অস্কাৰ বঁটা
| অস্কাৰ বঁটা | |
|---|---|
| 220px Cate Blanchett's Oscar for playing Katharine Hepburn in The Aviator in 2004 | |
| বিৱৰণ | Excellence in cinematic achievements |
| প্ৰদান কৰোঁতা | Academy of Motion Picture Arts and Sciences |
| দেশ | United States |
| প্ৰথম পুৰস্কাৰ প্ৰদান | 1929 |
| ৱেবচাইট | www.oscars.org |
অস্কাৰ বঁটা (ইংৰাজী: Academy Awardsবা The Oscars)[1] চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা৷ এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে৷ এই বঁটাপ্ৰদান অনুষ্ঠান পোনপ্ৰথমে ১৯২৯ চনত 'হলিউড ৰ'জভেল্ট হোটেল'ত অনুষ্ঠিত হৈছিল৷ অস্কাৰ বঁটা প্ৰতিবছৰে 'Academy of Motion Picture Arts and Sciences(AMPAS)' ৰ উদ্যোগত প্ৰদান কৰা হয়৷[2][3]
পোণপ্ৰথমে ১৯৫৩ দুৰদুৰ্শনযোগে প্ৰচাৰিত এই বঁটা প্ৰদান অনুষ্ঠান বৰ্তমান প্ৰায় ২০০ৰো অধিক দেশত প্ৰচাৰিত হয়৷ [4] শেহতীয়াকৈ ৮৬ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে লছ এঞ্জেলেছৰ ড'লবি থিয়েটাৰত অনুষ্ঠিত হৈ যায়৷ [5]
ইতিহাস[সম্পাদনা কৰক]
১৯২৯ চনৰ ১৬ মে' তাৰিখে হ'লিঊড ৰ'জভেল্ট হোটেলত প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল ৷ এই অনুষ্ঠানত প্ৰায় ২৭০ গৰাকী দৰ্শক উপস্থিত আছিল৷ ইয়াৰ পৰৱৰ্ত্তী অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানটো মে'ফেয়াৰ হোটেল (Mayfair Hotel) ত অনুষ্ঠিত হয়৷[6] এই অনুষ্ঠানত দৰ্শকে এটা টিকেটৰ বিনিময়ত পাঁচ ডলাৰ দিছিল৷ ১৯২৭-১৯২৮ বৰ্ষত পাৰদৰ্শিতা দেখুওৱা বিভিন্নজনক মুঠতে ১৫ টা বঁটা প্ৰদান কৰা হৈছিল৷ এই অনুষ্ঠানটো পোন্ধৰ মিনিটৰ ভিতৰতে সমাপ্ত হৈছিল৷
এই অনুষ্ঠানৰ বিজেতাসকলৰ বিষয়ে তিনিমাহৰ পিছত সংবাদ মাধ্যমযোগে প্ৰচাৰিত হৈছিল৷ অৱশ্যে পৰৱৰ্ত্তী বৰ্ষৰ পৰাই এই বঁটাৰ বিষয়ে বঁটা প্ৰদান কৰাৰ নিশাই সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ [6] পৰৱৰ্ত্তী কালত এবাৰ লছ এঞ্জেলেছ টাইমছ নামৰ কাকতখনে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বেই বিজেতা সকলৰ নাম ঘোষণা কৰাত ১৯৪১ চনৰ পৰা বন্ধ লেফাফা ব্যৱহাৰ কৰিবলৈ লয়৷[6]
প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে 'The Last COmmand' আৰু ' The Way of All Flesh' নামৰ চলচ্চিত্ৰত অভিনয় কৰা Emil Jannings এ৷ পোণপ্ৰথমে কলা-কুশলীসকলে তেওঁলোকে একোটা বিভাগত দেখুওৱা সকলো পাৰদৰ্শিতাৰ বাবে বঁটা লাভ কৰিছিল৷ উদাহৰণস্বৰূপে Jannings এ সেইসময়ত অভিনয় কৰা দুয়োখন বোলছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল৷ কৰিছিল৷ কৰিছিল৷ কিন্তু চতুৰ্থ অনুষ্ঠানৰ পৰা এই নিয়মৰ সলনি হয়৷ এইসময়ৰ পৰা কলাকুশলী বিশেষ একোখন বোলছবিৰ বাবে বঁটা প্ৰদান কৰাৰ প্ৰথা আৰম্ভ হয়৷
২০১১ চনৰ ৮৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানলৈকে মুঠতে ২,৮৯৪ টা অস্কাৰ বঁটা প্ৰদান কৰা হৈছে৷ [7] বিভিন্ন বিভাগসমূহত বৰ্তমানলৈকে ৩০২ গৰাকী অভিনেতা-অভিনেত্ৰীয়ে অস্কাৰ বঁটা লাভ কৰিছে৷
