কাৰ্ল মাৰ্ক্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Karl Marxৰ পৰা পুনঃনিৰ্দেশিত)
কাৰ্ল মাৰ্ক্স

১৮৭৫ চনত মাৰ্ক্স
জন্ম ০৫ মে', ১৮১৮
Trier, কিংডম অফ প্ৰুছিয়া, জাৰ্মান কনফেডাৰেচন
মৃত্যু ১৪ মাৰ্চ, ১৮৮৩ (৬৪ বছৰ)
লণ্ডন, ইংলেণ্ড
যুগ ১৯শ শতিকা
অঞ্চল পাশ্চত্য দৰ্শন, জাৰ্মান দৰ্শন
ধাৰা মাৰ্ক্সবাদ
আগ্ৰহ ৰাজনীতি, অৰ্থনীতি, দৰ্শন, সমাজবিজ্ঞান, ইতিহাস, শ্ৰেণী সংগ্ৰাম
উল্লেখযোগ্য কৰ্ম Surplus value, contributions to the labour theory of value, class struggle, alienation and exploitation of the worker, materialist conception of history
প্ৰভাৱিত কৰে
স্বাক্ষৰ

কাৰ্ল হেনৰিখ মাৰ্ক্স (৫ মে' ১৮১৮ – ১৪ মাৰ্চ ১৮৮৩) এজন জাৰ্মান দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী আছিল।

শৈশৱ[সম্পাদনা কৰক]

১৮১৮ চনৰ ৫ মে তাৰিখে জাৰ্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্ৰায়াৰ চহৰত কাৰ্ল মাৰ্ক্সৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মাৰ্ক্স দুয়োজনেই ইহুদী ধৰ্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধৰ্ম পৰিত্যাগ কৰি খৃষ্টান ধৰ্ম গ্ৰহণ কৰে। সেইসময়ত প্ৰুছিয়াৰ ইহুদী বিৰোধী চৰকাৰী নিয়ম-কানুনসমূহ যথেষ্ট কাঢ়া আছিল; আনকি ইহুদীসকলে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই জাতীয় বাধাসমূহৰ পৰা ৰক্ষা পাবলৈকে মাৰ্ক্স দম্পত্তীয়ে ইহুদী ধৰ্ম পৰিত্যাগ কৰিছিল বুলি জনা যায়। অৱশ্যে প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান সাম্ৰাজ্যৰ আন আন অঞ্চলৰ বিপৰীতে ৰাইনলেণ্ড ৰাজনৈতিক তথা অৰ্থনৈতিকভাৱে যথেষ্ট আগবঢ়া আছিল। বিশেষকৈ ফৰাচী বিপ্লৱৰ আমূল পৰিবৰ্তনকামী চিন্তা-চৰ্চাই অঞ্চলটো দকৈ ছুই গৈছিল। এনে এক তুলনামূলকভাৱে মুক্ত পৰিবেশতে মাৰ্ক্সৰ শৈশৱ অতিবাহিত হৈছিল।

পেছাত এজন সফল আইনজীৱি হেনৰিখ মাৰ্ক্স উদাৰবাদী চিন্তাৰ লোক আছিল। তেওঁৰ নাতিনী অৰ্থাৎ কাৰ্ল মাৰ্ক্সৰ জীয়ৰী এলেন’ৰৰ ভাষাত ‘মোৰ ককাদেউতা আছিল ১৮ শতিকাৰ এজন প্ৰকৃত ফৰাচী ভদ্ৰলোক; ৰুছো আৰু ভল্টেয়ৰ তেওঁৰ কণ্ঠস্থ আছিল’। দেউতাকৰ সৈতে মাৰ্ক্সৰ সম্পৰ্ক আছিল অতিশয় মধুৰ। মৃত্যু পৰ্যন্ত দেউতাকৰ ছবি এখন মাৰ্ক্সে সযতনে লগত লৈ ফুৰিছিল।

সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত মাৰ্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্ৰায়াৰ চহৰতেই তেওঁ পঢ়াশুনা আৰম্ভ কৰে আৰু পৰিয়ালৰ বন্ধু তথা প্ৰুছিয়ান ৰাষ্ট্ৰৰ প্ৰশাসনিক বিষয়া চাৰ্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত তেওঁ ত্ৰায়াৰ উচ্চ বিদ্যালয়ৰ পৰা ধ্ৰুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে দুহিতা জেনী ভন ৱেষ্টফালেনক মাৰ্ক্সে বিয়া কৰায়। অৱশ্যে স্কুলীয়া সময়ছোৱাত মাৰ্ক্সে কোনো বিশেষ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ প্ৰভাৱতেই মাৰ্ক্সে হোমাৰ তথা শেক্সপীয়েৰৰ ৰচনাৱলী পঢ়িবলৈ ললে।[4]

শিক্ষা আৰু প্ৰেম[সম্পাদনা কৰক]

১৮৩৫ চনত উচ্চশিক্ষাৰ বাবে মাৰ্ক্সে বন বিশ্ববিদ্যালয়লৈ গমন কৰিলে। প্ৰথমতে দেউতাকৰ দৰে এক মধ্যবিত্তীয় কেৰিয়াৰ গঢ়ি তোলাই তেওঁৰ উদ্দেশ্য আছিল। কিন্তু অচিৰেই আন আন ডেকা বন্ধুসকলৰ সংগত পৰি ল’ৰাটিয়ে মদ খাই, ধাৰ কৰি, কাজিয়াত মত্ত হৈ সময় কটাবলৈ ললে! এবাৰ সুৰাত ৰাগীত মাৰপিট কৰি মহাশয়ে আনকি জেলৰ ভাতো খাব লগা হৈছিল! এনে সময়তে গৰমৰ বন্ধত ঘৰলৈ আহোঁতে জেনীৰ সৈতে মাৰ্ক্সৰ দেখাদেখি হয়। ভৱিষ্যতৰ মহান দাৰ্শনিক গৰাকীয়ে এইবাৰ দিন ৰাতি একাকাৰ কৰি দীঘল দীঘল প্ৰেমৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে। কাব্য ৰচনাৰ দিশৰ পৰা অতিশয় তৰল (কাৰো কাৰো মতে আবৰ্জনাসদৃশ! ) হোৱা সত্ত্বেও সিবিলাকে অৱশ্যে জেনীৰ হৃদয় জিনাৰ ক্ষেত্ৰত বাৰুকৈয়ে সহায় কৰিলে! সমগ্ৰ চহৰখনতে সুন্দৰী বুলি নাম থকা জেনী মাৰ্ক্সতকৈ চাৰি বছৰে ডাঙৰ হোৱাৰ লগতে সম্ভ্ৰান্ত ভন ৱেষ্টফালেন পৰিয়ালৰো জীয়ৰী আছিল। দুয়োটা পৰিয়ালৰ পৰাই মাৰ্ক্স-জেনীৰ সম্পৰ্কটোৰ বিৰুদ্ধে উজৰ আপত্তি আহিবলৈ ধৰিলে। ৱেষ্টফালেন পৰিয়ালৰ কেইবাজনো সদস্য অতিশয় প্ৰতিক্ৰিয়াবাদী আছিল; ১৮৫০ৰ দশকত জেনীৰ ককায়েক এজন প্ৰুছিয়ান মন্ত্ৰীসভাৰ সদস্য হিচাপেও মনোনীত হৈছিল। আনফালে মাৰ্ক্সৰ দেউতাকৰ মতে তেওঁৰ পুত্ৰৰ ঘৰ-সংসাৰ চলোৱাৰ ক্ষমতা তেতিয়ালৈকে বিকাশ হোৱাই নাছিল! পৰিয়ালৰ এই আপত্তিৰ বাবেই হয়তো বহু পলমকৈ ১৮৪৩ চনতহে জেনী আৰু মাৰ্ক্সৰ বিবাহ সম্পন্ন হয়।

উচ্চশিক্ষা[সম্পাদনা কৰক]

বনত এবছৰ থকাৰ পাছত ১৮৩৬ চনত মাৰ্ক্সে বাৰ্লিন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। প্ৰথমতে তেওঁ আইনী শিক্ষাৰ কথাই ভাবিছিল যদিও লাহে লাহে দৰ্শনৰ প্ৰতি তেওঁৰ মন ঢাল খাবলৈ ধৰিলে। প্ৰেমৰ কবিতা এৰি মাৰ্ক্সে এইবাৰ ভালকৈ পঢ়াশুনাত মনোযোগ দিলে। আইনৰ দৰ্শনৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে তেওঁ দৰ্শনৰ গূঢ় জগতখনত নিমগ্ন হৈ পৰিল। অৱশেষত তেওঁ মুখামুখি হ’ল সেই সময়ৰ শ্ৰেষ্ঠ দাৰ্শনিক ফ্ৰেডৰিক হেগেলৰ দৰ্শনৰ সৈতে। হেগেলেৰ ৰচনাৱলীয়ে মাৰ্ক্সৰ হৃদয়ত তীব্ৰ মানসিক তথা বৌদ্ধিক অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰিলে। বন্ধু এজনলৈ লিখা চিঠি এখনত মাৰ্ক্সে ঘোষণা কৰিলে- “হেগেলৰ ৰচনাসমূহ ৰুগ্ন, বীভৎস গদ্যৰ চূড়ান্ত নিদৰ্শন”। কিন্তু তথাপিও শেষলৈ তেওঁ হেগেলৰ অনুগামী হিচাপেই পৰিচিত হ’ল।

মাৰ্ক্সৰ এই বৌদ্ধিক পৰিৱৰ্তন কোনো আকস্মিক ঘটনা নাছিল। ১৮৩০ তথা ৪০ৰ দশকত জাৰ্মান-দৰ্শনৰ জগতখন সমকালীন ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। ৰাজনৈতিকভাৱে সেইসময়ত জাৰ্মানীখন বহুধাবিভক্ত আছিল; আৰ্থিক তথা সামাজিকভাৱে পিছপৰা তথা বহুতো ক্ষুদ্ৰ ৰজা মহাৰজাৰে ভৰা। সিবিলাকৰ ওপৰত আকৌ অষ্ট্ৰিয়া, প্ৰুছিয়া তথা ৰাছিয়াৰ প্ৰতিক্ৰিয়াশীল ‘পবিত্ৰ জোট’ৰ প্ৰতিপত্তি চলিছিল। কিন্তু বৌদ্ধিক দিশৰপৰা দেশখন যথেষ্ট আগুৱাই গৈছিল। ১৯ শতিকাৰ প্ৰথমছোৱা সময় জাৰ্মান দৰ্শনৰ সোণালী কাল বুলিয়েই ক’ব পাৰি; যেন সামাজিক-ৰাজনৈতিক অনগ্ৰসৰতাৰ ক্ষতিপূৰণ জাৰ্মানীয়ে বৌদ্ধিক উপলব্ধিৰ দ্বাৰাই কৰিব খুজিছিল। মাৰ্ক্সৰ ভাষাত- ‘আন আন দেশসমূহে ৰাজনৈতিকভাৱে যি উপলব্ধি লাভ কৰিছিল, সেইখিনি জাৰ্মানীয়ে কেৱল বিমূৰ্ত তত্ত্বৰ সহায়ত ভবা চিন্তাহে কৰিছিল’ (Collected Works, Vol. iii, পৃষ্ঠা ১৮১)।

জাৰ্মান সমাজৰ এই অন্তৰ্বিৰোধসমূহ প্ৰতিফলিত হৈছিল দাৰ্শনিক হেগেলৰ চিন্তাধাৰাৰ মাজত। প্ৰথমতে হেগেল ফৰাচী বিপ্লৱৰ উগ্ৰ সমৰ্থক আছিল, পাছলৈ নেপোলিয়নপন্থী হৈ পৰিছিল আৰু শেহান্তৰত তেওঁ প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান ৰাষ্ট্ৰৰ পদলেহনকাৰীলৈ পৰিণত হৈছিল। হেগেলে মতপোষণ কৰিছিল যে প্ৰুছিয়ান ৰাষ্ট্ৰই হৈছে মানৱ বুদ্ধি (reason) -ৰ পৰম মূৰ্ত ৰূপ (embodiment)। ১৮৩০ৰ পৰা ১৮৪০ৰ দশকলৈকে তেওঁক প্ৰুছিয়ান ৰাষ্ট্ৰৰ চৰকাৰী দাৰ্শনিক বুলিয়েই ক’ব পৰা যায়। এই সময়ছোৱাত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সকলো বিশ্ববিদ্যালয়তে হেগেল অনুগামী দাৰ্শনিক-অধ্যাপকসকলে বিশেষ স্বীকৃতি লাভ কৰিছিল।

অৱশ্যে এই অৱস্থা বেছিপৰলৈকে একেই নাথাকিল। হেগেলৰ কেতবোৰ তৰুণ অনুগামীয়ে তেওঁৰ দাৰ্শনিক সূত্ৰসমূহৰ বৈপ্লৱিক ৰূপ দিবলৈ আৰম্ভ কৰিলে। হেগেলৰ মতে, বুদ্ধিৰ আন এটা নাম হৈছে ভগবান বা পৰমাত্মা (absolute spirit)। ইতিহাস হৈছে এই পৰমাত্মাৰ ক্ৰমান্বয়ে চেতন লাভ কৰাৰ যাত্ৰা, যাৰ ফলাফল হৈছে প্ৰটেষ্টাণ্ট ৰিফৰমেছন (Protestant Reformation)। তৰুণ হেগেলবাদীসকলে এই পৰমাত্মাক ‘মানব’ বুলি পুনঃসূত্ৰায়িত কৰিলে। অৰ্থাৎ এই নতুন সূত্ৰ মতে- ইতিহাস হৈছে মানুহে ক্ৰমান্বয়ে চেতনা লাভ কৰাৰ এক যাত্ৰা মাথোঁ। এই তৰুণ হেগেলবাদীসকল বাওঁ হেগেলবাদী ৰূপেও জনাজাত হ’ল। তেওঁলোকৰ পুনঃসূত্ৰায়ণৰ ফলত হেগেলবাদী দৰ্শনৰ পৰা ভগবানৰ ধাৰণাটোৱে পলাই ফাট মেলিলে। অৱশ্যে হেগেলৰ দৰেই তেওঁলোকেও মানি ল’লে যে ৰাষ্ট্ৰ (State) বুদ্ধিৰ মূৰ্তমান ৰূপ হোৱা উচিত। কিন্তু লগতে তেওঁলোকে এই বুলিও ক’লে যে প্ৰুছিয়ান ৰাজতন্ত্ৰই এই ভূমিকা পালন কৰিব পৰা নাই। এই তৰুণ হেগেলবাদীসকল নাস্তিক, উদাৰবাদী তথা যুক্তিবাদী আছিল। প্ৰথমতে তেওঁলোকে আশা কৰিছিল যে, যুবৰাজ ফ্ৰেডৰিক ৰজা হোৱাৰ পাছত প্ৰুছিয়ান ৰাষ্ট্ৰ ব্যৱস্থাৰ কেতবোৰ গণতান্ত্ৰিক সংস্কাৰ সাধন হ’ব। পিছে ১৮৪০ চনত যুবৰাজে ৰজা হৈ পুনৰ একেই প্ৰতিক্ৰিয়াশীল নীতিসমূহ পালন কৰি যোৱাত তেওঁলোক ক্ৰমান্বয়ে যথাস্থিতি বিৰোধী তথা উগ্ৰ হৈ পৰিল।

এনে সময়তে মাৰ্ক্সে হেগেলৰ দৰ্শন গ্ৰহণ কৰিলে। সেইসময়ত বাৰ্লিন ডক্টৰছ ক্লাবত প্ৰায়ে তৰুণ হেগেলবাদীসকলৰ নিয়মীয়া বৈঠক অনুষ্ঠিত হৈছিল। মাৰ্ক্সে ততালিকে ক্লাবত যোগদান কৰিলে আৰু অতি সোনকালেই মহাশয় ক্লাবৰ এজন নিয়মীয়া সদস্য হৈ পৰিল। ক্লাবৰ সভ্যসকলৰ জীৱন ধাৰণৰ একো ঠিকনা নাছিল। প্ৰায়ে মদ খাই, তৰ্ক, বাক-বিতণ্ডাত মত্ত হৈ তেওঁলোকে জীৱন কটাইছিল। মাৰ্ক্সৰ দেউতাকৰ অভিযোগ মতে, “মোৰ লৰাটিয়ে সকলো প্ৰতিশ্ৰুতি আওকাণ কৰি কোনো ধনীৰ দুলালৰ দৰেই এবছৰতে প্ৰায় ৭০০ থেলাৰ মুদ্ৰা খৰচ কৰি পেলালে। অথচ ধনীতকৈ ধনী মানুহেও বছৰত ৫০০ থেলাৰমানহে খৰচ কৰে।” ১৮৩৮ চনত দেউতাকৰ মৃত্যুৰ পাছত ঘৰৰ সৈতে মাৰ্ক্সৰ প্ৰায় সকলো সম্পৰ্কই ছিন্ন হৈ পৰিল। অৱশ্যে মাকৰ কৃপাত লৰাটিলৈ ধনৰ যোগাৰ ঠিকেই অব্যাহত থাকিল। সেই সময়ত মাৰ্ক্সৰ বন্ধু (ব্ৰুন’ বয়াৰৰ ভাতৃ) এদগাৰ বয়াৰ তথা এংগেলছে তেওঁৰ বেপৰোৱা জীৱন সম্পৰ্কে এটি ধেমেলীয়া কবিতা ৰচনা কৰিছিল :

“মানব নহয় ই জানিবা অসুৰ/ ত্ৰায়াৰ চহৰ মুখী ৰঙা বকাসুৰ/ খোজত নবহে হিয়া জাপতহে মন/ উৰ্ধ মুষ্টি বাহু পিশাচ আচৰণ/ অবিন্যস্ত কেশ সজ্জা বিকট বচন/ অশান্ত দেহা মন অসুৰ বিচৰণ”!!

এই সময়ছোৱাত মাৰ্ক্সৰ সপোন আছিল এজন প্ৰফেচনেল দাৰ্শনিক হোৱাৰ। তেওঁ ধ্ৰুপদী গ্ৰীক দাৰ্শনিকসকলৰ ৰচনাৱলীত মনোনিবেশ কৰিলে আৰু ১৮৪১ চনত ‘Difference Between the Democritean and Epicurean Philosophy of Nature’ শীৰ্ষক গৱেষণা পত্ৰ লিখি ডক্টৰেট ডিগ্ৰী লাভ কৰিলে। হেগেলৰ সুস্পষ্ট চাপ থকা সত্ত্বেও এই ৰচনাখনিতেই ভাববাদী দৰ্শনৰ প্ৰতি মাৰ্ক্সৰ লাহে লাহে মোহভংগ ঘটাৰ উমান পোৱা যায়। স্মৰ্তব্য যে মাৰ্ক্সৰ সেইকালৰ হেগেলবাদী বন্ধু ব্ৰুন’ বয়াৰৰ ৰচনাসমূহত ইতিমধ্যেই সকলো প্ৰক্ৰিয়াকে মানৱ চেতনালৈ পৰ্যৱসিত কৰি পেলোৱাৰ প্ৰৱণতা সুস্পষ্ট হৈ পৰিছিল। সিবিলাকৰ সৈতে মাৰ্ক্সৰ অসহমতি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। আনফালে একে সময়তে প্ৰুছিয়ান সম্ৰাট ফ্ৰেদৰিক উইলিয়াম চতুৰ্থৰ দ্বাৰা উগ্ৰ তৰুণ হেগেলবাদীসকলৰ দমন প্ৰক্ৰিয়া আৰম্ভ হ’ল। ফ্ৰেদৰিকে তৰুণ হেগেলবাদীসকলৰ আলোচনী Hallische Jahrbücher -ৰ প্ৰকাশন নিষিদ্ধ ঘোষণা কৰিলে আৰু হেগেলৰ পুৰণা শত্ৰু চেলিঙক ‘হেগেলবাদৰ শিপা উঘালিবলৈ’ বাৰ্লিন বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্তি দিলে। শেহত ১৮৪২ চনৰ মাৰ্চ মাহত বন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা ব্ৰুন’ বয়াৰকো বৰ্খাস্ত কৰা হ’ল। এইবোৰ ধাম-খুমিয়াৰ মাজতেই মাৰ্ক্সৰ প্ৰফেচনেল দাৰ্শনিক হোৱাৰ সপোনৰো অন্ত পৰিল।

সাংবাদিকতা[সম্পাদনা কৰক]

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত মাৰ্ক্স ত্ৰায়াৰ চহৰলৈ উভতি আহিল। এইবাৰ তেওঁ ৰাজনৈতিক-সাংবাদিকতালৈ হাত মেলিলে। সেই সময়ত ৰাইনলেণ্ডৰ পুঁজিপতিসকলে ৰাইনিচে চাইতুং (Rheinische Zeitung)নামেৰে কাকত এখন ছপাবলৈ উদ্যোগ লৈছিল। পুঁজিপতিসকলৰ শ্ৰেণী স্বাৰ্থসমূহ প্ৰতিনিধিত্ব কৰিবলৈকে কাকতখনৰ জন্ম দিয়া হৈছিল যদিও হেগেলবাদী সম্পাদক মজেজ হেছৰ হাতত পৰি কাকতখন তৰুণ হেগেলবাদীসকলৰ মুখপত্ৰলৈ পৰিণত হৈছিল। ১৮৪২ চনৰ মাৰ্চ মাহৰ পৰা মাৰ্ক্সে কাকতখনত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰে অক্টোবৰ মাহলৈ তেওঁ কাকতখনৰ সম্পাদক পদত নিযুক্ত হ’ল। কাকতৰ কামত তেওঁ এইবাৰ কল’ন চহৰলৈ আহিল। মাৰ্ক্স সেই সময়ত এজন ৰেডিকেল উদাৰবাদী ডেমক্ৰেট আছিল; ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ লেখিয়াকৈ তেওঁ জাৰ্মানীতো সৰ্বজনীন ভোটাধিকাৰ তথা গণতন্ত্ৰ সাব্যস্ত হোৱাটো বিচাৰিছিল। আন এখন কাকতে ৰাইনিচে চাইতুঙক সাম্যবাদৰ প্ৰচাৰক বুলি অভিযোগ আনোতে সেই অভিযোগ নাকচ কৰি মাৰ্ক্সে এনেদৰে লিখিছিল, ‘সাম্যবাদ সম্পৰ্কীয় ধাৰণাসমূহৰ বৰ্তমান যি ৰূপ, সিবিলাক তত্ত্বগত দৃষ্টিৰেও সুসংগত নহয়, এনে স্থলত সিবিলাকে বাস্তবিক ৰূপ ধাৰণ কৰিব পাৰিব বুলি আমি বিশ্বাস নকৰোঁ’(Collected Works,Vol. i., পৃষ্ঠা ২২০)।

অৱশ্যে ৰাইনিচে চাইতুঙৰ অভিজ্ঞতাই মাৰ্ক্সৰ চিন্তাধাৰা ইতিমধ্যেই বহুখিনি সলনি কৰি পেলালে। মাৰ্ক্সৰ ভাষাত, ৰাইনিচে চাইতুঙৰ পাততেই “পোন প্ৰথমবাৰৰ বাবে মই বাস্তৱ স্বাৰ্থ সম্পৰ্কীয় আলোচনাত ভাগ ল’বলৈ বাধ্য হ’লোঁ।” এই সময়ছোৱালৈকে আন আন হেগেলবাদীৰ দৰেই মাৰ্ক্সেও বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰই সমাজৰ শ্ৰেণী স্বাৰ্থসমূহতকৈ ঊৰ্ধত অৱস্থান কৰে; অৰ্থাৎ শ্ৰেণী সংঘাতৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক নিৰপেক্ষ ভূমিকা পালন কৰে। বিভিন্ন শ্ৰেণীৰ আন্তঃসংঘাতসমূহ নিৰাময় কৰি সকলো নাগৰিকৰে সৰ্বজনীন স্বাৰ্থ সাধন কৰাটোৱেই হৈছে ৰাষ্ট্ৰৰ মূল উদ্দেশ্য। পিছে সেই সময়ৰ খৰি চুৰি সম্পৰ্কীয় কেতবোৰ সংসদীয় বিতৰ্ক অনুসন্ধান কৰি মাৰ্ক্সৰ অনুভৱ হ’ল - উদ্যোগিক পুঁজিপতি, সামন্তীয় ভূ-স্বামী তথা প্ৰুচিয়ান ৰাষ্ট্ৰ – এই আটাইৰে মাজত যেন কেতবোৰ সমূহীয়া স্বাৰ্থ আছে। এই তিনিওটা শক্তিয়েই ব্যক্তিগত সম্পত্তিৰ সমৰ্থক, যি বৃহত্তৰ কৃষক তথা শ্ৰমিক জনগণৰ জীৱনলৈ বিভীষিকা কঢ়িয়াই ফুৰিছে। মছেল অঞ্চলৰ কৃষক ৰাইজৰ দুৰৱস্থা সম্পৰ্কীয় এটা ৰিপৰ্ট লিখি থাকোঁতে মাৰ্ক্সে অনুভৱ কৰিলে- ব্যক্তিগত সম্পত্তি বিষয়ক আইনসমূহ কাঢ়াকৈ বলবৎ কৰাৰ ফলত কৃষকে ভূ-স্বামীসকলৰ মাটিৰ পৰা পৰম্পৰাগতভাৱে খৰি লুৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিছে আৰু ই কেৱল ভূ-স্বামীসকলকেই লাভবান কৰিছে। সুদীৰ্ঘ পঞ্চাছ বছৰৰ পাছত এই সময়খিনিৰ বিষয়ে সুৱঁৰি এংগেলছে এনেদৰে লিখিছিল, “মাৰ্ক্সে মোক প্ৰায়েই কৈছিল- খৰি চুৰি সম্পৰ্কীয় আইনসমূহ তথা মছেল অঞ্চলৰ কৃষকৰ দুৰৱস্থা- এই দুটি বিষয় সম্পৰ্কে অনুসন্ধান কৰিয়েই তেওঁ পোন প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক অৱস্থা সম্পৰ্কে সচেতন হল, আৰু ই তেওঁক তথাকথিত বিশুদ্ধ ৰাজনীতিৰ পৰা আঁতৰাই আনি অৰ্থনীতিৰ অধ্যয়নৰ বাবে প্ৰেৰণা যোগালে, যি পাছলৈ সমাজবাদৰ পথটি প্ৰশস্ত কৰিলে।”

