সমললৈ যাওক

পাবলো নেৰুদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাবলো নেৰুদা
জন্ম নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট
১২ জুলাই, ১৯০৪
পেৰল,  চিলি
মৃত্যু ২৩ ছেপ্টেম্বৰ, ১৯৭৩ (৬৯ বছৰ)
চাণ্টিয়াগ',  চিলি
পেচা কবি, কুটনীতিবিদ
ৰাষ্ট্ৰীয়তা চিলিয়ান
উল্লেখযোগ্য বঁটা সাহিত্যৰ ন'বেল বঁটা
১৯৭১


স্বাক্ষৰ

পাবলো নেৰুদা (Pablo Neruda; স্পেনিছ: [ˈpaβ̞lo̞ ne̞ˈɾuð̞a]; জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট'ৰ (Neftali Ricardo Reyes Basoalto) ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক (Czech) কবি জান নেৰুদাৰ (Jan Neruda) নামৰ অনুকৰণত এই নাম লৈছিল। ১৯৭১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।

কিশোৰ অৱস্থাৰপৰাই নেৰুদাই কবি হিচাবে নাম অৰ্জন কৰে। তেখেতে অতিলৌকিকতাকে (surrealist) ধৰি বিভিন্ন ধাৰাৰ (style) কবিতা, বুৰঞ্জীমূলক কাব্য, প্ৰকাশ্য ৰাজনৈতীক ইস্তাহাৰ, গদ্য আত্মজীৱনী আৰু যৌন আবেদনসম্পন্ন প্ৰেমৰ কবিতা যেনে ১৯২৪ চনৰ Twenty Love Poems and a Song of Despair আদি লিখিছিল। তেওঁ প্ৰায়েই সেউজীয়া চিঞাঁহিৰে লিখিছিল। তেওঁৰ মতে সেউজীয়াটো তেওঁৰ ব্যক্তিগত আশা আকাংক্ষাৰ প্ৰতীক।

কলম্বিয়ান ঔপন্যাসিক গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ-এ নেৰুদাক বিংশ শতাব্দীৰ সকলো ভাষাৰে ভিতৰত শ্ৰেষ্ঠ কবি আখ্যা দিছিল।[2] হেৰল্ড ব্লুমে তেওঁৰ কিতাপ The Western Canon: The Books and School of the Ages-অত নেৰুদাক মুখ্য ২৬ জনৰ ভিতৰত এজন আখ্যা দিছিল।

১৯৪৫ চনৰ ১৫ জুলাই তাৰিখে ব্ৰাজিলৰ চাও পাওল'ৰ Pacaembu ষ্টেডিয়ামত বিপ্লবী কমিউনিষ্ট নেতা Luís Carlos Prestes অৰ সন্মানত নেৰুদাই ১০০,০০০ লোকৰ আগত কবিতা পাঠ কৰে।[3] জীৱনকালত নেৰুদাই কেইবাটাও কূটনৈতীক পদ নিৰ্বাহ কৰে আৰু এবাৰ চিলিৰ কমিউনিষ্ট পাৰ্টিৰ পৰা চিনেটৰ হিচাবেও কাম কৰে। ৰাষ্ট্ৰপতি Gabriel González Videla ই কমিউনিজম বে আইনী বুলি ঘোষণা কৰাৰ পাচত নেৰুদালৈও গ্ৰেপ্টাৰী পৰোৱানা জাৰি কৰা হয়। বন্ধুসকলে চিলিৰ Valparaíso বন্দৰত এটা ঘৰৰ মাটিৰ তলৰ কোঠালিত কেইবামাহো লুকুৱাই ৰখাৰ পাচত তেওঁ Maihue Lake অৰ ওচৰৰ এটা গিৰিপথেদি আৰ্জেণ্টিনালৈ পলায়ন কৰে। কেইবা বছৰো পাচত নেৰুদাই চিলিৰ চচিয়েলিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰপতি Salvador Allende-ৰ ঘনিষ্ঠ পৰামৰ্শদাতা হিচাবে কাম কৰে। ন'বেল বঁটা গ্ৰহণৰ ভাষণ দি উলতি অহাৰ পাচত Allende-ই Estadio Nacional অত ৭০,০০০ মানুহৰ আগত ভাষণ দিবলৈ নিমন্ত্ৰণ কৰে।[4]

