আৰ্নেষ্ট হেমিংৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ্নেষ্ট হেমিংৱে

১৯৩৯ চনত আৰ্নেষ্ট হেমিংৱে
জন্ম ২১ জুলাই, ১৮৯৯
অ’ক পাৰ্ক, ইলিনই, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২ জুলাই, ১৯৬১ (৬১ বছৰ)
কেটচাম, আইডাহ’, আমেৰিকা যুক্তৰাষ্ট্ৰ
উল্লেখযোগ্য বঁটা পুলিৎজাৰ বঁটা (১৯৫৩)
সাহিত্যৰ ন'বেল বঁটা (১৯৫৪)

আৰ্নেষ্ট হেমিংৱে (ইংৰাজী: Ernest Hemingway) এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটি গল্প লেখক আৰু খেলুৱৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনই প্ৰদেশৰ অ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল।[1] শৈশৱ কালছোৱাত হেমিংৱেই অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত নাও বায় কটাইছিল। মাথোঁন ১৬ বছৰ বয়সতে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্লমা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল। কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হবলৈ দিয়া নহল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়।

১৯২৩ চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ Three Stories and Ten Poems নামৰ এক চুটি গল্প সংকলন প্ৰকাশিত পায়।[2] প্ৰথম অৱস্থাত হেমিংৱেই গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস দ্য অ'ল্ড মেন এণ্ড দ্য ছী ৰচনা কৰি উলিয়াই।[3] এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তা লাভ কৰে। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ ন'বেল বঁটা

সমালোচকসকলৰ মতে দ্য অ'ল্ড মেন এণ্ড দ্য ছী উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিংৱেই তেখেতৰ সাহিত্যিক জীৱনত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠতে ১০খন উপন্যাস, ১৯খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। ন'বেল বঁটা পোৱাৰ পিছৰ সাত বছৰ হেমিংৱে নানা ধৰণৰ শাৰীৰিক অসুখ-অশান্তিয়ে আৱৰি ধৰে। এনেদৰেই থাকিয়েই ১৯৬১ চনৰ ২ জুলাইৰ ৰাতিপুৱা তেখেতে নিজকে গুলী মাৰি আত্মহত্যা কৰে।[4]

সাহিত্যপঞ্জী[সম্পাদনা কৰক]

উপন্যাস
  • (১৯২৬) The Torrents of Spring
  • (১৬২৬) The Sun Also Rises
  • (১৬২৯) A Farewell to Arms
  • (১৯৩৭) To Have and Have Not
  • (১৯৪০) For Whom the Bell Tolls
  • (১৯৫০) Across the River and into the Trees
  • (১৯৫২) দ্য অ'ল্ড মেন এণ্ড দ্য ছী
  • (১৯৭০) Islands in the Streamdagger
  • (১৯৮৬) The Garden of Edendagger
  • (১৯৯৯) True at First Lightdagger

daggerএই চিহ্নই মৰণোত্তৰভাৱে প্ৰকাশ পোৱা সূচাইছে

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Reynolds (2000), 17–18
  2. Oliver, Charles. (1999). Ernest Hemingway A to Z: The Essential Reference to the Life and Work. New York: Checkmark Publishing. ISBN 978-0-8160-3467-3. p. 324
  3. The Editors (25 August 1952). "From Ernest Hemingway to the Editors of Life". Life (Time Inc) খণ্ড 33 (8): 124. ISSN 0024-3019. https://books.google.com/books?id=g1YEAAAAMBAJ&pg=PA124. "Hemingway's work is a 27,000-word novel called The Old Man and the Sea.". 
  4. Reynolds (2000), 16

বাহ্যিক সংযোগ[সম্পাদনা কৰক]