মমতা চন্দ্ৰকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মমতা চন্দ্ৰকৰ
পদ্মশ্ৰী

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ২০১৬ চনৰ ১২ এপ্ৰিল তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত মমতা চন্দ্ৰকাৰক পদ্মশ্ৰী বঁটা প্ৰদান কৰা মুহূৰ্ত
জন্ম ৩ ডিচেম্বৰ, ১৯৫৮ (৬৫ বছৰ)
দুৰ্গ, মধ্য প্ৰদেশ, ভাৰত
(বৰ্তমান ছত্তীছগঢ়)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম মোক্ষদা চন্দ্ৰকৰ
পেচা নেপথ্য কণ্ঠশিল্পী, ছত্তীছগঢ়ী লোকসংগীত শিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৬৮ - বৰ্তমান
পিতৃ-মাতৃ দাও মানসিংহ চন্দ্ৰকৰ (পিতৃ)
গয়াবাঈ চন্দ্ৰকৰ (মাতৃ)
সন্তান পুৰ্ভি চন্দ্ৰকৰ
আত্মীয়-স্বজন ড॰ বি. এল. চন্দ্ৰকৰ (ভাতৃ)
প্ৰমিলা চন্দ্ৰকৰ (ভগ্নী)

মমতা চন্দ্ৰকৰ (ইংৰাজী: Mamta Chandrakar, জন্ম: ৩ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ছত্তীছগঢ়ী লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁক ছত্তীছগঢ়ৰ নাইটিংগেল বুলি কোৱা হয়।[1][2] ছত্তীছগঢ়ৰ খৈৰাগঢ়ত অৱস্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা সংগীতত মামতা চন্দ্ৰকাৰে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে।[3] ১০ বছৰ বয়সৰ পৰায়ে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল আৰু ১৯৭৭ চনত আকাশবাণী ৰায়পুৰ কেন্দ্ৰৰ লোক কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৬ চনত ভাৰত চৰকাৰৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।[4] তেওঁৰ স্বামী প্ৰেম চন্দ্ৰকাৰ চৌলিউদৰ এজন প্ৰযোজক আৰু পৰিচালক। বৰ্তমান মমতা চন্দ্ৰকৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত।

জীৱনী[সম্পাদনা কৰক]

১৯৫৮ চনৰ ৩ ডিচেম্বৰ তাৰিখে অবিভক্ত মধ্য প্ৰদেশৰ (বৰ্তমান ছত্তীছগঢ়) দুৰ্গত মমতা চন্দ্ৰকৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দাও মানসিংহ চন্দ্ৰকৰ আৰু মাতৃ গয়াবাঈ চন্দ্ৰকৰ। দাও মানসিংহ চন্দ্ৰকৰ এজন লোকসংগীতৰ পণ্ডিত আছিল।[5] যেতিয়া বলিউডৰ সংগীতত স্থানীয় লোকসংগীতক প্ৰভাৱিত কৰি আছিল সেইসময়ত তেওঁ ১৯৭৪ চনত "চনহা-বিহান" নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল। চনহা-বিহানৰ লক্ষ্য আছিল লোকসংগীতৰ আত্মাক মানুহৰ হৃদয় আৰু মনত জীয়াই ৰখাৰ বাবে ১৯৭৪ চনৰ মাৰ্চত চল্লিশৰ পৰা পঞ্চাশ হাজাৰ লোকৰ সন্মুখত প্ৰদৰ্শন কৰিছিল। স্বৰ্গীয় দাউ মহা সিঙে লোকসংগীতৰ প্ৰচাৰৰ বাবে তেওঁৰ গোটেই জীৱন উৎসৰ্গিত কৰিছিল। মামতা চন্দ্ৰকৰে তেওঁৰ দেউতাকৰ পৰা নিজেই লোকসংগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ সংগীতৰ অধিক অধ্যয়নৰ বাবে ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। ১৯৮৬ চনত তেওঁ ছত্তীছগঢ়ী চিনেমাৰ পৰিচালক আৰু প্ৰযোজক প্ৰেম চন্দ্ৰকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৮৮ চনত দম্পতীহালৰ এগৰাকী কন্যা পুৰ্ভি চন্দ্ৰকৰৰ জন্ম হয়।[2]

