২১ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২১ জুলাই (ইংৰাজী: 21 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০২তম (অধিবৰ্ষত ২০৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৩টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬৫৮ - পিতৃ ছাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাবে ঔৰংগজেৱে দিল্লীৰ ৰাজপাটত উঠিছিল।
  • ১৮৩১ - বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়।
  • ১৮৯১ - জাৰ্মানীৰ অট’ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথমটো উৰণ সম্পন্ন হৈছিল।
  • ১৯৫৪ - পৰ্তুগীজৰ হাতৰপৰা দাদৰক মুক্ত কৰা হয়।
  • ১৯৬৯ - এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল।
  • ১৯৭৭ - নীলম সঞ্জীৱা ৰেড্ডী ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
  • ২০০১ - কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫জনক গুলীয়াই হত্যা কৰা হয়।
  • ২০০৭ - ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা দেৱী সিং পাটিলক নিৰ্বাচিত কৰা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮৯৯ - আৰ্নেষ্ট হেমিংৱে, আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক। তেখেতৰ বিশ্ব প্ৰসিদ্ধ উপন্যাসখনৰ নাম হ’ল ‘দ্য অ'ল্ড মেন এণ্ড দ্য ছী’; যাৰ বাবে তেখেতে ১৯৫৪ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল। [1]
  • ১৯০২ - মহীচন্দ্ৰ মিৰি, অসমীয়া সমাজ সেৱক আৰু সাহিত্যিক।
  • ১৯১১ - উমাশংকৰ যোশী, ভাৰতীয় কবি আৰু লেখক।
  • ১৯৩০ - আনন্দ বক্সী, ভাৰতীয় কবি গীতিকাৰ।
  • ১৯৩৪ - চন্দু বোৰ্ডে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৩৯ - প্ৰণৱজ্যোতি ডেকা, অসমীয়া গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা আৰু অধ্যাপক।
  • ১৯৫১ - ৰবীন ৱিলিয়ামছ, অভিনেতা, জুমাঞ্জী কথাছবিৰ নায়ক।

মৃত্যু[সম্পাদনা কৰক]

  • ১৭৯৬ - ৰবাৰ্ট বাৰ্ণছ, স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় কবি। [2]
  • ১৯০৬ - উমেশ চন্দ্ৰ বেনাৰ্জী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি।
  • ১৯৬৭ - জিমি ফক্স, আমেৰিকাৰ বেচবল খেলুৱৈ। [3]
  • ১৯৭৬ - আবু তাহেৰ, বাংলাদেশী স্বাধীনতা সংগ্ৰামী আৰু বাওঁপন্থী বিপ্লৱী।
  • ২০০৯ - গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।

দিৱস[সম্পাদনা কৰক]

  • বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



  1. https://www.onthisday.com/birthdays/july/21
  2. https://www.onthisday.com/deaths/july/21
  3. https://www.onthisday.com/deaths/july/21