ছায়ানী গুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছায়ানী গুপ্তা
Sayani Gupta

২০২০ চনত ছায়ানী
জন্ম ৯ অক্টোবৰ, ১৯৮৫ (৩৮ বছৰ)
কলিকতা, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১১–বৰ্তমান
বঁটা, সন্মান, পুৰস্কাৰ আদি লায়নছ্ গল্ড বঁটা (২০২০)

ছায়ানী গুপ্তা (ইংৰাজী: Sayani Gupta, জন্ম-৯ অক্টোবৰ, ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ছবিত অভিনয় কৰে৷ ছায়ানীয়ে ভাৰতীয় ছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছে৷ ২০১২ চনত মুক্তিপ্ৰাপ্ত ছেকেণ্ড মেৰিজ ডট কম নামৰ ছবিখনৰ জৰিয়তে ছায়ানীয়ে ছবিজগতত পদাৰ্পণ কৰে৷[1] ইয়াৰ পিছত তেখেতে ফেন (২০১৬), জলি এল এল বি ২ (২০১৭) আৰু আৰ্টিকল ১৫ (২০১৯)ৰ দৰে ছবিত অভিনয় কৰিছে৷[2][3][4][5][6] মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ নামৰ ছবিখনত ছায়ানীয়ে কাল্কী কেকলাঁৰ বিপৰীতে এগৰাকী অন্ধ পাকিস্তানী-বাংলাদেশী লেছবিয়ান সমাজকৰ্মী হিচাপে অভিনয় কৰে৷ [7] হিন্দী ছবি আৰ্টিকল ১৫ত প্ৰদৰ্শন কৰা অভিনয়ৰ বাবে ২০২০ চনত ছায়ানীয়ে লায়নছ্ গল্ডৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে৷[8]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৮৫ চনৰ ৯ অক্টোবৰত পশ্চিমবংগকলিকতাত ছায়ানী গুপ্তাৰ জন্ম হৈছিল৷ [9] ভাৰতীয় ছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা ছায়ানীয়ে স্নাতক ডিগ্ৰী অৰ্জন কৰে৷[10][11]

ছায়ানীৰ পিতৃ হৈছে কমল গুপ্তা আৰু মাতৃ হৈছে মৈত্ৰেয়ী৷ পিতৃ এগৰাকী প্ৰতিভাৱান সংগীতশিল্পী আছিল আৰু তেখেতে একাধিক বাদ্য পৰিৱেশন কৰিব জানিছিল৷ অল ইণ্ডিয়া ৰেডিঅ'ৰ লগত কৰ্মৰত হৈ থকাৰ লগতে তেখেত এগৰাকী গায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপেও জনাজাত হৈছিল৷ ভাৰতত এফএমৰেডিঅ'ক প্ৰতিষ্ঠা কৰোঁতে যিসকল ব্যক্তিয়ে আগভাগ লৈছিল, তাৰ ভিতৰত কমল গুপ্তাও অন্যতম৷ তেনে এটা সাংগীতিক পৰিৱেশত প্ৰতিপালিত হোৱা ছায়ানীয়ে থাংকামণি কুট্টীকে প্ৰমুখ্য কৰি একাধিক গুৰুৰ পৰা সোতৰ বছৰকাল ভাৰতনাট্যমৰ প্ৰশিক্ষণ লৈছিল৷ ইয়াৰ উপৰি ছায়ানী নন্দীকাৰ নামৰ থিয়েটাৰ গোটটোৰো সদস্যা আছিল আৰু থিয়েটাৰৰ লগত জড়িত থাকি বহুতো প্ৰকল্পৰ সান্নিধ্যলৈ আহিছিল৷[12]

কৰ্মজীৱন[সম্পাদনা কৰক]

২০১২ চনত ছায়ানীয়ে গৌৰৱ পুঞ্জাৱনীয়ে পৰিচালনা কৰা ছেকেণ্ড মেৰিজ ডট কমত শীৰ্ষ চৰিত্ৰ ৰূপায়ণ কৰে৷ ছবিখনে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ ২০১৩ চনত ছায়ানীক এখন বাংলা ভাষাৰ ছবি তাষেৰ দেশত দেখা যায়৷ অনুৰাগ কাশ্যপে প্ৰযোজনা কৰা এই ছবিখনৰ পৰিচালক আছিল গাণ্ডু ফেমৰ কিউ (Q)৷ সোণালী বসুয়ে পৰিচালনা কৰা আৰু ভিয়াকম ১৮ৰ দ্বাৰা প্ৰযোজিত হোৱা ২০১৪ চনৰ হিন্দী ছবি মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ নামৰ ছবিখনত অভিনয় কৰি ছায়ানীয়ে গোলকীয় স্বীকৃতি লাভ কৰে৷ ছবিখন বহুকেইটা ছবি মহোৎসৱতো প্ৰদৰ্শিত হয়৷[12]

ইয়াৰ পিছত ছায়ানীয়ে শ্বাহ ৰুখ খানৰ দ্বাৰা অভিনীত ছবি ফেনত অভিনয় কৰে৷ এইখন ছবিৰ পৰিচালক আছিল মনীশ শৰ্মা৷ পৰৱৰ্তী সময়ত ছায়ানীয়ে অনুৰাগ বাসুৰ জাগ্গা জাছুছ, নিত্যা মেহৰাৰ বাৰ বাৰ দেখোত অভিনয় কৰে৷ লীনা য়াদৱৰ দ্বাৰা পৰিচালিত ছবি পাৰ্ছড্ হৈছে ছায়ানীয়ে অভিনয় কৰা এখন উল্লেখযোগ্য ছবি৷ ছবিখন টকিঅ' আন্তৰ্জাতিক ছবি মহোৎসৱত প্ৰদৰ্শিত হয়৷[13] [12]

