মহাশয় ধৰমপাল গুলাটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাশয় ধৰমপাল গুলাটি
জন্ম ২৭ মাৰ্চ, ১৯২৩
ছিয়ালকোট, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান)
মৃত্যু ৩ ডিচেম্বৰ, ২০২০ (৯৭ বছৰ)[1]
নতুন দিল্লী, ভাৰত
পেচা ব্যৱসায়ী
জনা যায় এমডিএইছ কোম্পানীৰ প্ৰতিষ্ঠাতা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (২০১৯)

মহাশয় ধৰমপাল গুলাটি (ইংৰাজী: Mahashay Dharampal Gulati, ২৭ মাৰ্চ ১৯২৩ – ৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড, MDH) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।[2][3] উদ্যোগ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ২০২০ চনৰ ৩ ডিচেম্বৰ তাৰিখে ৯৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

জীৱনী[সম্পাদনা কৰক]

১৯২৩ চনৰ ২৭ মাৰ্চত বৰ্তমানৰ পাকিস্তানৰ ছিয়ালকোটত ধৰ্মপাল গুলতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এমডিএইছ মছলা কোম্পানীৰ প্ৰতিষ্ঠাপক মহাশয় চুন্নী লাল গুলাটি।[2] ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়াল ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোকৰ পৰিয়ালে অমৃতচৰৰ এটা শৰণাৰ্থী শিবিৰত কিছু সময় কটাইছিল, আৰু তাৰ পিছত তেওঁলোকে কামৰ সন্ধানত দিল্লীলৈ আহে।[2]

দিল্লীত গুলাটিয়ে প্ৰথমতে ক'ৰল বাগত মছলাৰ দোকান এখন খুলিছিল। ১৯৫৩ চনত তেওঁ চান্দনী চ'কত দ্বিতীয় এখন দোকান ভাড়া লৈছিল। ১৯৫৯ চনত তেওঁ মহাশাইন ডি হাত্তি নামৰ মছলা প্ৰস্তুতকৰণ উদ্যোগ স্থাপন কৰিবলৈ নিৰ্মাণ দিল্লীৰ কীৰ্তি নগৰত ভূমি ক্ৰয় কৰে।[2] ২০১৭ চনলৈকে তেওঁ ভাৰতৰ সৰ্বাধিক পৰিশ্ৰমিক লাভ কৰা দ্ৰুত গতিত গতিকৰা উপভোক্তা সামগ্ৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। তেওঁ বিগত বিত্তীয় বৰ্ষত বেতন হিচাপে ₹২১ কোটি টকাতকৈ অধিক টকা লাভ কৰিছিল।[2]

গুলাটিয়ে তেওঁৰ বেতনৰ প্ৰায় ৯০% ধন মহাশয় চুন্নী লাল দাতব্য ন্যাসৰ জৰিয়তে দান কৰিছিল। এই ন্যাসে দিল্লীত ২৫০খন বিছনাযুক্ত এখন চিকিৎসালয় পৰিচালিত কৰে। ইয়াৰ লগতে ই এখন ভ্ৰাম্যমাণ চিকিৎসালয় আৰু চাৰিখন বিদ্যালয় পৰিচালনা কৰে।[4] উদ্যোগ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[5][6]

মৃত্যু[সম্পাদনা কৰক]

মহাশয় ধৰমপাল গুলাটি তিনি সপ্তাহ ধৰি দিল্লীৰ মাতা চানন দেৱী চিকিৎসালয়ত চিকিৎসাধীন আছিল। ২০২০ চনৰ ২৬ নৱেম্বৰৰ ৰাতিপুৱা তেওঁ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল। ২০২০ চনৰ ৩ ডিচেম্বৰ তাৰিখে পুৱা ৫ বাজি ৩৮ মিনিটত তেওঁৰ মৃত্যু হয়।[7][8]

পদবীসমূহ[সম্পাদনা কৰক]

  • ব্যৱস্থাপক নিৰ্দেশক: চুপাৰ ডেলিকেচিছ প্ৰাইভেট লিমিটেড[9]
  • সঞ্চালক: মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড[9]
  • অধ্যক্ষ: মাতা চানন দেৱী চিকিৎসালয়, নতুন দিল্লী[10]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Mahashay Dharmpal passes on DIED away at 98". The Economic Times. 4 December 2020. https://www.economictimes.indiatimes.com/news/newsblogs/latest-daily-news-and-updates-december-3/amp_liveblog/79539529.cms. 
  2. 2.0 2.1 2.2 2.3 2.4 Malviya, Sagar (17 January 2017). "FMCG sector's highest paid CEO is a 94-year-old school drop-out". The Economic Times. https://economictimes.indiatimes.com/industry/cons-products/fmcg/fmcgs-highest-paid-ceo-is-a-94-year-old-school-drop-out/articleshow/56608104.cms. 
  3. "The Spice King and Founder of MDH: A Journey of Grit, Courage and Determination". 12 February 2018. https://www.indiaretailing.com/2018/02/12/food/food-grocery/spice-king-founder-mdh-journey-grit-courage-determination/। আহৰণ কৰা হৈছে: 23 August 2020. 
  4. "Inspiring! MDH owner 'Mahashay' Dharampal Gulati still earns more than Godrej, ITC, HUL bosses" (en ভাষাত). Zee Business. 7 October 2018. https://www.zeebiz.com/india/news-inspiring-mdh-owner-mahashay-dharampal-gulati-still-earns-more-than-godrej-itc-hul-bosses-66284। আহৰণ কৰা হৈছে: 1 March 2019. 
  5. "MDH Masala Owner Mahashay Dharampal Gulati Conferred With Padma Bhushan" (en ভাষাত). Latestly. 26 January 2019. https://www.latestly.com/india/news/mdh-masala-owner-mahashay-dharampal-gulati-conferred-with-padma-bhushan-609888.html। আহৰণ কৰা হৈছে: 1 March 2019. 
  6. President of India (16 March 2019), President Kovind presents Padma Bhushan to Mahashay Dharampal Gulati, https://www.youtube.com/watch?v=KQLoqls7IQI, আহৰণ কৰা হৈছে: 9 May 2019 
  7. "MDH Owner Death News Live: Condolences pour in for Mahashay Dharampal Dharampal" (en ভাষাত). The Economic Times. https://economictimes.indiatimes.com/news/newsblogs/latest-daily-news-and-updates-december-3/liveblog/79539529.cms। আহৰণ কৰা হৈছে: 3 December 2020. 
  8. 3 Dec, PTI / Updated:; 2020; Ist, 10:53. "Dharampal Gulati death: Mahashay Dharampal Gulati of MDH Masala passes away at 99 | India News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/mahashay-dharampal-gulati-of-mdh-spices-passes-away-at-98/articleshow/79540448.cms। আহৰণ কৰা হৈছে: 3 December 2020. 
  9. 9.0 9.1 "Dharam Pal Gulati – Director information and companies associated with | Zauba Corp". www.zaubacorp.com. https://www.zaubacorp.com/director/DHARAM-PAL-GULATI/00670340। আহৰণ কৰা হৈছে: 1 March 2019. 
  10. "Mahashay Dharam Pal – Chairman, Mata Chaman Devi Hospital, Chairman's message". www.mcdh.in. http://mcdh.in/chairman_message.aspx। আহৰণ কৰা হৈছে: 1 December 2019.