ৰাইনিচে চাইতুং কাকতখনত মাৰ্ক্সে অৱশ্যে কেৱল অৰ্থনীতিৰ চিন্তাই কৰা নাছিল। স্মৰ্তব্য এই সময়ছোৱাতে ব্ৰুন’ বয়াৰ আদি তৰুণ হেগেলবাদীসকলৰ বিপ্লৱী বহুবল্কিতাই চৰম পৰ্যায় পাইছিল। প্ৰুচিয়ান ৰাষ্ট্ৰৰ দমনৰ বলি হৈ তৰুণ হেগেলবাদীহঁতে নিজকে ‘ফ্ৰী’ বা ‘স্বাধীন’ নামেৰে নামকৰণ কৰিছিল আৰু ঘোষণা কৰিছিল যে ভুল দেখুৱাই দিয়াটোৱেই হৈছে দাৰ্শনিকসকলৰ একমাত্ৰ উদ্দেশ্য! এই সময়ছোৱাত তেওঁবিলাকৰ আক্ৰমণৰ মূল লক্ষ্য আছিল- ধৰ্ম। ইফালে কাকতখনক কোনোমতে চেঞ্চৰ বৰ্ডৰ পৰা ৰক্ষা কৰাৰ তাড়নাত মাৰ্ক্সে কৰা প্ৰতিটো সৰু বৰ বুজাপৰাকে মহাশয়সকলে সত্যৰ সৈতে চৰম বিশ্বাস ঘাটকতা বুলি ঘোষণা কৰিছিল। সিবিলাকৰ পৰা মাৰ্ক্সে এটা জীৱনজোৰা শিক্ষা লাভ কৰিলে, “যি তত্ত্বই বাস্তৱ পৰিস্থিতিৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলায়, সি আপাত দৃষ্টিত অগ্নিবৰ্ষা হ’লেও বাস্তৱ জীবনত ই নিস্তেজ হৈ পৰিবলৈ বাধ্য।”

ব্ৰুন’ বয়াৰকে আদি কৰি বাৰ্লিনস্থিত এই পুৰণি বন্ধুসকলক আক্ৰমণ কৰি মাৰ্ক্সে কিছু দিনৰ পাছত লিখিলে,

“আমি কোনো শাস্ত্ৰ আওঁৰাই পৃথিবীৰ বাবে নতুন নিয়ম বান্ধিবলৈ নাযাওঁ। আমি এইবুলি নকওঁ যে চোৱা! আমি এটা নতুন নিয়ম বান্ধিছোঁ, এয়াই সত্য নিয়ম। সকলোৱে ইয়াৰ আগত আঁঠু লোৱা! বৰঞ্চ আমি পৃথিবীৰ বাস্তৱিক নিয়মসমূহৰ পৰাই নতুন নিয়ম গঢ়িব বিচাৰোঁ। আমি জগতখনক এইবুলি ক’বলৈ নাযাওঁ: তোমালোকৰ সংগ্ৰাম বন্ধ কৰা, তোমালোক আটাইবোৰ মুৰ্খ; আমাৰ কথা শুনা, আমি তোমালোকক সংগ্ৰামৰ নতুন বাণী গঢ়ি দিম! বৰঞ্চ আমি সংগ্ৰামৰ প্ৰকৃত লক্ষ্যৰ প্ৰতিহে আঙুলিয়াই দিওঁ আৰু লগতে কওঁ যে এই লক্ষ্য সম্পৰ্কে [সংগ্ৰামী সকলে] যথোচিত চেতনা বিকশিত কৰি লবই লাগিব।”(Marx Engels Collected Works, Vol. iii, পৃষ্ঠা ১৪৪)।

শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তা-ভাৱনাৰ এইখিনিতেই উমান পোৱা যায়। লগতেই উমান পোৱা যায় তত্ত্ববিদকসকলৰ সামাজিক ভূমিকা সম্পৰ্কীয় তেওঁৰ চিন্তাৰাজিৰো। মাৰ্ক্সৰ মতে শ্ৰমিকক নীতি-নিয়ম শিকোৱাটো তাত্ত্বিকৰ কাম নহয়, বৰঞ্চ শ্ৰমিকসকলৰ সংগ্ৰামৰ প্ৰকৃত উদ্দেশ্যনো কি তথা কেনেকৈনো তেওঁলোকে এই উদ্দেশ্যত উপনীত হ’ব পাৰিব এই সম্পৰ্কে বিশ্লেষণ কৰি আঙুলিয়াই দিয়াটোৱেই হৈছে তেওঁলোকৰ কৰ্তব্য।

অৱশ্যে শ্ৰমিক-শক্তিৰ প্ৰচুৰ বৈপ্লৱিক সম্ভাৱনীয়তা সম্পৰ্কে এইখিনি সময়তো মাৰ্ক্সৰ ধাৰণা পৰিষ্কাৰ হোৱা নাছিল। এই কথাৰ উমান পোৱা যায় ১৮৪৩ চনৰ মাজভাগত তেওঁ লিখা এটি পাণ্ডুলিপিৰ পৰা। (এই পাণ্ডুলিপিটো লিখাৰ কিছুদিন পূৰ্বেই মাৰ্ক্সে ৰাইনিচে চাইতুঙৰ পৰা পদত্যাগ কৰে। ) পিছলৈ Contribution to the Critique of Hegel’s Philosophy of Right নামেৰে জনাজাত হোৱা এই পাণ্ডুলিপিটো গ্ৰন্থৰূপত অৱশ্যে ১৯২৭ চনতহে ছপা হয়গৈ। এই ৰচনাখনিত মাৰ্ক্সে হেগেলৰ ‘শ্ৰেণী নিৰপেক্ষ ৰাষ্ট্ৰ’ সম্পৰ্কীয় ধাৰণাসমূহ খণ্ডন কৰিবলৈ চেষ্টা কৰিছিল। ৰচনাখনিত সেই সময়ৰ আন এজন দাৰ্শনিক লুদউইগ ফয়াৰবাখৰ প্ৰভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা যায়। মাৰ্ক্সৰ দৰেই ফায়াৰবাখো এটা সময়ত হেগেলৰ অনুগামী আছিল; পিছে পাছলৈ তেওঁ হেগেলৰ তীব্ৰ সমালোচক হৈ পৰে। ১৮৪১ চনত প্ৰকাশিত তেওঁৰ Essence of Christianity শীৰ্ষক গ্ৰন্থখনি ইতিমধ্যেই ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল। ব্ৰন’ বয়াৰ আদি তৰুণ হেগেলবাদী সকলতকৈ বহুখিনি আগুৱাই গৈ ফায়াৰবাখে ঘোষণা কৰিছিল-‘হেগেলৰ সমস্ত দৰ্শন নাকচ কৰাৰ সময় আহি পৰিছে; হেগেলে কোৱাৰ দৰে কোনো ভগবান বা আইডিয়াৰ পৰা দৰ্শনৰ আৰম্ভণি কৰাটো ভ্ৰান্তিকৰ; বৰঞ্চ মানৱ জীৱন আৰু এই জীৱনৰ বস্তুনিষ্ঠ পৰিস্থিতিৰ অধ্যয়ন হে দৰ্শনৰ আৰম্ভণি বিন্দু হোৱা উচিত’। ফয়াৰবাখৰ এই ধাৰণাসমূহ ততালিকেই মাৰ্ক্স, এংগেলছ, হেছ আদিৰ মাজত জনপ্ৰিয় হৈ পৰিল; ইতিমধ্যেই মাৰ্ক্সে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে কেৱল ৰাজনৈতিক বিপ্লৱে জাৰ্মান সমাজখনৰ আমূল পৰিবৰ্তন সাধন কৰিব নোৱাৰে; এইক্ষেত্ৰত এক সামাজিক বিপ্লৱো প্ৰয়োজনীয় হ’ব। অৱশ্যে এইখিনি সময়লৈকে এনে সামাজিক বিপ্লৱৰ অগ্ৰণী শক্তি হিচাপে শ্ৰমিক শ্ৰেণীৰ বৈপ্লৱিক ভূমিকা সম্পৰ্কে তেওঁ দকৈ ভবা-চিন্তা কৰা নাছিল। বৰঞ্চ এক বহল পৰিসৰত গণতন্ত্ৰ বা সাৰ্বভৌমিক ভোটাধিকাৰ প্ৰতিষ্ঠা কৰিয়েই জনগণৰ দ্বাৰা ৰাষ্ট্ৰ-শক্তি নিয়ন্ত্ৰিত কৰিব পৰা যাব বুলি তেওঁ আশা কৰিছিল।

Critique লিখাৰ এবছৰমানৰ ভিতৰতেই অৱশ্যে মাৰ্ক্স এজন পূৰ্ণ কমিউনিষ্টলৈ পৰিণত হ’ল। এই পৰিবৰ্তনৰ অন্যতম কাৰণ আছিলঃ কলনৰ পৰা পেৰিছলৈ মাৰ্ক্সৰ দেশান্তৰ আৰু পেৰিছৰ শ্ৰমিক আন্দোলনৰ সৈতে প্ৰত্যক্ষ যোগাযোগ। প্ৰুছিয়ান চেঞ্চৰছিপৰ উৎপাতত থাকিব নোৱাৰি মাৰ্ক্স অৱশেষত জাৰ্মানী এৰিবলৈ বাধ্য হ’ল। চেঞ্চৰছিপৰ পৰা ৰক্ষা পাবলৈ তেওঁ বন্ধু আৰ্নল্ড ৰুজৰ সৈতে জাৰ্মানীৰ পৰা দূৰৈত পেৰিছ চহৰৰ পৰা The Deutsch-Französische Jahrbücher নামেৰে তৰুণ-হেগেলবাদী কাকত এখন ছপা কৰাৰ সিদ্ধান্ত ললে। ১৮৪৩ চনৰ অক্টোবৰ মাহত মাৰ্ক্স পেৰিছ চহৰত উপস্থিত হ’লগৈ।

বাৰ্লিন বা কলনতকৈ পেৰিছৰ পৰিস্থিতি একেবাৰে বেলেগ আছিল। ঊনবিংশ শতিকাৰ ইউৰোপৰ সাংস্কৃতিক ৰাজধানী হিচাপে স্বীকৃতি লাভ কৰা পেৰিছ চহৰখন সেই সময়ত বিভিন্ন দেশৰ পৰা দেশান্তৰিত হৈ অহা সাম্যবাদী বিপ্লৱী তথা বুদ্ধিজীৱীৰে গিজগিজাই আছিল। এইক্ষেত্ৰত কেৱল জাৰ্মান দেশান্তৰিত লোকৰ সংখ্যাই আছিল ৪০,০০০কৈও অধিক। তেওঁলোকৰ বেছিভাগেই পেছাত কাৰিকৰ আছিল আৰু তেওঁলোক ‘লীগ অৱ জাষ্ট’ নামৰ বিপ্লৱী গুপ্ত সংগঠন এটাৰ প্ৰভাৱাধীন আছিল। তদুপৰি অগণন কমিউনিষ্ট তথা সমাজবাদী সংগঠন আৰু সিবিলাকৰ অভ্যন্তৰীণ তৰ্ক-বিতৰ্ক তথা কোৰ্হালে পেৰিছৰ বতাহ গৰম কৰি ৰাখিছিল। এই সময়ছোৱাতেই তথাকথিত ‘বুৰ্জোৱা সম্ৰাট’ লুই ফিলিপৰ অধীনত এক অতিশয় দুৰ্নীতিবান আমোলাতন্ত্ৰ তথা বেংকাৰ গোষ্টীৰ নেতৃত্বত ফ্ৰাঞ্চৰ বছা বছা অঞ্চলত দ্ৰুত হাৰৰ ঔদ্যোগীকৰণৰ প্ৰক্ৰিয়াও ত্বৰাম্বিত হৈছিল, যাৰ ফলস্বৰূপে দ্ৰুত গতিৰে সৃষ্টি হৈছিল এক সৰ্বহাৰা শ্ৰেণীৰ। সিবিলাকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সকলো বাওঁপন্থী সংগঠনেই উথপথপ লগাইছিল।

এই জাৰ্মান তথা ফৰাচী কমিউনিষ্ট সংগঠনসমূহৰ যোগেদিয়েই পোন প্ৰথমবাৰৰ বাবে মাৰ্ক্সে সংগঠিত শ্ৰমিক আন্দোলনৰ সৈতে সংস্পৰ্শ লাভ কৰিলে। মাৰ্ক্সৰ মন-হৃদয়ত ইয়াৰ ফলাফল আছিল অভূতপূৰ্ব। ১৮৪৪ চনৰ আগষ্ট মাহত ফয়াৰবাখলৈ লিখা এখনি চিঠিত তেওঁ এইদৰে মনৰ ভাৱ প্ৰকাশ কৰিলে,

"এই ফৰাচী শ্ৰমিকসকলৰ এনে বিপুল কৰ্মোদ্যম, এনে অপূৰ্ব শক্তি, সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি! আচলতে তথাকথিত সভ্য সমাজৰ পৰা দূৰৈত, এই [তথাকথিত] বৰ্বৰসকলৰ মাজতেই অনাগত মানব মুক্তিৰ ঐতিহাসিক সোপান লুকাই আছে" (Collected Works, Vol. iii, পৃষ্ঠা ৩৫৫)।

শ্ৰমিকৰ ঐতিহাসিক ভূমিকা সম্পৰ্কীয় মাৰ্ক্সৰ এই নতুন দৃষ্টিভংগীৰ প্ৰমাণ পোৱা যায় Deutsch-Französische Jahrbücher কাকতখনৰ ১৮৪৪ৰ মাৰ্চ মাহত প্ৰকাশিত একমাত্ৰ সংখ্যাটোৰ দুটা লেখনীৰ মাজত। (এফালে প্ৰুচিয়ান চৰকাৰৰ নিষেধাজ্ঞা, আনফালে ফৰাচী জনগণৰ কুহুমীয়া সঁহাৰি; তাৰ লগতে ভূতৰ লগত দানহ পৰাদি প্ৰকাশকে ধনৰ যোগান বন্ধ কৰি দিয়াৰ ফলত নিজৰ মাজতে কাজিয়াত মছগুল সম্পাদকদ্বয়ৰ বাবে কাকতখন বন্ধ কৰি দিয়াৰ বাহিৰে আন একো উপায় নাথাকিল! )। ‘On the Jewish Question’ শীৰ্ষক প্ৰথম লেখনীটোত ব্ৰুন’ বয়াৰৰ সমালোচনা কৰি মাৰ্ক্সে লিখিলে: ‘১৭৮৯ৰ ফৰাচী বিপ্লৱ সদৃশ ৰাজনৈতিক বিপ্লৱে মানুহক কেৱল এটাই স্বাধীনতা দিব পাৰে - সেয়া হৈছে বৃহত্তৰ সম্প্ৰদায়ৰ পৰা আঁতৰি আহি নিজকে আত্মবিস্মৃত কৰি পেলোৱাৰ স্বাধীনতা, নিজৰে ব্যক্তিগত স্বাৰ্থ তথা ফুৰ্তিত মছগুল হৈ পৰাৰ স্বাধীনতা। তাৰ বিপৰীতে, কেৱল এক সামাজিক বিপ্লৱেহে ব্যক্তিগত মালিকানা তথা ব্যক্তিবাদৰ অৱসান ঘটুৱাই প্ৰকৃত মানৱ মুক্তি মাতি আনিব পাৰিব’ (Collected Works, Vol. iii, পৃষ্ঠা ১৬৪)।

দ্বিতীয়টো লেখনীটোত মাৰ্ক্সে লিখিলেঃ "কেৱল এনে এক সামাজিক বিপ্লৱহে জাৰ্মান সমাজখনত সম্ভৱপৰ হ’ব। কিয়নো বিপ্লৱকালীন ফ্ৰাঞ্চৰ তুলনাত সমকালীন জাৰ্মান বুৰ্জোৱা বা মধ্যবিত্ত শ্ৰেণীটো অতিশয় দুৰ্বল; ই ৰাজতন্ত্ৰৰ বিৰুদ্ধে জনগণক বিপ্লৱী নেতৃত্ব প্ৰদান কৰিবলৈ একেবাৰেই অক্ষম। সেয়েহে ঔদ্যোগিক শ্ৰমিক শ্ৰেণী বা প্ৰলেটাৰিয়েটেই এই ভূমিকা পালন কৰিব লাগিব। শৃংখলত আৱদ্ধ এই [সৰ্বহাৰা] শ্ৰেণীটোৱে নিজকে মুক্ত কৰিবলৈ হ’লে সমাজৰ সকলো পৰ্যায়ৰ, সকলো বন্দীত্বৰ পৰা নিজকে মুকলি কৰিব লাগিব; অৰ্থাৎ ই নিজৰ মুক্তিৰ লগতে সমাজৰ আন আন সকলো অংশৰ মুক্তিৰ বতৰা আনিব লাগিব; আন কথাত ক’বলৈ গ’লে – সম্পূৰ্ণ আত্মবিস্মৃত হৈ পৰা মানৱ জাতিৰ মুক্তি সামগ্ৰিকভাৱে সকলোৰে মানৱীয়তা ঘূৰাই অনাৰ পথেৰেহে সম্ভৱপৰ হব। " (Collected Works, Vol. iii, পৃষ্ঠা ১৮৬)।

এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে এজন বিশুদ্ধ দাৰ্শনিকৰ দৃষ্টিৰেই মাৰ্ক্সে ৰাজনৈতিক প্ৰশ্নসমূহৰ পৰ্যালোচনা কৰিছিল। তেওঁ দৰ্শনবিদ তথা শ্ৰমিকসকলৰ এক মিত্ৰতাৰ কথা কল্পনা কৰিছিল য’ত দাৰ্শনিকসকলে নেতৃত্বকাৰী ভূমিকা পালন কৰিব। অৰ্থাৎ বিপ্লৱী প্ৰক্ৰিয়াত শ্ৰমিকসকলৰ ভূমিকা হব দ্বিতীয় পৰ্যায়ৰ, এইক্ষেত্ৰত দাৰ্শনিকসকলহে আগৰণুৱা হ’ব। মাৰ্ক্সৰ ভাষাত ‘এই মুক্তি [সংগ্ৰাম]ৰ হৃদয় হ’ব শ্ৰমিকসকল আৰু মগজু হ’ব দাৰ্শনিকসকল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮৩, ১৮৭)। শ্ৰমিক শ্ৰেণীৰ বিপুল শক্তিৰ মাজতেই বিপ্লৱৰ সোপান সন্ধান কৰাৰ পৰিবৰ্তে ‘শ্ৰমিকৰ দৰিদ্ৰতাই তেওঁলোকক বিপ্লৱী পথেৰে লৈ যাব’ – মাৰ্ক্সৰ এই জাতীয় বাক্যাংশসমূহৰ মাজত মাজে সময়ে এলিট(elite)আৰু প্ৰশ্ৰয়মূলক (patronizing) দৃষ্টিভংগীৰ গোন্ধ পোৱা যায়।

অৱশ্যে অতি সোনকালেই মাৰ্ক্সে এই দুৰ্বলতা শুদ্ধ কৰি ললে। এই ক্ষেত্ৰত দুটা কাৰকে ক্ৰিয়া কৰা দেখা যায়। প্ৰথমতে, পেৰিছতেই মাৰ্ক্সে পোন প্ৰথমবাৰৰ বাবে এডাম স্মিথ, ডেভিদ ৰিকাৰ্ডো আদি ধ্ৰুপদী ৰাজনৈতিক-অৰ্থনীতিবিদসকলৰ লেখনীবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এই অধ্যয়নসমূহৰ ফচল আছিল আন এখনি পাণ্ডুলিপিঃ The Economic and Philosophic Manuscripts, 1844। মাৰ্ক্সৰ আন আন লেখনীৰ দৰেই এই পাণ্ডুলিপিখনৰো প্ৰথম প্ৰকাশন ১৯৩২ চনতহে সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনতেই ‘ইতিহাসৰ বস্তুবাদী তত্ত্ব’ (materialist conception of history) সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তাধাৰাৰ পৰিচয় পোৱা যায়। কিন্তু অধিক গুৰুত্বপূৰ্ণভাৱে, এইখনি ৰচনাতেই মাৰ্ক্সে শ্ৰমিকৰ বৈপ্লৱিক ভূমিকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে। মাৰ্ক্সে লিখিলে যে পুঁজিবাদী উৎপাদন প্ৰক্ৰিয়াটোত শ্ৰমিকসকলৰেই আটাইতকৈ কেন্দ্ৰীয় ভূমিকা থাকে। সেয়েহে এই ব্যৱস্থাটো ধ্বংস কৰাৰ ক্ষেত্ৰত শ্ৰমিকসকলৰেই আটাইতকৈ বেছি ভূমিকা থাকিব। মাৰ্ক্সৰ ভাষাত "ব্যক্তিগত মালিকানা আৰু শ্ৰমৰ অহি-নকুল সম্পৰ্কৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে ব্যক্তিগত মালিকানা তথা দাসত্ত্বৰ পৰা সামাজিক মুক্তি শ্ৰমিকসকলৰ ৰাজনৈতিক মুক্তিৰ ৰূপতেই সম্ভৱপৰ হ’ব। " (Collected Works, Vol. iii, পৃষ্ঠা ২৮০)।

শ্ৰমিক সম্পৰ্কে মাৰ্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ আনটো কাৰণ হৈছে- সেই সময়ৰ জাৰ্মান শ্ৰমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্ৰদৰ্শন। ইয়েই শ্ৰমিকসকল যে কোনো নিষ্ক্ৰিয় সত্তা (passive element )নহয়, সেই কথা মাৰ্ক্সক বুজাই দিলে। ১৮৪৪ চনৰ জুন মাহত চিলেচিয়াৰ বস্ত্ৰ শ্ৰমিকসকলে মালিকৰ শোষণৰ বিৰুদ্ধে এক তুমুল প্ৰতিবাদী কাৰ্যসূচী হাতত ললে। বিদ্ৰোহী শ্ৰমিকসকলক নিয়ন্ত্ৰিত কৰিবলৈ আনকি সেনা বাহিনীও মোতায়েন কৰিব লগা হল। আৰ্নল্ড ৰুজে ছদ্মনামত পেৰিছৰ জাৰ্মান কাকত এখনত বিদ্ৰোহটো নস্যাৎ কৰি শ্ৰমিকসকলৰ প্ৰতি ইতিকিংসূচক এটা প্ৰবন্ধ লিখিলে। বহুতে প্ৰবন্ধটো মাৰ্ক্সেই লিখা বুলি ধৰি ললে। এই বিষয়ে গম পাই মাৰ্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্ৰবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি মাৰ্ক্সে বিদ্ৰোহী শ্ৰমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্ৰশংসা কৰিলে। মাৰ্ক্সে ঘোষণা কৰিলে – শ্ৰমিকসকল ভাবী জাৰ্মান বিপ্লৱৰ নিষ্ক্ৰিয় অংশ হোৱাৰ পৰিবৰ্তে, তেওঁলোকেই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ৰ ভূমিকা পালন কৰিব (Collected Works, Vol.iii, পৃষ্ঠা ২০২)। ইয়াৰ লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত মাৰ্ক্সৰ উদয় হ’ল।

