এ. আৰ. ৰহমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা


এ. আৰ. ৰহমান
அ. ர. ரகுமான்

হাইৱে চলচ্চিত্ৰখনৰ বাবে এখন সংবাদমেলত অংশগ্ৰহণ কৰা মুহূৰ্তত এ. আৰ. ৰহমান
প্ৰাথমিক তথ্য
জন্মৰ নাম এ. এছ. দিলীপ কুমাৰ
আন নাম
  • এ. আৰ. ৰহমান
  • এ. আৰ. আৰ.
  • আল্লাহ ৰাখা ৰহমান
  • ইষাই পুয়াল
  • মাড্ৰাছৰ মোজাৰ্ট
জন্ম ৬ জানুৱাৰী, ১৯৬৭ (৫৭ বছৰ)
চেন্নাই, তামিলনাডু, ভাৰত
পেচা
  • গায়ক
  • গীতিকাৰ
  • সুৰকাৰ
  • ৰেকৰ্ড প্ৰযোজক
  • সংগীত পৰিচালক
  • আয়োজক
কাৰ্যকাল ১৯৮৭–বৰ্তমান
পিতৃ-মাতৃ
ৱেবছাইট arrahman.com

এ. আৰ. ৰহমান, সম্পূৰ্ণ নাম আল্লাহ ৰাখা ৰহমান (তামিল: ஏ. ஆர். ரகுமான்; এই শব্দটোৰ বিষয়ে pronunciation ) হ'ল এজন প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ। তামিলনাডুচেন্নাইত এটা মধ্যবিত্ত তামিল পৰিয়ালত এ. আৰ. ৰহমানৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আৰ. কে. শেখৰ আৰু মাতৃৰ নাম কৰীমা বেগম। সংগীত জগতখনত তেখেতে লাভ কৰা বঁটাবোৰৰ ভিতৰত দুটা একাডেমী বঁটা, দুটা গ্ৰেমী বঁটা, এটা বাফটা বঁটা, এটা গ'ল্ডেন গ্ল'ব বঁটা, চাৰিটা ৰাষ্ট্ৰীয় বঁটা, পোন্ধৰটা ফিল্ম ফেয়াৰ বঁটা আৰু তেৰটা ফিল্ম ফেয়াৰ বঁটা দক্ষিণ। সংগীতৰ ক্ষেত্ৰখনত ৰহমানৰ অতুলনীয় কাৰ্যৰ বাবে তেখেতক “মাড্ৰাজৰ মোজাৰ্ট” (ইংৰাজী: The Mozart of Madras) হিচাপে জনা যায়। তদুপৰি তামিল কমেণ্টেটৰ আৰু তেওঁৰ শুভাকাংক্ষীবোৰে তেখেতক “ইষাই পুয়াল” (ইংৰাজী: The Musical Storm) বুলি অভিহিত কৰিছে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

এ. আৰ. ৰহমানে সংগীত নিজৰ পিতৃ আৰ. কে. শেখৰৰ পৰা পৈতৃক সম্পত্তি হিচাপে লাভ কৰিছিল। পাছলৈ তেখেতে প্ৰাৰম্ভিক সংগীত শিক্ষা মাষ্টৰ ধনৰাজৰ পৰা আহৰণ কৰিছিল। ৰহমানৰ ৯ বছৰ বয়সত তেওঁৰ পিতৃ আৰ. কে. শেখৰৰ মৃত্যু বৰণ ঘটে যাৰ ফলত সিহঁতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰে। ঘৰখন চলাই নিবৰ বাবে দেউতাকৰ বাদ্যযন্ত্ৰবোৰ বিক্ৰী কৰিব লগা হয়। ১১ বছৰ বয়সত লৰালিকালৰ বন্ধু শিৱমণিৰ সৈতে ৰহমানে বেণ্ড ৰুটছ্ আদিৰ হকে বাদ্যযন্ত্ৰ বজাইছিল। ১৯৮৯ চনত ২৩ বছৰ বয়সত ৰহমানে তেওঁৰ পৰিয়ালৰ সৈতে ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰে। এ. আৰ. ৰহমানে লণ্ডনট্ৰিনিটী কলেজ অৱ মিউজিকৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতত ডিগ্ৰী লাভ কৰিছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

Man in grey jacket and woman in sari
২০১০ চনত "এন্থিৰান"ৰ সংগীত মুক্তিৰ সময়ত পত্নী সাইৰা বানুৰ স'তে এ. আৰ. ৰহমান

এ. আৰ. ৰহমান সাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু বৰ্তমান তেওঁলোক তিনি সন্তানৰ পিতৃ-মাতৃ। সন্তানতিনিটা হ’ল ক্ৰমে খাতিজা, ৰহীমা আৰু আমিন। সম্পৰ্কত অ. আৰ. ৰহমান সংগীত পৰিচালক জি. ভি. প্ৰকাশ কুমাৰৰ খুৰাক হয়।

কাৰ্যক্ষেত্ৰ[সম্পাদনা কৰক]

মানবীয় কাৰ্য[সম্পাদনা কৰক]

সন্মান আৰু বঁটা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]