মোহিত চৌহান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোহিত চৌহান

২০০৯ চনত চৌহান
প্ৰাথমিক তথ্য
জন্ম নাহান, হিমাচল প্ৰদেশ, ভাৰত[1]
মূল হিমাচল প্ৰদেশ, ভাৰত
সংগীতৰ প্ৰকাৰ ইণ্ডিয়ান পপ, বলীউদ
পেচা গায়ক
বাদ্যযন্ত্ৰ গীটাৰ, হাৰমোনিকা, বাঁহী, ছেক্সোফোন
কাৰ্যকাল ১৯৯৮-বৰ্তমান
সহযোগী  ছিল্ক ৰুট
ৱেবছাইট mohitchauhan.in

মোহিত চৌহান (ইংৰাজী: Mohit Chauhan) ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷[1] তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

হিমাচল প্ৰদেশৰ ছিৰম’ৰ জিলাৰ নাহান চহৰত চৌহানৰ জন্ম হয়। তেওঁৰ মাতা-পিতা আছিল কৃষ্ণা ৰাণা আৰু বি.কে ৰাণা৷[1][2] তেওঁ হিন্দী আৰু পাহাৰী দুয়োটা ভাষা স্পষ্টকৈ ক’ব পাৰে। তেওঁ প্ৰথমতে দিল্লীৰ ছেইণ্ট জেভিয়াৰ্ছ স্কুলত শিক্ষা গ্ৰহণ কৰে যদিও শিক্ষা সমাপ্ত কৰিবলৈ পুনৰ হিমাচল প্ৰদেশলৈ যায়। তেওঁ হিমাচলৰ ধৰমশালা মহাবিদ্যালয়ৰ পৰা ভূতত্ত্ববিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

সংগীতৰ কোনো আনুস্থানিক শিক্ষা গ্ৰহণ নকৰা চৌহানে গীত গাবলৈ আৰু গীটাৰ, হাৰমনিকা আৰু বাঁহী বজাবলৈ শিকে। হিমাচলত শিক্ষা সমাপ্ত কৰি তেওঁ মুম্বাইলৈ আহে আৰু সহপাঠী কেম ত্ৰিৱেদীৰ সৈতে ১৯৯৬ চনত "ছিল্ক ৰুট" নামৰ বেণ্ড এটা গঠন কৰে। ভাৰতীয় পপ শৈলীত তেওঁ অৰ্পিত গুপ্তাৰ সৈতে ছিল্ক ৰুট বেণ্ডৰ হৈ গান গাবলৈ আৰম্ভ কৰে আৰু বুণ্ডে (১৯৯৮) আৰু পেহচান নামৰ দুটা এলবাম মুকলি কৰে। ইয়াৰে “ডুবা ডুবা” গীতটি জনপ্ৰিয় হয়। কিন্তু এই বেণ্ডটি ভাঙি যায়। কিছুদিন তেওঁ সংগীত জগতৰ পৰা আঁতৰি থাকি ২০০৫ চনত “ম্যে, মেৰী পত্নী অ’ৰ ৱহ” ছবিৰ “গুনছা” গীতটিৰে পুনৰ উভতি আহে। তেওঁৰ গায়নশৈলীৰ দ্বাৰা আকৃষ্ট হৈ এ.আৰ. ৰহমানে তেওঁক “ৰং দে বসন্তী” ছবিত গাবলৈ সুযোগ দিয়ে। ২০০৭ চনত সংগীত পৰিচালক প্ৰীতমে তেওঁক “জব ৱী মেট” ছবিৰ “তুম চে হি” গীতটি গোৱাৰ সুযোগ দিয়ে আৰু ইয়াৰ পিছৰ পৰা চৌহানৰ সফলতাৰ যাত্ৰা আৰম্ভ হয়।

বিবাহ[সম্পাদনা কৰক]

