সমললৈ যাওক

উদিত নাৰায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদিত নাৰায়ণ
জন্ম উদিত নাৰায়ণ ঝা
১ ডিচেম্বৰ, ১৯৫৫ (৬৮ বছৰ)[1]
বৈসী, বিহাৰ, ভাৰত
পেচা নেপথ্য কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৮০ – বৰ্তমান
দাম্পত্যসঙ্গী
  • ৰঞ্জনা নাৰায়ণ ঝা (বি. ১৯৮৪)[2]
  • দীপা নাৰায়ণ ঝা (বি. ১৯৮৫)
[2]
সন্তান আদিত্য নাৰায়ণ[3]
বঁটা, সন্মান, পুৰস্কাৰ আদি *শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
বাদ্যযন্ত্ৰ Vocals
ৰেকৰ্ড লেবেল


উদিত নাৰায়ণ (ইংৰাজী: Udit Narayan; জন্ম: ১ ডিচেম্বৰ ১৯৫৫)[1] এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ যাৰ গীতবোৰ মূলতঃ হিন্দী ভাষাৰ বলীউডৰ চলচ্চিত্ৰত প্ৰদৰ্শিত হৈছে। তেওঁ ভাৰত আৰু নেপালৰ এগৰাকী প্ৰখ্যাত গায়ক হিচাপে পৰিচিত।[3][5][6][7][2] তেওঁ তেলেগু, কন্নড়, তামিল, গুজৰাটী, মালয়ালম, ওড়িয়া, নেপালী, ভোজপুৰী, পাঞ্জাৱী, অসমীয়া, বঙালীকে ধৰি বিভিন্ন ভাষাত গীত গাইছে।[8] তেওঁ চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[9][4] (তাৰ ভিতৰত গায়ক হিচাপে ৩টা, ২০০১ চনত ২টা গানৰ বাবে আৰু ২০০২ চনত ১টা গানৰ বাবে আৰু ২০০৫ চনত প্ৰযোজক হিচাপে ১টা) আৰু ২০টা মনোনয়নৰ লগতে ৫টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৮০ চনত তেওঁ বলীউড প্লেবেকত আত্মপ্ৰকাশ কৰাৰ পিছতো যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৫ চনত মৈথিল ব্ৰাহ্মণ পৰিবাৰত উদিত নাৰায়ণ ঝাৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ হৰেকৃষ্ণ ঝা নেপালী আৰু মাতৃ ভুৱনেশ্বৰী ঝাৰ এগৰাকী ভাৰতীয় আছিল।[10][11] ২০০৯ চনত যেতিয়া উদিত নাৰায়ণক ভাৰতৰ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়, তেতিয়া তেওঁক নেপালত জন্মগ্ৰহণ কৰা বুলি ভাৰতীয় নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা বাতৰি পোৱা গৈছিল। অৱশ্যে, উদিত নাৰায়ণে সেই প্ৰতিবেদনবোৰক "সম্পূৰ্ণ মিছা" বুলি কৈ তেওঁৰ জন্ম বিহাৰৰ সুপৌল জিলাৰ বৈসী গাঁৱত তেওঁৰ মাকৰ ঘৰত জন্ম হোৱা বুলি কয়।[12] পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ পিছত তেওঁ নেপালত সমালোচনাৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ নেপালী দৈনিক কান্তিপুৰক কৈছিল যে তেওঁ “নেপালৰ যদিও তেওঁৰ মাতৃৰ ঘৰ বিহাৰত আছিল।”[13] ২০১৭ চনত ভাৰতীয় আলোচনী আউটলুকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ জনায় যে, তেওঁৰ জন্ম বৈসীত হৈছিল আৰু তেওঁৰ দেউতাক হৰেকৃষ্ণ নেপালৰ সগৰমাথা অঞ্চলসপ্তৰী জিলাভাৰদহৰ বাসিন্দা আছিল।[11] ২০১৮ চনৰ ছেপ্টেম্বৰত বিহাৰ ঝাৰখণ্ড এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকাৰ দ্বাৰা অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উদিত নাৰায়ণে নিজকে বিহাৰী হিচাপে পৰিচয় দিয়ে।[14]