বন্ধুত্ব আৰু বিপ্লৱ[সম্পাদনা কৰক]

১৮৪৪ চনৰ আগষ্ট মানত কিছু কাম সংক্ৰান্তত এংগেলছ পেৰিছ চহৰলৈ আহিছিল। এই সময়ছোৱাতে তেওঁ মাৰ্ক্সৰ সৈতে দীঘলীয়াকৈ কথা পতাৰ সুযোগ পালে। মাৰ্ক্স-এংগেলছৰ এই সাক্ষাতেই জীৱন যোৰা বন্ধুত্বৰ ৰূপ ললে। .এংগেলছৰ পৰিয়ালটোৰ পেছা আছিল ব্যৱসায়; ১৮৪২ চনৰ নৱেম্বৰ মাহত পৰিয়ালৰ বিজনেছ ফাৰ্ম ‘আৰ্মেন এণ্ড এংগেলছ’ৰ কামত মানচেষ্টাৰ চহৰলৈ আহোঁতে এংগেলছে চহৰৰ ঔদ্যোগিক বিপ্লৱৰ আৱহাৱা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল। এংগেলছ মানচেষ্টাৰলৈ অহাৰ মাত্ৰ কিছুদিনৰ আগতে ঐতিহাসিক চাৰ্টিষ্ট আন্দোলনে সমগ্ৰ অঞ্চলটো চুই গৈছিল। এই সমস্ত অভিজ্ঞতাৰ ভিত্তিত এংগেলছে ৰচনা কৰিছিল ‘The Condition of the Working Class in England’ গ্ৰন্থখনি। মাৰ্ক্সৰ দৰেই এংগেলছেও শ্ৰমিক শ্ৰেণীৰ বিপুল বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ সঠিককৈ চিহ্নিত কৰিছিল। দুয়োজনৰে চিন্তাৰ সাদৃশ্য আছিল অভূতপূৰ্ব।

অৱধাৰিভাৱেই দুয়ো বন্ধুৱে একেলগে মিলি কাম কৰাৰ সিদ্ধান্ত ললে। মাৰ্ক্স-এংগেলছে যুতীয়াকৈ লিখা প্ৰথম ৰচনাখনি আছিল ‘The Holy Family’ শীৰ্ষক গ্ৰন্থখন। এই সময়ছোৱালৈকে মাৰ্ক্স-এংগেলছৰ পুৰণি তৰুণ-হেগেলবাদী বন্ধুসকল ভীষণভাৱে এলিটবাদী তথা গণতন্ত্ৰবিৰোধী হৈ পৰিছিল। ব্ৰুণ’ বয়াৰে ৰাছিয়াৰ জাৰতন্ত্ৰকে সমৰ্থন কৰি পেলাইছিল আৰু এইবুলি ঘোষণা কৰিছিল ‘জনগণ, কেৱল মাথোঁ জনগণৰ মাজতেই মানৱ-মননৰ প্ৰকৃত শত্ৰুবোৰ লুকাই আছে! ’ প্ৰাক্তন বন্ধুসকলৰ এইজাতীয় উৎকট তথা অদ্ভুত যুক্তিসমূহৰ প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজনীয় বুলি দুয়োজনেই অনুভৱ কৰিলে। এংগেলছৰ অভিমত আছিল – এই বিষয়ে পুস্তিকাৰ আকাৰত এখনি সৰু গ্ৰন্থ লিখা যাওক। পিছে মাৰ্ক্সৰ অত্যুৎসাহৰ ফলত পুস্তিকাখনৰ কলেৱৰ ক্ৰমান্বয়ে বাঢ়ি গৈ অবশেষত ২০০ পৃষ্ঠাৰ এখনি পূৰ্ণাংগ গ্ৰন্থৰ ৰূপ ললে! ‘The Holy Family’ শীৰ্ষক এই গ্ৰন্থখনিত মাৰ্ক্সে দৰ্শন তথা সাহিত্য-সমালোচনাৰ পৰা আৰম্ভ কৰি শ্ৰমিক মুক্তিৰ তত্ত্বলৈকে অজস্ৰ বিষয় সম্পৰ্কে বিতংকৈ আলোচনা কৰিলে।

চল্লিছৰ দশকটোৰ মাজভাগলৈ পেৰিছৰ দেশান্তৰিত বিপ্লৱীসকলৰ মাজত মাৰ্ক্স এজন চৰ্চিত তথা উল্লেখযোগ্য ব্যক্তি হৈ পৰিল। অৰাজকতাবাদ(Anarchism)ৰ দুয়োগৰাকী পুৰোধা ব্যক্তি –পীয়েৰ জোচেফ প্ৰুধ’ তথা মিখাইল বাকুনিনৰ সৈতে মাৰ্ক্সৰ বন্ধুসুলভ সম্পৰ্ক আছিল; দুয়োজনৰে সৈতে তেওঁ মাজে-সময়ে হেগেলৰ দৰ্শন সম্পৰ্কে আলোচনা কৰিছিল। কবি হেইনৰিখ হেইনী (Heinrich Heine)ৰ সৈতেও মাৰ্ক্স—এংগেলছৰ ভাল সম্পৰ্ক আছিল। মাৰ্ক্স-এংগেলছৰ প্ৰভাৱত পৰিয়েই হেইনীয়ে সমাজবাদী কবিতা লিখিবলৈ চেষ্টা কৰিছিল। পাছলৈ মাৰ্ক্স–এংগেলছৰ কথা সুঁৱৰি হেইনীয়ে এনেদৰে লিখিছে, ‘জাৰ্মান কমিউনিষ্টসকলৰ দুয়োজনা গুপ্তনেতাই হৈছে তৰ্কবাগীশ; দুয়ো হেগেলবাদী পৰম্পৰাৰ শিষ্য। তেওঁলোকক বিনাদ্বিধাই জাৰ্মানীৰ সবাতোকৈ সক্ষম তথা বলিষ্ঠ চিন্তাবিদ বুলি কব পৰা যায়। ’

মাৰ্ক্সৰ এই খ্যাতিৰ বাবেই তেওঁ পুনৰ চৰকাৰৰ ৰোষত পৰিল। এফালে প্ৰুচিয়ান ৰাষ্ট্ৰৰ অহৰহ হেঁচা, আনফালে পেৰিছস্থিত বিপ্লৱীসকলৰ মাজত মাৰ্ক্সৰ বাঢ়ি অহা সুনাম, এই দুয়োটা দিশৰ প্ৰতি লক্ষ্য কৰি ফৰাচী চৰকাৰে তেওঁক দেশান্তৰিত কৰাৰ সিদ্ধান্ত ললে। উপায়ান্তৰ হৈ ১৮৪৫ চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্ক্সে পেৰিছৰ পৰা ব্ৰুছেলছলৈ গমন কৰিলে। ইতিমধ্যে এংগেলছেও ঘৰুৱা ব্যৱসায়ৰ কাম পৰিত্যাগ কৰি সম্পূৰ্ণভাৱে বৈপ্লৱিক কাৰ্যতে সময় নিয়োগ কৰিবলৈ ঠিক কৰিছিল। এংগেলছো ব্ৰুছেলছলৈ আহিল আৰু ১৮৪৫ চনৰ জহকালত দুয়ো বন্ধুৱে মিলি ইংলেণ্ড পৰিভ্ৰমণ কৰিলে। এইখিনি সময়ৰ পৰা দুয়োৰে বন্ধুত্ব আৰু প্ৰগাঢ় হৈ পৰিল।

ইংলেণ্ডত থকা সময়ছোৱাতে মাৰ্ক্স–এংগেলছে আন এখন গ্ৰন্থৰ পৰিকল্পনা কৰিলে। দুয়ো অনুভৱ কৰিলে যে ‘The Holy Family’ গ্ৰন্থখনিত বহুতো বহুতো বিষয় বাকী ৰৈ গল। তৰুণ হেগেলবাদীসকলৰ সম্পূৰ্ণ সমালোচনা যেন এতিয়াও অসম্পূৰ্ণ হৈয়েই ৰল। সেয়েহে অন্তিম বাৰৰ বাবে বয়াৰ আৰু তেওঁৰ সাংগো-পাংগো ‘ফ্ৰী’সকলৰ এক নিৰ্ণায়ক সমালোচনা আগবঢ়াবলৈ দুয়োজনে ঠিক কৰিলে।

বাৰ্লিনৰ ‘ফ্ৰী’ মহাশয়সকল ইতিমধ্যেই চৰম ব্যক্তিবাদীলৈ পৰিণত হৈছিল; তেওঁলোকৰ প্ৰতিনিধি স্বৰূপ মেক্স স্তাৰ্নাৰে যুক্তি দৰ্শাইছিল: ‘ব্যক্তিসত্তাই হৈছে জগতৰ একমাত্ৰ সত্তা! ’ ( দ্ৰষ্টব্য: স্তাৰ্নাৰৰ গ্ৰন্থ: The Ego and His Own)। এই মেক্স স্তাৰ্নাৰকে মাৰ্ক্স-এংগেলছে এইবাৰ আক্ৰমণৰ মূল লক্ষ্য হিচাপে বাছি ললে। ১৮৪৫ চনৰ চেপ্তেম্বৰৰ পৰা ১৮৪৬ চনৰ আগষ্টলৈকে এই সুদীৰ্ঘ সময়ছোৱা কঠোৰ পৰিশ্ৰম কৰি দুয়ো বন্ধুৱে লিখি উলিয়ালে ৬০০ পৃষ্ঠাৰ এখন শকত পাণ্ডুলিপি। পাণ্ডুলিপিখনৰ নাম দিয়া হ’ল: ‘The German Ideology’। এই পাণ্ডুলিপিখনতেই ঐতিহাসিক বস্তুবাদ(historical materialism)ৰ ধাৰণাসমূহক প্ৰথমবাৰৰ বাবে এক সুব্যৱস্থিত ৰূপ দিয়া হল। পিছলৈ এখন ক্লাছিক ৰূপে গণ্য হোৱা এইপাণ্ডুলিপিখনি ছপা কৰিবলৈ অৱশ্যে সেইসময়ত কোনো আগ্ৰহী প্ৰকাশক বিচাৰি পোৱা নগল। অৱশ্যে মাৰ্ক্স-এংগেলছৰ এই ক্ষেত্ৰত কোনো আক্ষেপো নাথাকিল। মাৰ্ক্সৰ ভাষাত, ‘পাণ্ডুলিপিখনআমি স্ব-ইচ্ছাই নিগনি এন্দুৰৰ খাদ্য হবলৈ এৰি দিলো, কিয়নো ইতিমধ্যেই আমি গ্ৰন্থখনি লিখাৰ[প্ৰক্ৰিয়াটোৰ মাজেৰে আমাৰ] মূল উদ্দেশ্য অৰ্থাৎ -স্ব-স্পষ্টীকৰণ (self-clarification) লাভ কৰাত সফল হলোঁ। ’

‘The German Ideology’ গ্ৰন্থখনিয়ে মাৰ্ক্স-এংগেলছৰ ৰাজনীতিৰ তাত্ত্বিক ভেটিটো নিৰ্মাণ কৰিলে। ইয়াতেই তেওঁলোকে যুক্তি দৰ্শালে যে পুঁজিবাদে নিজে সৃষ্টি কৰা বস্তুনিষ্ঠ পৰিস্থিতিৰ মাজতেই সামাজিক বিপ্লৱৰ সম্ভাৱনীয়তাৰ বীজো সৃষ্টি হয়। সিবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে শ্ৰমিক শ্ৰেণীৰ সৃষ্টি। এংগেলছৰ ভাষাত ‘এই শ্ৰমিক শ্ৰেণীৰ মুক্তি লাভৰ তত্ত্বই হৈছে কমিউনিজিম’ (Collected Works, Vol. vi, পৃষ্ঠা ৩৪১)।

বিপ্লৱ সম্পৰ্কীয় ধাৰণাসমূহ এইদৰে বিকশিত কৰাৰ পাছত মাৰ্ক্স-এংগেলছে এইবাৰ বাওঁ ৰাজনীতিৰ প্ৰত্যক্ষ ক্ষেত্ৰখনলৈ চকু দিলে। ‘লীগ অৱ জাষ্ট’ নামৰ মূলতঃ জাৰ্মান কাৰিকৰসকলৰ আন্তৰ্জাতিক গুপ্ত সংগঠনটো ইতিমধ্যেই ইউৰোপৰ চুকে কোণে বিকশিত হৈ উঠিছিল। সংগঠনটো ৱিলহেম ৱেটলিং (Wilhelm Weitling) নামৰ এজন প্ৰাক্তন দৰ্জীৰ প্ৰভাৱত আছিল, যাৰ সমাজবাদ সম্পৰ্কীয় ধাৰণাসমূহ আছিল অতিশয় অস্পষ্ট। ৱেটলিঙে বিশ্বাস কৰিছিল যে শ্ৰমিকসকলৰ গৰিষ্ঠ সংখ্যক অংশটোক সমাজবাদৰ পক্ষলৈ আনিব পৰা নাযাব; সেয়েহে বিপ্লৱী চেতনশীল এটি সৰু অংশই তেওঁলোকৰ হৈ ৰাষ্ট্ৰ-ক্ষমতা দখল কৰিব লাগিব। লীগৰ আন এজন নেতা, কিংবদন্তি-স্বৰূপ বিপ্লৱী আগষ্ট ব্লাংক(Auguste Blanqui)ৰো ধাৰণা আছিল অনুৰূপ। ব্লাংকৰ নেতৃত্বত লীগে ফ্ৰাঞ্চৰ [আধাকেছেলুৱা] ১৮৩৯ৰ বিদ্ৰোহত অংশ লোৱাৰ ফলত ফ্ৰাঞ্চত সংগঠনটো নিষিদ্ধ ঘোষিত কৰা হৈছিল আৰু সেইবাবে পেৰিছৰ পৰা লণ্ডনলৈ সংগঠনৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰি পেলোৱা হৈছিল। লণ্ডনত এফালে ৱেটলিঙৰ অনুগামী আৰু আনফালে অহিংস পদ্ধতিৰ সমৰ্থক এচাম সংস্কাৰকামী সদস্যৰ মাজত সংগঠনটো প্ৰায় বিভক্ত হৈ পৰিছিল।

১৮৪৬ চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্ক্স-এংগেলছে ‘লীগ অৱ জাষ্ট’ৰ সদস্যসকলক নিজৰ প্ৰভাৱলৈ আনিবলৈ ‘কমিউনিষ্ট বাৰ্তা কমিটি’ এখন স্থাপন কৰিলে। ৱেটলিং আদিকো কমিটিৰ অন্তৰ্ভুক্ত কৰা হল। পিছে কিছু সময়ৰ ভিতৰতে মাৰ্ক্স আৰু ৱেটলিঙৰ মাজত মতানৈক্যই দেখা দিলে। লীগৰ মেল-মিটিংসমূহ এই মতানৈক্যৰ ফলত উষ্ম হৈ পৰিল। মাৰ্ক্সৰ মতে, ‘কোনো বিজ্ঞানসন্মত তথা গঠনমূলক ধাৰণা নোহোৱাকৈ কেৱল শ্ৰমিকসকলক আহ্বান জনাই থকা কথাটো অসাধু কাম হব। নিজকে স্বয়ং মুক্তিদাতা বুলি ভাবি লৈ শ্ৰমিকসকলক অজ্ঞানী-মুৰ্খ বুলি গণ্য কৰা লোকসকলেহে এনে কাম কৰে’। আনফালে ৱেটলিঙে অভিযোগ আনিলে যে মাৰ্ক্সৰ ধাৰণাসমূহ হৈছে পুথিগত জ্ঞান তথা তত্ত্ব প্ৰসূত; বাস্তৱ-ৰাজনীতিৰ বাবে সিবিলাক বিশেষকৈ সহায়ক নহয়। মাৰ্ক্সে প্ৰত্যুত্তৰত কলে, ‘অজ্ঞানতাই আজিলৈকে কাকোৱেই সহায় কৰা নাই! ’

মাৰ্ক্সৰ বন্ধু প’ল এনেনকভে এই মিটিংসমূহত মাৰ্ক্সৰ ব্যক্তিত্ব সম্পৰ্কীয় কেতবোৰ জীৱন্ত চিত্ৰ অংকন কৰি গৈছেঃ

মাৰ্ক্স হৈছে অফুৰন্ত শক্তিৰ অধিকাৰী; তেওঁৰ ইচ্ছা শক্তি অতিশয় দৃঢ় তথা আত্মবিশ্বাস লৰাব নোৱাৰা বিধৰ। তেওঁৰ পোছাক অদ্ভুত। মূৰত এসোপা দীঘল কলা চুলি, নোমেৰে ভৰা হাত ভৰি, ভুলকৈ বুটাম লগোৱা কোটচোলা...পিছে তেওঁক দেখিয়েই অনুভৱ হয় - তেওঁ যিমানেই অপৰিপাটি নহওক কিয়, সকলোৰে সন্মান আদায় কৰিব পৰাকৈ অপাৰ ক্ষমতা আৰু যোগ্যতা তেওঁৰ আছে। ...তেওঁ খপজপকৈ খোজ কাঢ়ে, কিন্তু তাত আত্মবিশ্বাস আৰু প্ৰত্যয়ৰ চাপ সুস্পষ্ট। তেওঁৰ চাল চলনবোৰ সাধাৰণ মানুহতকৈ যেন অলপ বেলেগ আৰু কিছুদূৰৈলৈ হয়তো অৱজ্ঞাসূচক। তেওঁৰএটাৰ পাছত সিটোকৈ বিভিন্ন বিষয় তথা ব্যক্তি সম্পৰ্কে তীক্ষ্ণ মন্তব্য কৰে আৰু সিবিলাকৰ সৈতে তেওঁৰ ধাতৱ কণ্ঠস্বৰ যেন সুন্দৰকৈ খাপ খাই পৰে।

আন এজন সমসাময়িক লেখকৰ মতে:

মাৰ্ক্সক দেখিলে এনে লাগে যেন জন্মগতভাবেই তেওঁ নেতৃত্বকাৰী গুণ লাভ কৰিছে। তেওঁৰ বক্তৃতাসমূহ চুটি চুটি, বিশ্বাসযোগ্য আৰু যুক্তিৰে পৰিপূৰ্ণ। অপ্ৰয়োজনীয় বাগাড়ম্বৰৰ পৰা সিবিলাক সম্পূৰ্ণভাবে মুক্ত। তেওঁৰ উচ্চাৰিত প্ৰত্যেকটো বাক্যতেই একোটাহঁত ধাৰণা লুকাই থাকে আৰু প্ৰত্যেকটো ধাৰণাই তেওঁৰ মূল পাঠ্যৰ সৈতে সুন্দৰকৈ যুক্ত। তেওঁক স্বপ্নবিলাসী বোলা কথাষাৰ একেবাৰেই ভুল।

‘কমিউনিষ্ট বাৰ্তা কমিটি’ৰ কাম-কাজসমূহৰ মাজেৰে মাৰ্ক্স-এংগেলছে অনুভৱ কৰিলে-জাৰ্মান শ্ৰমিক আন্দোলনত বিয়পি থকা সমাজবাদ সম্পৰ্কীয় বেছিভাগ ধাৰণাই ভ্ৰান্তিমূলক। সিবিলাকৰ উচিত সমালোচনা আগবঢ়োৱাটো অতিশয় প্ৰয়োজনীয় বুলি দুয়োজনেই গণ্য কৰিলে।

এইবাৰ তেওঁলোকৰ আক্ৰমণৰ অন্যতম লক্ষ্য হৈ পৰিল ‘প্ৰকৃত সমাজবাদী’ (true socialists)সকল। এই ‘প্ৰকৃত সমাজবাদী’সকল আছিল মূলতঃ বুদ্ধিজীৱী। বস্ত্ৰ শ্ৰমিকসকলৰ বিদ্ৰোহৰ পাছতে তেওঁলোকে ‘সামাজিক প্ৰশ্ন’সমূহ ‘আৱিষ্কাৰ’ কৰিছিল! তেওঁলোকে বিশ্বাস কৰিছিল যে মানুহক নীতিগত শিক্ষা দিয়েই সমাজ পৰিবৰ্তন কৰিব পৰা যাব। মাৰ্ক্সৰ আক্ৰমণৰ আন এক লক্ষ্য আছিল প্ৰুধ’ আৰু তেওঁৰ অনুগামীসকল। ১৮৪৬ চনৰ মে মাহত মাৰ্ক্সে প্ৰুধ’ক ‘কমিউনিষ্ট বাৰ্তা কমিটি’ৰ পেৰিছৰ সংবাদদাতা হবলৈ আহ্বান কৰি চিঠি এখন লিখিছিল। পিছে উত্তৰত প্ৰুধ’এ তোষামোদী সুৰেৰে ‘দাৰ্শনিক চাহাব’ক কলে যে তেওঁ বিপ্লৱত বিশ্বাস নকৰে আৰু‘লাহে লাহে ব্যক্তিগত মালিকানা ধ্বংস কৰাতহে তেওঁ আগ্ৰহী’। ১৮৪৭ চনত প্ৰুধ’ৰ ‘The System of Economic Contradictions’ শীৰ্ষক গ্ৰন্থ এখনি প্ৰকাশিত হ’ল, যাৰ উপ-শীৰ্ষক আছিল ‘দৰিদ্ৰতাৰ দৰ্শন’ (Philosophy of Poverty)! সেইখনৰ তীব্ৰ সমালোচনা কৰি মাৰ্ক্সে একে বছৰতে নিজৰ এখনি গ্ৰন্থ প্ৰকাশ কৰিলে যাৰ নাম থোৱা হল ‘দৰ্শনৰ দৰিদ্ৰতা’ (The Poverty of Philosophy)!

