৯ অক্টোবৰ (ইংৰাজী : 9 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৮২তম (অধিবৰ্ষ ত ২৮৩তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৩টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৪৪৬ - হেংগুল বৰ্ণমালা কোৰিয়াত প্ৰথম প্ৰকাশিত হয়।
১৬০৪ - হাতীপটি ৰ ভিতৰত পৰ্যবেক্ষণ কৰা আটাইতকৈ শেহতীয়া চুপাৰনোভা 'কেপলাৰৰ চুপাৰনোভা' দেখা পোৱা গৈছিল।
১৮৭৪ - বাৰ্ণ চুক্তিৰ দ্বাৰা ইউনিভাৰ্ছেল ডাক সংঘ সৃষ্টি কৰা হয়।
১৯৪১ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে এক পাৰমাণৱিক কাৰ্যসূচীৰ অনুমোদন জনাই যিটো পিছত মেনহাটান প্ৰকল্প ত পৰিণত হৈ পৰে।
১৯৪৬ - ভাৰত চৰকাৰে বিদেশত ভাৰতৰ কূটনৈতিক, কনচুলাৰ আৰু বাণিজ্যিক প্ৰতিনিধিত্বৰ বাবে ভাৰতীয় বৈদেশিক সেৱা স্থাপন কৰে।
১৯৪৯ - ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল চি ৰাজাগোপালাচাৰীয়ে আধুনিক ক্ষেত্ৰীয় সেনা উদ্বোধন কৰে।
১৯৬৭ - বন্দী হোৱাৰ এদিন পিছত বলিভিয়াত বিপ্লৱ কৰিবলৈ চেষ্টা কৰা বাবে আৰ্নেষ্টো "চে" গুৱেভাৰাক মৃত্যুদণ্ড দিয়া হয়।
২০০৬ - উত্তৰ কোৰিয়াই প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰে।
২০০৮ - মাফিয়াৰ পৰা তেল সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন বিশেষজ্ঞৰ সমিতি গঠন কৰিছিল।
২০১২ - পাকিস্তানী তালিবানে স্পষ্টবাদী স্কুলীয়া ছাত্ৰী মালালা ইউছুফজাইক হত্যাৰ চেষ্টা কৰে।
২০২১ - অসমৰ যোৰহাটৰ ৭ বছৰীয়া ফ্ল'ৰিনা গগৈ য়ে ছ'নী টিভিৰ চুপাৰ ডেঞ্চাৰ অধ্যায় ৪ ৰ চূড়ান্ত বিজয়ী হয়।
১৭৫৭ - চাৰ্লছ এক্স , ফ্ৰান্সৰ ৰজা (১৮২৪-৩০)। (মৃঃ ১৮৩৬)
১৮২৬ - ৰাজা লক্ষ্মণ সিং , হিন্দী সাহিত্য এগৰাকী প্ৰসিদ্ধ সাহিত্যক৷
১৮৫২ - হেৰমন ইমিল ফিচাৰ , নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ। হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।
১৮৯৭ - মিঞ্জুৰ ভক্তৱতছালাম , স্বাধীনতা সংগ্ৰামী আৰু মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰী।
১৯২৯ - সুধীন দাশগুপ্ত , বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী।
১৯৪০ - জন লেনন , আমেৰিকান সংগীতজ্ঞ আৰু শান্তি কৰ্মী।
১৯৪৫ - ওস্তাদ আমজাদ আলি খান , বিখ্যাত ভাৰতীয় সৰোদ বাদক।
১৯৬৬ - ডেভিদ কেমেৰুন , ব্ৰিটিছ প্ৰধানমন্ত্ৰী, ইংলেণ্ডৰ লণ্ডনত জন্ম হৈছিল।
১৯৭৯ - মেনকা পি পি বৰা (মেনকা প্ৰফুল্ল প্ৰসাদ বৰা), ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
১৯৮৫ - ছায়ানী গুপ্তা , ভাৰতীয় অভিনেত্ৰী।
১৯৪৩ - পিটাৰ জিমান , এজন ডাচ্চ পদাৰ্থবিজ্ঞানী যিয়ে জিমান প্ৰভাৱৰ আৱিষ্কাৰৰ বাবে হেন্দ্ৰিক লৰেণ্টজৰ সৈতে ১৯০২ চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা পাইছিল।
১৯৬৭ - চে গুৱেভাৰা , এজন আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, চিকিৎসক, লেখক, গেৰিলা নেতা, কূটনীতিবিদ আৰু সামৰিক তাত্ত্বিক। কিউবান বিপ্লৱৰ এক মুখ্য ব্যক্তিত্ব।
১৯৮৭ - গুৰু গোপীনাথ , অভিনেতা আৰু কথাকলি কিংবদন্তী।
১৯৯৫ - এলেক ড'গলাছ-হোম , ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
২০০৬ - কাঞ্চী ৰাম , ভাৰতৰ এগৰাকী ৰাজনীতিবিদ, সমাজকৰ্মী আৰু বহুজন নায়ক।
২০১৫ - ৰবীন্দ্ৰ জৈন , ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী।
বিশ্ব মহাকাশ সপ্তাহৰ ষষ্ঠ দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
বিশ্ব ডাক দিৱস।
আঞ্চলিক বা ক্ষেত্ৰীয় সেনা দিৱস। (ভাৰতৰ)
ভাৰতীয় বৈদেশিক সেৱা দিৱস।