তেওঁ ভাৰতৰ বিহাৰৰ সুপৌলৰ কুনাউলিৰ জগেশ্বৰ হাইস্কুলত অধ্যয়ন কৰিছিল, য'ত তেওঁ এছএছচি সমাপ্ত কৰিছিল আৰু পিছত নেপালৰ কাঠমাণ্ডুৰ ৰত্ন ৰাজ্য লক্ষ্মী কেম্পাচৰ (Ratna Rajya Lakshmi Campus) পৰা মধ্যৱৰ্তী ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ দেউতাক হৰেকৃষ্ণ ঝা এগৰাকী খেতিয়ক আছিল আৰু মাতৃ ভুৱনেশ্বৰী দেৱী এগৰাকী লোক কণ্ঠশিল্পী আছিল, যিয়ে উদিত নাৰায়ণৰ সংগীত কৰ্মৰাজীত উৎসাহ যোগাইছিল৷[15][2][16]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৬ চনত ৰঞ্জনা নাৰায়ণে নাৰায়ণৰ প্ৰথম পত্নী বুলি কৰা দাবীক উদিত নাৰায়ণে অস্বীকাৰ কৰিছিল যদিও পিছত তেওঁক উদিত নাৰায়ণে পত্নী হিচাপে গ্ৰহণ কৰিছিল৷[5][17] উদিত নাৰায়ণে প্ৰথমে ৰঞ্জনা নাৰায়ণ ঝাৰ সৈতে আৰু পিছত দীপা নাৰায়ণ ঝাৰ সৈতে দুবাৰ বিবাহ পাশত আৱদ্ধ হয়৷ ৰঞ্জনা নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁ দীপা নাৰায়ণৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু ১৯৮৫ চনত বিবাহপাশত আৱদ্ধ হয়৷ দীপা নাৰায়ণৰ সৈতে তেওঁৰ এগৰাকী পুত্ৰ সন্তানৰ জন্ম হয় - আদিত্য নাৰায়ণ, যি এগৰাকী নেপথ্য কণ্ঠশিল্পী।[3][5][18][19]

ডিস্কোগ্ৰাফী

[সম্পাদনা কৰক]

অন্যান্য কণ্ঠশিল্পীৰ সৈতে

[সম্পাদনা কৰক]

উদিত নাৰায়ণে সংগীত কেৰিয়াৰ ১৯৮০ চনত আৰম্ভ কৰে আৰু ৯০ ৰ দশকত বিকশিত হয়। উল্লেখযোগ্য মহিলা নেপথ্য কণ্ঠশিল্পীৰ লগতে সকলো প্ৰজন্মৰ নেপথ্য কণ্ঠশিল্পীৰ সৈতে তেওঁ সহযোগিতা কৰিবলৈ সৌভাগ্য পাইছিল। জনপ্ৰিয় কণ্ঠশিল্পী মহম্মদ ৰফিৰ সৈতে উদিত নাৰায়ণে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত ৮০ৰ দশকত কিশোৰ কুমাৰ, অমিত কুমাৰ, সুৰেশ ৱাডকৰ, মোহম্মদ আজিজ আৰু আন আন কণ্ঠশিল্পীৰ গীত গাৱলৈ সুযোগ পাইছিল। তেওঁ বেছিভাগ গীত পুৰুষ কণ্ঠশিল্পী কুমাৰ চানু আৰু অভিজিৎৰ সৈতে গাইছে। তেওঁৰ নিৰ্বাচিত আৰু উল্লেখযোগ্য কিছুমান গীত তলত দিয়া হ’ল-