Augusto Pinochet অৰ কুপ-ডি-আটাটৰ সময়তে কেন্সাৰৰ বাবে নেৰুদাক হস্পিতালত ভৰ্তি কৰোৱা হয়। ২৩ ছেপ্টেম্বৰ ১৯৭৩ চনত প্ৰষ্টেট কেন্সাৰৰ বাবে নিজ ঘৰ Isla Negra অত তেওঁৰ মৃত্যু হয়।[5] তেওঁৰ মৃত্যুৱে সমগ্ৰ পৃথিৱীতে শোকৰ ছাঁ পেলায়। Pinochet -এ নেৰুদাক ৰাজহুৱা সৎকাৰৰ সন্মান দিবলৈ অমান্তি হোৱা সত্ত্বেও সান্ধ্য আইনো উপেক্ষা কৰি হাজাৰ হাজাৰ চিলিৰ নাগৰিক ৰাজপথলৈ ওলাই আহে।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯০৪ চনত প্ৰখ্যাত কবি, ঔপন্যাসিক, নিৱন্ধকাৰ পাবলো নেৰুদাৰ জন্ম হৈছিল। চিলিৰ পেৰল নামৰ ঠাইত। এইগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিল লেটিন আমেৰিকাৰ জনগণৰ আশা-আকাংক্ষা আৰুবাদ-প্ৰতিবাদ, প্ৰতিফলিত হৈছিল ঔপনিবেশিক আধিপত্যৰ বিপক্ষে ক্ষোভ। পাবলো নেৰুদাৰ আচল নাম আছিল নেফটালি ৰিকাৰ্ডো ৰেয়েজ কাছোৱাল্টো। তেওঁৰ পিতৃ আছিল ৰে’ল বিভাগৰ কৰ্মচাৰী জো ডেল কাৰমেন ৰেয়েজ আৰু মাতৃ ৰোচা বাচোৱাল্টো আছিল এগৰাকী শিক্ষয়িত্ৰী। নেৰুদাৰ জন্মৰ এমাহ পিছতে মাক ৰোচা বাচোৱাল্টোয়ে ইহ সংসাৰৰপৰা বিদায় লয়। এই ঘটনাৰ লগে লগে নেৰুদাৰ পৰিয়ালটো দক্ষিণ চিলিৰ সীমান্তৱৰ্তী টেমুকো চহৰলৈ প্ৰত্যাৱৰ্তন কৰে আৰু নেৰুদাৰ পিতৃ ৰেয়েজে ক্ৰিনিদাদ কেনদিদা মাৰ্তাদ নামৰ মহিলা এগৰাকীৰ লগত পুনৰ বিবাহ পাশত আৱদ্ধ হয়।[6]

দহ বছৰ বয়সতে নেৰুদাই কবিতা লিখিবলৈ লৈছিল। প্ৰথম কবিতাটো আছিল সতীয়া মাকক লৈ লিখা। নেৰুদাৰ দেউতাক নেৰুদাৰ লেখা-মেলা, সাহিত্য প্ৰীতিৰ প্ৰতি মুঠেও সন্তুষ্ট নাছিল। ষোল্ল বছৰমান বয়সলৈকে তেওঁ টেমুকোতে শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰিছিল। নেৰুদাই তেৰ বছৰ বয়সত ছদ্মনামত Enthusiasm and Perseverance নামৰ ৰচনা এখন লিখি স্থানীয় বাতৰি কাকতত প্ৰকাশ কৰিছিল। ১৯১৮ চনৰপৰা ১৯২০ চনলৈ বহু সংখ্যক কবিতা আৰু ৰচনা বিভিন্ন আলোচনীত প্ৰকাশ কৰিছিল। তেওঁ ছদ্মনাম লোৱাৰ মূল উদ্দেশ্য আছিল তেওঁৰ পিতৃৰ তেওঁৰ কবিতাৰ প্ৰতি থকা অসন্তুষ্টি। ষোল্ল বছৰ বয়সত নেৰুদাই ফৰাচী ভাষা অধ্যয়ন কৰাৰ উদ্দেশ্যে ছান্তিয়াগোলৈ আহিছিল আৰু কবিতা লিখাত মনোনিৱেশ কৰিছিল। ১৯২৩ চনত তেওঁৰ প্ৰথমখন কবিতা পুথি প্ৰকাশ হৈছিল। ইয়াৰ পিচত নেৰুদাই ভালেসংখ্যক কবিতা, উপন্যাস, গল্প আৰু প্ৰবন্ধ সংকলন প্ৰকাশ কৰে। নেৰুদাৰ কবিতাসমূহে পাঠকৰ বিপুল সঁহাৰি লাভ কৰিছিল আৰু পৃথিৱীৰ ভিন্ন ভাষালৈ অনূদিত হৈছিল।[7]