মাৰ্ক্স-এংগেলছৰ অশেষ চেষ্টাৰ মূৰত অৱশেষত ‘লীগ অৱ জাষ্ট’ সংগঠনটো তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আহিল। ১৮৪৭ চনৰ জুন মাহত সংগঠনটোৰ এখনি কংগ্ৰেছ বা অধিবেশন অনুষ্ঠিত কৰা হল যত সংগঠনৰ গুপ্ত ষড়যন্ত্ৰকাৰী চৰিত্ৰ সলনি কৰি তাক এক মুকলি তথা বিপ্লৱী সংগঠনৰ ৰূপ দিয়া হল। পুৰণি নাম সলনি কৰি সংগঠনৰ এটা নতুন নাম দিয়া হল - ‘কমিউনিষ্ট লীগ’। তদুনুৰূপভাৱে, সংগঠনৰ পুৰণি শ্লগান ‘সকলো মানুহেই ভ্ৰাতৃ’ সলনি কৰি এটা নতুন শ্লগান নিৰ্মাণ কৰা হল ‘বিশ্বৰ সকলো শ্ৰমিক, এক হওক! ’ একে বছৰৰে ডিচেম্বৰ মাহলৈ সংগঠনৰ দ্বিতীয় অধিবেশন অনুষ্ঠিত কৰা হল। এইখন অধিবেশনতে সংগঠনৰ নীতি সম্পৰ্কীয় এখন ঘোষণা পত্ৰৰ খচৰা প্ৰস্তুত কৰিবলৈ মাৰ্ক্স-এংগেলছক দায়িত্ব দিয়া হল। তিনি মাহ কষ্ট কৰি মাৰ্ক্স-এংগেলছে এখনি নাতিদীৰ্ঘ পাণ্ডুলিপি তৈয়াৰ কৰি উলিয়ালে। এইখনেই পাছলৈ সাম্যবাদী ইস্তাহাৰ বা কমিউনিষ্ট মেনিফেষ্টো নামেৰে জনাজাত হল। লণ্ডনৰ পৰা ১৮৪৮ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত এই মেনিফেষ্টোখনৰ প্ৰথম শাৰীটোৱেই আজি এক কিংবদন্তীলৈ পৰিণত হৈছে: ‘A spectre is haunting over Europe; the spectre of communism! ’ (Collected Works, Vol. vi, পৃষ্ঠা ৪৮১)। আজি পৰ্যন্ত সমস্ত মাৰ্ক্সবাদী সাহিত্যৰ ভিতৰত কমিউনিষ্ট মেনিফেষ্টোখনেই হৈছে সৰ্বাধিক জনপ্ৰিয় তথা বহুল পঠিত কিতাপ।

লক্ষণীয়ভাৱে, মেনিফেষ্টোখন প্ৰেছত ছপা হৈ ওলোৱালৈকে সমগ্ৰ ইউৰোপতে বিপ্লৱৰ লক্ষণে দেখা দিলে। ১৮৪৮ চনৰ ফেব্ৰুৱাৰী মাহলৈ ফ্ৰাঞ্চৰ ৰাজসিংহাসনৰ পৰা লুই ফিলিপক ক্ষমতাচ্যুত কৰা হ’ল আৰু দ্বিতীয়বাৰৰ বাবে ফ্ৰাঞ্চক এখন গণৰাজ্যৰূপে ঘোষণা কৰা হল। মাৰ্চ মাহলৈ ভিয়েনা আৰু বাৰ্লিনতো বিদ্ৰোহ আৰম্ভ হল। ভয়ত বিতত হৈ বেলজিয়ামৰ চৰকাৰে ততালিকে মাৰ্ক্সক দেশৰ পৰা বহিষ্কাৰ কৰিলে। মাৰ্ক্স পুনৰ জাৰ্মানীলৈ ঘূৰি আহিল। এইবাৰ মাৰ্ক্স নয় ৰাইনিচে চাইতুং (Neue Rheinische Zeitung) নামেৰে নতুন বাতৰি কাকত এখনৰ মুখ্য সম্পাদক নিযুক্ত হল। পূৰ্বৰ ৰাইনিচে চাইতুং খনৰ দৰেই এই নতুন কাকতখনৰো মুখ্য কাৰ্যালয় কলন চহৰতে ৰখা হল। এইবাৰ মাৰ্ক্সে তেওঁৰ নিজ ইচ্ছাৰে সাংবাদিক তথা সম্পাদনা মণ্ডলী গঠন কৰিবলৈ সুযোগ পালে। এংগেলছৰ ভাষাত ‘কাকতখনৰ সম্পাদনা মণ্ডলী সম্পূৰ্ণভাৱে মাৰ্ক্সৰ স্বৈৰতন্ত্ৰৰ অধীন আছিল’। ৱাৰ্ণাৰ ব্লোমেনবাৰ্গে নয় ৰাইনিচে চাইতুঙৰ বিষয়ে এনেদৰে লিখিছেঃ ‘এই কাকতখন বিপ্লৱৰ সময়ছোৱাৰ শ্ৰেষ্ঠ কাকত হোৱাৰ লগতে জাৰ্মান ভাষাত প্ৰকাশিত সকলো সমাজবাদী কাকতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কব পৰা যায়। ’

১৮৪৮ৰ বিপ্লৱে পুঁজি আৰু শ্ৰমিকৰ সংগ্ৰামখনিৰ কেন্দ্ৰীয় গুৰুত্ব সম্পৰ্কে সকলোকে সঁকীয়াই দিলে। ইয়াৰ আগলৈকে সামন্তীয় শক্তিসমূহৰ বিৰূদ্ধে পুঁজিৰ সংগ্ৰামখনিকেই মূল সংগ্ৰাম বুলি ভবা হৈছিল। বুৰ্জোৱাৰ নেতৃত্বত সামন্তীয় ভূ-স্বামীসকলৰ বিৰুদ্ধে শ্ৰমিক-কৃষককে আদি কৰি সমস্ত জনগণক একগোট কৰাটোৱেই বিপ্লৱৰ মূল লক্ষ্য বুলি সকলোৱে মানি লৈছিল। পিছে ১৮৪৮ বিপ্লৱে দৰ্শালে যে দৰাচলতে বৰ্তমানৰ সময়ত পুঁজি আৰু শ্ৰমৰ দ্বন্দ্বই সবাটোকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু শ্ৰমিক জনগনৰ বিৰূদ্ধে ন পুৰণি সকলো শাসক গোট ক্ৰমান্বয়ে একগোট হৈ পৰিছে। ১৮৪৮ৰ জুন মাহত ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ পোৱা গল যেতিয়া গণতান্ত্ৰিক ফৰাচী চৰকাৰে পেৰিছৰ শ্ৰমিকসকলৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিলে। শ্ৰমিকৰ তেজেৰে পেৰিছৰ বাট পথ ৰাঙলী হৈ পৰিল। মাৰ্ক্সে লিখিলে, ‘ভাতৃত্ব! শোষক আৰু শোষিতৰ এই তথাকথিত ভাতৃত্ব, যাক ফ্ৰেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ গুণ গান সকলোৱেই গাই ফুৰিছিল, যাৰ আগমনৰ বিষয়ে পেৰিছৰ সমস্ত বাট-পথ, বেৰেক, আৰু কাৰাগাৰত ডাঙৰ ডাঙৰ আখৰেৰে তোৰণ অঁকা হৈছিল, সি অৱশেষত তাৰ প্ৰকৃত স্বৰূপ দেখুৱালে। গৃহযুদ্ধৰ ৰূপত, শ্ৰম আৰু পুঁজিৰ ভয়াবহ সংগ্ৰামৰ ৰূপত তাৰ সবাটোকৈ বিশুদ্ধ আৰু কদাকাৰ প্ৰমাণ পোৱা গল’ (Collected Works, Vol. vii, পৃষ্ঠা ১৪৪, ১৪৭)।

এইখিনিতে মন কৰিবলগীয়া যে যদিও ইংলেণ্ড তথা ফ্ৰাঞ্চ প্ৰভৃতি বিকশিত দেশত বুৰ্জোৱাৰ প্ৰকৃত স্থিতি সম্পৰ্কে মাৰ্ক্স–এংগেলছৰ কোনো সন্দেহ বাকী নাথাকিল, তথাপিও তেওঁলোকে এই আশা নেৰিলে যে জাৰ্মানীৰ দৰে অনগ্ৰসৰ দেশসমূহত হয়তো এতিয়াও বুৰ্জোৱা শ্ৰেণীক এক বৈপ্লৱীক ভূমিকা গ্ৰহণ কৰিবলৈ বাধ্য কৰিব পৰা যাব। সেয়েহে ১৮৪৮ চনৰ মাৰ্চত যেতিয়া বিপ্লৱে বাৰ্লিন চহৰত প্ৰবেশ কৰিলে, মাৰ্ক্স এংগেলছে [মাত্ৰ কেইশমান সদস্যৰে গঠিত কমিউনিষ্ট লীগৰ যোগেৰে কোনো সৰু সুৰা ভূমিকা পালন কৰাতকৈ] বুৰ্জোৱা বিপ্লৱীসকলৰ সবাটোকৈ উগ্ৰ বাওঁ অংশটোৰ ভূমিকা লোৱাটোকেই ঠিক কৰিলে। নয় ৰাইনিচে চাইতুঙৰ যোগেৰে মাৰ্ক্স এংগেলছে বুৰ্জোৱা বিপ্লৱৰ অসমাপ্ত কামকাজখিনি সম্পূৰ্ণ কৰিবলৈ জনগণক আহ্বান কৰিলে। এই সময়ত মাৰ্ক্স-এংগেলছৰ ৰাজনৈতিক কাৰ্যসূচীৰ দুটা মূল বিন্দু আছিলঃ এখন একক, অখণ্ড তথা গণতান্ত্ৰিক জাৰ্মানীৰ নিৰ্মাণ আৰু ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।

জাৰ নিকোলাচ প্ৰথম’ৰ অধীন ৰাছিয়া সেই সময়ৰ এখন অতিশয় প্ৰতিক্ৰিয়াশীল দেশ আছিল। ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ সময়ৰে পৰা সমগ্ৰ ইউৰোপতে সকলোধৰণৰ পৰিবৰ্তনকামী শক্তিক পৰাভূত কৰাৰ ক্ষেত্ৰত ৰাছিয়াই বিশেষ ভূমিকা লৈ আহিছিল। ৰাছিয়াৰ প্ৰতি সমস্ত ইউৰোপৰ বিপ্লৱীসকলৰ ঘৃণা ইমানেই প্ৰচণ্ড আছিল যে তেওঁলোকে ৰাছিয়াক ‘ইউৰোপৰ প্ৰতিক্ৰিয়াশীল পুলিছ’ (Gendarme of Europe) নামেৰে সম্বোধন কৰিছিল। পাছলৈ দেখা গল - ১৮৪৮ৰ বিপ্লৱ পৰাভূত কৰি ইউৰোপৰ বিভিন্ন দেশত প্ৰতিক্ৰিয়াশীল শক্তিসমূহক পুনঃসংগঠিত কৰাৰ ক্ষেত্ৰতো ৰাছিয়াই বিশেষ ভূমিকা পালন কৰিলে। মাৰ্ক্সে আশা কৰিছিল – ফ্ৰাঞ্চৰ জেকোবিন বিপ্লৱীসকলে ১৭৮৯ত কৰাৰ দৰে এক গণতান্ত্ৰিক জাৰ্মানীয়েও ৰাছিয়া নেতৃত্বাধীন প্ৰতিক্ৰিয়াশীল শক্তিসমূহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইউৰোপৰ ভূখণ্ডক সিবিলাকৰ হাতোঁৰাৰ পৰা মুক্তি দিয়াব পাৰিব। পিছে মাৰ্ক্সৰ এই সপোন সপোন হৈয়েই ৰ’ল। শ্ৰমিক শক্তিৰ উগ্ৰ আন্দোলনৰ সম্মুখীন হৈ ভয়াৰ্ত জাৰ্মান বুৰ্জোৱাই সকলোধৰণৰ বিপ্লৱী শ্লগান ত্যাগ কৰি প্ৰুচিয়ান ৰাজতন্ত্ৰৰ সৈতে হাত মিলালে। ইখনৰ পাছত সিখনকৈ সমগ্ৰ ইউৰোপৰ দেশসমূহত বিপ্লৱ পৰাজিত হোৱাৰ খবৰেৰে নয় ৰাইনিচে চাইতুঙৰ পৃষ্টাবোৰ ভৰি পৰিল। প্ৰথমতে অষ্ট্ৰিয়া, তাৰ পাছত বহেমিয়া, হাংগেৰী, ফ্ৰাঞ্চ আৰু সৰ্বশেষত জাৰ্মানীতো বিপ্লৱ পৰাভূত হল। এইবাৰ খোদ নয় ৰাইনিচে চাইতুঙৰ ওপৰতো দমন আৰম্ভ হল। অতি সোনকালেই মাৰ্ক্সকে আদি কৰি কাকতখনৰ আটাইকেওজন সম্পাদকৰ ওপৰত উপৰ্যুপৰি দুটাকৈ গোচৰ জাপি দিয়া হল। অৱশ্যে গোচৰৰ বিচাৰ কৰা ন্যায়াধীশ কেইজন কাকতখনৰ প্ৰতি সদয় আছিল; সোনকালেই মাৰ্ক্স আৰু তেওঁৰ সহকৰ্মীসকলক সসন্মানে মুক্ত কৰি দিয়া হল। কিন্তু কিছুদিনৰ পাছতে নতুনকৈ কেইটামান গোচৰৰ চেলু লৈ প্ৰুচিয়ান চৰকাৰে কাকতখনৰ প্ৰকাশন বন্ধ কৰি দিলে আৰু সম্পাদক কেইজনক দেশৰ পৰা নিৰ্বাসিত কৰাৰ নিৰ্দেশনা জাৰী কৰিলে। মাৰ্ক্স প্ৰমুখ্যে নয় ৰাইনিচে চাইতুঙৰ সম্পাদক কেইজনে সিদ্ধান্ত ললে –একেবাৰে বন্ধ কৰি দিয়াৰ আগতে কাকতখনৰ শেষ সংখ্যাটো সম্পূৰ্ণভাৱে ৰঙা আখৰৰে ছপা কৰা হওক! কাকতখনৰ অন্তিমটো সম্পাদকীয় মাৰ্ক্সে এনেদৰে লিখিলে, ‘আপোনালোকে দিয়া অকুণ্ঠ সমৰ্থনৰ বাবে আমি আটাইকেওজন সম্পাদকেই হৃদয়ৰে ধন্যবাদ জনাইছোঁ। আমাৰ শেষ কথা সকলো সময়তে আৰু সৰ্বত্ৰতে একেটাইঃ [আমি বিচাৰোঁ] শ্ৰমিক শ্ৰেণীৰ মুক্তি! ’(Collected Works,Vol. ix, পৃষ্ঠা ৪৬৭)

দেশান্তৰ আৰু কষ্টকৰ জীৱন সংগ্ৰাম[সম্পাদনা কৰক]

জাৰ্মানীৰ পৰা দেশান্তৰিত হোৱাৰ পাছত মাৰ্ক্স কিছুদিনৰ বাবে পেৰিছলৈ আহে আৰু অৱশেষত ১৮৪৯ চনত লণ্ডনলৈ যায়। প্ৰথমতে তেওঁ দেশান্তৰৰ কাল চোৱা চমু হব বুলিয়েই আশা কৰিছিল। তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰিছিল – বিপ্লৱৰ তুঁহ জুইকুৰা অতি সোনকালেই পুনৰ দপদপাই জ্বলি উঠিব। আনফালে মাৰ্ক্সৰ দৰেই এংগেলছেও ১৮৪৮ৰ বিপ্লৱত সকলোখিনি সমৰ্পণ কৰি দিছিল। পিছে ১৮৪৯ চনৰ শেহৰ ফাললৈ প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান সেনাৰ হাতত বিপ্লৱৰ অন্তিমটো দুৰ্গ পেলেটিনেট অঞ্চলৰ পতনৰ পাছত এংগেলছৰ সমুখতো জাৰ্মানীত কৰিবলগীয়া একো বাকী নাথাকিল(পেলেটিনেটৰ প্ৰতিৰক্ষা সংগ্ৰামত এংগেলছে সোঁ-শৰীৰেৰে অংশগ্ৰহণ কৰিছিল)। কিছুদিনৰ পাছত তেৱোঁ লণ্ডন চহৰত উপস্থিত হলগৈ।

এইবাৰ লণ্ডনৰ পৰাই দুয়ো বন্ধু কমিউনিষ্ট লীগৰ পুনৰ্গঠনৰ কামত নিমগ্ন হৈ পৰিল। বিপ্লৱৰ কালছোৱাত মাৰ্ক্স–এংগেলছৰ অবৰ্তমানত লীগৰ কাম কাজ প্ৰায় স্থবিৰ হৈ পৰিছিল। সি যি কি নহওক, বিপ্লৱী জুইকুৰা শাম কটাৰ পাছত লীগৰ কেন্দ্ৰীয় কমিটিৰ অফিচ লণ্ডনলৈ স্থানান্তৰিত কৰা হল। লীগৰ মুখপাত্ৰ হিচাপে পুনৰ এখন নতুন কাকত The Neue Rheinische Zeitung: Politisch-Oekonomisch Revue প্ৰকাশ পালে। এইখন কাকততে ফ্ৰাঞ্চৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে মাৰ্ক্সৰ এলানি প্ৰবন্ধ প্ৰকাশিত হল। The Class Struggles in France নামেৰে প্ৰকাশিত হোৱা এই ৰচনাখিনিত তেওঁ ১৮৪৮-৪৯ৰ বিপ্লৱৰ এক মূল্যবান বিশ্লেষণ আগবঢ়ালে। লগতে মাৰ্ক্সে এই আশাও ব্যক্ত কৰিলে যে হয়তো অতি সোনকালেই বিপ্লৱৰ তুঁহ-জুইকুৰা পুনৰ দপদপাই জ্বলি উঠিব। ১৮৫০চনৰ মাৰ্চত মাৰ্ক্সে লীগৰ কেন্দ্ৰীয় কমিটিৰ এখন খচৰা আহ্বান প্ৰস্তুত কৰি উলিয়ালে, যত কোৱা হল –‘বিপ্লৱৰ অন্তিম পৰ্যায় সন্নিকট’ (Collected Works, Vol. x, পৃষ্ঠা ২৭৯)। বিপ্লৱ-কালত সকলো সাম্যবাদীৰ একত্ৰিত অংশগ্ৰহণ সুনিশ্চিত কৰিবৰ বাবে এইবাৰ ব্লাংকৰ অনুগামীসকলৰ সংগঠন The Universal Society of Revolutionary Communistsৰ সৈতে লীগৰ সদস্যসকল এক বুজা-পৰালৈ আহিল। এই ব্লাংকপন্থীসকলৰ ঘোষিত উদ্দেশ্য আছিলঃ ‘সকলো বিশেষাধিকাৰী শ্ৰেণীৰ উচ্ছেদকৰণ, এই সমস্ত শ্ৰেণীসমূহৰ ওপৰত সৰ্বহাৰাৰ একনায়কত্ব স্থাপন আৰু ইয়াৰ দ্বাৰাই নিৰালস্য গতিৰে কমিউনিজিম পৰ্যন্ত বিপ্লৱৰ অবিৰত যাত্ৰা সুনিশ্চিতকৰণ’(Collected Works, Vol. x, পৃষ্ঠা ৬১৪)।

১৮৫০ চনৰ মাজভাগলৈকে এই জাতীয় সমস্ত প্ৰস্তুতি তথা আশাবাদ মৰীচিকা যেনেই প্ৰমাণিত হল। বছৰটো শেষ নহওঁতেই এই কথা স্পষ্ট হৈ পৰিল যে ১৮৪৮ৰ লেখীয়া বিপ্লৱী ধুমুহা সোনকালে পুনৰ অহাৰ কোনো আশা নাই। মাৰ্ক্সেও প্ৰত্যক্ষ্য ৰাজনৈতিক কাম-কাজৰ পৰা আঁতৰি আহি পুঁজিবাদ সম্পৰ্কীয় পঢ়াশুনাত মনোনিবেশ কৰিবলৈ ঠিক কৰিলে। ১৮৫০ চনৰ মাজভাগত তেওঁ ব্ৰিটিছ মিউজিয়ামৰ ৰিডিং ৰুমৰ সদস্যপদ লাভ কৰিলে। লাইব্ৰেৰীত সোমায়েই মাৰ্ক্স অৰ্থনীতি সম্পৰ্কীয় অধ্যয়নত নিমগ্ন হৈ পৰিল। এইক্ষেত্ৰত ‘দ্য ইক’ন’মিষ্ট’ আলোচনীখনে তেওঁৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিলে। কিছু পঢ়া শুনা কৰাৰ পাছত মাৰ্ক্স এই সিদ্ধান্তত উপনীত হল যে সোনকালে বিপ্লৱী জোৱাৰ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। Revueৰ অন্তিমটো সংখ্যাত প্ৰকাশিত এটি প্ৰবন্ধত তেওঁ লিখিলে যে ১৮৪৮ৰ বিপ্লৱী জোৱাৰৰ নেপথ্যত ১৮৪৫ মানৰে পৰা সমগ্ৰ ইউৰোপজুৰি ব্যাপি অহা অৰ্থনৈতিক সংকটে ক্ৰিয়া কৰিছিল। পিছে ১৮৫০ চনৰ পাছৰে পৰা বিশ্ব অৰ্থনীতিয়ে সম্প্ৰসাৰণৰ এক নতুন পৰ্যায়ত প্ৰবেশ কৰিছে। এই ক্ষেত্ৰত বিভিন্ন কাৰক যেনে কেলিফৰ্ণিয়াত সোণৰ আৱিষ্কাৰ, ভাপ ইঞ্জিনে সুচল তথা দ্ৰুত কৰি তোলা যাতায়াত ব্যৱস্থা ইত্যাদিয়ে সহায়ক ভূমিকা লৈছেঃ

বৰ্তমানৰ এই সমৃদ্ধিৰ পৰিস্থিতিত, যেতিয়া নেকি বুৰ্জোৱা সমাজৰ উৎপাদিকা শক্তিসমূহ বুৰ্জোৱা সম্বন্ধসমূহৰ অধীনত যিমান দূৰৈলৈকে সম্ভৱ সিমান খিনিলৈকে বিকশিত হব ধৰিছে, এনে সময়ত ততালিকে বিপ্লৱৰ আশা কৰাটো বাতুলতা মাত্ৰ হব। বিপ্লৱ সংঘটিত হবলৈ প্ৰয়োজন হয় সংকটকালীন সময়ৰ, যেতিয়া আধুনিক উৎপাদিকা শক্তি আৰু বুৰ্জোৱা উৎপাদন প্ৰণালীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ...এক নতুন সংকটেহে এক নতুন বিপ্লৱৰ জন্ম দিব পাৰিব। পিছে এই সংকট তথা বিপ্লৱ এসময়ত যে আহিবই, সেয়া নিৰ্ঘাত সত্য। (Collected Works, Vol. x, পৃষ্ঠা ৫১০)।

মাৰ্ক্সৰ এই আপাত হতাশাপূৰ্ণ অথচ বস্তুনিষ্ঠ বিশ্লেষণে কমিউনিষ্ট লীগৰ আন আন নেতাসকলক হতাশ তথা ক্ৰোধান্বিত কৰি তুলিলে। লীগৰ কেন্দ্ৰীয় কমিটিৰ সদস্যসকলৰ মাজত এই লৈ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হল। অৱশেষত ১৮৫০ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় কমিটিৰ এখন হুলস্থূলীয়া তথা তিক্ত মিটিঙৰ পাছত মাৰ্ক্স-এংগেলছে কমিউনিষ্ট লীগৰ পৰা নিজকে আঁতৰাই অনাটোৱেই সমীচীন হব বুলি বিবেচনা কৰিলে। এনেও এই সময় ছোৱালৈকে প্ৰুছিয়ান পুলিচৰ উৎপাতত লীগ প্ৰায় শক্তিহীন হৈ পৰিছিল। জাৰ্মানী স্থিত লীগৰ অধিকাংশ সদস্যকেই প্ৰুচিয়ান পুলিচে ব্যাপক হাৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰি পেলাইছিল। যেতিয়া এই সদস্যসকলক বিচাৰৰ বাবে ন্যায়ালয়ৰ সম্মুখীন কৰোৱা হল, মাৰ্ক্সে তেওঁলোকৰ সমৰ্থনত এখনি পুস্তিকা প্ৰচাৰিত কৰিলে। মাৰ্ক্সৰ স্বভাৱসিদ্ধ বদ অভ্যাসটোৰ ফলত এই পুস্তিকাখনৰো কলেৱৰ ক্ৰমশঃ বৃদ্ধি হৈ এখন পূৰ্ণাংগ কিতাপৰ আকাৰ ললে। কিতাপখনৰ নাম থোৱা হলঃ Revelations Concerning the Communist Trial in Cologne।

এই সময়ছোৱাৰ পাছৰে পৰা মাৰ্ক্সে প্ৰত্যক্ষ্য ৰাজনৈতিক কাৰ্যকলাপৰ পৰা নিজকে আঁতৰাই আনিলে। ১৮৫১ চনৰ ফ্ৰেব্ৰুৱাৰীত এংগেলছলৈ লিখা এখনি চিঠিত এইদৰে তেওঁৰ মনৰ ভাৱ প্ৰকাশ পাইছে,

পাব্লিকৰ পৰা আঁতৰত, আমাৰ এই নিঃসঙ্গ পৰিস্থিতি লৈ মই নথৈ আনন্দিত। আমাৰ স্থিতি আৰু নীতি সমূহৰ বাবেও ই অতিশয় ভাল কথা হৈছে। এতিয়াৰে পৰা আমি ৰাজনৈতিক প্ৰয়োজনত যাৰে তাৰে লগত হলি-গলি কৰি ন্যায়-নীতিৰ স্বাৰ্থত সিহঁতৰ অৰ্ধ-সত্য প্ৰলাপ বোৰ সহ্য কৰি, পাৰ্টিৰ কৰ্তব্যৰ খাতিৰত সিহঁতৰ লগত একেলগে মঞ্চত উঠি জনগনৰ ককৰ্থনাৰ সমুখীন হোৱাৰ বাধ্য-বাধকতাৰ পৰা হাত সাৰিব পাৰিম।

ৰাজনীতিৰ পৰা আঁতৰি আহি মাৰ্ক্সে এইবাৰ গভীৰ অৰ্থনৈতিক অধ্যয়নত মনোনিবেশ কৰিলে। ১৮৪৫ চনতেই মাৰ্ক্সে অৰ্থনীতি সম্পৰ্কে এখন কিতাপ লিখাৰ পৰিকল্পনা কৰিছিল,পিছে ১৮৪৮ চনৰ আশে পাশে প্ৰত্যক্ষ্য ৰাজনৈতিক কাৰ্যকলাপত ব্যস্ত হৈ পৰাৰ ফলত এই কাম আধৰুৱা হৈয়েই ৰল। সি যি কি নহওক, ১৮৫১ চনৰ অধিকাংশ সময় মাৰ্ক্সে ব্ৰিটিছ মিউজিয়ামৰ লাইব্ৰেৰীতে কটালে। এই এবছৰৰ ফছল আছিল ১৪খন টোকাবহী য’ত মাৰ্ক্সে বিভিন্ন গ্ৰন্থৰ পৰা গুৰুত্বপূৰ্ণ অংশবিশেষ টুকি ৰাখিছিল। সেই সময়ৰ এজন বন্ধুৱে মাৰ্ক্সৰ মনোদশাৰ চিত্ৰণ কৰিছে এনেদৰে, ‘মাৰ্ক্সক লগ পালে তেওঁ আপোনাক সাধাৰণভাৱে সম্ভাষণ জনোৱাৰ সলনি কেতবোৰ অৰ্থনীতি সম্পৰ্কীয় তত্ত্বকথাৰেহে বাৰ্তা আৰম্ভ কৰে! ’ ১৮৫১ চনৰ এপ্ৰিল মাহত এংগেলছে মাৰ্ক্সৰ পৰা এখন চিঠি লাভ কৰিলে যত কোৱা হল, ‘মই বৰ খৰ গতিৰে আগবাঢ়িছো। মই ভাবো আৰু পাঁচ সপ্তাহ মানৰ ভিতৰতে মই এই সমস্ত অৰ্থনীতি সম্পৰ্কীয় পঢ়া শুনা শেষ কৰি পেলাম। ইয়াৰ পাছত মই ঘৰৰ পৰাই লিখা মেলা কৰিম আৰু এটা নতুন বিষয় লৈ মিউজিয়ামত পঢ়া শুনা আৰম্ভ কৰিম। এই অৰ্থনীতিসোপা পঢ়ি পঢ়ি মোৰ আমনি লাগি গৈছেগৈ। ’