২০১২ চনৰ ২৯ জুনত হিমাচল প্ৰদেশৰ চোলানত চৌহান দিল্লীৰ সাংবাদিক প্ৰাৰ্থনা গেহলোটৰ লগত বিবাহপাশত আৱদ্ধ হয়৷[3] উত্তৰাখণ্ডডেৰাডুনত জন্ম লাভ কৰা চৌহানৰ পত্নীয়ে এখন ইংৰাজী আলোচনীত কাম কৰে।

পেচাদাৰী জীৱন[সম্পাদনা কৰক]

“ছিল্ক ৰুট”ৰ এলবাম “বুন্দে”ৰ “ডুবা ডুবা” গীতটিৰে মোহিত চৌহানে প্ৰথম সফলতাৰ মুখ দেখে। এলবামৰ তালিকাত ই প্ৰথম স্থান দখল কৰে। বুন্দেহিন্দী, ইংৰাজী আৰু পাহাৰী ভাষাৰ গীত আছিল। এই বেণ্ডটোৱে ১৯৯৮ চনৰ “চেনেল ভি এৱাৰ্ডছ”ত বহুকেইটা বঁটা লাভ কৰে৷[4] ২০০৫ চনৰ ছবি "ম্যে, মেৰী পত্নী... অৰ ৱহ!" ছবিৰ “গুনছা কোই” গীতটিৰে বলীউদত তেওঁৰ জীৱন আৰম্ভ হয়। এ আৰ ৰহমানৰ সংগীতেৰে "ৰং দে বসন্তী" আৰু “দিল্লী-৬”ৰ “মাচাকলি” আৰু "খুন চলা" তথা প্ৰীতমৰ সংগীতেৰে জব ৱী মেটৰ “তুম চে হি” আদি গীতৰ জৰিয়তে চৌহানে প্ৰচূৰ সফলতা লাভ কৰে। তেওঁৰ কণ্ঠৰ পৰৱৰ্তী জনপ্ৰিয় গীতবোৰ হ’ল নিউয়ৰ্ক ছবিৰ “তু নে জো না কহা”,লভ আজ কলৰ “য়ে দূৰীয়া” আৰু কমিনেৰ “পেহলী বাৰ মোহব্বত কি হে”। "মাচাকলি" গীতটিৰ বাবে তেওঁ ২০১০ চনত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে৷[5] ইয়াৰ উপৰিও প্ৰীতমৰ সংগীত পৰিচালনাত তেওঁ “ৰাজনীতি” আৰু “ৱান্স আপন এ টাইম ইন মুম্বাই” ছবিৰ “ভীগি চি” আৰু “পী লু” শীৰ্ষক চুপাৰহিত গীত দুটিতো কণ্ঠদান কৰে। তেওঁ গোৱা “অনজানা অনজানী” আৰু “তনু ৱেদছ মনু” ছবিৰ “তুঝে ভুলা দিয়া” আৰু “য়ু হি” গীত দুটিও যথেষ্ট সফল হয়। “ৰকষ্টাৰ” ছবিত তেওঁ গোৱা গীতসমূহে আকাশলঙ্ঘী সফলতা লাভ কৰে। “সেদিন দেখা হয়েচিলো” আৰু “পগলু” ছবিত তেওঁ প্ৰথম আৰু দ্বিতীয় বঙালী গীতদুটি গায়। "থ্ৰী" (3) ছবিত তেওঁ “পো নী পো” শীৰ্ষক প্ৰথম তামিল গীতটিত কণ্ঠদান কৰে।

ছবিৰ বাহিৰেও তেওঁ বিভিন্ন বিজ্ঞাপন যেনে এলপেনলিবে, পেৰাচ্যুট, হ্বীল, নেছকেফে, হিপ্পো মান্সিছ, ভিক্স ভেপৰ ৰাব, এলকেমিষ্ট, মাৰুতি ছুজুকী অল্টো আদিত কণ্ঠদান কৰে। ২০১১ৰ ষ্টাৰ পৰিবাৰ এৱাৰ্ডৰ শীৰ্ষ সংগীততো তেওঁ কণ্ঠদান কৰে।

