সমললৈ যাওক

এ. আৰ. ৰহমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এ আৰ ৰহমানৰ পৰা পুনঃনিৰ্দেশিত)
এ. আৰ. ৰহমান
A. R. Rahman

২০১৯ চনত ৰহমান
জন্ম এ.এছ. দিলীপ কুমাৰ
৬ জানুৱাৰী, ১৯৬৭ (৫৭ বছৰ)
মাদ্ৰাছ, মাদ্ৰাছ ৰাজ্য, ভাৰত
অন্য নাম
  • ইছাই পুয়াল
  • ম'জাৰ্ট অৱ মাদ্ৰাছ
শিক্ষানুষ্ঠান ত্ৰিনিটি কলেজ অৱ মিউজিক
পেচা
  • ৰেকৰ্ড প্ৰযোজক
  • সুৰকাৰ
  • কণ্ঠশিল্পী
  • গীতিকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৯২–বৰ্তমানলৈকে
সংস্থা কে এম মিউজিক কনচাৰভেটৰী
দাম্পত্যসঙ্গী সাইৰা বানু (বি. ১৯৯৫; বিচ্ছেদ ২০২৪)[1]
পিতৃ-মাতৃ আৰ.কে. শেখৰ
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি অস্কাৰ, গোল্ডেন গ্লোব, গ্ৰেমী ইত্যাদি
এ. আৰ. ৰহমান
সংগীতৰ প্ৰকাৰ
  • চলচ্চিত্ৰীয়
  • ভাৰতীয় ধ্ৰুপদী সংগীত
  • বিশ্ব সংগীত
বাদ্যযন্ত্ৰ
ৰেকৰ্ড লেবেল
  • কেএম মিউজিক কনজাৰভেটৰী
  • ছনি মিউজিক ইণ্ডিয়া
  • টিপছ্ মিউজিক
  • টি-চিৰিজ
  • য়শ ৰাজ মিউজিক
  • ছনি DADC
  • আদিত্য মিউজিক
  • লাহৰী মিউজিক
  • ইউনিভাৰ্ছেল মিউজিক
  • ইৰ'ছ ইণ্টাৰনেশ্যনেল
স্বাক্ষৰ
চিত্ৰ:A R Rahman signature.svg
ৱেবছাইট
arrahman.com

আল্লাহ ৰাখা ৰহমান (ইংৰাজী: Allah Rakha Rahman)ৰ জন্মতে নাম আছিল এ. এছ. দিলীপ কুমাৰ৷ তেওঁ চমুকৈ ARR(এআৰআৰ) হিচাপেও পৰিচিত৷ আল্লাহ ৰাখা ৰহমান এজন ভাৰতীয় সংগীত সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞ, বহুকেইটা বাদ্যৰ বাদ্যযন্ত্ৰী, আৰু লোকহিতৈষী৷ [2]তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত৷ তেওঁ প্ৰধানকৈ তামিল আৰু হিন্দী ছবিৰ লগত ঘনিষ্ঠ যদিও সময়ে-সময়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিতো কাম কৰে। তেখেতে এতিয়ালৈকে ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দুটা একাডেমী বঁটা, দুটা গ্ৰেমী বঁটা, এটা বাফটা বঁটা, এটা গোল্ডেন গ্ল'ব বঁটা, ছটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, পোন্ধৰটা ফিল্মফেয়াৰ বঁটা আৰু আঠাইশটা ফিল্মফেয়াৰ বঁটা-দক্ষিণ লাভ কৰিছে।[3] ২০১০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে।[4]