এই চিঠিখন লিখাৰ বত্ৰিশ বছৰ পাছত মাৰ্ক্সৰ যেতিয়া মৃত্যু হয়, তেতিয়াও তেওঁৰ ‘অৰ্থনীতিসোপা’ৰ অধ্যয়ন অসম্পূৰ্ণ হৈয়েই ৰল। তেওঁৰ তিনিটা খণ্ডৰ বৃহৎ গ্ৰন্থ ‘ডাছ কেপিটেল’ৰো মাত্ৰ এটা খণ্ডহে তেওঁৰ জীৱিত কালত প্ৰকাশিত হল। মাৰ্ক্সৰ এই শামূকীয়া গতিৰ কাৰণ বুজিবলৈ হলে তেওঁৰ কেতবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰতি চকু দিব লাগিব। আন আন বৃহৎ প্ৰতিভাসম্পন্ন লোকৰ দৰেই মাৰ্ক্সো আছিল ‘পাৰ্ফেকচনিষ্ট’; একেটা লেখনীকে তেওঁ বাৰে বাৰে লিখিছিল; কেইবাবাৰো সম্পাদনা আৰু পৰিবৰ্ধন কৰাৰ পাছতো তেওঁ সন্তুষ্ট হোৱা নাছিল। এবাৰ লিখিবলৈ বহিও তেওঁ পুনৰ নতুন তথ্য বিচাৰি আৰু অধিক কিতাপ পত্ৰ পঢ়িবলৈ লৈছিল। এয়া যেন এক অন্তহীন প্ৰক্ৰিয়া আছিল। তদুপৰি সমসাময়িক ঘটনা ৰাজী সম্পৰ্কেও তেওঁ মাজে সময়ে লিখিব লগা হৈছিল আৰু ইয়ে তেওঁৰ ‘অৰ্থনৈতিক অধ্যয়ন’ত ব্যাঘাট জন্মাইছিল। ১৮৫২চনত মাৰ্ক্সৰ এখন নতুন গ্ৰন্থ The Eighteenth Brumaire of Louis Bonaparte প্ৰকাশিত হল। মাৰ্ক্সৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহৰ ভিতৰত এইখনো আছিল অন্যতম। দ্বিতীয় ফৰাচী গণৰাজ্যৰ স্খলন হৈ কেনেদৰে নেপোলিয়ন তৃতীয়ৰ দ্বিতীয় সাম্ৰাজ্য সম্ভৱপৰ হল –এই সম্পৰ্কে Eighteenth Brumaireৰ বিশ্লেষণ আছিল অভূতপূৰ্ব। গ্ৰন্থখনিৰ প্ৰথম বাক্যটোৰ সৈতে অপৰিচিত লোক আজি হয়তো খুউব কমেই আছে: ‘Hegel remarks somewhere that all great world-historic facts and personages appear, so to speak, twice. He forgot to add: the first time as tragedy, the second time as farce’.

বৌদ্ধিকভাৱে এই সময়ছোৱা মাৰ্ক্সৰ বাবে অতিশয় সাৰুৱা হলেও ব্যক্তিগতভাৱে এইখিনি সময় তেওঁৰ পৰিয়ালটোৰ বাবে আছিল অতিশয় দুৰ্যোগেৰে ভৰা। কোনো স্থায়ী কৰ্মসংস্থান নথকাৰ ফলত পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল। ১৮৫০ চনৰ পৰা ১৮৫৬ চনলৈ – এই ছবছৰৰ ভিতৰতে মাৰ্ক্সৰ তিনিটাকৈ সন্তানে মূলতঃ দৰিদ্ৰতাৰ বাবেই প্ৰাণ হেৰুৱাব লগা হল। ১৮৫২ চনৰ আশে পাশে ইমানেই পইছাৰ অনাটনে দেখা দিলে যে মাৰ্ক্সৰ দ্বিতীয়জনী ছোৱালী ফ্ৰাঞ্চেস্কাৰ মৃত্যৰ পাছত তাইক কবৰ দিয়া কফিনটো কিনিবলৈও জেনীয়ে আনৰ ওচৰত হাত পাতিব লগা হল। প্ৰায় প্ৰতিদিনেই টকা পইছা সংক্ৰান্তত ঘৰৰ মালিক, গাখীৰৱালা, দোকানী আদিৰ পৰা মাৰ্ক্স দম্পতীয়ে কথা শুনিব লগা অৱস্থা। প্ৰাত্যহিক সংগ্ৰামৰ মাজত মাৰ্ক্সৰ মৰমৰ জেনীজনী কৰবাত যেন হেৰাই থাকিল। মাৰ্ক্সৰো অৱস্থা তথৈবচ। ডিচেম্বৰৰ আশে পাশে এখন সাংবাদিকে লগ পাবলৈ বিচাৰোতে মাৰ্ক্সে কৈ পঠিয়ালেঃ তেওঁ এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে কিয়নো তেওঁৰ কোট চোলা আৰু জোতাযোৰ বন্ধকীত দি থোৱা হৈছে। ১৮৫৫ চনৰ এপ্ৰিলত আন এটা দুৰ্যোগে দেখা দিলেঃ মাৰ্ক্সৰ আটাইতকৈ সৰু আৰু মৰমৰ সন্তান এডগাৰৰ যক্ষ্মা ৰোগত মৃত্যু হ’ল। শোকবিহবল মাৰ্ক্সে এজন বন্ধুলৈ কিছুমাহৰ পাছত এনেদৰে লিখিলে,

বেকনে কৰবাত লিখিছে – মহান মহান লোকসকলে হেনো হেৰুওৱাৰ বেদনা বৰকৈ অনুভৱ নকৰে; কিয়নো এই বিশ্বব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ সৈতে অজস্ৰ সম্পৰ্কই তেওঁলোকক সদাব্যস্ত কৰি ৰাখে। কিন্তু মই? মইতো কোনো মহান লোক নহয়। মোৰ লৰাটোৰ মৃত্যুৱে যে মোক ভিতৰলৈকে মাৰি নিছে। এতিয়াও এনে লাগে, এয়া যেন আজিৰ হে ঘটনা। মোৰ দুৰ্ভগীয়া মানুহ জনীও বেজাৰত একেবাৰে ভাগি পৰিছে।

এই সংকটৰ সময়ছোৱাতে হেলেন ডেম’থ নামৰ মাৰ্ক্স পৰিয়ালৰ পৰিচাৰিকা গৰাকীয়ে এটি সন্তান প্ৰসৱ কৰিলে। হেলেনক জেনীৰ মাকৰ পৰিয়ালৰ পৰা মাৰ্ক্সৰ ঘৰত পৰিচাৰিকা ৰূপে কাম কৰিবলৈ পঠোৱা হৈছিল। হেলেনৰ সন্তানটিৰ পিতৃ কোন এই লৈ ঘৰত হুলস্থূলীয়া পৰিবেশ এটা সৃষ্টি হল। পাছত গম পোৱা গল –সন্তানটিৰ পিতৃ মাৰ্ক্সৰ বাহিৰে আন কোনো নাছিল। পিছে সেই সময়ত বন্ধুক বচাবলৈ এংগেলছে নিজৰ ওপৰতে কথাটো গাত পাতি ললে। এংগেলছেই সন্তানটিক পিতৃ হিচাপে ‘ফ্ৰেডৰিক’ নামেৰে নামকৰণ কৰিলে। সুদীৰ্ঘ চল্লিশ বছৰৰ পাছত মৃত্যুৰ কিছুদিন আগতেহে এংগেলছে প্ৰকৃত সত্যটো (মাৰ্ক্সৰ জীয়ৰী) এলেনৰক জানিবলৈ দিলে। এই ঘটনাটোৰ পৰাই গম পোৱা যায়ঃ তথাকথিত বুৰ্জোৱা ‘সন্মানজনক জীৱন’ৰ প্ৰতি মাৰ্ক্সৰো অকণমান মোহ আছিল। আচলতে যিমান দূৰৈলৈকে সম্ভৱ বাচি থকা ছোৱালীকেইজনীক এক মধ্যবিত্তীয় জীৱন-স্তৰ প্ৰদান কৰিবলৈ মাৰ্ক্স–জেনীয়ে পাৰ্যমানে চেষ্টা কৰিছিল। ভদ্ৰ বুৰ্জোৱা ছোৱালীৰ দৰেই মাৰ্ক্সৰ তিনিওজনী জীয়ৰী- জেনী, লৌৰা আৰু এলেনৰ ডাঙৰ দীঘল হৈছিল। অৰ্থনৈতিক সমস্যাখিনি বাদ দিলে পৰিচাৰিকা হেলেনৰ সৈতে পৰিয়ালটোক এক বুৰ্জোৱা পৰিয়াল বুলিয়েই কব পাৰি। এই ক্ষেত্ৰত আচলতে আচৰিত হবলগীয়া বিশেষ কথা নাই। আন আন মানুহৰ দৰেই মাৰ্ক্সৰো বহুখিনি মানৱীয় দুৰ্বলতা আছিল। মূল কথাটো হৈছে - বিশেষ সমাজ এখনত জন্ম লোৱা ব্যক্তি এজনে সেই সমাজৰ সকলোখিনি হেঁচা, প্ৰভাৱ আৰু বাধ্য-বাধকতা সম্পূৰ্ণভাৱে কেতিয়াও দলিয়াই পেলাব নোৱাৰে; তেহেলৈ তেওঁ সেই সমাজৰ প্ৰচণ্ড বিৰোধীয়েই নহওক কিয়। সি যি কি নহওক, ১৮৫৬ চনৰ আশে পাশে পৈতৃক সূত্ৰে জেনীয়ে কিছু ধন-সম্পত্তি লাভ কৰিলে। ছ’হ’ চহৰৰ পুৰণা জৰাজীৰ্ণ ঘৰটো এৰি পৰিয়ালটোৱে এইবাৰ প্ৰিমৰ’জ হিলৰ ওচৰত এটা নতুন ঘৰ ললে। পিছে এবছৰৰ ভিতৰতে পৰিস্থিতি পুনৰ আগৰ দৰেই হৈ পৰিল। ১৮৫৭ চনৰ জানুৱাৰীত মাৰ্ক্সে লিখিলে, ‘এতিয়া মই কি কৰিম, একোকে ভাবি পোৱা নাই। ভাবিছিলো পাঁচ বছৰ পূৰ্বৰ সেই বিভীষিকাময় দিনবোৰ দূনাই ঘূৰি নাহিব। কিন্তু এতিয়া যে পৰিস্থিতি তাতোকৈ বেয়ালৈহে ধাল খাইছে। ’

এবছৰমান পাছত এংগেলছক উদ্দেশ্যি চিঠি এখনত মাৰ্ক্সে লিখিলে – ‘সাধাৰণ আকাংক্ষাৰ মানুহে বিয়া-বাৰু পাতি ঘৰুৱা সমস্যাত ব্যতিব্যস্ত হৈ পৰাৰ নিচিনা মুৰ্খামিৰ কাম সংসাৰত আৰু নাই’। ১৮৬২ চনলৈ পৰিস্থিতি ইমানেই বেয়ালৈ ধাল খালে যে উপায়বিহীন হৈ মাৰ্ক্সে ৰেলৱে কেৰাণীৰ চাকৰি এটাৰ বাবে আবেদন কৰিলে। পিছে হাতৰ আখৰ অত্যন্ত বেয়া হোৱাৰ বাবে মাৰ্ক্সক চাকৰিটো দিয়া নহল! কিছু সময়ৰ পাছৰ আন এখন চিঠিত মাৰ্ক্সে লিখিলে,

মোৰ মানুহজনীয়ে প্ৰতিদিনে কয়, তেওঁ এতিয়া মৰিবলৈহে বাঞ্চা কৰে। মই নিৰুত্তৰ হৈ থাকোঁ। সঁচাকৈ কবলৈ গলে – তেওঁক বুজাবলৈ মোৰ ভাষা নাই। এনে পৰিস্থিতিত নিতৌ কিমান অপমান, যন্ত্ৰণা আৰু শঙ্কাৰ মাজেৰে দিন কটাব লগা হয় সেয়া যে ভাষাৰে বুজাব নোৱাৰি। ...ল’ৰা ছোৱালীকেইটাৰ মুখলৈ মই চাব নোৱাৰোঁ। এই উৎসৱৰ সময়ছোৱাত সিহঁতৰ বয়সৰ সকলোৱেই ৰং ৰহইছ কৰি ফুৰিছে আৰু সিহঁতে? সিহঁতঁৰ ভয় জানোচা কোনোবাই সিহঁতক লগ কৰিবলৈ আহে আৰু এই পূতিগন্ধময় পৰিবেশত সিহঁতক আৱিষ্কাৰ কৰে।

এনে নৰক সদৃশ পৰিবেশতো যে মাৰ্ক্স দম্পত্তীয়ে সংসাৰৰ ঘানি টানি নিবলৈ সাহস পাইছিল - তাৰ একমাত্ৰ কাৰণ আছিল – মাৰ্ক্সৰ পৰম-মিত্ৰ ফ্ৰেডৰিক এংগেলছ আৰু তেওঁৰ জীৱন জোৰা সহায়-সাহায্য। এংগেলছৰ সহায় অবিহনে হয়তো মাৰ্ক্সৰ ঘৰখন কাহিনীবাই নিঃশেষ হৈ গল হয়। কেৱল মাৰ্ক্সক ধনৰ যোগান ধৰিবলৈকে ১৮৫০ চনত এংগেলছে পুনৰ ব্যৱসায়ৰ জগতখনত প্ৰবেশ কৰে। মাৰ্ক্সলৈ লিখা এখন চিঠিৰ মাজেৰে গম পোৱা যায় - অতিশয় বাধ্যত পৰিহে এংগেলছ এই পেছালৈ ঘূৰি আহিছিল। ‘এই টকা ঘটা কাৰবাৰটো অতিশয় অপ্ৰীতিকৰ...তাতোকৈ অপ্ৰীতিকৰ এজন কাৰখানা-মালিক হোৱাটো, যাৰ অস্তিত্ব সদায়েই শ্ৰমিক স্বাৰ্থৰ পৰিপন্থী। ’ (দ্ৰষ্টব্য: মাৰ্ক্সলৈ এংগেলছৰ পত্ৰ, জানুৱাৰী ১৮৪৫)।

এংগেলছৰ জীৱনীকাৰ গুষ্টাভ মায়েৰে লিখিছেঃ

"এংগেলছৰ দৰে সুন্দৰ লেখক এজনৰ বাবে নিজ-ভবিষ্যত সম্পৰ্কে চিন্তিত হোৱাৰ কোনো কাৰণ নাছিল। কিন্তু তথাপিও যে তেওঁ ‘ব্যৱসায়ৰ লেতেৰা পথ’ত নামিবলৈ বাধ্য হৈছিল – তাৰ একমাত্ৰ কাৰণ আছিল মাৰ্ক্স। এংগেলছে সদায়েই অনুভৱ কৰিছিল – মাৰ্ক্সৰ দৰে বিশাল প্ৰতিভা এটিক অকালতে মৰহি যাবলৈ এৰি দিব নোৱাৰি। মানৱ ভবিষ্যতৰ কল্যাণৰ বাবেই তেওঁৰ প্ৰতিভাটিক প্ৰজ্বোল্লিত কৰি ৰখাটো অতিশয় প্ৰয়োজনীয়। পৰিয়ালটোক পোহপাল দিবলৈ মাৰ্ক্স প্ৰায়েই অক্ষম আছিল; হয়তো দেশান্তৰী জীৱনৰ প্ৰতিকূলতাসমূহৰ মাজত অচিৰেই তেওঁ হেৰাই গল হয়। কিন্তু সেয়া হবলৈ নিদিওঁ বুলি এংগেলছে প্ৰতিজ্ঞা কৰিছিল। মাৰ্ক্সৰ বাবেই তেওঁ পুনৰ ব্যৱসায়ৰ পৃথিবীখনলৈ ঘূৰি আহিছিল। "

এংগেলছৰ এই জীৱনজোৰা ত্যাগৰ কথা মাৰ্ক্সে সদায়েই কৃতজ্ঞতাৰে সোৱঁৰিছিল। ডাছ কেপিটেল গ্ৰন্থখনিৰ প্ৰথম খণ্ডটো ছপাশাললৈ পঠোৱাৰ পাছত এংগেলছলৈ তেওঁ এনেদৰে লিখিছে,

"তোমাৰ অবিহনে যে মই কেতিয়াও কিতাপখন সম্পূৰ্ণ কৰিব নোৱাৰিলোহেঁতেন। মই প্ৰায়েই ভাবো – মোৰ বৈষয়িক প্ৰয়োজনৰ বাবেই যে তুমি নিজৰ সমস্ত প্ৰতিভা ব্যৱসায়ৰ চিন্তাত অবাবতে ব্যৰ্থ কৰিব লগা হৈছে। এই কথাটোৱে যে মোৰ বুকুত শেল হৈ বিন্ধে। "

এংগেলছে কেৱল টকা পইছাৰ দিশৰ পৰাই মাৰ্ক্সৰ সহায় কৰা নাছিল; বৰঞ্চ মাৰ্ক্সৰ সমস্ত বৌদ্ধিক জীৱনৰেই তেওঁ আছিল আটাইতকৈ বিশ্বস্ত সহচৰ। এংগেলছে অত্যন্ত বিনয়েৰে নিজকে মাৰ্ক্সৰ জুনিয়ৰ পাৰ্টনাৰ হিচাপে গণ্য কৰিছিল। চিনিয়ৰৰ আসনখন তেওঁ সদায়েই মাৰ্ক্সৰ বাবে এৰি দিছিল। পিছে জুনিয়ৰ হৈও এংগেলছে পাৰ্টনাৰশ্বিপটোলৈ কেতবোৰ অনবদ্য অৱদান আগবঢ়াইছিল। মাৰ্ক্সৰ বিপৰীতে, অতি কম সময়ৰ ভিতৰতেই তেওঁ এজন বিপ্লৱী কমিউনিষ্টলৈ পৰিণত হৈছিল। (‘তুমিতো জানাই; মই বৰ লেহেমকৈহে কথাবোৰ বুজিব পাৰোঁ। এইক্ষেত্ৰত মই সদায়েই তোমাৰ অনুসৰণ কৰি আহিছোঁ’ – এংগেলছলৈ মাৰ্ক্সৰ পত্ৰ; ৪ জুলাই, ১৮৬৪ চন)। তদুপৰি, মাৰ্ক্সৰ লেহেম গতিৰ বিপৰীতে, এংগেলছে দ্ৰুত তথা সাৱলীলভাৱে লিখা মেলা কৰিব পাৰিছিল। বহুকেইটা ইউৰোপীয় ভাষাত এংগেলছ সিদ্ধহস্ত আছিল; প্ৰাকৃতিক বিজ্ঞানতো তেওঁ সমানেই ৰাপ দেখুৱাইছিল। ঐতিহাসিক ব্যাখ্যাৰ ক্ষেত্ৰতো, মাৰ্ক্সতকৈ এংগেলছৰ দখল বেছি উচ্চ পৰ্যায়ৰ আছিল। অধিক গুৰুত্বপূৰ্ণভাৱে – মাৰ্ক্স আছিল মূলতঃ এজন তত্ত্ববিদ; কিন্তু এংগেলছ অনুশীলনৰ জগতখনতো সমানেই সিদ্ধহস্ত আছিল। (মাৰ্ক্সৰ পৰিয়ালটোত এংগেলছৰ উপনাম আছিল ‘জেনেৰেল চাহাব! ’ মিলিটেৰী বিষয়ত এংগেলছৰ গভীৰ জ্ঞানৰ বাবেই এই নাম থোৱা হৈছিল)। এজন বিচক্ষণ সংগঠন কৰ্তা হিচাপেও এংগেলছৰ যথেষ্ট সুনাম আছিল। এই সমস্ত গুণসমূহৰ সৈতে এংগেলছে মাৰ্ক্সক পৰিপূৰ্ণ কৰি তুলিছিল।

পিছে এংগেলছৰ বন্ধুত্ব আৰু সাহায্যয়ো মাৰ্ক্সৰ পৰিয়ালটোক সম্পূৰ্ণভাৱে আৰ্থিক দুৰ্গতিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ১৮৫০ আৰু ১৮৬০ৰ দশককেইটা মাৰ্ক্স দম্পতীৰ বাবে অভিশাপস্বৰূপ আছিল। এইক্ষেত্ৰত আটাইতকৈ কষ্ট ভোগ কৰিব লগা হৈছিল – জেনী মাৰ্ক্সে। পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি লৈ ধুনীয়া মানুহজনী বেমাৰী হৈ পৰিছিল। মানসিক ভাৱেও তেওঁ যেন ভাগি পৰিছিল। ১৮৫১ৰ আশে পাশে এংগেলছলৈ এখন পত্ৰত মাৰ্ক্সে লিখিলে,

"ঘৰখনত সকলো সময়তে যেন অশান্তিকৰ পৰিবেশ এটাই বিৰাজ কৰি থাকে। গোটেই ৰাতি কন্দাকটা চিঞৰ বাখৰ...সিবিলাকে মোক কেতিয়াবা সম্পূৰ্ণভাৱে অস্থিৰ কৰি তোলে...ঘৰৰ মানুহজনীলৈ মোৰ বৰ পুতৌ জন্মে। ঘৰখনৰ সমস্ত বোজা তেঁৱেইতো বহন কৰিব লগা হৈছে...তুমিতো জানাই মই মানুহটো স্বভাৱতে অলপ কঠুৱা...সেয়ে মাজে সময়ে মই ধৈৰ্য হেৰুৱাই পেলাওঁ। "

এই জাতীয় চিঠিসমূহৰ পৰা গম পোৱা যায় – অন্তহীন ঘৰুৱা সংকটসমূহৰ পৰা ৰক্ষা পাবলৈ মাৰ্ক্সে প্ৰায়েই সকলোৰে পৰা নিলগত নিৰ্বিকাৰ থাকিবলৈ চেষ্টা কৰিছিল। হিম-শীতল কাঠিন্যতাৰ মুখা এখন পিন্ধি তেওঁ যেন দৈনন্দিন সমস্যাসমূহৰ পৰা সাময়িক ভাৱে নিষ্কৃতি বিচাৰিছিল। কিন্তু আনক নেদেখুৱালেও ভিতৰি ভিতৰি দুশ্চিন্তা আৰু অস্বাস্থ্যকৰ ৰুটিনৰ ফলত মাৰ্ক্স ৰুগীয়া হৈ পৰিছিল। অনিদ্ৰা, যকৃত আৰু পিত্তকোষৰ বিষ, সমগ্ৰ শৰীৰ ব্যাপী খহু...এশ এবুৰি ৰোগৰ লগতে ঘৰুৱা দুশ্চিন্তাই বাৰে বাৰে মাৰ্ক্সৰ পঢ়া-শুনাত ব্যাঘাট জন্মাইছিল।

১৮৫৮ চনৰ জুলাই মাহ। মাৰ্ক্স ‘ডাছ কেপিটেল’ৰ প্ৰথমটো খণ্ড লিখাত ব্যস্ত। এনে সময়তে এংগেলছে বন্ধুৰ পৰা চিঠি এখন পালে। মাৰ্ক্সে লিখিলে, ‘পৰিস্থিতি এতিয়া সম্পূৰ্ণভাৱে অসহ্যকৰ হৈ পৰিছে...মই একেবাৰে কাম কৰিব পৰা নাই। পইছাৰ বাবে ইফালে সিফালে দৌৰা-দৌৰি কৰি থাকোঁতেই মোৰ সময়বোৰ পাৰ হয়। মোৰ গাটোও একেবাৰে ভাল নহয়; পঢ়া শুনা কৰিব বিচাৰিলেও ইটো সিটো ঘৰুৱা সমস্যাৰ দুশ্চিন্তাই মোক দেখোন এৰিবই নোখোজে। ইফালে এই পুতিগন্ধময় পৰিবেশত মোৰ মানুহজনীও বলীয়া যেন হৈ পৰিছে। ’

