সমললৈ যাওক

নিৰ্মলা যোশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিৰ্মলা যোশী
জন্ম ২৩ জুলাই, ১৯৩৪
ৰাঁচী, বিহাৰ এণ্ড উৰিষ্যা প্ৰভিন্স, ব্ৰিটিছ ভাৰত
মৃত্যু ২৩ জুন, ২০১৫ (৮০ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
পদবী মিছনেৰীজ অফ চেৰিটিৰ চুপিৰিয়ৰ জেনেৰেল
পূৰ্বসূৰী মাদাৰ টেৰেছা
উত্তৰসূৰী মেৰী প্ৰেমা পিয়েৰীক
ধৰ্ম কেথলিক
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ, ২০০৯
চিষ্টাৰ নিৰ্মলা
শিৰোনাম চুপিৰিয়ৰ জেনেৰেল
ব্যক্তিগত
ধৰ্ম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সংঘ ৰোমান কেথলিক
প্ৰতিষ্ঠান মিছনেৰীজ অফ চেৰিটি
জ্যেষ্ঠ বিষয়বাব
কাৰ্যালয়ত সময় ১৯৯৭-২০০৯
উত্তৰসূৰী মেৰী প্ৰেমা পিয়েৰীক

মাৰিয়া নিৰ্মলা যোশী (ইংৰাজী: Nirmala Joshi, ২৩ জুলাই ১৯৩৪ - ২৩ জুন ২০১৫) জনপ্ৰিয় ভাবে চিষ্টাৰ নিৰ্মলা এগৰাকী ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ আছিল। তেওঁ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছায়ে স্থাপন কৰা মিছনাৰীজ অফ চেৰিটিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল। তেওঁ এই দায়িত্বভাৰ সফলতাৰে গ্ৰহণ কৰি বিদেশত তেওঁলোকৰ উপস্থিতি আৰু মিছন সম্প্ৰসাৰিত কৰিছিল।[1][2] ১৯৯৭ চনত মাদাৰ টেৰেছাৰ মৃত্যুৰ পিছত এই পদ লাভ কৰাৰ পিছত নিৰ্মলাই আফগানিস্তান, ইজৰাইল আৰু থাইলেণ্ডৰ দৰে দেশত কেন্দ্ৰ মুকলি কৰি সংগঠনটোৰ ১৩৪খন দেশলৈ প্ৰসাৰিত কৰিছিল। ভাৰত চৰকাৰে সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৯ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৪ চনৰ ২৩ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ ৰাঁচীত (বৰ্তমান ঝাৰখণ্ডৰ ৰাজধানী) কুসুম হিচাপে নিৰ্মলা যোশীৰ জন্ম হৈছিল।[3] তেওঁ দহটা শিশুৰ ভিতৰত জ্যেষ্ঠ সন্তান হিচাপে ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।[4][5][6] তেওঁৰ পিতৃ-মাতৃ নেপালৰ আছিল আৰু তেওঁৰ দেউতাক ১৯৪৭ চনত দেশৰ স্বাধীনতালৈকে ব্ৰিটিছ ভাৰতীয় সেনাৰ বিষয়া আছিল।[6] যদিও নিৰ্মলাৰ পৰিয়াল হিন্দু ধৰ্মালম্বী আছিল, তেওঁ ভাৰতৰ হাজাৰীবাগৰ কাৰ্মেল মাউণ্টত খ্ৰীষ্টান মিছনাৰীসকলৰ দ্বাৰা শিক্ষা লাভ কৰিছিল। সেই সময়ত তেওঁ মাদাৰ টেৰেছাৰ কামৰ বিষয়ে শুনিছিল আৰু সেই তেওঁৰ সৈতে মানৱসেৱাত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছিল। তেওঁ অতি কম সময়ৰ ভিতৰতে কেথলিক ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু মাদাৰ টেৰেছাৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা মিছনাৰীজ অফ চেৰিটি সংগঠনত যোগদান কৰিছিল।[7] যোশীয়ে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[4][8]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মাদাৰ টেৰেছাৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা মিছনাৰীজ অফ চেৰিটি সংগঠনত যোগদান কৰাৰ পিছত তেওঁ পানামালৈ গৈছিল। ইয়াৰ লগৰ লগে তেওঁ বিদেশী অভিযানৰ নেতৃত্ববহন কৰা প্ৰতিষ্ঠানৰ প্ৰথম চিষ্টাৰসমূহৰ ভিতৰত এগৰাকী হিচাপে পৰিগণিত হৈছিল। ১৯৭৬ চনত যোশীয়ে মিছনাৰীজ অফ চেৰিটিৰ মননশীল শাখা আৰম্ভ কৰে আৰু ১৯৯৭ চনলৈকে ইয়াৰ মুৰব্বী পদত অধিষ্ঠিত থাকে। তাৰপিছত মাদাৰ টেৰেছাৰ মৃত্যুৰ পিছত তেওঁ প্ৰতিষ্ঠানৰ চুপিৰিয়ৰ জেনেৰেল হিচাপে নিৰ্বাচিত হৈছিল।[8]