১৯৫৭ চনৰ ২৭ মাৰ্চত অনুষ্ঠিত ২৯তম বঁটা বিতৰণী অনুষ্ঠানত 'শ্ৰেষ্ঠ বিদেশী ভাষাৰ বোলছবি' (Best Foreign Language Film) বিভাগটো আৰম্ভ কৰা হয়৷
বিভাগসমূহ[সম্পাদনা কৰক]
- মূখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা-১৯২৮ চনৰ পৰা আৰম্ভ
- শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা (Academy Award for Best Supporting Actor)- ১৯৩৬ চনৰ পৰা
- মূখ্য ভূমিকাত শ্ৰেষ্ঠা অভিনেত্ৰীৰ অস্কাৰ বঁটা ( Academy Award for Best Actress)-১৯২৮ চনৰ পৰা
- শ্ৰেষ্ঠা সহ অভিনেত্ৰীৰ অস্কাৰ বঁটা (Academy Award for Best Supporting Actress)-১৯৩৬ চনৰ পৰা
- শ্ৰেষ্ঠ এনিমেটেড ফীচ্চাৰৰ অস্কাৰ বঁটা (Academy Award for Best Animated Feature) ২০০১ চনৰ পৰা
- শ্ৰেষ্ঠ এনিমেটেড চুটি ফিল্ম ৰ অস্কাৰ বঁটা (Academy Award for Best Animated Short Film)-১৯৩১ চনৰ পৰা
- শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফীৰ অস্কাৰ বঁটা (Academy Award for Best Cinematography) ১৯২৮ চনৰ পৰা
- শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা (Academy Award for Best Costume Design) ১৯৪৮ চনৰ পৰা
- শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা (Academy Award for Best Director) ১৯২৮ চনৰ পৰা
- শ্ৰেষ্ঠ তথ্যচিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Documentary)১৯৪৩ চনৰ পৰা
- শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Documentary Short) ১৯৪১ চনৰ পৰা
- শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনাৰ অস্কাৰ বঁটা (Academy Award for Best Film Editing)-১৯৩৪ চনৰ পৰা
- শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Foreign Language Film) ১৯৪৭ চনৰ পৰা
- শ্ৰেষ্ঠ লাইভ একশ্যন চুটি চলচ্চিত্ৰৰ অস্কাৰ বঁটা Academy Award for Best Live Action Short Film) ১৯৩১ চনৰ পৰা
- শ্ৰেষ্ঠ প্ৰসাধন তথা চুলিৰ সজ্জাৰ অস্কাৰ বঁটা (Academy Award for Best Makeup and Hairstyling) -১৯৮১ চনৰ পৰা
- শ্ৰেষ্ঠ মৌলিক ষ্ক'ৰৰ অস্কাৰ বঁটা (Academy Award for Best Original Score) -১৯৩৪ চনৰ পৰা
- শ্ৰেষ্ঠ মৌলিক সংগীতৰ অস্কাৰ বঁটা (Academy Award for Best Original Song)-১৯৩৪ চনৰ পৰা
- শ্ৰেষ্ঠ মৌলিক ছবিৰ অস্কাৰ বঁটা (Academy Award for Best Picture)-১৯২৮ চনৰ পৰা
- শ্ৰেষ্ঠ প্ৰডাক্স'ন ডিজাইনৰ অস্কাৰ বঁটা (Academy Award for Best Production Design) ১৯২৮ চনৰ পৰা
- শ্ৰেষ্ঠ শব্দ সম্পাদনাৰ অস্কাৰ বঁটা (Academy Award for Best Sound Editing) ১৯৬৩ চনৰ পৰা
- শ্ৰেষ্ঠ চাউণ্ড মিক্সিঙৰ অস্কাৰ বঁটা (Academy Award for Best Sound) ১৯৩০ চনৰ পৰা
- শ্ৰেষ্ঠ ভিজুৱেল এফেক্টৰ অস্কাৰ বঁটা (Academy Award for Best Visual Effects) ১৯৩৯ চনৰ পৰা
- শ্ৰেষ্ঠ এডেপ্টেড স্ক্ৰীণপ্লেৰ অস্কাৰ বঁটা (Academy Award for Best Adapted Screenplay) ১৯২৮ চনৰ পৰা
- শ্ৰেষ্ঠ মৌলিক স্ক্ৰীণপ্লেৰ অস্কাৰ বঁটা (Academy Award for Best Original Screenplay) ১৯৪০ চনৰ পৰা
তথ্যসুত্ৰ[সম্পাদনা কৰক]
