অঞ্জন দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সাঁচ:EngvarB

অঞ্জন দত্ত
চিত্ৰ:Anjan Dutta (politician).jpeg
জন্ম ১৩ এপ্ৰিল, ১৯৫২
শিৱসাগৰ, অসম
মৃত্যু ১৬ জুন, ২০১৬
এইমছ, দিল্লী
বাসগৃহ ৰুক্মিণীগাঁও , গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী অনন্যা দত্ত
সন্তান অংকিতা দত্ত
পিতৃ-মাতৃ স্বৰ্গীয় থানেশ্বৰ দত্ত আৰু স্বৰ্গীয়া অঞ্জলী দত্ত
ৱেবছাইট
anjandutta.net


অঞ্জন দত্ত অসমৰ ৰাজনীতিৰ এগৰাকী অগ্ৰণী পুৰুষ৷তদুপৰি তেখেত আছিল এজন বিশিষ্ট সাহিত্যিক আৰু ক্ৰীড়া সংগঠক৷

জন্ম[সম্পাদনা কৰক]

অঞ্জন দত্তই ১৯৫২চনৰ ১৩এপ্ৰিলত শিৱসাগৰ জিলাৰ দ’লমুখ গায়েন গাৱঁত জন্ম গ্ৰহণ কৰে৷তেখেত আছিল শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি থানেশ্বৰ দত্তৰ দ্বিতীয় পুত্ৰ৷[1]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

অঞ্জন দত্তই স্কুলীয়া কালতে অনুভূতি নামৰ তিনিমহীয়া আলোচনীৰ সম্পাদনাৰ দায়িত্ব বহন কৰি ১৯৭২চনৰ পৰা দহবছৰ কাল ধৰি আলোচনীখন সফলভাৱে সম্পাদনা কৰিছিল৷অনুভূতিৰ লগতে আন বিভিন্ন কাকত আলোচনীত মননশীল লেখাৰ জৰিয়তে তেখেতে সাহিত্যৰ প্ৰতি থকা অনুৰাগ প্ৰদৰ্শন কৰিছিল৷তেওঁ অসম আন্দোলনৰ সময়ত শিৱসাগৰৰ ৰংপুৰ সাহিত্য সভাৰ সম্পাদকৰ পদ লাভ কৰিবলৈ সক্ষম হৈছিল৷ইয়াৰ লগতে ১৯৮০চনতেই অসম সাহিত্য সভাৰ আজীৱন সদস্য হৈছিল৷

ৰাজনীতি জীৱনলৈ অহাৰ পিছত অতিশয় ব্যস্ততাৰ মাজতো দত্তদেৱে সৃষ্টিশীল কলম চলাই গৈছিল৷২০০৬চনত নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছত আজিৰ দৈনিক বাতৰিৰ স্বত্বাধিকাৰৰ দায়িত্ব বহন কৰে আৰু ২০০৭চনৰ আৰম্ভণিৰ পৰা কাকতখনৰ দেওবৰীয়া পৰিপূৰিকাখন দেওবৰীয়া অনুভূতি হিচাপে নামাকৰণ কৰি নতুন ৰূপত সম্পাদনা কৰিবলৈ লয়৷২০০৭চনৰ পৰা ২০১০চনলৈ আলোচনীখনত লিখা মননশীল সম্পাদকীয় সমূহ থুপাই প্ৰকাশ কৰি উলিয়াই ‘সময়ে কোবাই যায়’ শীৰ্ষক এখন গ্ৰন্থ৷তাৰ পিছত ২০১১ আৰু ২০১২চনত লিখা সম্পাদকীয়সমূহো একত্ৰিত কৰি ‘সময়ে কোবাই যায়(দ্বিতীয় খণ্ড)’ প্ৰকাশ কৰে৷পিছলৈ দেওবৰীয়া অনুভূতিক মাহেকীয়া অনুভূতি হিচাপে পূৰ্ণাংগ ৰূপ দি আলোচনীখনৰ সম্পাদকৰ দায়িত্ব চলাই নিছিল৷আলোচনীখনত তেওঁ ধাৰাবাহিকভাৱে লিখি যোৱা ‘এৰি অহা দিনবোৰ’ শিতানটোৱে পাঠকসমাজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷[2]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