ভাৰত চৰকাৰে ৰাষ্ট্ৰলৈ তেওঁ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ২০০৯ চনত চিষ্টাৰ যোশীক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[9][10] চুপিৰিয়ৰ জেনেৰেল হিচাপে তেওঁৰ কাৰ্যকাল ২০০৯ চনৰ ২৫ মাৰ্চ তাৰিখে সমাপ্ত হৈছিল। তেওঁৰ পিছত জাৰ্মানীত জন্ম গ্ৰহণ কৰা চিষ্টাৰ মেৰী প্ৰেমা পিয়েৰীকে পৰৱৰ্তী চুপিৰিয়ৰ জেনেৰেল হিচাপে নিৰ্বাচিত হয়।[6]

২০১৫ চনৰ ২৫ জুন তাৰিখে কলকাতাত হৃদৰোগত আক্ৰান্ত হৈ চিষ্টাৰ নিৰ্মলাৰ মৃত্যু হৈছিল।[11] তেওঁৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি দেশ বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে সংবাদ মাধ্যমত সমবেদনা জ্ঞাপন কৰিছিল।[12]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Asianews". Archived from the original on 2022-12-01. https://web.archive.org/web/20221201112535/https://www.asianews.it/index.php?l=en&art=13116&dos=124&size=A আহৰণ কৰা হৈছে: 2021-03-15.
  2. "Letter to Coworkers". Archived from the original on 2016-03-03. https://web.archive.org/web/20160303194206/http://www.motherteresa.org/02_news/Co-workers_2008.html আহৰণ কৰা হৈছে: 2021-03-15.
  3. 1 2 "We are 'little pencils' in God's hand". Eternal World Television Network. 2015. https://www.ewtn.com/library/PRIESTS/NIRMALA.HTM আহৰণ কৰা হৈছে: 24 June 2015.
  4. "Sister Nirmala is no more". Indian Express. 24 June 2015. http://indianexpress.com/article/cities/kolkata/sister-nirmala-of-missionaries-of-charity-passes-away/.
  5. 1 2 3 "Sister Nirmala Bio". Celebs Bio. 2015. Archived from the original on 2015-06-24. https://web.archive.org/web/20150624124907/http://www.in.com/sister-nirmala/biography-256317.html আহৰণ কৰা হৈছে: 24 June 2015.
  6. "How India remembers Mother Teresa". Catholic Archdiocese of Melbourne. Archived from the original on 29 June 2015. https://web.archive.org/web/20150629115518/http://www.cam.org.au/Catholic-Faith/Faith-Education/Article/11694/How-India-remembers-Mother-Teresa আহৰণ কৰা হৈছে: 11 September 2012.
  7. 1 2 "Indian-born nun to succeed Mother Teresa". CNN. 13 March 1997. Archived from the original on 2017-04-03. https://web.archive.org/web/20170403233833/http://edition.cnn.com/WORLD/9703/13/india.teresa/ আহৰণ কৰা হৈছে: 2014-08-03.
  8. "Padma Awards Directory (1954–2013)". Ministry of Home Affairs. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 15 March 2021.
  9. "Padma Vibhushan". http://www.manoramaonline.com/cgi-bin/MMOnline.dll/portal/ep/home.do?newUser=yes আহৰণ কৰা হৈছে: 26 January 2009.
  10. "Sister Nirmala passes away - The Times of India". http://timesofindia.indiatimes.com/india/Sister-Nirmala-passes-away/articleshow/47779679.cms আহৰণ কৰা হৈছে: 2015-06-23.
  11. "Mother Teresa’s Successor, Sister Nirmala Joshi, Dies at 81". http://time.com/3931489/sister-nirmala-joshi-mother-teresa-successor-dies/ আহৰণ কৰা হৈছে: 2015-10-25.