১৯৭৭ চনত তেওঁ আকাশবাণীৰ লোকসংগীতৰ বাবে এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পীত পৰিগণিত হয়। তেওঁ ১৯৮৪ চনৰ আকাশবাণীৰ বাৰ্ষিক প্ৰতিযোগিতাত ছত্তীছগঢ়ৰ লোক জীৱনৰ প্ৰতিচ্ছবি স্বৰূপ নৃত্য উপস্থাপনৰ বাবে সৰ্ব ভাৰতীয় স্তৰত এক মেধা প্ৰমাণপত্ৰ প্ৰদান লাভ কৰিছিল। ১৯৯২ চনত মমতা চন্দ্ৰকৰে লোকসংগীতৰ বাবে আকাশবাণীৰ এ গ্ৰেড শিল্পীৰ স্বীকৃতি লাভ কৰে। ২০১২ চনত তেওঁ ছত্তীশগড় চৰকাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ দ্বাৰা ভোটাৰ সজাগতাৰ বাবে ৰাজ্যিক আইকন হিচাপে বাছনি কৰা হৈছিল। ২০১৩ চনত তেওঁক লোক সংগীতৰ বাবে শীৰ্ষ শ্ৰেণী প্ৰদান কৰা হৈছিল।

তেওঁ ছত্তীছগঢ়ৰ আকাশবাণী ৰায়পুৰ কেন্দ্ৰৰ সহকাৰী পৰিচালক (কাৰ্যসূচী) হিচাপে সুদীৰ্ঘ ৩৬ বছৰ চাকৰি কৰাৰ পিছত ২০১৮ চনৰ ৩১ মে' তাৰিখে চৰকাৰী সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে। দেশ আৰু বিদেশত তেওঁৰ কলা প্ৰদৰ্শন কৰা মমতা চন্দ্ৰকাৰে বৰ্তমান ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ পালন কৰি আছে।[6]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০১৯: ছত্তীছগঢ় বিভূতি অলংকৰণ[7]
  • ২০১৭: সন্মানীয় ডি.লিট. ডিগ্ৰী, ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়
  • ২০১৬: পদ্মশ্ৰী[8]
  • ২০১৩: ছত্তীছগঢ় ৰত্ন[9]
  • ২০১২: দাও গুলাৰ সিং মান্দৰাজী সন্মান

তথ্য উৎস[সম্পাদনা কৰক]

  1. Experts, Disha (5 August 2017). The PADMA ACHIEVERS 2016. ISBN 9789385846649. https://books.google.com/books?id=Y5ExDwAAQBAJ&q=nightingale+of+chhattisgarh+mamtha&pg=PA97। আহৰণ কৰা হৈছে: 2019-03-10. 
  2. 2.0 2.1 "Mamtha Chandrakar". veethi.com. https://www.veethi.com/india-people/mamta_chandrakar-profile-13852-24.htm। আহৰণ কৰা হৈছে: 2019-03-10. 
  3. "TOP FEMALE FOLK SINGERS OF INDIA". wegotguru.com. Archived from the original on 2020-09-25. https://web.archive.org/web/20200925193304/https://wegotguru.com/post/top-female-folk-singers-of-india/b8495c2456f8d77f2cf541e54c66f5b3। আহৰণ কৰা হৈছে: 2019-03-10. 
  4. "Mamta Chandrakar". cgkhabar. 26 Jan 2016. http://www.cgkhabar.com/chhattisgarh-mamta-chandrakar-padmashree-award-20160126. 
  5. "Smt. Mamta Chandrakar – Folk Singer". CEO Chhattisgarh. 10 September 2012. http://ceochhattisgarh.nic.in/sites/default/files/mamta-chandrakar.pdf. 
  6. "ममता चन्द्राकर,छत्तीसगढ़ सरकार के संस्कृति विभाग से सम्मान प्राप्त". 26 January 2016. Archived from the original on 15 March 2018. https://web.archive.org/web/20180315200244/http://www.cgculture.in/SAMMAN/SammanDaumandiraji.html. 
  7. "Chhattisgarh Vibhuti Alankaran". CG News. 2018. http://www.cgpadho.com/2017/11/2017_2.html. 
  8. "Padma Shri Award to Mamta Chandrakar". Jagran. 25 Jan 2016. https://naidunia.jagran.com/chhattisgarh/raipur-padma-shri-award-to-mamta-chandrakar-644141. 
  9. "Chhattisgarh Ratna". Facebook. 20 Dec 2013. https://hi-in.facebook.com/cgbhaskr/posts/504139983032070.