লীলা গগৈ
ড॰ লীলা গগৈ | |
---|---|
জন্ম | ২৫ নৱেম্বৰ, ১৯৩০ চেৰেকাপাৰ, হাতীমূৰীয়া গাঁও, শিৱসাগৰ |
মৃত্যু | ২৩ জুলাই, ১৯৯৪ (৬৩ বছৰ) চেৰেকাপাৰ, শিৱসাগৰ |
পেচা | সহিত্যিক, শিক্ষাবিদ, বুৰঞ্জীবিদ, গন্থকাৰ, |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | স্নাতকোত্তৰ, ডক্তৰেট সন্মান। |
উল্লেখযোগ্য বঁটা | সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা |
দাম্পত্যসংগী | চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই |
সন্তান | জুৰি গগৈ, লনি গগৈ |
ড॰ লীলা গগৈ (ইংৰাজী: Dr. Lila Gogoi; ১৯৩০-১৯৯৪) এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। তেওঁ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল। ১৯৯৪ চনত অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল[1]।[2]
জন্ম[সম্পাদনা কৰক]
শিৱসাগৰৰ হাতীমূৰীয়া গাঁৱৰ চেৰেকাপাৰাত ১৯৩০ চনৰ ২৫ নবেম্বৰ তাৰিখে ড॰ লীলা গগৈৰ জন্ম হয়।
পৰিয়াল[সম্পাদনা কৰক]
ড॰ লীলা গগৈৰ পিতৃৰ নাম ধনীৰাম গগৈ আৰু মাতৃৰ নাম কমলা গগৈ। তেওঁ ১৯৬৫ চনত চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁইৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁ দুগৰাকী কন্যা যথাক্ৰমে-জুৰি গগৈ আৰু লনি গগৈ।[2]
শিক্ষা[সম্পাদনা কৰক]
১৯৩৫ চনত চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। ১৯৪৩ চনত শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা উচ্চ গণিত আৰু উচ্চ অসমীয়া সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাছত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৫০ চনত সংস্কৃত বিষয়ত লেটাৰসহ প্ৰবেশিকা পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীন হয়। একাদিক্ৰমে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আই এ, ১৯৫৮ চনত সম্পূৰ্ণ প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে স্নাতক আৰু ১৯৬২ চনত সম্পূৰ্ণ প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে। ১৯৮২ চনত অসমীয়া বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন বিষয়ৰ গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান লাভ কৰে।[2]
কৰ্ম জীৱন[সম্পাদনা কৰক]
ড॰ লীলা গগৈয়ে ১৯৫১ চনত শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পাছত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, আকাশবাণী (গুৱাহাটী) কাৰ্যনিবাহ কৰিছিল। পাছলৈ তেওঁ গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও আছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানতো অধ্যাপক হিচাপে কাম কৰিছিল। অৱশেষত সুখ্যাতিৰে ১৯৯০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ ১৯৯১-৯৩ এই সময়চোৱাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পূৰ্ণকালীন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]
প্ৰাপ্ত বঁটাসমূহ[সম্পাদনা কৰক]
- সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা
- সাহিত্য-কৰ্মৰ পুৰস্কাৰ নগদ ৫০০ টকা, (১৯৬৩)
- UNESCO ৰ পৰা সীমান্তৰ মাটি আৰু মানুহ গ্ৰন্থৰ বাবে পুৰস্কাৰ নগদ ১১০০ টকা, (১৯৬৫)
সাহিত্য কৰ্ম[সম্পাদনা কৰক]
ৰচনাৱলী
|
|
ইংৰাজী সংকলন
|
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ 2.0 2.1 2.2 2.3 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ১৭৩, ১৭৪.