এইখিনিতে ৱাৰ্নাৰ ব্লুমেনবাৰ্গৰ এষাৰ মন্তব্য প্ৰণিধানযোগ্য:

"মাৰ্ক্সে জীৱনৰ প্ৰায় তিনিটা দশক নিপাত কৰিও কিয় ডাছ কেপিটেলখন সম্পূৰ্ণ কৰিব নোৱাৰিলে – এই লৈ আজিও আলোচনা অব্যাহত আছে। মূলতঃ বিভিন্ন তাত্তিক সমস্যাৰ ওৰ পেলাব নোৱাৰাৰ বাবেই এই কাৰ্য অসম্পূৰ্ণ হৈ ৰল বুলি বহুতেই মন্তব্য কৰিছে। পিছে এইক্ষেত্ৰত কেনেধৰণত পৰিস্থিতিত মাৰ্ক্সে কাম কৰিবলগীয়া হৈছিল – সেইপিনেও মন দিয়া দৰকাৰ। অতিশয় প্ৰতিকূল পৰিস্থিতিৰ পাছতো যে তেওঁ ইমানখিনি লিখি থৈ যাব পাৰিলে, সেয়া সঁচাকৈয়ে বিস্ময়কৰ বুলিয়েই কব লাগিব। "

এনে প্ৰতিকূল পৰিস্থিতিত স্বাভাৱিকতেই মাৰ্ক্সৰ স্বভাৱটো খিংখিঙীয়া হৈ পৰিছিল। সকলো মানুহক অনবৰতে সন্দেহ কৰা, অনাৱশ্যকভাৱে কঠোৰ সমালোচনা কৰা ইত্যাদি বদগুণো ক্ৰমান্বয়ে লগতে যুক্ত হৈ পৰিছিল। জাৰ্মান সমাজবাদী নেতা ফাৰ্দিনাণ্ড লাছাল সম্পৰ্কে এংগেলছলৈ মাৰ্ক্সে লিখা চিঠিসমূহ পৰীক্ষা কৰিলে দেখা যায় যে ৰাজনৈতিক মতভেদৰ উপৰিও লাছালৰ এলিট জীৱন শৈলীৰ বাবেও মাৰ্ক্সে তেওঁক ঘৃণা কৰিছিল। লাছাল আছিল এজন অত্যন্ত সম্পদশালী ব্যক্তি; মাৰ্ক্সতকৈ বহু বেছি জনপ্ৰিয় তথা পাৰ্টি কৰি ভাল পোৱা ব্যক্তি। ১৮৬২ চনত মাৰ্ক্স দম্পত্তীৰ ঘৰলৈ আহোঁতে লাছালে এদিনতে মাত্ৰ চিগাৰৰ বাবেই এটা সম্পূৰ্ণ পাউণ্ড খৰচ কৰি পেলাইছিল। ইফালে আলহীক সন্তুষ্ট কৰিবলৈ জেনীয়ে ঘৰৰ প্ৰায় সমস্ত বস্তু বন্ধকত থব লগা হৈছিল।

মাৰ্ক্সৰ এই স্বভাৱটোৰ বাবেই এবাৰ এংগেলছৰ সৈতেও ভুল বুজাবুজিৰ উপক্ৰম ঘটিল। ১৮৬৩ চনত জীৱন সংগী মেৰী বাৰ্নছৰ আকস্মিক মৃত্যুৰ পাছত এংগেলছ অকলশৰীয়া হৈ পৰে। মনৰ বেদনা প্ৰকাশ কৰি এংগেলছে মাৰ্ক্সলৈ এখনি চিঠি লিখিলে। পিছে উত্তৰত বন্ধুক সহানুভূতি জনোৱাৰ পৰিবৰ্তে, দুই এটা আনুষ্ঠানিক শোকপ্ৰকাশ সূচক বাক্য লিখিয়েই মাৰ্ক্সে পুনৰ নিজৰ জীৱন সমস্যাৰ এখন দীঘল বকলা মেলিলে। সমগ্ৰ পৰিয়ালটোৱে একেমুখে মাৰ্ক্সক ককৰ্থনা কৰি এংগেলছৰ ওচৰত কৰযোৰে ক্ষমা প্ৰাৰ্থনা কৰাৰ পাছতহে কোনোমতে বন্ধুক হেৰুওৱাৰ পৰা মহাশয় ৰক্ষা পৰিল।

মাৰ্ক্সৰ সেইসময়ৰ কিছুমান লেখনীতো তেওঁৰ এই জাতীয় বিপৰ্যয়সমূহৰ প্ৰকাশ ঘটিছিল। ১৮৫০ৰ দশকটোত এংগেলছে মাৰ্ক্সৰ ঘৰখনক নিয়মীয়াকৈ ধনৰ যোগান দিব পৰা নাছিল। উপায়ন্তৰ হৈ ধন ঘটিবৰ বাবে মাৰ্ক্সে নিউয়ৰ্ক ডেইলী ট্ৰিবিউন কাকতখনত নিয়মীয়াকৈ লিখিবলৈ ললে। এই লেখনীসমূহৰ বিশ্লেষণ সদায়েই সঠিক আছিল বুলি আজি কব পৰা নাযায়। উদাহৰণ স্বৰূপে, ১৮৫৪ চনত ৰাছিয়া আৰু ব্ৰিটেইন-ফ্ৰাঞ্চৰ মাজত ক্ৰিমিয়াৰ যুদ্ধ আৰম্ভ হয়। মাৰ্ক্স আছিল ভীষণ-ভাৱে ৰুছ বিদ্বেষী; ১৮৪৮ৰ বিপ্লৱ পৰাভূত কৰাৰ ক্ষেত্ৰত ৰাছিয়াৰ ভূমিকাৰ কথা মাৰ্ক্সৰ মনত তেতিয়াও সজীৱ হৈ আছিল। ফলত মাৰ্ক্সে ৰক্ষণশীল ব্ৰিটিছ ৰাজনেতা ডেভিদ আৰ্কেটৰ আদিৰ সৈতে মিলি ৰাছিয়াৰ বিৰুদ্ধে এক অদ্ভুত জোট গঠন কৰিলেঃ ক্ৰিমিয়া যুদ্ধ সম্পৰ্কীয় মাৰ্ক্সৰ কেইবাটাও প্ৰবন্ধ উৰ্কহাৰ্টৰ লণ্ডন ফ্ৰী প্ৰেছ কাকত খনত প্ৰকাশিত হল! ঠিক একেদৰেই, ১৮৫০ৰ দশকৰ শেহৰ ফালে কাৰ্ল ভখট নামৰ ফৰাচী চৰকাৰৰ এজেণ্ট এজনে মাৰ্ক্সক সমালোচনা কৰি এখনি পুস্তিকা প্ৰচাৰ কৰি ফুৰিছিল। মাৰ্ক্সৰ দৰে লোক এজনৰ বাবে সেইখনৰ উত্তৰ দিয়াৰ বিশেষ কোনো প্ৰয়োজন নাছিল। পিছে চিকাক মাৰি হাত গোন্ধোৱাৰ লোভ মাৰ্ক্সে সামৰিব নোৱাৰিলে। এবছৰ মান পৰিশ্ৰম কৰি মাৰ্ক্সে লিখি উলিয়ালে ৩০০ পৃষ্ঠা জোৰা এখন নাতিদীৰ্ঘ কিতাপ; সেইখনিৰ নাম দিয়া হল Herr Vogt। কেতবোৰ বিচক্ষণ গালি শপনিৰ বাহিৰে কিতাপখনৰ আন কোনো বিশেষ বৈশিষ্ট্য নাছিল!

অৱশ্যে এই আটাইছোৱা সময় কেৱল দুখ দুৰ্গতিৰেই পাৰ হৈছিল বুলি কলে অতিশয়োক্তি কৰা হব। মাজে সময়ে মাৰ্ক্স-পৰিয়ালটোৱে দেওবাৰৰ দিনটোত একেলগে বনভোজ খাবলৈ গৈছিল। হেম্পষ্টিড হেথ পাৰ্কৰ প্ৰশান্তিময় পৰিবেশত পৰিয়ালটোৱে একেলগে বহি দান্তে অথবা শ্যেক্সপীয়েৰৰ কবিতা আবৃত্তি কৰি সুন্দৰ সময় কটাইছিল। মদ্যপান কৰি মাৰ্ক্সে ভাল পাইছিল। তেওঁৰ প্ৰথম পচণ্ড আছিল ৱাইন; অৱশ্যে বীয়েৰ পান কৰিও তেওঁ সমানেই সন্তুষ্টি লভিছিল। মাজতে পুৰণা বন্ধু এডগাৰ বয়াৰ আৰু ৱিলহেম লিয়েবনিখটে তেওঁক লগ কৰিবলৈ আহিল। বন্ধু সকলক বহুদিনৰ পাছত লগ পাই মাৰ্ক্সে অতিশয় আনন্দ লভিলে। তেওঁলোক যেন পুনৰ কলেজীয়া সময়ছোৱালৈ ঘূৰি গল। সেই নিশা তিনি বন্ধুৱে আকণ্ঠ মদ্যপান কৰিলে। অক্সফৰ্ড ষ্ট্ৰীটৰ পৰা হেম্পষ্টিড ৰ’ডলৈকে এই সমগ্ৰ অঞ্চলটোত যিমান পাব আছিল, সকলোতে মদৰ সোৱাদ লবলৈ মহাশয় সকলে উথপথপ লগালে। অতিশয় নিচাসক্ত হৈ ঘূৰি আহোঁতে বাটত আন এটা মদাহী গোটৰ সৈতে তেওঁলোকৰ কাজিয়া লগাৰো উপক্ৰম হল! কিছু সময়ৰ পাছত দেখা গল – তিনি বন্ধুৱে এইবাৰ ষ্ট্ৰীট লাইটসমূহলৈ শিলগুটি দলিওৱাত লাগিছে! ক্ষন্তেকৰ পাছতে পুলিচ আহিল; পুলিছৰ খেদাত তিনি বন্ধুৱে পলাই পত্ৰং দিলে! প্ৰবাদ আছে যে - সেইদিনা সকলোকে আচৰিত কৰি মাৰ্ক্সে দৌৰাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে!

মাৰ্ক্স দম্পতীৰ আতিথ্য লাভ কৰা এজন প্ৰুচিয়ান চোৰাংচোৱাই ১৮৫০ৰ দশকৰ মাৰ্ক্সৰ ঘৰখনৰ বৰ্ণনা এনেদৰে দিছে,

"স্বভাৱসূত্ৰেই মাৰ্ক্স এজন বনৰীয়া তথা অশান্ত মনৰ মানুহ। কিন্তু এজন পিতৃ তথা স্বামী হিচাপে, তেওঁৰ দৰে মৰমিয়াল তথা নিৰ্জু ব্যক্তি হয়তো খুউব কমেই আছে। ...মাৰ্ক্সৰ ঘৰখনত প্ৰবেশ কৰোঁতেই ডাঠ ধোৱাঁৰ প্ৰলেপ এটাৰ সৈতে আপুনি মুখামুখি হব। আপোনাৰ চকু-কাণ-নাক সকলোতে ধোৱা সোমাই আপোনাক ক্ষন্তেকৰ বাবে কাঢ়িল কৰি পেলাব। অৱশ্যে কিছু সময় অপেক্ষা কৰাৰ পাছত লাহে লাহে আপুনি ঘৰৰ ভিতৰখন নিৰীক্ষণ কৰিবলৈ সক্ষম হব। আপুনি দেখিব - এটা ভীষণ লেতেৰা কোঠাত আপুনি প্ৰবেশ কৰিছে। সকলোতে মাথোঁ ধূলি আৰু ধূলি; বহিবলৈ এটুকুৰা ঠাই বিচাৰি আপুনি হায়ৰান হব। এফালে দেখিব – এখন ভগা চকী পৰি আছে; পিছে সেইখনত আপুনি বহিব নোৱাৰে। ইফালে কোঠাটোৰ একমাত্ৰ ভাল চকীখনত লৰা ছোৱালীকেইটাই ভাত ৰন্ধা খেল খেলাত ব্যস্ত। আলহী আহিলে এইখন চকীকে সদায় আগবঢ়াই দিয়া হয়; পিছে আপুনি সেইখনতো বহিব নোৱাৰে কিয়নো চকী খনত এতিয়াও ৰন্ধা-বঢ়াৰ উচ্ছিষ্ট লাগি আছে। তথাপিও যদি আপুনি বহিব বিচাৰে, আপোনাৰ কাপোৰ কানি লেতেৰা হোৱাটো নিশ্চিত। পিছে এনে সৰু সুৰা কথাবোৰে মাৰ্ক্স তথা তেওঁৰ পত্নীক তলাব নোৱাৰে। অতিশয় অমায়িক ভাৱেই তেওঁলোকে আপোনাৰ শুশ্ৰূষা কৰিব; আপোনাক পাইপ ইত্যাদি যঁচা হব। লাহে লাহে কথা বতৰা পাতি আপুনি অনুভৱ কৰিব – অস্বস্তিৰ ভাৱটো যেন বহুখিনি আতঁৰি গৈছে। আপুনি হয়তো অলপ অচৰপ আৰামো অনুভৱ কৰিব। শেহত আপোনাৰ অনুভৱ হব- সমস্ত ত্ৰুটি-নাটি সত্ত্বেও মাৰ্ক্সৰ ঘৰখন যথেষ্ট আকৰ্ষণীয়; তেওঁলোকৰ কথা বাৰ্তাসমূহ মৌলিক তথা কৌতূহলদ্বীপক। "

ডাছ কেপিটেল আৰু প্ৰথম ইণ্টাৰনেছনেল[সম্পাদনা কৰক]

মাৰ্ক্সে পূৰ্বানুমান কৰাৰ দৰেই ১৮৫৭ চনত বিশ্ব অৰ্থনীতিয়ে সংকটৰ এটা নতুন পৰ্যায়ত প্ৰবেশ কৰিলে। সমগ্ৰ ইউৰোপৰ ষ্টক এক্সচেঞ্জসমূহত হাহাকাৰ লাগি গল। এংগেলছে মাৰ্ক্সলৈ লিখিলে, ‘মোৰ আকস্মিক স্ফূৰ্তি দেখি [ষ্টক এক্সচেঞ্জৰ] বেটাহঁতে বৰ ভয় খাইছে! ’ সংকটৰ আগমনে মাৰ্ক্স-এংগেলছৰ মনত পুনৰ আশাৰ সঞ্চাৰ কৰিলেঃ হয়তো অচিৰেই বিপ্লৱৰ পুনৰ্গমন ঘটিব। এংগেলছে লিখিলে ‘১৮৪৮ তেই আমি কৈছিলোঁ, এতিয়া আমাৰ সময় আহিছে; এক সীমিত অৰ্থত ই আহিছিলেও। পিছে এইবাৰ ই সৰ্বগ্ৰাসী ৰূপ লৈ আহিব; এইবাৰৰ যুঁজখন হ’ব জীৱন-মৰণৰ যুঁজ। মোৰ মিলিটেৰী বিষয়ক অধ্যয়নসমূহ অৱশেষত বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰাৰ সুযোগ পোৱা যাব। ’ (মাৰ্ক্সলৈ এংগেলছৰ পত্ৰঃ ১৫ নবেম্বৰ, ১৮৫৭ চন)।

পিছে জেনেৰেল চাহাবৰ সপোন ফলৱতী নহ’ল। অৰ্থনৈতিক সংকট সত্ত্বেও ৰাজনৈতিক সংকটৰ কোনো উমঘাম দেখা পোৱা নগ’ল। তথাপিও সংকটৰ আৱিৰ্ভাৱে অৰ্থনৈতিক অধ্যয়নৰ প্ৰতি মাৰ্ক্সক পুনৰ উৎসাহিত কৰি তুলিলে। ১৮৫৭ চনৰ ডিচেম্বৰত এংগেলছলৈ মাৰ্ক্সে লিখিলে, ‘দিন ৰাতি একাকাৰ কৰি মই মোৰ অৰ্থনৈতিক অধ্যয়নৰ এটা সংশ্লেষণ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছোঁ; যাতে সংকট আহি পোৱালৈকে তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব পৰা যায়’। ১৮৫৭ চনৰ আগষ্ট মাহৰ পৰা ১৮৫৮ চনৰ মাৰ্চলৈকে – প্ৰায় আঠ মাহ সময় অনৰ্গল ধপাত আৰু নেমুপানী সেৱন কৰি মাৰ্ক্সে ডাছ কেপিটেলৰ এটা মোটা খচৰা লিখি উলিয়ালে। (পাছলৈ এই খচৰাখন Grundrisse নামেৰে জনাজাত হ’ল। ডাছ কেপিটেলখন অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে আজিও পণ্ডিত সকলে প্ৰায়েই Grundrisseৰ মাজতে মাৰ্ক্সৰ সম্ভাৱনীয় বিশ্লেষণৰ সন্ধান কৰে। ) পাণ্ডুলিপি খনৰ বাবে লাছালে এজন প্ৰকাশক যোগাৰ কৰি দিলে। পিছে মাৰ্ক্সে অনুভৱ কৰিলে – ছপা কৰিব পৰাকৈ পাণ্ডুলিপিখন যেন সংহত হোৱা নাই। বিষয় বস্তুৰ উপস্থাপনা ৰীতি যেন অতিশয় বিশৃংখলিত হৈয়েই আছে। ফলতঃ মাৰ্ক্সৰ আন আন গ্ৰন্থৰ দৰেই এইখনৰো প্ৰকাশন পাছলৈ গাপ দি থোৱা হ’ল। মাত্ৰ টকা সম্পৰ্কীয় অধ্যায়টো পুনঃসম্পাদনা কৰি ১৮৫৯ চনত A Contribution to the Critique of Political Economy নামেৰে এখন নাতিদীৰ্ঘ গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰা হ’ল। সৰু হ’লেও এইখনি গ্ৰন্থৰ পাতনিতে মাৰ্ক্সৰ বৌদ্ধিক বিকাশ তথা ঐতিহাসিক বস্তুবাদ সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ সূত্ৰ তথা বিবৰণ পঢ়িবলৈ পোৱা যায়।

ইয়াৰ পাছৰ আঠটা বছৰ মাৰ্ক্সৰ বাবে অতিশয় ব্যস্ততাৰ সময়। ইটোৰ পাছত সিটোকৈ বিভিন্ন সাংসাৰিক দুৰ্যোগ, ৰাজনৈতিক কাম-কাজ আৰু দৈনন্দিন লেখামেলা – সিবিলাকৰ মাজতে সময় উলিয়াই মাৰ্ক্সে ডাছ কেপিটেলৰ পূৰঠ ৰূপ দিয়া কাম আৰম্ভ কৰিলে। মন কৰিবলগীয়া যে প্ৰথমতে মাৰ্ক্সে ছটা খণ্ডত তেওঁৰ অৰ্থনৈতিক অধ্যয়নসমূহ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পিত ছটা খণ্ড আছিল: (১) পুঁজি (২) ভূ-সম্পত্তি (৩)মজুৰী-শ্ৰম (৪) ৰাষ্ট্ৰ (৫) আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু (৬) বিশ্ব বজাৰ। পিছে লিখি থকাৰ মাজতে তেওঁ পৰিকল্পনা সলনি কৰিলে। ১৮৬১ চনৰ আগষ্টৰ পৰা ১৮৬৩ চনৰ জুলাই মাহলৈকে পৰিশ্ৰম কৰি মাৰ্ক্সে লিখি উলিয়ালে এহেজাৰতকৈও অধিক পৃষ্ঠা জোৰা এখন প্ৰকাণ্ড পাণ্ডুলিপি। (তেইছখন টোকাবহীত সন্নিবিষ্ট এই পাণ্ডুলিপিখন মাৰ্ক্সৰ মৃত্যুৰ পাছত The 1861/63 Manuscript নামেৰে প্ৰকাশিত কৰা হ’ল। মন কৰিবলগীয়া যে পাণ্ডুলিপিখনৰ সম্পূৰ্ণ ইংৰাজী অনুবাদ আজিও কৰা হোৱা নাই। ) Grundrisse লিখাৰ সময়তেই মাৰ্ক্সে উদ্বৃত্ত মূল্যৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল; 1861/63 Manuscript লিখি থাকোঁতে মাৰ্ক্সে আৱিষ্কাৰ কৰিলে তেওঁৰ লাভাংশ তত্ত্বৰ। ছটা খণ্ডৰ অৰ্থনৈতিক অধ্যয়নৰ আঁচনি ত্যাগ কৰি মাৰ্ক্সে এইবাৰ তেওঁৰ সৃষ্টিৰাজীক কেপিটেল বা পুঁজি নামেৰে নামাংকৰিত কৰিবলৈ ঠিক কৰিলে। নতুন আঁচনি মতে ইয়াক চাৰিটা খণ্ডত বিভক্ত কৰাৰ পৰিকল্পনা কৰা কৰা হ’লঃ উৎপাদন বিষয়ক এটা খণ্ড, প্ৰবহন (circulation) বিষয়ক এটা খণ্ড, সামগ্ৰিক ব্যৱস্থা বিষয়ক এটা খণ্ড আৰু উদৃত্ত মূল্য তত্ত্ব বিষয়ক এটা খণ্ড।

১৮৬৩-৬৪ চনৰ আশে পাশে মাৰ্ক্সে মাকৰ ফালৰ পৰা কিছু ধন সম্পত্তি লাভ কৰিলে। পুৰণা বন্ধু ৱিলহেম ওলফৰ পৰাও কিছু ধন-বিত আহিল (ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড এই ৱিলহেম ওলফৰ নামতেই উৎসৰ্গা কৰা হল)। অভাৱগ্ৰস্ত পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিলে। গ্ৰেফটন টেৰেছৰ পুৰণা সৰু ঘৰটো এৰি পৰিয়ালটোৱে মেইটলেণ্ড পাৰ্কৰ ওচৰত এটা মোটামুটি ভাল ঘৰ ল’লে। পিছে অতি সোনকালেই এইখিনি ধনো শেষ হৈ আহিল আৰু পৰিয়ালটোৱে পুনৰ এংগেলছৰ ওচৰত হাত পাতিব লগা হ’ল। ১৮৬৩ চনৰ পৰাই মাৰ্ক্সৰ স্বাস্থ্যৰো বৰকৈ অৱনতি ঘটিল। শৰীৰৰ য’তে ত’তে এসোপা ভীমকায় বিহফোঁহা, লগতে বিষ আৰু জ্বৰে দাৰ্শনিক গৰাকীক কাঢ়িল কৰি পেলালে। বিষৰ কোপৰ পৰা ৰক্ষা পাবলৈ মাজে-সময়ে আফিম আদিও সেৱন কৰিব লগা হ’ল। ফোঁহাবোৰ পকিলে মাৰ্ক্সে নিজেই সেইবোৰ ফুটাই বিষাক্ত তেজ আৰু পুঁজবোৰ উলিয়াই দিয়ে। এনে নৰক সদৃশ যান্ত্ৰনাৰ মাজতে ১৮৬৪ চনৰ পৰা ১৮৬৫ চনলৈকে অমানুষিক পৰিশ্ৰম কৰি মাৰ্ক্সে ডাছ কেপিটেলৰ তিনিটাকৈ খণ্ডৰ পাণ্ডুলিপি প্ৰস্তুত কৰিলে। (চতুৰ্থ তথা অন্তিম খণ্ডৰ পাণ্ডুলিপিটো অৱশ্যে মাৰ্ক্সৰ মৃত্যু পৰ্যন্ত অসম্পূৰ্ণ হৈয়েই ৰ’ল; মৃত্যুৰ পাছত 1861/63 Manuscriptsৰ প্ৰাসংগিক অংশখিনি Theories of Surplus Value নামেৰে প্ৰকাশিত কৰা হ’ল। )

১৮৬৫ চনত হেমবাৰ্গ চহৰৰ এটি প্ৰকাশন গোষ্ঠী Meissner & Behreৰ সৈতে মাৰ্ক্স এখন চুক্তিপত্ৰত আৱদ্ধ হ’ল। ১৮৬৬ চনৰ বেছিভাগ সময়েই মাৰ্ক্সে ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড প্ৰকাশনৰ বাবে ঘঁহি-পিঁহি তৈয়াৰ কৰাত অতিবাহিত কৰিলে। অৱশেষত এংগেলছৰ পৰা খবৰ আহিল – পাণ্ডুলিপিৰ প্ৰথম কেইটা নমুনা ছপাখানাৰ বাবে পঠোৱা হৈছে। ১৮৬৭ চনৰ আগষ্টৰ মাজভাগত মাৰ্ক্সে এংগেলছলৈ লিখি পঠালে –পাণ্ডুলিপিৰ প্ৰুফ চোৱা কাম সমাপ্ত হৈছেঃ

কেৱল তোমাৰ বাবেই এই সমস্ত কামখিনি আজি সম্ভৱ হৈছে। তোমাৰ অসীম ত্যাগ-স্বীকাৰ অবিহনে এই বিৰাট কামফেৰা মই কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিলোঁহেঁতেন। মোৰ আলিংগন স্বীকাৰ কৰিবা, চেনেহৰ বন্ধু; তোমালৈ অশেষ অশেষ ধন্যবাদ। ১৫ পাউণ্ড অতি সানন্দেৰে গ্ৰহণ কৰা হল। অভিনন্দন; মোৰ বুকুৰ কুটুম আপোন বান্ধৈ!