১৯২৭ চনত নেৰুদা ভীষণ অৰ্থাভাৱত জুৰুলা হৈছিল আৰু তাৰপৰা মুক্তি পাব কাৰণে তেওঁ কলম্বো, জাভা আৰু ছিংগাপুৰত কাম কৰিছিল। জাভাত তেওঁ মেৰিকা এণ্টানিটা হেগনীৰ ভোগেলজংগ নামৰ এগৰাকী হলেণ্ড দেশীয় বেংক কৰ্মচাৰীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। নেৰুদা পুনৰ ছান্তিয়াগোলৈ উভতি অহাত তেওঁক বুয়েনচ এয়াৰ্চ, বাৰ্চিলোনা আৰু স্পেইনৰ কূটনৈতিক পদত নিযুক্ত কৰা হয়। তাৰ পিছত তেওঁ এটি সাহিত্য চক্ৰ গঠন কৰিছিল য'ত তেওঁ প্ৰখ্যাত কবি গাৰ্থিয়া লৰকাক লগ পাইছিল আৰু তেওঁৰ বন্ধু হৈ পৰিছিল। ১৯৩৪ চনত মাদ্ৰিদতেই তেওঁৰ এগৰাকী ছোৱালী সন্তান মালভা মেৰিনা ত্ৰিনিদাদৰ জন্ম হৈছিল। কিন্তু তাই মহামাৰী ৰোগত আক্ৰান্ত হৈছিল। সেই সময়তে নেৰুদা লাহে লাহে তেওঁৰ পত্নীৰপৰা বিচ্ছিন্ন হৈ আহিছিল আৰু ডেলিয়া ডেল কেৰল নামৰ আৰ্জেণ্টিনাৰ ছোৱালী এগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক কৰিছিল। স্পেইনত যেতিয়া গৃহযুদ্ধ আৰম্ভ হৈছিল, তেতিয়া নেৰুদা পোনপ্ৰথমবাৰৰ বাবে ৰাজনীতিত সোমাই পৰিছিল। স্পেইনৰপৰা স্বদেশলৈ অহাৰ পিছত নেৰুদাই জনসাধাৰণৰ মাজত প্ৰৱেশ কৰিছিল। কেতিয়াবা ৰাজনৈতিক জনসভাত, কেতিয়াবা খনি শ্ৰমিকৰ মাজত কবিতা পাঠ কৰিবলৈ লৈছিল। ক্ৰমান্বয়ে জনগণৰ মাজত নেৰুদাৰ কবিতা প্ৰচাৰিত আৰু প্ৰসাৰিত হ’বলৈ ধৰিলে। তেওঁৰ কবিতাত উদ্ভাসিত হৈছিল আমেৰিকাৰ আচল কাহিনী, ভৌগোলিক পৰিৱেশ, স্বেচ্ছাচাৰী শাসকৰ হাতত লাঞ্ছিত হোৱা জনসাধাৰণ আৰু আবেগমধুৰ ভিন্ন সুৰ। তেওঁৰ কবিতাত দৈনন্দিন জীৱনৰ বিষয়বস্তু যেনে— আলু, বিলাহী, বেঙেনা, কাঠ আদিয়ে ঠাই লাভ কৰিছিল। আমেৰিকাৰ কবিৰালফৱাল্ডো এমাৰছন (Ralph Waldo Emerson) ৰ দৰে কাঠমিস্ত্ৰী, শিল্পী, খনিকৰ, মজদুৰ আদি নেৰুদাৰ কবিতাৰ নায়ক হৈ পৰিছিল।[8]