২০০৭ত তেওঁ নাইন এক্সৰ সংগীত ৰিয়েলিটি শ্বো “মিশ্যন উস্তাদ”ত অংশগ্ৰহণ কৰে। তদুপৰি ষ্টাৰ প্লাছৰ ‘’’মিউজিক কা মহা মুকাবলাতো’’’ তেওঁ ভাগ লয়। তেওঁ বিভিন্ন কলেজসমূহত হোৱা উত্‍সৱ যেনে ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত আই আই টি গুৱাহাটীৰ বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠান এলচেৰিংগাৰ ক্ৰেচেণ্ডো নাইট, ২০০১ চনত আই আই টী খড়গপুৰৰ সাংস্কৃতিক সন্ধিয়া আৰু ২০০৯ চনত আই আই টী বোম্বে আদিত তেওঁ সংগীত পৰিবেশন কৰে।

২০১১চনত তেওঁ “মায়া” গীতটিৰ বাবে “দ্য দিৱাৰিষ্ট”ৰ তৃতীয় খণ্ডত “ইণ্ডিয়ান অচেন” বেণ্ডৰ লগত লগ হয়। সেই বছৰতে তেওঁক এমটিভি আনপ্লাগ (ইণ্ডিয়া) তো দেখা যায়।

কৰ্মৰাজি[সম্পাদনা কৰক]

এলবাম[সম্পাদনা কৰক]

  • বুন্দে;– ছিল্ক ৰুট বেণ্ড প্ৰযোজক এছ এছ জচৱাল (১৯৯৮)
  • পেহচান;– ছিল্ক ৰুট বেণ্ড (২০০০)
  • কালাম;– ড° এ পি জে আব্দুল কালামৰ কবিতা (২০০৮)
  • চৰ উথা কে জিয়ো;–এইচডিএফছি লাইফৰ বাবে নিৰ্মিত (২০০৮)
  • ফিতুৰ’';– প্ৰথম একক এলবাম (২০০৯);–
  • আও চাই” (২০১১) (ভজন এলবাম) (তেওঁ এটা গীত গায়)
  • মায়া মায়া ৰে” (ইণ্ডিয়ান অ’চেন আৰু মোহিত চোহান)
  • দৰ্মিয়া”

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

  • ৰোড (২০০২)
  • ম্যে,মাধুৰী দীক্ষিত বননা চাহতী হু (২০০৩)
  • অধৰ্ম (২০০৩)
  • লেট্ছ এনজয় (২০০৪)
  • ম্যে, মেৰী পত্নী অ’ৰ ৱহ (২০০৫)
  • ৰং দে বসন্তী (২০০৬)
  • জব ৱী মেট' (২০০৭)
  • কিস্মত কানেকশ্যন (২০০৮)
  • আগলী অ’ৰ পাগলী (২০০৮)
  • ৱেলকাম টু সজ্জন্পুৰ (২০০৮)
  • ফেশ্বন (২০০৮)
  • ইএমআই (২০০)
  • বিৰুগালি (২০০৯) (কানাৰা)
  • দিল্লী-6' (২০০৯)
  • 8 x 10 তসৱীৰ (২০০৯)
  • লেট্ছ ডান্স' (২০০৯)
  • নিউ য়ৰ্ক (২০০৯)
  • ছিকন্দৰ (২০০৯)
  • লভ আজ কল (২০০৯)
  • কমিনে (২০০৯)
  • তুম মিলে (২০০৯)
  • ক্ৰুক (২০১০)
  • ৱেল ডান আব্বা (২০১০)
  • বদমাশ কোম্পানী (২০১০)
  • ৰাজনীতি (২০১০)
  • ৱান্স আপন এ টাইম ইন মুম্বাই (২০১০)
  • লফংগে পৰিন্দে (২০১০)
  • আশায়ে (২০১০)
  • অনজানা অনজানী (২০১০)
  • ডম মাৰো ডম (২০১১)
  • দিল তো বচ্চা হে জী (২০১১)
  • ৰকষ্টাৰ (২০১১)
  • পাচ নাৰ এক বেজাৰ(২০১১)
  • প্লেয়াৰ্ছ' (২০১১)
  • জিন্দেগী না মিলেগী দোবাৰা (২০১১)
  • "থ্ৰী" (3) (২০১২)
  • অজব গজব লভ (২০১২)
  • গলি গলি চোৰ হে' (২০১২)
  • তেৰে নাল লভ হো গয়া (২০১২)
  • জন্নত 2 (২০১২)
  • তেজ(২০১২)
  • বোল বচ্চন(২০১২)
  • য়ে জো মোহব্বত হে(২০১২)
  • এক থা টাইগাৰ(২০১২)
  • শ্বিৰি ফাৰহাদ কি তো নিকল পৰি (২০১২)
  • বৰ্ফি! (২০১২)
  • আধি ভগৱান (২০১২)
  • জব তক হে জান (২০১২)
  • এথিৰ নীচল (২০১২)
  • পগলু
  • লে হাৱা লে
  • মত্ৰু কি বিজলী কা মন্দোলা (২০১৩)
  • এবিছিদি(২০১৩)
  • জিলা গাজিয়াবাদ'(২০১৩)
  • চুলতান (২০১৬)