কেইসপ্তাহমানৰ পাছত অৱশেষত ছপা ৰূপত কিতাপখন ওলাল। প্ৰথম সংস্কৰণত এহেজাৰ কপি ছপা কৰা হ’ল। পিছে এইখিনি সময়তে পুনৰ ৰাজনৈতিক ব্যস্ততাই মাৰ্ক্সক অৰ্থনৈতিক-অধ্যয়নৰ ক্ষেত্ৰখনৰ পৰা আঁতৰাই আনিলে। এই ৰাজনৈতিক ব্যস্ততাৰ কাৰণ আছিল – প্ৰথম আন্তৰ্জাতিক বা ইণ্টাৰনেছনেলৰ গঠন।

১৮৫৭-৫৮ৰ সময়ছোৱাত মাৰ্ক্সে আশা কৰাৰ দৰে বিপ্লৱী জোৱাৰৰ পুনৰুত্থান নঘটিল যদিও ১৮৬০ৰ দশকৰ আৰম্ভণিৰ ফাললৈ সমগ্ৰ ইউৰোপতে শ্ৰমিক আন্দোলনে পুনৰ বলিষ্ঠভাৱে আত্মপ্ৰকাশ কৰিলে। তীব্ৰ বেগেৰে ব্ৰিটেইন আৰু ফ্ৰাঞ্চত ট্ৰেড ইউনিয়ন আন্দোলন গঢ় লৈ উঠিল। লাছালৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে জাৰ্মানীত শ্ৰমিক জনগণৰ বৃহৎ গণ সংগঠন Allgemeiner Deutscher Arbeiterverein(ADAV) বা ‘জাৰ্মান শ্ৰমিকৰ সাধাৰণ ইউনিয়ন’ৰ গঠন কৰা হ’ল। প্ৰসাৰ বৃদ্ধিৰ লগে লগেই শ্ৰমিক আন্দোলনে আন্তৰ্জাতিক একতা সম্পৰ্কেও ভবা-চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আমেৰিকান গৃহযুদ্ধৰ প্ৰসংগত এই ক্ৰমবৰ্ধিত আন্তৰ্জাতিক চেতনাৰ এটি সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ’ল। যদিও যুদ্ধৰ ফলত ইংলেণ্ডৰ কপাহী বস্ত্ৰ উদ্যোগে অতিশয় লোকচান ভৰিব লগা হৈছিল, তথাপিও লেনকেছাইৰ সমগ্ৰ বস্ত্ৰ শ্ৰমিকে উত্তৰ আমেৰিকাক নিঃসংকোচে সমৰ্থন প্ৰদান কৰিলে। ৰুছ শাসনৰ বিৰুদ্ধে ১৮৬৩ চনৰ প’লিছ (Polish) বিদ্ৰোহৰ প্ৰতিও সমগ্ৰ ইউৰোপৰ গণতন্ত্ৰবাদী তথা সমাজবাদী সকলে উষ্ণ সমৰ্থন আগবঢ়ালে।

এনে এক পৰিবেশতে The International Working Men’s Association বা চমুকৈ ‘প্ৰথম ইণ্টাৰনেছনেল’ (The First International) গঠন কৰা হ’ল। ১৮৬৩ চনৰ জুলাই মাহত ইংলিছ ট্ৰেড ইউনিয়নসমূহে প’লিছ বিদ্ৰোহৰ সমৰ্থনত কেতবোৰ ঐক্যবদ্ধ প্ৰতিবাদী সভা আয়োজন কৰিছিল। আন আন শ্ৰমিক সংগঠনসমূহকো এই সভাসমূহলৈ নিমন্ত্ৰণ কৰা হৈছিল। এই গইনাতে ১৮৬৪ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে লণ্ডনৰ চেণ্ট মাৰ্টিন প্ৰেক্ষাগৃহত এখন বিশাল সভা অনুষ্ঠিত কৰা হয়। এই সভাখনিতে ‘প্ৰথম ইণ্টাৰনেছনেল’ গঠনৰ ঘোষণা কৰা হ’ল। ইংলিছ ট্ৰেড ইউনিয়নসমূহৰ উপৰিও ব্লাংক তথা প্ৰুধ’ৰ অনুগামী দুটা ফৰাচী শ্ৰমিকৰ গোট, আইৰিছ তথা প’লিছ জাতীয়তাবাদীসকলৰ একোটাহঁত গোট তথা ইটালিয়ান ৰিপাব্লিকানসকলৰ এটা গোটো সভাখনত উপস্থিত আছিল। সভাৰ অন্তত ৩৪জন সদস্যৰে সৈতে এখন সাধাৰণ পৰিষদ গঠন কৰা হ’ল। এই পৰিষদৰ একেবাৰে শেহৰজন সদস্যৰ নাম আছিলঃ কাৰ্ল মাৰ্ক্স। পিছে অতি সোনকালেই বিচক্ষণ কলম তথা মগজু শক্তিৰ বলত মাৰ্ক্সেই ইণ্টাৰনেছনেলৰ কাৰ্যকৰী নেতা হিচাপে চিহ্নিত হৈ উঠিল। ইণ্টাৰনেছনেলৰ অধিকাংশ ঘোষণাপত্ৰ তথা আহ্বান আদি লিখা-মেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনৰ সৈতে চিঠি-পত্ৰৰে যোগাযোগ ৰখা – এই সমস্ত কামসমূহ মাৰ্ক্সে অতিশয় বিচক্ষণতাৰে সমাপন কৰিবলৈ ল’লে।

পিছে কমিউনিষ্ট লীগৰ বিপৰীতে ইণ্টাৰনেছনেলত প্ৰভুত্ব বিস্তাৰ কৰাটো বৰ সহজ কথা নাছিল। এই সম্পৰ্কে ৱাৰ্ণাৰ ব্লুমেন বাৰ্গে এনেদৰে লিখিছে,

কমিউনিষ্ট লীগ আছিল এমুঠিমান বিপ্লৱীৰে গঠিত এটা গুপ্ত সংগঠন; মাৰ্ক্সেই তাৰ সৰ্বেসৰ্বা আছিল। পিছে লীগৰ বিপৰীতে ‘প্ৰথম ইণ্টাৰনেছনেল’ আছিল বিভিন্ন দেশৰ স্বাধীন চেতীয়া শ্ৰমিক সংগঠনৰ এখন সংযুক্ত মঞ্চ। সিবিলাকৰ ওপৰত পোনেই কৰ্তৃত্ব খটুৱাটো প্ৰায় অসম্ভৱ আছিল। সদস্য সকলে ইজনে সিজনক বুজাই বঢ়াইহে সৈমান কৰোৱাটো নিয়ম আছিল। ইণ্টাৰনেছনেলৰ মজিয়াত ফুৰিয়াৰ, কেবেট, প্ৰুধ’, ব্লাংক, বাকুনিন, মেজিনি, মাৰ্ক্স আদি বিভিন্নজনৰ মতাদৰ্শ তথা পন্থাৰ পয়োভৰ ঘটিছিল। কাৰ্যপন্থা সম্পৰ্কেও বিভিন্ন জনৰ মতামত আছিল ভিন ভিন; এফালে ইউটপিয়ান সমাজবাদী সকলে সম্পূৰ্ণ শান্তিপূৰ্ণ পন্থাৰে সমাজবাদলৈ সংক্ৰমণৰ আশা কৰিছিল; আনফালে আকৌ অৰাজকতাবাদী সকলে ৰাজপথত খণ্ডযুদ্ধ লাগিয়েই বিপ্লৱৰ আগমন সম্ভৱপৰ কৰিব যাব বুলি ভাবিছিল। ইংলিছ ট্ৰেড ইউনিয়নসমূহত পুৰণা গিল্ড ব্যৱস্থাৰ সময়ৰে পৰা চলি অহা প্ৰফেচনেল অহংকাৰ তথা গৌৰবৰ স্পষ্ট চাব দেখা পোৱা গৈছিল। তাৰ বিপৰীতে জাৰ্মান ইউনিয়নসমূহ কিন্তু সম্পূৰ্ণভাৱে অনুশাসিত তথা সংগঠিত আছিল। সিবিলাকৰ উপৰিও লেটিন দেশসমূহৰ অজস্ৰ বিপ্লৱীয়ে ইণ্টাৰনেছনেলৰ মজিয়াত গিজগিজাই আছিল।

এই ৰাজনৈতিক পাৰ্থক্যসমূহৰ বাবেই কম সময়ৰ ভিতৰতে ইণ্টাৰনেছনেলৰ পতন ঘটিল। তথাপিও অস্তিত্বৰ প্ৰথম পাঁচটা বছৰ ইণ্টাৰনেছনেলৰ বাবে অতিশয় গৌৰবৰ সময় আছিল। ১৮৬৬ চনত লণ্ডনৰ বস্ত্ৰ শ্ৰমিক সকলে ধৰ্মঘট ঘোষণা কৰে। মালিক পক্ষই সচৰাচৰ কৰাৰ দৰে বিদেশী গুণ্ডা লগোৱাই শ্ৰমিকসকলৰ একতা নষ্ট কৰিবলৈ চেষ্টা কৰিলে। পিছে প্ৰথম ইণ্টাৰনেছনেলৰ হস্তক্ষেপত মালিকপক্ষৰ সকলো ষড়যন্ত্ৰ বিফল হ’বলৈ বাধ্য হ’ল। ইয়েই শ্ৰমিক ইউনিয়নসমূহৰ মাজত ইণ্টাৰনেছনেলৰ জনপ্ৰিয়তা বহুগুণে বঢ়াই তুলিলে। সৰ্বজনীন ভোটাধিকাৰৰ দাবীত ইউনিয়নসমূহৰ সহযোগিতাৰে গঠিত ‘সংস্কাৰ লীগ’তো ইণ্টাৰনেছনেলে এক নেতৃত্বকাৰী ভূমিকা গ্ৰহণ কৰিলে। ইণ্টাৰনেছনেলৰ প্ৰতিখন বাৰ্ষিক অধিবেশনতে (লণ্ডন ১৮৬৫, জেনেভা ১৮৬৬, ল’জান, ১৮৬৭, ব্ৰুছেলছ ১৮৬৮, বাচল ১৮৬৯) শ্ৰম সম্পৰ্কীয় বিভিন্ন বিষয় – যেনে দৈনিক ৮ ঘণ্টাৰ কৰ্মসীমা নিৰ্ধাৰণ, শিশু শ্ৰম আদি সম্পৰ্কে নানান গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰা হ’ল। তদুপৰি সমগ্ৰ ইউৰোপ জুৰি কেইবাটিও ব্লেকলেগ (গুণ্ডা) বিৰোধী কাৰ্যসূচী সফলতাৰে পালন কৰা হ’ল।

ইফালে অতি সোনকালেই মাৰ্ক্স আৰু প্ৰুধ’ৰ অনুগামীসকলৰ মাজত মতাদৰ্শগত মতানৈক্যই দেখা দিলে। ইণ্টাৰনেটৰ মজিয়াত মতাদৰ্শগত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সকলো গোট আৰু দলৰে মাজত উথপথপ লাগিল। ১৮৬৫ চনৰ জুন মাহত ইণ্টাৰনেছনেলৰ সাধাৰণ পৰিষদৰ সভাত মাৰ্ক্সে এলানি বক্তৃতা প্ৰদান কৰিলে। সেই সময়ত ইউটপিয়ান সমাজবাদী নেতা ৰবাৰ্ট অৱেনৰ অনুগামীজন ৱেষ্টন নামৰ এজন অৰ্থনীতিবিদে তাত্ত্বিকভাৱে যুক্তি দৰ্শাইছিল যে শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰিবলৈ লোৱা প্ৰতিটো প্ৰচেষ্টাই শেহত গৈ বিফল হ’বলৈ বাধ্য। এই বক্তৃতাসমূহত মাৰ্ক্সে ৱেষ্টনৰ এই ধাৰণাসমূহকে খণ্ডন কৰিবলৈ চেষ্টা কৰিলে। পাছলৈ এই বক্তৃতাখিনি এখনি পুস্তিকাৰ ৰূপত Wages, Price and Profit নামেৰে প্ৰকাশিত কৰা হ’ল। ইফালে জাৰ্মানীৰ আইচেনবাখত ১৮৬৯ চনত মাৰ্ক্সৰ অনুগামী শ্ৰমিক নেতা আগষ্ট বেবেল তথা ৱিলহেম লেবনেষ্টৰ নেতৃত্বত ‘সামাজিক গণতন্ত্ৰবাদী শ্ৰমিক দল’ (Social Democratic Workers Party) গঠন কৰা হ’ল। ইয়াৰ লগে লগেই মাৰ্ক্সৰ তত্ত্বসমূহে পুনৰ জাৰ্মানীত প্ৰবেশ কৰিবলৈ সুযোগ পালে।

দুটা ঘটনাই ইণ্টাৰনেছনেলৰ ভাগ্য সম্পূৰ্ণভাৱে সলনি কৰি পেলালে। ১) ১৮৭০ চনৰ জুলাই মাহত ফ্ৰাঞ্চ আৰু প্ৰুচিয়াৰ মাজত যুদ্ধৰ সূত্ৰপাত ঘটিল। যুদ্ধত প্ৰুচিয়াৰ ক্ষিপ্ৰ বিজয়ে নেপোলিয়ন তৃতীয়ৰ পতন ঘটালে আৰু ফ্ৰাঞ্চ পুনৰ গণৰাজ্যৰূপে ঘোষিত হ’ল। পিছে থিয়েৰ নেতৃত্বাধীন অস্থায়ী চৰকাৰখনৰ প্ৰতিক্ৰিয়াশীল নীতিসমূহৰ ফলত ১৮৭১ চনৰ মাৰ্চত পেৰিছৰ শ্ৰমিক সকলে হাতত অস্ত্ৰ তুলি ল’লে আৰু বুৰ্জোৱা চৰকাৰৰ ঠাইত শ্ৰমিকৰ নিজস্ব চৰকাৰ – কমিউন- গঠনৰ ঘোষণা কৰিলে। থিয়েৰ চাহাবে হুহকি গৈ ৱাৰ্চাই চহৰত আশ্ৰয় ল’ব লগা হ’ল। অতি শীঘ্ৰেই অৱশ্যে শ্ৰমিক চৰকাৰখনক দমন কৰিবলৈ সেনা-বাহিনী মোতায়েন কৰা হ’ল। পেৰিছৰ কম্যুনাৰ্ড সকলে সাহসেৰে প্ৰতিৰোধ কৰিলে যদিও শেহান্তৰত বিদ্ৰোহ কঠোৰ হাতেৰে নিৰ্মূল কৰা হ’ল। পেৰিচৰ বাট পথ পুনৰ শ্ৰমিকৰ তেজেৰে ৰাঙলী হৈ পৰিল।

কমিউন চৰকাৰৰ ওপৰত ইণ্টাৰনেছনেলৰ বিশেষ কোনো প্ৰভাৱ বা কৰ্তৃত্ব নাছিল। কিমান দিনলৈ কমিউন চৰকাৰ তিষ্টি থাকিব পাৰিব- এই লৈ মাৰ্ক্স নিজেই সন্দিহান আছিল। তথাপিও তেওঁ দৃঢ়ভাৱে কমিউনৰ সপক্ষে থিয় দিলে। ১৮৭১ চনৰ ৩০ এপ্ৰিলঃ কমিউনৰ পতনৰ তিনি দিন পাছত সাধাৰণ পৰিষদে এখনি পাঠ প্ৰস্তুত কৰি উলিয়ালে। The Civil War in France শীৰ্ষক এই পাঠটিৰ প্ৰকৃত লেখক আছিল স্বয়ং মাৰ্ক্স। মাৰ্ক্সৰ সৰ্বোত্তম লেখনীসমূহৰ ভিতৰত এই ৰচনাখনি অন্যতম বুলি ক’ব পৰা যায়ঃ কম্যুনাৰ্ডসকলৰ অসীম সাহস আৰু বীৰত্বৰ গাথাৰে সিক্ত ৰচনাখনিত হত্যাকাৰী বুজোৱাহঁতৰ তথাকথিত সভ্যতাৰ মুখা খুলি দিয়া হ’ল। কম্যুনাৰ্ডসকলৰ বৈপ্লৱীক পদক্ষেপ – আৰু তেওঁসকলৰ বিৰুদ্ধে সমগ্ৰ বুৰ্জোৱাৰ ঐক্যবদ্ধ দমন যজ্ঞ – ইয়াৰ মাজতেই মাৰ্ক্সে ৰাষ্ট্ৰ চৰিত্ৰ সম্পৰ্কীয় মাৰ্ক্সীয় তত্ত্বৰো সন্ধান কৰিলে। পাছলৈ এই ৰচনাখনিৰ আলোচিত বিষয় বস্তুৰ পৰাই লেনিনে তেওঁৰ State and Revolution শীৰ্ষক গ্ৰন্থখনিৰ বাবে সমল লাভ কৰিছিল।

কমিউনৰ পতনৰ পাছতেই সমগ্ৰ ইউৰোপজুৰি সমাজবাদীসকলৰ বিৰুদ্ধে কুৎসা ৰটনা আৰম্ভ কৰা হল। প্ৰথম ইণ্টাৰনেছনেলো এই অপপ্ৰচাৰৰ পৰা সাৰি যাব নোৱাৰিলে। বুৰ্জোৱা বাতৰি কাকতসমূহৰ দ্বাৰা মাৰ্ক্সক ‘ৰেড ডক্টৰ’, কমিউনৰ পুতলা নচুওৱা প্ৰকৃত মাষ্টৰ (puppet master) আদি বিভিন্ন নামেৰে বিভূষিত কৰা হল। এনে ‘কুখ্যাতি’ৰ মাজতেই Civil War in France খনৰো জনপ্ৰিয়তা বাঢ়ি যাবলৈ ধৰিলে। পিছে এনে উত্তপ্ত পৰিবেশত নিৰ্জু প্ৰকৃতিৰ ইংলিছ ট্ৰেড ইউনিয়নসমূহে প্ৰমাদ গণিলে। তেওঁলোকে নিজকে ইণ্টাৰনেছনেলৰ পৰা আঁতৰাই নিয়াটোৱেই শ্ৰেয় হ’ব বুলি গণ্য কৰিলে। Civil War in Franceৰ প্ৰকাশনৰ পাছতেই সাধাৰণ পৰিষদৰ দুয়োজন ব্ৰিটিছ প্ৰতিনিধি - অডগাৰ আৰু লুক্ৰাফটে পদত্যাগ কৰিলে।

দ্বিতীয়তে, মিখাইল বাকুনিনৰ কাৰ্যকলাপবোৰেও ইণ্টাৰনেছনেলৰ অস্তিত্বলৈ সংকট নমাই আনিলে। বাকুনিন আছিল এটি সম্ভ্ৰান্ত ৰাছিয়ান পৰিয়ালৰ সন্তান। মাৰ্ক্সৰ দৰেই তেওঁ ১৮৩০ তথা ১৮৪০ৰ দশককেইটাত হেগেলৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। পিছে ১৮৪২ চনত তেওঁ এক অদ্ভুত সিদ্ধান্তলৈ আহিলঃ তেওঁ ঘোষণা কৰিলে - ‘ধ্বংসমূলক হাবিয়াস হৈছে সৃষ্টিশীল হাবিয়াসৰে অন্য এটা নাম! ’ বাকী সমগ্ৰ জীৱনচোৱা তেওঁ এই আপ্তবাক্যশাৰী সভক্তিৰে পালন কৰি গ’ল! ১৮৪৮ৰ বিপ্লৱৰ পাছত বাকুনিন জাৰৰ পুলিচৰ হাতত ধৰা পৰিল। কুখ্যাত পিটাৰ-পল কাৰাগাৰত তেওঁক ৰখা হ’ল। পিছে ১৮৬১ চনত তেওঁ পলাই সাৰিল আৰু এইবাৰ মহাশয়ে ইংলেণ্ডত বিপ্লৱ কৰিবলৈ থিৰাং কৰিলে।

প্ৰথমচোৱা সময়ত মাৰ্ক্সৰ সৈতে বাকুনিনৰ বন্ধুত্বসূলভ সম্পৰ্কই আছিল। এজনা ‘প্ৰবীণ হেগেলবাদী’ বন্ধু হিচাপে মাৰ্ক্সে তেওঁলৈ ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড উপহাৰ স্বৰূপে পঠাইছিল। পিছে দুয়ো জনৰ স্বভাৱ চৰিত্ৰ আছিল সম্পূৰ্ণ বিপৰীত। বাকুনিনৰ সমসাময়িক আন এজন দেশান্তৰিত ৰাছিয়ান বিপ্লৱী এলেক্সজেণ্ডাৰ হাৰ্জেনৰ মতে, ‘আন্দোলন, প্ৰপাগাণ্ডা আৰু বক্তৃতাবাজী বাকুনিনৰ প্ৰিয় কাৰ্য আছিল। কথাই কথাই ষড়যন্ত্ৰৰ গোন্ধ লৈ ফুৰা, যতে ততে প্লট-ষড়যন্ত্ৰ ইত্যাদিৰ আয়োজন কৰা, সিবিলাকৰ মাজত বিশ্ব ঐতিহাসিক তাৎপৰ্য আৱিষ্কাৰ কৰা – এইবোৰ আছিল তেওঁৰ ব্যক্তিত্বৰ অন্যতম অংশ। এই ষঢ়যন্ত্ৰসমূহক মূৰ্ত ৰূপ দিবলৈ, সিবিলাকৰ সম্ভাব্য পৰিণামৰ দায়িত্ব স্বীকাৰ কৰিবলৈ, আনকি সিবিলাকৰ বাবে নভবা-নিচিন্তাকৈয়ে প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলৈ তেওঁ সদায়েই প্ৰস্তুত আছিল’। নেপোলিয়ন তৃতীয়ৰ পতনৰ খবৰ পোৱাৰ পাছত বাকুনিনৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ: ততালিকে তেওঁ লিয়ন চহৰত গৈ উপস্থিত হ’ল আৰু আৰু টাউন হলৰ সমুখত ‘ৰাষ্ট্ৰৰ নিপাত ঘটিল’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিলে! উৎপাত অতিশয় বাঢ়ি যোৱাত কেইজনমান পুলিচে মহাশয়ক দাংকোলাকৈ উঠাই লৈ যোৱাৰ পাছতহে সকলোৱে ৰক্ষা পালে!