গীত চলচ্চিত্ৰ সহঃ কণ্ঠশিল্পী/ (অন্যান্য সংস্কৰণ)
"মিল গয়া" ঊনিশ-বিশ (১৯৮০) মহম্মদ ৰফি আৰু উষা মংগেশকাৰ
"জীৱন কা দিন" বাড়ে দিলৱালা (১৯৮৩) লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ (Other Version)
"অ বিন্দিয়া তুম হমসে কেহ দো প্যাৰ হে" কেহদো প্যাৰ হে (১৯৮৩) কিশোৰ কুমাৰ আৰু সুৰেশ ৱাডকৰ
"লোগ জাহা পৰ ৰহতে হে" প্যাৰ কা মন্দিৰ (1988) মোহম্মদ আজীজ, সুৰেশ ৱাডকৰ আৰু কবিতা কৃষ্ণমূৰ্তি
"অয়ে অয়ে" ত্ৰিদেৱ (১৯৮৯) অমিত কুমাৰ আৰু মোহম্মদ আজীজ
"এক দুসৰে সে কৰতে হে প্যাৰ হম" হম (১৯৯১) সুদেশ ভোঁচলে আৰু মোহম্মদ আজীজ
"ইলু ইলু" সদাগৰ (১৯৯১) মনোহৰ উদাস, সুকিন্দৰ সিং আৰু কবিতা কৃষ্ণমূৰ্তি
দিৱানো কী মাস্তনা কী ডাঞ্চৰ (১৯৯১) এছ. পি. বালসুব্ৰমনিয়ম আৰু কবিতা কৃষ্ণমূৰ্তি
"দিল লে গয়ী তেৰী বিনদিয়া" বিশ্বআত্মা (১৯৯২) অমিত কুমাৰ, স্বপ্না মুখাৰ্জী আৰু মোহম্মদ আজীজ
"সাত সুমন্দৰ পাৰ (Part-II)" বিশ্বআত্মা (১৯৯২) সাধনা স্বৰগম আৰু জুলী মুখাৰ্জী
"দিৱান দিল দিৱান " কভী হা কভী না (১৯৯৪) অমিত কুমাৰ
"মে খিলাড়ী তু অনাড়ী" মে খিলাড়ী তু অনাড়ী (১৯৯৪) অভিজিৎ আৰু অনু মালিক
"য়ে বন্ধন তো" কৰণ অৰ্জুন (১৯৯৫) কুমাৰ চানু আৰু অলকা য়াগনিক
"ৰাম জানে" ৰাম জানে (১৯৯৫) চনু নিগম আৰু অলকা য়াগনিক
ভেৰী গুড ভেৰী বেড ত্ৰিমূৰ্তি (১৯৯৫) বিনোদ ৰাথোৰ
"চলমা পে দিল আ গয়া" (Part 1) চলমা পে দিল আ গয়া (১৯৯৭) আশা ভোঁচলে আৰু অমিত কুমাৰ : কুমাৰ চানু(Part II)
"কই জানে কই না জানে" ঔৰ প্যাৰ হো গয়া (১৯৯৭) নুশৰত ফাতেহ আলি খান আৰু অনুৰাধা পৰৱাল
"নিন্দ চুৰাই মেৰী " ইস্ক (১৯৯৭) কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি আৰু অলকা য়াগনিক
"মিঃ লোবা লোবা" (আখিয়া তু মিলা লে) অভিজিৎ, সুদেশ ভোঁচলে, কবিতা কৃষ্ণমূৰ্তি আৰু পূৰ্ণিমা
