গৱেষণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

গৱেষণা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল Research। Research শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল ১৫৭৭ চনত। গৱেষণা মানে সত্যক আৱিষ্কাৰ কৰা আৰু সত্যৰ অনুসন্ধান কৰা।

গৱেষণাৰ সংজ্ঞা[সম্পাদনা কৰক]

  • গৱেষণা শব্দটোৰ অৰ্থ হ’ল বিচৰা বা অনুসন্ধান কৰা। এই অৰ্থত এই সংস্কৃত শব্দটোৰ ব্যৱহাৰ ‘ঋকবেদ’ৰ সময়ৰ পৰা পোৱা গৈছে। শব্দটো গৱ (গৌ শব্দৰ পৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰ পৰা উদ্ভূত। [1]
  • গৱেষণা হ’ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান। [2][3]
  • ডি শ্লাৰিংগাৰ আৰু এম্ ষ্টিফেনচনৰ মতে- ‘‘ গৱেষণা হ’ল জ্ঞানৰ শুদ্ধতা অথবা জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য’ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে। [4]
  • জে. ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ’ল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ’ল সত্যান্বেষণৰ প্ৰক্ৰিয়া। [5]

গৱেষণাৰ লক্ষ্য/উদ্দেশ্য[সম্পাদনা কৰক]

গৱেষণাৰ প্ৰাথমিক উদ্দেশ্যবোৰ হৈছে মানৱ জ্ঞানৰ উন্নতিৰ বাবে পদ্ধতি আৰু প্ৰণালীৰ নথিপত্ৰ, আৱিষ্কাৰ, ব্যাখ্যা, আৰু বিকাশ। বহুতো গৱেষক সন্মত যে বৈজ্ঞানিক গৱেষণাৰ লক্ষ্যবোৰ হৈছে: বিৱৰণ, পূৰ্বানুমান, ব্যাখ্যা, আৰু প্ৰয়োগ। [6]কিছুমান ব্যক্তিয়ে লক্ষ্যৰ তালিকাত নিয়ন্ত্ৰণ আৰু প্ৰয়োগো যোগ দিয়ে।[7]

গৱেষণাৰ প্ৰকাৰ[সম্পাদনা কৰক]

মূল গৱেষণা, যাক প্ৰাথমিক গৱেষণা বুলিও কোৱা হয়, হৈছে গৱেষণা যি কেৱল গৱেষণাৰ বিষয়ত আগৰ প্ৰকাশনৰ সাৰাংশ, সমীক্ষা বা সংশ্লেষণৰ ওপৰত আধাৰিত নহয়। এই সামগ্ৰীটো প্ৰাথমিক-উৎস চৰিত্ৰৰ। মূল গৱেষণাৰ উদ্দেশ্য হৈছে চলিত জ্ঞানক এক নতুন ৰূপত উপস্থাপন কৰাৰ সলনি নতুন জ্ঞান প্ৰস্তুত কৰা। [8][9] মূল গৱেষণাই কেইবাটাও ৰূপ ল'ব পাৰে, ই বিষয় বা ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। পৰীক্ষামূলক কামত সাধাৰণতে প্ৰত্যক্ষ বা পৰোক্ষ পৰ্যৱেক্ষণ অন্তৰ্ভুক্ত কৰা হয়। যেনে পৰীক্ষাগাৰত পৰীক্ষা বা পৰীক্ষাৰ সংহতিৰ পদ্ধতি, ফলাফল, আৰু উপসংহাৰ নথিভুক্ত কৰে, বা পূৰ্বৱৰ্তী ফলাফলবোৰৰ এক নতুন ব্যাখ্যা প্ৰদান কৰে। বিশ্লেষণাত্মক কামত, সাধাৰণতে কিছুমান নতুন (উদাহৰণ স্বৰূপে) গাণিতিক ফলাফল উৎপন্ন হয়, বা চলিত সমস্যা এটাৰ সমাধান বিছাৰিবলৈ এক নতুন উপায় ওলিওৱা হয়।। কিছুমান বিষয়ত যʼত এনে ধৰণৰ পৰীক্ষা-নিৰীক্ষা বা বিশ্লেষণ নাথাকে,এজন গৱেষকৰ কামৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি সাম্প্ৰতিক পৰিস্থিতিক পুনৰ ব্যাখ্যা কৰা হয়।[10] এটা গৱেষণাৰ মৌলিকতাৰ পৰিমাণ আৰু সাধাৰণতে সহকৰ্মী সমীক্ষাৰ (peer review) জৰিয়তে বৈজ্ঞানিক আলোচনীত প্ৰবন্ধবোৰৰ প্ৰকাশ হয়।[11]

বৈজ্ঞানিক গৱেষণা হৈছে তথ্য সংগ্ৰহ কৰা আৰু কৌতূহল গুছোৱাৰ এক প্ৰণালীবদ্ধ উপায়। এই গৱেষণাই পৃথিৱীত ঘটি থকাকিছু প্ৰকৃতি আৰু গুণাগুণৰ ব্যাখ্যাৰ বাবে বৈজ্ঞানিক তথ্য আৰু তত্ত্ব প্ৰদান কৰে। বৈজ্ঞানিক গৱেষণা ৰাজহুৱা কৰ্তৃপক্ষ বা সংগঠন বা আৰু ব্যক্তিগত গোটৰ দ্বাৰা পুঁজি যোগান ধৰা হয়, যাৰ ভিতৰত আছে বহুতো কোম্পানী। বৈজ্ঞানিক গৱেষণাক তেওঁলোকৰ শৈক্ষিক আৰু প্ৰয়োগ শাখা অনুসৰি বিভিন্ন শ্ৰেণীবিভাজনত বিভক্ত কৰিব পাৰি।

গৱেষণাৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
  2. Monier-Monier Willams, A Sanskrit English Dictionary, 1979 Print, p.3
  3. গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
  4. গৱেষণাৰ পদ্ধতি বিজ্ঞান, পল্লৱী ডেকা বুজৰবৰুৱা, বনলতা, প্ৰথম সংস্কৰণ, ২০১৭, পৃষ্ঠা-১২
  5. Methodology of Research in Education, Sidhu, Kulbir Sing, Sterling Publishars Pvt. Ltd. pp.2-3
  6. MANUAL ON GOOD PRACTICES IN EXTENSION RESEARCH & EVALUATION, file:///Users/Jonali/Downloads/MANUAL-GoodPracticesinExtnResEvln-L.pdf
  7. https://psychcentral.com/blog/understanding-research-methodology-3-goals-of-scientific-research#1
  8. "What is Original Research? Original research is considered a primary source". Thomas G. Carpenter Library, University of North Florida. http://www.unf.edu/library/guides/originalresearch.html. 
  9. Rozakis, Laurie (2007). Schaum's Quick Guide to Writing Great Research Papers. McGraw Hill Professional. ISBN 978-0071511223. https://books.google.com/books?id=XlIH4R9Z_k8C&pg=PT75. 
  10. Singh, Michael; Li, Bingyi (6 October 2009). "Early career researcher originality: Engaging Richard Florida's international competition for creative workers". Centre for Educational Research, University of Western Sydney. পৃষ্ঠা: 2. http://www.aare.edu.au/09pap/li091380.pdf. 
  11. Callaham, Michael; Wears, Robert; Weber, Ellen L. (2002). "Journal Prestige, Publication Bias, and Other Characteristics Associated With Citation of Published Studies in Peer-Reviewed Journals". JAMA খণ্ড 287 (21): 2847–50. doi:10.1001/jama.287.21.2847. PMID 12038930.