১৮৬৮ চনত বাকুনিনে ইণ্টাৰনেছনেলত যোগদান কৰিলে। একে সময়তে তেওঁ ইণ্টাৰনেছনেলৰ ভিতৰতে The Alliance for Social Democracy নামেৰে অৰাজকতাবাদীসকলৰ এটা পৃথক সংগঠনো গঠন কৰিলে। ইণ্টাৰনেছনেলৰ ইটালিয়ান, স্পেনিছ আৰু চুইছ প্ৰতিনিধিসকলৰ মাজত অৰাজকতাবাদীসকল বিশেষভাৱে প্ৰভাৱশালী আছিল। কমিউনৰ পতনৰ পাছৰ পৰাই মাৰ্ক্স আৰু বাকুনিনৰ অনুগামীসকলৰ মাজত মতবিৰোধ ক্ৰমে তীব্ৰতৰ হৈ পৰিল। এফালৰ পৰা চাবলৈ গ’লে ই ১৮৪৮ৰ কমিউনিষ্ট লীগৰ পুনৰাবৃত্তি আছিলঃ মাৰ্ক্সে যুক্তি দৰ্শাইছিল যে বৰ্তমানৰ সময়ত তাৎক্ষণিক বিপ্লৱৰ সম্ভাৱনীয়তা ক্ৰমে ক্ষীণ হৈ পৰিছে; সেয়েহে সেই অনুসৰি ৰাজনৈতিক কাৰ্যনীতি গ্ৰহণ কৰা হওক। ইফালে বাকুনিনবাদী সকলে আকৌ সকলোতে বিপ্লৱৰে পূৰ্বাভাস পাইছিল; সেয়েহে তেওঁলোকৰ কথা আছিলঃ অবিলম্বে বিদ্ৰোহৰ বাবে প্ৰস্তুতি চলোৱা হওক! কিছুদিনৰ পাছত মাৰ্ক্সৰ অনুভৱ হ’লঃ এই পৰিস্থিতিত ইণ্টাৰনেছনেলৰ মজিয়াত তেওঁৰ কথা হয়তো বেছিদিন নিটিকিব। সেয়েহে তেওঁ কাৰ্যকৰীভাৱে সংগঠনটো ভংগ কৰি দিয়াটোৱেই সঠিক হব বুলি ঠিক কৰিলে। ১৮৭২ চনৰ চেপ্তেম্বৰ মাহত হেগ চহৰত ইণ্টাৰনেছনেলৰ অন্তিমখন বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হ’ল। আমোদজনকভাৱে কেৱল এইখন অধিবেশনতেই মাৰ্ক্স সোঁ-শৰীৰেৰে উপস্থিত আছিল! অৱশেষত বহু যুক্তি তৰ্কৰ পাছত বাকুনিন আৰু তেওঁৰ অনুগামীসকলক ইণ্টাৰনেছনেলৰ পৰা বহিষ্কৃত কৰা হল আৰু ইণ্টাৰনেছনেলৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কলৈ স্থানান্তৰিত কৰা হ’ল। আমেৰিকালৈ মুখ্য কাৰ্যালয় লৈ যোৱাৰ অৰ্থ আছিল- সংগঠনটো কাৰ্যকাৰীভাৱে নিস্তেজ কৰি পেলোৱা। অৱশেষত ১৮৭৬ চনত আনুষ্ঠানিকভাৱে ইণ্টাৰনেছনেল ভংগ কৰি দিয়া হ’ল।

অন্তিম বছৰকেইটা[সম্পাদনা কৰক]

ইণ্টাৰনেছনেলৰ পতনৰ পাছত প্ৰত্যক্ষ ৰাজনীতি ক্ষেত্ৰখনৰ পৰা মাৰ্ক্স পুনৰ আঁতৰি আহিল। বিত্তীয় অৱস্থাৰ ফালৰ পৰা এইছোৱা সময়েই মাৰ্ক্স দম্পত্তীৰ বাবে আটাইতকৈ ভাল সময় বুলি ক’ব পৰা যায়। ১৮৬৯ চনত এংগেলছে তেওঁৰ বিজনেছ সহযোগী আৰ্মেনছক তেওঁৰ ফালৰ স্বত্বখিনি বিক্ৰী কৰি দিলে। ফলতঃ জেনেৰেল চাহাবৰ হাতলৈ ভালেখিনি ধন আহিল। এইখিনি ধনেই তেওঁৰ তথা মাৰ্ক্স দম্পত্তীৰ খৰচৰ বাবে যথেষ্ট আছিল। কিছুদিনৰ পাছত এংগেলছে লণ্ডনৰ ৰিজেণ্ট পাৰ্ক ৰোডত এটা বৃহৎ ঘৰ ক্ৰয় কৰিলে। এই ঘৰটোৰ পৰা মাৰ্ক্সৰ ঘৰলৈ মাত্ৰ ১০ মিনিটৰ পথ আছিল। মাৰ্ক্সৰ মৃত্যৰ পাছত প্ৰায় তিনিটা দশক ধৰি এইটো ঘৰেই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক আন্দোলনৰ কেন্দ্ৰস্থলী হৈ পৰিছিল।

প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰি অহাৰ পাছত ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডৰ কামত মাৰ্ক্স ব্যস্ত হৈ পৰিব লাগিছিল। পিছে এয়া সম্ভৱ নহ’ল। অৱশ্যে সেইবুলি এইখিনি সময় তেওঁ নিষ্কৰ্মা হৈ বহি থকাও নাছিল। মাৰ্ক্সৰ দৰে ব্যক্তি এজনৰ বাবে সেয়া আছিল অসম্ভৱ। অতি সোনকালেই ডাছ কেপিটেলখন অন্যান্য ভাষাত প্ৰকাশিত হ’ল। মাৰ্ক্সে নিজেই ফৰাচী অনুবাদটো ছপাখানালৈ যোৱাৰ আগতে সূক্ষ্মভাৱে পৰীক্ষা কৰিলে (বহুতো পণ্ডিতৰ মতে, ডাছ কেপিটেলৰ ফৰাচী সংস্কৰণটোৱেই হৈছে সবাটোকৈ শ্ৰেষ্ঠ সংস্কৰণ)। ১৮৭৩ চনত জাৰ্মান ভাষাৰ দ্বিতীয়টো সংস্কৰণ প্ৰকাশিত হ’ল। ইয়াৰ বাবেও মাৰ্ক্সে প্ৰথম সংস্কৰণটোৰ কিছু সালসলনি ঘটালে। সিবিলাকৰ উপৰি- ডাছ কেপিটেলৰ তৃতীয় খণ্ডটোৰ ‘কৰ’(rent) শীৰ্ষক অধ্যায়টো লিখিবৰ বাবে মাৰ্ক্সে ৰাছিয়াৰ কৃষি প্ৰশ্ন সম্পৰ্কে বিভিন্ন গ্ৰন্থাদি পঢ়িবলৈ ল’লে। (ডাছ কেপিটেলৰ প্ৰথমটো ৰুছ সংস্কৰণ ১৮৭২ প্ৰকাশিত হ’ল। আমোদজনকভাৱে ৰাছিয়ান চেঞ্চৰ বৰ্ডে কিতাপখনৰ প্ৰকাশনত বিশেষ হকা বাধা নকৰিলে কিয়নো তেওঁলোকে ভাবিলে ‘অতি কম সংখ্যক লোকেহে কিতাপখন পঢ়িব আৰু তাতোকৈও কম সংখ্যক লোকে সেইখন বুজি পাব! ’ পিছে আমূল পৰিৱৰ্তনবাদী বুদ্ধিজীৱীসকলৰ মাজত কিতাপখন অতি সোনকালেই ভীষণভাৱে জনপ্ৰিয় হৈ পৰিল। )

এংগেলছৰ মতে, ১৮৭০ চনৰ পাছত মাৰ্ক্সে অধ্যয়ন কৰা বিষয়সমূহ আছিল এনেধৰণৰ: ‘এগ্ৰ-ইকনমিক্স, কৃষি খণ্ডৰ উৎপাদন সম্বন্ধ (বিশেষকৈ ৰাছিয়া আৰু আমেৰিকাৰ), মুদ্ৰা বজাৰ, বেংকিং, বিভিন্ন প্ৰাকৃতিক বিজ্ঞান – বিশেষকৈ ভূতত্ত্ব আৰু প্ৰাণীতত্ত্ব। গণিত সম্পৰ্কীয় কেতবোৰ স্বাধীনচেতীয়া অধ্যয়নো এই সময়ছোৱাৰ টোকাবহীসমূহত দেখিবলৈ পোৱা যায়। কিন্তু সিবিলাকৰ বিপৰীতে ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডকেইটা প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কোনো প্ৰগতি সম্ভৱপৰ নহ’ল। দশকযোৰা কঠোৰ পৰিশ্ৰম আৰু নৰক সদৃশ জীৱন পৰিক্ৰমাই ইতিমধ্যেই শাৰীৰিকভাৱে মাৰ্ক্সক ভাঙি পেলাইছিল। বাৰম্বাৰ মূৰৰ বিষ, টোপনি নহা ইত্যাদি বিভিন্ন সৰু বৰ ৰোগে মাৰ্ক্সক একেবাৰেই নিশকতীয়া কৰি পেলালে। মাৰ্ক্সৰ জীৱনীকাৰ ডেভিদ মেকলেনানৰ ভাষাত 'তেওঁ এতিয়া মানসিক আৰু শাৰীৰিকভাৱে ভগ্নপ্ৰায়। তেওঁৰ ৰাজহুৱা জীৱনৰ ইতিমধ্যেই যৱনিকা পৰিছে। '

শাৰীৰিকভাৱে নিশকতীয়া হৈ পৰিলেও মাৰ্ক্সৰ মানসিক দৃঢ়তাৰ পিছে কোনো হীন-দেঢ়ি ঘটা নাছিল। আচলতে ১৮৪০ৰ দশকৰ পৰাই তেওঁৰ এই মানসিক দৃঢ়তা তথা নীতিৰ প্ৰশ্নত বজ্ৰ-কাঠিন্যতাৰ বাবে সমগ্ৰ ইউৰোপৰে বিপ্লৱীসকলে তেওঁক সমীহ কৰি চলিছিল। ১৮৭৫ চনত জাৰ্মানীৰ কমিউনিষ্ট নেতাসকলে মাৰ্ক্সৰ এই কঠোৰতাৰ সোৱাদ পুনৰ লাভ কৰিলে যেতিয়া লাছাল আৰু লেবনেষ্ট নেতৃত্বাধীন দুয়োটা বাওঁপন্থী দলে নীতি সম্পৰ্কীয় কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে একত্ৰিত হোৱাৰ সিদ্ধান্ত ললে আৰু নিজকে ‘জাৰ্মান সামাজিক গণতন্ত্ৰবাদী দল’ (German Social Democratic Party- SPD) নামেৰে নামকৰণ কৰিলে। নতুন দলটিৰ বাবে খৰখেদাকৈ এখনি কাৰ্যসূচীও তৈয়াৰ কৰা হ’ল। গ’থা চহৰত গৃহীত হোৱাৰ বাবে কাৰ্যসূচী খনৰ নাম দিয়া হল- গ’থা কাৰ্যসূচী। মাৰ্ক্স এংগেলছে একেমুখে কাৰ্যসূচী খনৰ নিৰ্মম সমালোচনা কৰিলে। তেওঁলোকৰ মতে, বাস্তৱ প্ৰয়োজনত বিভিন্ন দলে একেলগে কাম কৰাটো বাঞ্ছনীয় হ’লেও একত্ৰীকৰণৰ প্ৰশ্নত কাৰ্যসূচী সম্পৰ্কীয় বিষয়বোৰ লৈ স্পষ্টতা ৰখাটো প্ৰয়োজনীয় আছিল। তদুপৰি লাছালেৰ সমাজবাদ সম্পৰ্কীয় অস্পষ্ট তত্ত্বসমূহে বিপ্লৱীসকলৰ মনত খেলিমেলি লগাব বুলিও মাৰ্ক্সে আশংকা কৰিছিল।

পাছলৈ The Critique of the Gotha Programme নামেৰে প্ৰকাশিত হোৱা এইখনি ৰচনাতেই মাৰ্ক্সে পুঁজিবাদৰ পৰা কমিউনিজিমলৈ কেনেদৰে সংক্ৰমণ সম্ভৱ হ’ব –এই সম্পৰ্কে কেতবোৰ চিন্তাকৰ্ষক আলোচনাৰো সূচনা কৰিলে। (উল্লেখনীয় যে ১৮৯১ চন পৰ্যন্ত SPDৰ দুয়োজন কমিউনিষ্ট নেতা – বেবেল আৰু লেবনেষ্টে – এই ৰচনাখনিৰ প্ৰকাশন গাপ দি ৰাখিছিল। )

বিভিন্ন প্ৰশ্ন সম্পৰ্কে জাৰ্মান সমাজবাদীসকলৰ সৈতে প্ৰায়েই মাৰ্ক্স–এংগেলছৰ মনোমালিন্য ঘটিছিল। ১৮৭৭ চনৰ আশে পাশে জাৰ্মান সমাজবাদীসকলৰ মাজত হঠাতে ইউজিন ড্যুৰিং নামৰ প্ৰফেচৰ এজনৰ কেতবোৰ তত্ত্ব জনপ্ৰিয় হৈ পৰিল। ড্যুৰিঙে ঘোষণা কৰিলে – তেওঁ সমাজবাদৰ এক শ্ৰেষ্ঠ সংস্কৰণ আৱিষ্কাৰ কৰি পেলাইছে! মহাশয়ৰ এই জাতীয় দৌৰাত্মত মাৰ্ক্স এংগেলছ অতিষ্ঠ হৈ পৰিল। ড্যুৰিঙক যোগ্য প্ৰত্যুত্তৰ দিবৰ মানসেৰে এংগেলছে লিখি উলিয়ালে Anti-Duhring শীৰ্ষক এখনি বৃহৎ গ্ৰন্থ। ১৮৭৯ চনত পুনৰ ড্যুৰিঙৰ তত্ত্বসমূহ নভবা নিচিন্তাকৈ গ্ৰহণ কৰি লোৱাৰ বাবে মাৰ্ক্স এংগেলছে বাৰ্নষ্টিনকে আদি ধৰি কেইবাজনো জাৰ্মান কমিউনিষ্ট নেতাক কঠোৰভাৱে সমালোচনা কৰিলে। এইছোৱা সময়তে অনুগামীসকলৰ এই জাতীয় নিৰ্বুদ্ধিতাত বিৰক্ত হৈ মাৰ্ক্সে ঘোষণা কৰিছিল ‘All I know is that I am no Marxist.’

পিছে এই জাতীয় দুই এটা ব্যতিক্ৰম বাদ দিলে জীৱনৰ শেহৰছোৱা সময় মাৰ্ক্সে বেছ শান্তিৰেই কটাইছিল বুলি ক’ব পাৰি। এই সময়খিনিত মাৰ্ক্সৰ চিনাকি ব্যক্তি এজনে তেওঁৰ বিবৰণ দিছে এনেদৰে:

"…[মাৰ্ক্স] এংলো-জাৰ্মান সুঁতিৰ এজন উচ্চ সংস্কৃতিমনা ব্যক্তি। [কবি] হেইনেৰ [ৰচনাৰ] সৈতে পৰিচয়ে তেওঁক প্ৰদান কৰিছে এক প্ৰফুল্ল চিত্ত আৰু ৰসাল ব্যংগ ৰচনাৰ অসীম ক্ষমতা। অৱশেষত তেওঁৰ ব্যক্তিগত জীৱন এতিয়া কিছু ভাললৈ আহিছে। আজি তেওঁ এজন সুখী মানুহ। "

১৮৬৫ চনত জীয়েকহঁতে ধেমালিতে প্ৰস্তুত কৰা প্ৰশ্নাৱলী এখনৰ ‘প্ৰিয় কাম’ শীৰ্ষক প্ৰশ্ন এটাৰ উত্তৰত মাৰ্ক্সে লিখিছিল – "তেওঁ সদায়েই গ্ৰন্থকীট হ’বলৈ ভাল পাব। " কথাষাৰ আছিল সম্পূৰ্ণ সঁচা। মাৰ্ক্সৰ অধ্যয়নৰ ব্যাপ্তি আছিল আশ্চৰ্যকৰ। অক্সফৰ্ড ইউনিভাৰ্চিটিৰ জাৰ্মান সাহিত্যৰ অধ্যাপক এছ এছ প্ৰয়েৰে ‘ইউৰোপীয় সাহিত্যৰ সৈতে মাৰ্ক্সৰ পৰিচয়’ সম্পৰ্কীয় এটি অধ্যয়নত অলপতে এনেদৰে লিখিছে:

"ধ্ৰুপদী সাহিত্য, মধ্যকালীন জাৰ্মান সাহিত্য, গ্যেটে, ডাণ্টে, বয়াৰ্ড, টাছ’, চাৰ্ভেণ্টিছ, শ্যেক্সপীয়েৰ..., ১৮ তথা ১৯ শতিকাৰ ফৰাচী আৰু ইংৰাজী গদ্য সাহিত্য – এই আটাইবোৰেই মাৰ্ক্সৰ অবাধ বিচৰণৰ স্থলী আছিল। যিকোনো সমকালীন কবিতা – যেনে ধৰক হেইনীৰ ৰচনাসমূহ- যি পৰম্পৰাগত কৰ্তৃত্বৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি এক ন্যায়সংগত ভৱিষ্যতৰ সপোন দেখুৱাবলৈ সাহস কৰিব পাৰিছিল, সিবিলাকে মাৰ্ক্সৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সামগ্ৰিকভাৱে চাবলৈ গ’লে অৱশ্যে বৰ্তমানতকৈ অতীতৰ কৃতিসমূহৰ প্ৰতিহে তেওঁৰ চকু আছিল যেন লাগে। সমকালীন লেখকসকলতকৈ এছিলিছ, ডাণ্টে আৰু শেক্সপীয়েৰৰ ৰচনাসমূহেই তেওঁৰ দৃষ্টি বেছিকৈ আকৰ্ষণ কৰিছিল। "

গ্ৰীক আৰু ৰোমান সাহিত্য তেওঁৰ অতিকৈ প্ৰিয় আছিল। ঘোৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সময়ত তেওঁ এপ্পিয়ান কৃত ৰোমান গৃহযুদ্ধৰ বিবৰণসমূহ মূল গ্ৰীক ভাষাত পঢ়িছিল। মাৰ্ক্সৰ ভাষাত ‘স্পাৰ্টাকাছেই হয়তো সমগ্ৰ প্ৰাচীন ইতিহাসৰ সবাটোকৈ শ্ৰেষ্ঠ চৰিত্ৰ ...তেওঁ এজন মহান সেনাপতি, এক বিশাল ব্যক্তিত্ব, আদিম সৰ্বহাৰাৰ প্ৰকৃত প্ৰতিনিধি... তেওঁৰ তুলনাত পম্পী আবৰ্জনাসদৃশ মাথোঁ। Grundrisseত মাৰ্ক্সে লিখিছে ‘যদিও গ্ৰীক কলা আৰু মহাকাব্যসমূহ সামাজিক বিকাশৰ এক বিশেষ পৰ্যায়ৰ সৈতে সংপৃক্ত, তথাপিও সিবিলাকে অপৰিসীম কলাত্মক তৃপ্তি প্ৰদান কৰে...[সাহিত্যিক সৃজনৰ ক্ষেত্ৰত] সিবিলাক আজিও আমাৰ আদৰ্শ। ’(Grundrisse, পৃষ্ঠা ১১১)। বিপ্লৱোত্তৰ ফৰাচী সমাজখনৰ শ্ৰেণী সংঘাত বিষয়ক বালজাকৰ বাস্তৱবাদী উপন্যাসসমূহেও মাৰ্ক্সক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। মাৰ্ক্সৰ অন্যান্য অসম্পূৰ্ণ প্ৰকল্পৰ ভিতৰত অন্যতম আছিল -বালজাক সম্পৰ্কীয় এটি অধ্যয়ন।

১৮৭২ চনত সপ্ৰতিভ ডেকা সাংবাদিক চাৰ্লচ লংগেৰ সৈতে মাৰ্ক্সৰ ডাঙৰজনী ছোৱালী জেনীৰ বিয়া হ’ল। ইয়াৰ পূৰ্বে ১৮৬৮ চনত মাজুজনী ছোৱালী লৌৰাৰ বিয়া হ’ল কমিউনিষ্ট নেতা পল লাফাৰ্গৰ সৈতে। প্ৰবাদ আছে যে, শহুৰেক হিচাপে মাৰ্ক্স যথেষ্ট কাঢ়া আছিল। বিশেষকৈ লাফাৰ্গে বিয়াৰ আগেয়ে মাৰ্ক্সৰ বহু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হ’ব লগা হৈছিল! পিছে আচল সংঘাতখন সৃষ্টি হ’ল সৰুজনী ছোৱালী এলেনৰৰ বিয়াৰ সময়তহে। এলেনৰ আছিল মাৰ্ক্সৰ সবাটোকৈ প্ৰিয় সন্তান, তাইৰ স্বভাৱটো দেউতাকৰ দৰেই আকোৰগোজ আৰু গোৱাৰ। ('টুছি সাইলাখ মোৰ দৰে' মাৰ্ক্সে এসময়ত কৈছিল। ) এলেনৰ লিচাগৈৰে নামৰ ফৰাচী সাংবাদিক এজনৰ প্ৰেমত পৰিল। ইফালে সম্পৰ্কটো লৈ মাৰ্ক্স কোনোপধ্যেই ৰাজী নহয়। এলেনৰেও লিচাগৈৰেক বিয়া পাতিবলৈ বদ্ধপৰিকৰ। এই লৈ মাজতে বেছ কিছুদিন ধৰি বাপেক জীয়েকৰ মাত-কথা বন্ধ হোৱাৰো অৱস্থা হ’ল।

এলেনৰে অভিনয় কৰি ভাল পাইছিল। জীয়েকৰ প্ৰভাৱত মাৰ্ক্সেও লণ্ডনৰ প্ৰেক্ষাগৃহবোৰ ঘুৰ্মুটিয়াই ফুৰিছিল। মেইটলেণ্ড ৰডত সেইসময়ত শেক্সপীয়েৰ ৰিডিং ক্লাব নামেৰে এখনি নাট্য সভা নিয়মীয়াকৈ বহিছিল। তাৰে এজন সদস্যই মাৰ্ক্সৰ বৰ্ণনা দিছে এনেদৰে,

"দৰ্শক হিচাপে মাৰ্ক্স এজন অতিশয় ফুৰ্তিবাজ মানুহ। তেওঁ কেতিয়াও সমালোচনা নকৰে, যিকোনো ধৰণৰ ফুৰ্তিত যোগদান কৰিবলৈ তেওঁ সদায়েই সাজু, আনকি হাঁহি হাঁহি কেতিয়াবা তেওঁৰ চকুপানী বৈ যোৱাৰো অৱস্থা হয়। শাৰীৰিকভাৱে তেওঁ হয়তো সকলোৰে ভিতৰত বয়োজ্যেষ্ঠ, কিন্তু মানসিকভাৱে তেওঁ আজিও আমাৰ দৰেই তৰুণ। "

১৮৮১ চনত স্বামীৰ সৈতে জেনী পেৰিছলৈ গুচি গ’ল। জীয়েক কেইজনীৰ অবিহনে মাৰ্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। এনেতে এটা বেয়া খবৰ আহিল, পত্নী জেনী মাৰ্ক্সৰ পৃত্ত কেঞ্চাৰ হৈছে। ইফালে মাৰ্ক্সৰ নিজৰেই ব্ৰংকাইটিছত যোৱা থোৱা অৱস্থা। এলেনৰৰ ভাষাত,

সেইছোৱা বৰ দুৰ্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ [মূৰ – মাৰ্ক্সৰ ঘৰত মতা নাম]। সমগ্ৰ জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুনৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা-ছোৱালী। কোনেও ক’ব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্ৰসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌৱনত ভৰিহে দিছে। ..."

১৮৮১ চনৰ ২ ডিচেম্বৰত জেনী মাৰ্ক্সৰ মৃত্যু হ’ল। এংগেলছে এলেনৰলৈ লিখিলে –'Moor is dead too'। পৰিবেশ সলনি কৰিবৰ বাবে মাৰ্ক্সক ফুৰাবলৈ নিয়া হ’ল – অলপ দিন এলজিয়াৰত থকাৰ পাছত জীয়েক জেনীৰ পেৰিছৰ ঘৰত মাৰ্ক্স কিছু দিন থাকিল। নাতি-নাতিনীহঁতৰ সৈতে মাৰ্ক্সে কিছুদিন অতি সন্তোষেৰে কটালে। জীয়েক লৌৰাৰ সৈতে তেওঁ কিছুদিন চুইজাৰলেণ্ডলৈকো ফুৰিবলৈ গ’ল। ইংলেণ্ডলৈ ঘূৰি অহাৰ পথত মাৰ্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিলে। ঘৰ পায়েই পুনৰ এটা দুঃসংবাদ - মাৰ্ক্সৰ মৰমৰ জীয়েক জেনী ঢুকাল। ১৮৮৩ চনৰ ১৪ নবেম্বৰ: খবৰ লবলৈ এংগেলছ মাৰ্ক্সৰ ঘৰলৈ আহিল। জেনেৰেল চাহাবে মন কৰিলে - 'সমগ্ৰ ঘৰখনতে কান্দোনৰ ৰোল। হয়তো বেছি পৰ নাই। ' ওপৰ মহলাৰ কোঠালৈ যাওঁতেই দেখা গ’ল - আকৌ কেতিয়াও সাৰ নোপোৱাকৈ মাৰ্ক্স শান্তিৰে টোপনি গৈছে। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনা লিখিলে: ‘Mankind is shorter by a head, and that was the greatest head of our time.’

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mehring, Franz, Karl Marx: The Story of His Life (Routledge, 2003) pg. 75
  2. John Bellamy Foster. "Marx's Theory of Metabolic Rift: Classical Foundations for Environmental Sociology", American Journal of Sociology, Vol. 105, No. 2 (September 1999), pp. 366–405.
  3. Allen Oakley, Marx's Critique of Political Economy: 1844 to 1860, Routledge, 1984, p. 51.
  4. Alex Callinicos (1996). The Revolutionary Ideas of Karl Marx. Book Mark. পৃষ্ঠা. 13–14. ISBN 1-898876-134. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]