ঘৰুৱা ষ্টুডিঅ' পঞ্চথান ৰেকৰ্ড ইনৰ সৈতে ৰহমানৰ চলচ্চিত্ৰীয় সাংগীতিক কেৰিয়াৰ আৰম্ভ হয়৷ তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৯০ চনৰ তামিল ছবি ৰোজা[5] ইয়াৰ পিছত তেওঁ মণি ৰত্নমবম্বে, কাধলান, থিৰুদা থিৰুদা, এছ শংকৰৰ প্ৰথম ছবি জেণ্টলমেনকে ধৰি তামিল ভাষাৰ ছবিৰ বাবে সংগীত সৃষ্টি কৰে। ৰহমানৰ প্ৰথমখন হলিউডৰ ছবি আছিল কমেডী কাপলছ ৰিট্ৰিট (২০০৯)ৰ৷ ছবিখনে শ্ৰেষ্ঠ সংগীত বিএমআই বঁটা লাভ কৰে। স্লামডগ মিলিয়নেয়াৰ (২০০৮)ৰ বাবে তেওঁ ৰচনা কৰা সংগীতে ৮১ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ মৌলিক সংগীত আৰু শ্ৰেষ্ঠ মৌলিক গীত (জয় হোৰ বাবে) লাভ কৰে। ২০১০ চনৰ গ্ৰেমী বঁটাত তেওঁক শ্ৰেষ্ঠ সংকলন আৰু ভিজুৱেল মিডিয়াৰ বাবে বঁটা দিয়া হয়। তেওঁক "ইছাই পুয়াল" (সংগীতৰ ধুমুহা) আৰু "মাদ্ৰাজৰ মোজাৰ্ট" বুলি জনা যায়।[6]

ৰহমান এজন লোকহিতৈষী৷ তেওঁ কেইবাটাও কৰ্ম আৰু দাতব্য সংস্থাৰ বাবে দান কৰিছে আৰু ধন সংগ্ৰহ কৰিছে। ২০০৬ চনত বিশ্ব সংগীতৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে তেওঁক সন্মান জনায়।[7] ২০০৮ চনত তেওঁ মাদ্ৰাজৰ ৰটাৰী ক্লাবৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।[8] ২০০৯ চনত তেওঁক বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিটাইম তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[9] ২০১৩ চনত তেওঁ দক্ষিণ ভাৰতীয় ছবিত ৭.১ চাৰাউণ্ড শব্দ প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰে।[10] ২০১৪ চনত বাৰ্কলি কলেজ অৱ মিউজিকৰ পৰা তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।[11]২০১৭ চনত তেওঁ লে মাস্ক ছবিখনৰ পৰিচালক আৰু লেখক হিচাপে আত্মপ্ৰকাশ কৰে।[12]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

এ. আৰ. ৰহমানে সংগীত নিজৰ পিতৃ আৰ. কে. শেখৰৰ পৰা পৈতৃক সম্পত্তি হিচাপে লাভ কৰিছিল। পাছলৈ তেখেতে প্ৰাৰম্ভিক সংগীত শিক্ষা মাষ্টৰ ধনৰাজৰ পৰা আহৰণ কৰিছিল। ৰহমানৰ ৯ বছৰ বয়সত তেওঁৰ পিতৃ আৰ. কে. শেখৰৰ মৃত্যু বৰণ ঘটে যাৰ ফলত সিহঁতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰে। ঘৰখন চলাই নিবৰ বাবে দেউতাকৰ বাদ্যযন্ত্ৰবোৰ বিক্ৰী কৰিব লগা হয়। ১১ বছৰ বয়সত লৰালিকালৰ বন্ধু শিৱমণিৰ সৈতে ৰহমানে বেণ্ড ৰুটছ্ আদিৰ হকে বাদ্যযন্ত্ৰ বজাইছিল। ১৯৮৯ চনত ২৩ বছৰ বয়সত ৰহমানে তেওঁৰ পৰিয়ালৰ সৈতে ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰে। এ. আৰ. ৰহমানে লণ্ডনট্ৰিনিটী কলেজ অৱ মিউজিকৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতত ডিগ্ৰী লাভ কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
Man in grey jacket and woman in sari
২০১০ চনত "এন্থিৰান"ৰ সংগীত মুক্তিৰ সময়ত পত্নী সাইৰা বানুৰ স'তে এ. আৰ. ৰহমান

এ. আৰ. ৰহমান সাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু বৰ্তমান তেওঁলোক তিনি সন্তানৰ পিতৃ-মাতৃ। সন্তানতিনিটা হ’ল ক্ৰমে খাতিজা, ৰহীমা আৰু আমিন। সম্পৰ্কত অ. আৰ. ৰহমান সংগীত পৰিচালক জি. ভি. প্ৰকাশ কুমাৰৰ খুৰাক হয়। ২০২৪ চনৰ ১৯ নৱেম্বৰত এ. আৰ. ৰহমান আৰু সাইৰা বানুৱে ত্ৰিশ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলাই বিবাহ-বিচ্ছেদ ঘোষণা কৰে[13]</ref>[14]

