ৰূপ কুমাৰ ৰাথোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰূপ কুমাৰ ৰাথোৰ

২০১৪ চনত ৰাথোৰ
প্ৰাথমিক তথ্য
সংগীতৰ প্ৰকাৰ নেপথ্য কণ্ঠশিল্পী, গজল[1]

ৰূপ কুমাৰ ৰাথোৰ (ইংৰাজী: Roop Kumar Rathod) এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য কণ্ঠশিল্পী৷[2] তেওঁ হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, বঙালী, উড়িয়া, অসমীয়া, নেপালী, ভোজপুৰী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে৷

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ৰূপ কুমাৰ ৰাথোৰ শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰৰ তৃতীয় পুত্ৰ৷[3] সংগীত ৰচয়িতা শ্ৰাৱণ ৰাথোৰ আৰু কণ্ঠশিল্পী বিনোদ ৰাথোৰ তেওঁৰ দুই ভাতৃ৷ ৰূপ কুমাৰে সোণালী ৰাথোৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যি ভজন গায়ক অনুপ জালোটাৰ প্ৰথম পত্নী আছিল। ৰূপ কুমাৰ আৰু সোণালী ৰাথোৰৰ ৰিৱা ৰাথোৰ নামেৰে এগৰাকী কন্যা সন্তান আছে৷

সংগীতৰ আৰম্ভণি[সম্পাদনা কৰক]

ৰূপ কুমাৰে অতি কম সময়তে সংগীত জগতত দীক্ষিত হৈছিল। তেওঁৰ যাত্ৰা এগৰাকী তবলাবাদক হিচাপে আৰম্ভ হৈছিল আৰু ১৯৮০ চনত প্ৰায় সকলো গজলগায়কে তেওঁক বিচাৰিছিল। ১৯৮৯ চনত লক্ষ্মীকান্ত প্যাৰেলালে সুৰ কৰা 'গুমৰাহ' চলচ্চিত্ৰৰ 'মে তেৰা আশিক হু' গীতটোৰে তেওঁ নেপথ্য কণ্ঠশিল্পীৰ চেষ্টা শুভাৰম্ভ হয়৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Roop Kumar Rathod" (en ভাষাত). www.bollywoodlife.com. https://www.bollywoodlife.com/celeb/roop-kumar-rathod/। আহৰণ কৰা হৈছে: 2021-12-21. 
  2. "Roop Kumar Rathod" (en ভাষাত). www.bollywoodlife.com. https://www.bollywoodlife.com/celeb/roop-kumar-rathod/। আহৰণ কৰা হৈছে: 2021-12-21. 
  3. "रूप कुमार राठोड's biography and latest film release news" (hi ভাষাত). hindi.filmibeat.com. https://hindi.filmibeat.com/celebs/roop-kumar-rathod/biography.html। আহৰণ কৰা হৈছে: 2021-12-21. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]