২০১৯ চনত ছায়ানীয়ে জি ফাইভ অটিটি প্লেটফৰ্মযোগে মুক্তিলাভ কৰা অপৰাধমূলক ক্ৰাইম থ্ৰিলাৰ পোছম পাত অভিনয় কৰে৷ কিছুমান বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত নবৈমিনিটীয়া এই ছবিখনত ৰাগিনী খান্না, মাহী গীল আদিয়েও অভিনয় কৰিছিল৷ ছবিখনে দৰ্শক-সমালোচকৰ পৰা মোটামুটি যোগাত্মক সঁহাৰি লাভ কৰে৷ [14]

ছবিৰ উপৰি ছায়ানীয়ে কেইবাখনো ৱেব ছিৰিজতো অভিনয় কৰিছে৷ ২০১৯ চনত এমাজন প্ৰাইমত মুক্তি লাভ কৰা ফ'ৰ ম'ৰ শ্বটছ্ প্লিজ নামৰ ৱেব ছিৰিজটোত ছায়ানীয়ে দামিনী ৰয় নামৰ এগৰাকী অনুসন্ধানকাৰী সাংবাদিকৰ ভূমিকা ৰূপায়ণ কৰে৷ ছিৰিজটোৰ দ্বিতীয়টো ছিজন ২০২০ চত মুক্তি হয়৷ ছিৰিজটোৰ পৰিচালক হৈছে নুপূৰ আস্থানা আৰু অনু মেনন৷ ছিৰিজটোৰ দুয়োটা ছিজনতেই ছায়ানীৰ লগত কীৰ্তি কূলহাৰি, মানৱী গগৰু, বানী জেয়ে অভিনয় কৰে৷ [15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Ghosal, Sharmistha (22 May 2016). "Who's that girl?". The Telegraph. https://www.telegraphindia.com/7-days/who-s-that-girl/cid/1314748. 
  2. "Whoa! Sayani Gupta looks unrecognisable in 'Jolly LLB 2'". http://www.mid-day.com/articles/sayani-gupta-unrecognisable-look-jolly-llb-2-pregnant-woman-role-akshay-kumar-bollywood-news/17985151. 
  3. IANS (10 February 2017). "Sayani Gupta plays pregnant woman in Jolly LLB 2" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/bollywood/sayani-gupta-plays-pregnant-woman-in-jolly-llb-2-4517431/. 
  4. "Sayani Gupta, who made her debut in Hindi cinema with the film "Margarita With A Straw", says her co-star Kalki Koechlin has been a "massive" support system for her.". indianexpress.com. 16 March 2016. http://indianexpress.com/article/entertainment/bollywood/kalki-koechlin-sayani-gupta-margarita-with-a-straw/। আহৰণ কৰা হৈছে: 19 January 2021. 
  5. Dundoo, Sangeetha Devi (23 April 2015). "Meet the feisty Khanum" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/features/metroplus/interview-with-sayani-gupta/article7134274.ece. 
  6. PTI (26 April 2015). "Ranbir Kapoor is outstanding: Sayani Gupta" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/bollywood/ranbir-kapoor-is-outstanding-sayani-gupta/. 
  7. "Bollywood movies which touched upon homosexuality as a subject" (en ভাষাত). Zee News. 6 September 2018. https://zeenews.india.com/bollywood/bollywood-movies-which-touched-upon-homosexuality-as-a-subject-2138979.html. 
  8. https://www.imdb.com/name/nm4668046/awards
  9. "Drama is in the Air: An Interview with Bollywood Actress Sayani Gupta ⋆ Greaves India" (en-GB ভাষাত). Greaves India. 10 June 2016. https://www.greavesindia.co.uk/drama-air-interview-bollywood-actress-sayani-gupta/। আহৰণ কৰা হৈছে: 25 May 2020. 
  10. "किरदार के लिए बाल्ड लुक से भी नहीं हिचकिचाईं थीं ये अभिनेत्री, जन्मदिन पर जानें कुछ अनसुने तथ्य". Amar Ujala. 9 October 2019. https://www.amarujala.com/photo-gallery/entertainment/bollywood/sayani-gupta-birthday-special-here-some-unknown-facts. 
  11. "Happy birthday Sayani Gupta; The actress has shared her own 'MeToo' experience - OrissaPOST". Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST. 9 October 2019. https://www.orissapost.com/happy-birthday-sayani-gupta-the-actress-has-shared-her-own-metoo-experience/. 
  12. 12.0 12.1 12.2 IMDB. "Sayani Gupta_IMDB". IMDB. https://www.imdb.com/name/nm4668046/bio?ref_=nm_ov_bio_sm। আহৰণ কৰা হৈছে: 29 March 2021. 
  13. https://indianexpress.com/article/entertainment/bollywood/shah-rukh-khan-sayani-gupta-4463830/
  14. "What's The Story Behind Posham Pa-asksayani". India Today. https://www.indiatoday.in/mail-today/story/what-s-the-story-behind-posham-pa-ask-sayani-1590630-2019-08-23। আহৰণ কৰা হৈছে: 29 March 2021. 
  15. https://www.imdb.com/title/tt8242548/