত শুনি নেপালৰ দীনেশ শ্ৰেষ্ঠ নামৰ এজন লোকে কৈছিল,

Okole okole moi kiman kandim….a song which I dint get the meaning…a song which I overheard on the way to REC silchar somewhere in the year 1987/88 from Kathmandu….the depth of the vocal and the way it was sung…touched my heart..I still can sing it but honestly i don’t know what it actually says….I’m still hunting for the albums of this great singer. where can I get them..anybody could you please extend helping hand in tracing them?[1]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "ভাবিছা নেকি আঁতৰাই ৰাখিবা পাৰিবা তুমি". https://www.asomiyapratidin.in/editorial-desk/special-writing/special-writing-on-arun-das-by-mridul-kumar-handique আহৰণ কৰা হৈছে: 4 December 2024.
  2. 1 2 3 "ৰকষ্টাৰ অৰুণ দাস". https://assam.news18.com/news/assam/assamese-singer-arun-das-died-today-famous-for-his-melody-songs-known-as-legend-of-ninety-mb-sb-343403.html আহৰণ কৰা হৈছে: 4 December 2024.
  3. "অৰুণ দাস আৰু নাই". https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/the-most-popular-singer-of-90-s-arun-das-is-no-more/assam20231203092331434434424 আহৰণ কৰা হৈছে: 4 December 2024.
  4. "মই এটি মুকলি পখী". Archived from the original on 4 December 2024. https://web.archive.org/web/20241204191242/https://pragnews.com/regional-assamese/assamese-singer-arun-das-died-today আহৰণ কৰা হৈছে: 4 December 2024.