১৯৭০ চনত সেই দেশৰ কমিউনিষ্ট দলে নেৰুদাৰ নাম ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰস্তাৱ কৰিছিল। কিন্তু ছালভাদৰ আলেন্দেনামৰ ব্যক্তি এজনৰ নাম কেইবাটাও দলে সন্মিলিতভাৱে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰস্তাৱ কৰা হেতু নেৰুদাই তেওঁৰ প্ৰতি সমৰ্থন জনাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল। তাৰ পিছত নেৰুদাক পেৰিছৰ ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰা হয়। ১৯৭১ চনত নেৰুদাক সাহিত্যৰ বাবে নোবেল পুৰস্কাৰ দিয়া হয়।

নেৰুদাৰ ভাৰতৰ প্ৰতি আছিল অপৰিসীম প্ৰেম। আনকি যি সময়ত ৰেংগুনত নেৰুদা কূটনৈতিক বিষয়া হিচাপে আছিল সেই সময়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক লগ ধৰাৰ মানসেৰে তেওঁ কলকাতালৈ আহিছিল। কিন্তু সেই সময়ত কবিগুৰু কলকাতাত নথকা বাবে তেওঁক লগ ধৰিব নোৱাৰিলে। তাৰ পিছতে নেৰুদাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত যোগ দিয়ে, য'ত তেওঁ মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু আৰু সুভাষ চন্দ্ৰ বসুক লগ পাইছিল। নেৰুদাই গান্ধীক এগৰাকী বিচক্ষণ ৰাজনীতিবিদ বুলি অভিহিত কৰিছে। নেৰুদাক আটাইতকৈ বেছি আকৰ্ষিত কৰিছিল সুভাষ চন্দ্ৰ বসুৰ সাম্ৰাজ্যবাদ বিৰোধী মনোভাৱে। লেটিন আমেৰিকাৰ অমৰ কবি পাবলো নেৰুদাৰ ১৯৭৩ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে ছান্তিয়াগোৰ ছান্তা মেৰিয়া হাস্পতালত মৃত্যু হয়। মানৱ দৰদী কবি পাবলো নেৰুদা অমৰ হৈ ৰ'ল তেওঁৰ কালজয়ী ৰচনাৰ মাজেৰে জনসাধাৰণৰ অন্তৰত।[9]

সাহিত্যৰাজি

[সম্পাদনা কৰক]
  • Twenty Love Poems and a Song of Despair,
  • The Captain's Verses,
  • Residence on Earth
  • The Book of Questions
  • Then Come Back : The Lost Neruda
  • Stones of Sky
  • Heights of Macchu Picchu
  • Memoirs
  • The Inhabitant and His Hope

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Patrick M. O'Neil, Great World Writers: Twentieth Century, Marshall Cavendish, 2004, p. 1062.
  2. Plinio Apuleyo Mendoza (1 March 1983). The fragrance of guava: Conversations with Gabriel García Márquez. Verso. পৃষ্ঠা. 49. http://books.google.com/books?id=oIpdAAAAMAAJ। আহৰণ কৰা হৈছে: 4 August 2011. 
  3. Neruda, La vida del poeta: Cronología, 1944–1953, Fundación Neruda, University of Chile. Retrieved 29 December 2006.
  4. Wyman, Eva Goldschmidt; Zurita, Magdalena Fuentes (2002). The Poets and the General: Chile's Voices of Dissent under Augusto Pinochet 1973–1989 (1st সম্পাদনা). প্ৰকাশক Santiago de Chile: Lom Ed.. পৃষ্ঠা. 18. ISBN 9562824918.  In Spanish and English.
  5. Pablo Neruda Died From Cancer, Not Poison: Chilean Officials
  6. কিশোৰ জীৱনী চয়ন, সম্পাদনা-নুৰুল ইছলাম শইকীয়া,নতুন সাহিত্য পিৰষদ, প্ৰথম প্ৰকাশ, ২০১৬, পৃষ্ঠা-৩৮৪
  7. কিশোৰ জীৱনী চয়ন, ২০১৬, পৃষ্ঠা-৩৮৫
  8. কিশোৰ জীৱনী চয়ন,২০১৬, পৃষ্ঠা-৩৮৪
  9. কিশোৰ জীৱনী চয়ন,২০১৬, পৃষ্ঠা-৩৮৫