"হম সাথ সাথ হে" হম সাথ সাথ হে (১৯৯৯) কুমাৰ চানু, অনুৰাধা পৰৱাল, হৰিহৰণ, কবিতা কৃষ্ণমূৰ্তি আৰু অলকা য়াগনিক
"মহাৰে হিৱদা (Mhare Hiwda)" হম সাথ সাথ হে (১৯৯৯) হৰিহৰণ, অনুৰাধা পৰৱাল, কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি আৰু অলকা য়াগনিক
"সুনোজী দুলহান" হম সাথ সাথ হে (১৯৯৯) ৰূপ কুমাৰ ৰাথোৰ, চনু নিগম, কবিতা কৃষ্ণমূৰ্তি আৰু প্ৰতিমা ৰাও
"দিললাগী দিললাগী" দিললাগী (১৯৯৯) অভিজিৎ, চনু নিগম, সুকিন্দৰ সিং, শংকৰ মহাদেৱান, চান, কবিতা কৃষ্ণমূৰ্তি, অলকা য়াগনিক, যোশপিন্দৰ নাৰুলা আৰু মহালক্ষ্মী আয়াৰ
"মেলা দিলো কা (Part II)" মেলা (২০০০) অভিজিৎ, চনু নিগম, অলকা য়াগনিক, সাধনা স্বৰগম, হেমা চাৰদেশাই, মনচুৰ/(Part I) ৰূপ কুমাৰ ৰাথোৰ, শংকৰ মহাদেৱান, যোশপিন্দৰ নাৰুলা, নিতিন মুকেশ আৰু আনমোল
"দিল নে য়ে কহা হে দিল সে" ধড়কন (২০০০) অলকা য়াগনিক আৰু কুমাৰ চানু
"ঘানা ঘানা" লগান (২০০১) সুকিন্দৰ সিং, অলকা য়াগনিক, শংকৰ মহাদেৱান আৰু চান
মিটৱা লগান (২০০১) সুকিন্দৰ সিং, অলকা য়াগনিক আৰু শ্ৰীনিৱাশ
"মে কাহী ভী ৰাহু" এলঅচি কাৰ্গিল (২০০৩) হৰিহৰণ, ৰূপ কুমাৰ ৰাথোৰ, চনু নিগম আৰু সুকিন্দৰ সিং
"এইসা দেশ হে মেৰা" বীৰ-জৰা (২০০৪) লতা মংগেশকাৰ আৰু গুৰদাস মন
"য়ুহি চালা চল" স্বদেশ (২০০৪) কৈলাশ খেৰ আৰু হৰিহৰণ
"দিৱানগী দিৱানগী" ওঁম শান্তি ওঁম (২০০৭) চান, শ্ৰেয়া ঘোষাল, আৰু সুনীধি চৌহান
"ৰাধা" ষ্টুডেণ্ট অৱ দ্য ইয়াৰ (২০১২) শ্ৰেয়া ঘোষাল আৰু বিশাল দেদলানী
"অপনা বোম্বে টকিজ" বোম্বে টকিজ (২০১৩) কুমাৰ চানু, অলকা য়াগনিক, অভিজিৎ, সাধনা স্বৰগম, এছ. পি. বালসুব্ৰমনিয়ম, কবিতা কৃষ্ণমূৰ্তি, চান, সুনীধি চৌহান, কেকে, শ্ৰেয়া ঘোষাল, সুকিন্দৰ সিং, শিল্পা ৰাও, মোহিত চৌহান আৰু চনু নিগম