কাৰ্যক্ষেত্ৰ

[সম্পাদনা কৰক]

মানবীয় কাৰ্য

[সম্পাদনা কৰক]

সন্মান আৰু বঁটা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. The TOI Entertainment Desk is a dynamic (19 November 2024). "AR Rahman Divorce News: AR Rahman's wife Saira Banu announces Separation; lawyer releases official statement". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ar-rahmans-wife-saira-banu-announces-separation-lawyer-releases-official-statement/articleshow/115459813.cms। আহৰণ কৰা হৈছে: 20 November 2024. 
  2. "A. R. Rahmam Biography". arrahman.com. https://arrahman.com/biography.aspx। আহৰণ কৰা হৈছে: 14 April 2023. [সংযোগবিহীন উৎস]
  3. "Interview: AR Rahman reveals composing secrets". Deccan Herald. 11 December 2018. https://www.deccanherald.com/metrolife/rahman-reveals-composing-707609.html. 
  4. "AR Rahman Feels 'Happy and Honoured' with Padma Bhushan Win". Daily News and Analysis. http://www.dnaindia.com/entertainment/report-ar-rahman-feels-happy-and-honoured-with-padma-bhushan-win-1365878. 
  5. Ramanujam, Srinivasa; Menon, Vishal (14 August 2017). "Revisiting 'Roja', 25 years later" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/entertainment/music/revisiting-roja-25-years-later/article19491084.ece. 
  6. Corliss, Richard (25 April 2004). "The Mozart of Madras". Time. Archived from the original on 27 October 2011. https://web.archive.org/web/20111027041354/http://www.time.com/time/magazine/article/0,9171,629407,00.html। আহৰণ কৰা হৈছে: 5 April 2011. 
  7. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; arstan06 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. "A R Rahman Honored". IndiaGlitz. 4 June 2008. http://www.indiaglitz.com/channels/tamil/gallery/events/15580.html। আহৰণ কৰা হৈছে: 5 April 2011. 
  9. "The 2009 Time 100 – A.R. Rahman". Time. 30 April 2009. http://www.time.com/time/specials/packages/article/0,28804,1894410_1893836_1894435,00.html। আহৰণ কৰা হৈছে: 24 January 2011. 
  10. "Rahman's AM Studio introduces 7.1 technology to Kollywood". The Times of India. 27 June 2012. http://articles.timesofindia.indiatimes.com/2012-06-27/news-interviews/32440011_1_indian-film-industry-sound-technology. 
  11. "Rahman to be conferred honorary doctorate by AMU". The Hindu (Chennai, India). 26 May 2009. http://www.hindu.com/thehindu/holnus/009200905261962.htm. 
  12. Duttagupta, Ishani (14 May 2017). "How virtual reality pushed AR Rahman towards 'multi-sensory' filmmaking". The Economic Times. http://economictimes.indiatimes.com/magazines/panache/how-virtual-reality-pushed-ar-rahman-towards-multi-sensory-filmmaking/articleshow/58662010.cms। আহৰণ কৰা হৈছে: 13 July 2017. 
  13. Desk, HT Entertainment (19 November 2024). "AR Rahman, wife Saira Banu announce separation after 29 years of marriage". Hindustan Times. https://www.hindustantimes.com/entertainment/music/ar-rahmans-wife-saira-banu-announces-separation-after-29-years-of-marriage-cites-insurmountable-gap-between-them-101732034344624.html। আহৰণ কৰা হৈছে: 20 November 2024. 
  14. The Hindu Bureau (November 20, 2024 11:24 am IST). "AR Rahman and Saira Banu divorce: Children Khatija, Raheema, and Ameen react". THE HINDU. The Hindu. https://www.thehindu.com/entertainment/movies/ar-rahman-and-saira-banu-announce-separation-after-29-years-of-marriage-children-khatija-raheema-and-ameen-react/article68888658.ece। আহৰণ কৰা হৈছে: 20 November 2024. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]