বঁটা[সম্পাদনা কৰক]

বৰ্ষ শ্ৰেণী গীত ফলাফল
ফিল্মফেয়াৰ বঁটা
২০১০ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী দিল্লী-৬ ছবিৰ মাছাকলি বিজয়ী
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৱান্স আপন এ টাইম ইন মুম্বাইৰ পী লু মনোনীত
২০১২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰ ছবিৰ চাদ্দা হক মনোনীত
২০১২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা ৰকষ্টাৰ ছবিৰ জো ভি মে বিজয়ী[6]
জী চিনে এৱাৰ্ড
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৱান্স আপন এ টাইম ইন মুম্বাইৰ পী লু বিজয়ী
২০১২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰ ছবিৰ জো ভি মে বিজয়ী
ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৱান্স আপন এ টাইম ইন মুম্বাইৰ পী লু মনোনীত
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰ ছবিৰ ফিৰ চে উৰ চলা বিজয়ী
অপ্সৰা ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰছ গীল্ড এৱাৰ্ডছ
২০১০ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী লভ আজ কল ৰ য়ে দূৰীয়া বিজয়ী
মিৰ্চি মিউজিক এৱাৰ্ডছ
২০১০ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী দিল্লী-৬ৰ মাচাকলি বিজয়ী
গ্লোবেল ইণ্ডিয়ান ফিল্মছ এণ্ড টেলিভিছন এৱাৰ্ডছ
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু বিজয়ী
আইফা এৱাৰ্ডছ
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু মনোনীত
২০১২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰৰ নাদান পৰিন্দে বিজয়ী
গিমা এৱাৰ্ডছ
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু বিজয়ী
কালাৰ্ছ স্ক্ৰীণ এৱাৰ্ডছ
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰ ছবিৰ চাদ্দা হক বিজয়ী
বিগ ষ্টাৰ এণ্টাৰটেইনমেন্ট এৱাৰ্ডছ
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰ ছবিৰ চাদ্দা হক বিজয়ী
২০১২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰৰ জো ভি মে বিজয়ী
জী চিনে এৱাৰ্ডছ
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৱান্স আপন এ টাইম ইন এ মুম্বাইৰ পী লু বিজয়ী
২০১২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰ ছবিৰ চাদ্দা হক বিজয়ী
অপ্সৰা এৱাৰ্ডছ
২০১০ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী লভ আজ কলৰ য়ে দূৰীয়া বিজয়ী
২০১১ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী পী লু মনোনীত
২০১২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ৰকষ্টাৰৰ জো ভি মে বিজয়ী

অন্যান্য পুৰস্কাৰ আৰু সন্মান[সম্পাদনা কৰক]

  • ২০১১: আৰএমআইএম পুৰস্কাৰ;— বছৰটোৰ পুৰুষ কণ্ঠশিল্পী[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]