অঞ্জন দত্তই প্ৰথমে গড়কাপ্তানি বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে৷কিন্তু পিছলৈ ৯০দশকত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি ৰাজনীতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে৷অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এজন নেতা হিচাপে অঞ্জন দত্তই দলটোৰ সাংগঠনিক ভেঁটি দৃঢ় কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে৷যাৰ বাবে তেঁও অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ পদতো অধিষ্ঠিত হয়৷১৯৯১চনত প্ৰথমবাৰৰ বাবে আমগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি বিধানসভালৈ নিৰ্বাচিত হয়৷১৯৯২চনৰ নৱেম্বৰৰ পৰা ১৯৯৬চনৰ মে’ মাহলৈ প্ৰয়াত মূখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন মন্ত্ৰীসভাত নগৰ আৰু গাওঁ পৰিকল্পনা,,জলসিঞ্চন আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰে৷২০০১চনত পুনৰবাৰ আমগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহাৰ পিছত তৰুণ গগৈ নেতৃত্বাধীন মন্ত্ৰীসভাত পৰিবহণ,উদ্যোগ আৰু বাণিজ্য,গুৱাহাটী উন্নয়ন দপ্তৰ আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰে৷পৰিবহণ মন্ত্ৰী হিচাপে দত্তদেৱে মৃতপ্ৰায় অসম ৰাজ্যিক পৰিবহণ নিগমক পুনৰুজ্জীৱিত কৰি তুলিছিল৷২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হয়৷২০১১চনত তেওঁ পুনৰবাৰ আমগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হয়৷কিন্ত সেইবাৰ তেওঁক গগৈ মন্ত্ৰীসভাত স্থান দিয়া নহ’ল৷২০১৪চনত তেখেতক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদ ন্যস্ত কৰা হয়৷[3]

অন্যান্য সক্ৰিয় কৰ্ম[সম্পাদনা কৰক]

সুদক্ষ ক্ৰীড়াসংগঠক হিচাপে খ্যাতি লাভ কৰা দত্তদেৱে অসম অলিম্পিক সন্থাৰ উপ-সভাপতি,শিৱসাগৰ জিলা ক্ৰীড়াসন্থাৰ সভাপতি আৰু অসম ক্ৰিকেট সন্থাৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী সদস্যৰ পদ শুৱনি কৰিছিল৷তেখেতে স’ৰাগুৰি চাপৰিৰ আজানপীৰৰ দৰগাহৰ পৰা শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামলৈ কেইবাটাও প্ৰতিষ্ঠান নৰূপত গঢ়ি তুলিছিল৷[4]

পাৰিবাৰিক জীৱন[সম্পাদনা কৰক]

অঞ্জন দত্তই ১৯৮৬চনৰ ৫মে’ত অনন্যা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷পত্নী আৰু তিনিগৰাকী জীয়েকৰ সৈতে তেওঁৰ আছিল সুখৰ সংসাৰ৷[5]

মৃত্যু[সম্পাদনা কৰক]

২০১৬চনৰ ১১মে’ত অঞ্জন দত্তদেৱে পৰিয়ালসহ দক্ষিণ আফ্ৰিকা ভ্ৰমণ সামৰি ভাৰতলৈ আহে৷কিন্তু ১২মে’ৰ দিনাখন তেখেত হঠাৎ অসুস্থ হৈ পৰে৷ লগে লগে তেওঁক দিল্লীৰ এপ’ল’ হস্পিটেলত ভৰ্তি কৰোৱা হয়৷ পিছত ১৮মে’ত এইমছলৈ স্থানান্তৰিত কৰা হয়৷তাতে ৩৫দিন মৃত্যুৰ সৈতে যুঁজি ১৬ জুন বৃহস্পতিবাৰে ৰাতিপুৱা ৭.১১ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে৷[6]

==তথ্য সংগ্ৰহ==�

  1. অসমীয়া প্ৰতিদিন,১৭জুন,২০১৬
  2. অসমীয়া প্ৰতিদিন,১৭জুন,২০১৬
  3. অসমীয়া প্ৰতিদিন,১৭জুন,২০১৬
  4. অসমীয়া প্ৰতিদিন,১৭জুন,২০১৬
  5. অসমীয়া প্ৰতিদিন,১৭জুন,২০১৬
  6. অসমীয়া প্ৰতিদিন,১৭জুন,২০১৬