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Aditya bakes a cake for father Udit Narayan on birthday". Mid-Day. 3 December 2015. http://www.mid-day.com/articles/aditya-bakes-a-cake-for-father-udit-narayan-on-birthday/16736163. 
  2. 2.0 2.1 2.2 2.3 "Singer Udit Narayan accosted by 'first' wife". Daily News and Analysis. 21 April 2006. http://www.dnaindia.com/india/report-singer-udit-narayan-accosted-by-first-wife-1025327. 
  3. 3.0 3.1 3.2 "Sa Re Ga Ma Pa L'il Champs' Aditya Narayan: Today people know me by my name". 10 March 2017. http://www.hindustantimes.com/bollywood/sa-re-ga-ma-pa-l-il-champs-host-sa-re-ga-ma-pa-l-il-champs-aditya-narayan-today-people-know-me-by-my-name/story-1gH4kJrnmRyEXrFEHb7DYJ.html. 
  4. 4.0 4.1 বঁটা আৰু মনোনয়ন
  5. 5.0 5.1 5.2 "Udit Narayan meets 'first wife' Ranjana". http://www.timesofindia.com/india/Udit-Narayan-meets-first-wife-Ranjana/articleshow/1694218.cms. 
  6. "Indian Celebrities Who Married Their Mistresses". 26 October 2015. Archived from the original on 31 July 2017. https://web.archive.org/web/20170731151731/http://www.indiatimes.com/entertainment/celebs/indian-celebrities-who-married-their-mistresses-277600-32.html. 
  7. Sahay, Anand Mohan (28 June 2006). "Udit Narayan wants compromise with first wife". Rediff. https://www.rediff.com/movies/2006/jun/28udit.htm. 
  8. "Udit Narayan: Latest News, Videos and Udit Narayan Photos - Times of India". https://timesofindia.indiatimes.com/topic/udit-narayan. 
  9. "Udit Narayan National award". https://www.filmibeat.com/amphtml/bollywood/features/2018/happy-birthday-udit-narayan-six-best-songs-of-the-prince-of-playback-singing-279998.html। আহৰণ কৰা হৈছে: 26 October 2018. 
  10. Shaw, Shri Ram (5 July 2020). "Exclusive – Udit Narayan on completing 40 years in Bollywood: Bitterness of struggle makes success sweeter" (en ভাষাত). Asianet News Network Pvt Ltd. https://newsable.asianetnews.com/entertainment/exclusive-udit-narayan-on-completing-40-years-in-bollywood-bitterness-of-struggle-makes-success-sweeter-qd00cc. 
  11. 11.0 11.1 Udit Narayan (8 May 2017). "Song Of Life Diary". Outlook. https://www.outlookindia.com/magazine/story/song-of-life-diary/298795. 
  12. "Getting Padma Shri a dream come true". Hindustan Times. 28 January 2009. https://www.hindustantimes.com/music/getting-padma-shri-a-dream-come-true/story-yiohUwVr91LVN8cLJ8GR3H.html. "'They say I was born in Nepal, but that's completely false. I was born in a village called Baisi on the Supaul district of Bihar in 1955 at my maternal grandparents' home,' Udit had said in a recent interview with IANS." 
  13. "Artistes have no borders, Udit Narayan tells Nepal". The Times of India. 27 January 2009. https://timesofindia.indiatimes.com/world/south-asia/Artistes-have-no-borders-Udit-Narayan-tells-Nepal/articleshow/4037648.cms. 
  14. "Bihar Jharkhand Association of North America Honors Singer Udit Narayan". PatnaDaily. 8 September 2018. Archived from the original on 11 September 2018. https://web.archive.org/web/20180911002441/https://www.patnadaily.com/index.php/news/13809-bihar-jharkhand-association-of-north-america-honors-singer-udit-narayan.html. 
  15. "Udit Narayan on iTunes". ITunes. https://itunes.apple.com/in/artist/udit-narayan/id18485031। আহৰণ কৰা হৈছে: 2 March 2021. 
  16. Sharma, Devesh (23 July 2016). "Udit Narayan looks back at his career with affection". Filmfare. http://www.filmfare.com/interviews/udit-narayan-looks-back-at-his-career-with-affection-14692.html। আহৰণ কৰা হৈছে: 13 June 2017. 
  17. "Tale of two wives". http://www.timesofindia.com/city/kolkata/Tale-of-two-wives/articleshow/1833057.cms. 
  18. "Indian Celebrities Who Married Their Mistresses". 26 October 2015. Archived from the original on 31 July 2017. https://web.archive.org/web/20170731151731/http://www.indiatimes.com/entertainment/celebs/indian-celebrities-who-married-their-mistresses-277600-32.html. 
  19. Sahay, Anand Mohan (28 June 2006). "Udit Narayan wants compromise with first wife". Rediff. https://www.rediff.com/movies/2006/jun/28udit.htm. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]