- ↑ Pond, Steve (19 February 2013). "AMPAS Drops '85th Academy Awards' - Now It's Just 'The Oscars'". The Wrap. http://www.thewrap.com/awards/column-post/ampas-drops-85th-academy-awards-now-its-just-oscars-78211। আহৰণ কৰা হৈছে: 22 February 2013.
- ↑ "About the Academy Awards". Academy of Motion Picture Arts and Sciences. Archived from the original on 7 April 2007. https://web.archive.org/web/20070407234926/http://www.oscars.org/aboutacademyawards/index.html। আহৰণ কৰা হৈছে: 13 April 2007.
- ↑ Essex, Andrew (14 May 1999). "The Birth of Oscar". Entertainment Weekly. http://www.ew.com/ew/article/0,,273341,00.html। আহৰণ কৰা হৈছে: 2 March 2011.
- ↑ "History of the Academy Awards". Academy of Motion Picture Arts and Sciences. http://www.oscars.org/awards/academyawards/about/history.html। আহৰণ কৰা হৈছে: 13 January 2014.
- ↑ "2014 Oscars show moves to March to avoid Winter Olympics clash". Chicago Tribune. Archived from the original on 10 April 2013. https://archive.is/7iw4t। আহৰণ কৰা হৈছে: 25 March 2013.
- ↑ 6.0 6.1 6.2 "History of the Academy Awards". Academy of Motion Picture Arts and Sciences. http://www.oscars.org/awards/academyawards/about/history.html.
- ↑ "A Brief History of the Oscar". Academy of Motion Picture Arts and Sciences. http://www.oscars.org/awards/academyawards/about/awards/oscar.html। আহৰণ কৰা হৈছে: 23 January 2012.
- ↑ "Music Awards | Rules for the 84th Academy Awards | Academy of Motion Picture Arts & Sciences". Oscars.org. 2012-08-24. http://www.oscars.org/awards/academyawards/rules/rule16.html। আহৰণ কৰা হৈছে: 2014-02-26.
লগতে চাওক[সম্পাদনা কৰক]
- Brokaw, Lauren (2010). "Wanna see an Academy Awards invite? We got it along with all the major annual events surrounding the Oscars". Los Angeles: The Daily Truffle.
- Cotte, Oliver (2007). Secrets of Oscar-winning animation: Behind the scenes of 13 classic short animations. Focal Press. ISBN 978-0-240-52070-4.
- Kinn, Gail; Piazza, Jim (2002). The Academy Awards: The Complete History of Oscar. Black Dog & Leventhal Publishers. ISBN 978-1-57912-240-9.
- Levy, Emanuel (2003). All About Oscar: The History and Politics of the Academy Awards. Burns & Oates. ISBN 978-0-8264-1452-6.
- Wright, Jon (2007). The Lunacy of Oscar: The Problems with Hollywood's Biggest Night. Thomas Publishing, Inc.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| মুক্ত অভিধান ৱিক্সনেৰীত Academy Awards শব্দৰ অৰ্থ চাওক। |
| ৱিকিমিডিয়া কমন্সত Academy Awards সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Academy Awards Live Stream
- আনুষ্ঠানিক ৱেবছাইট
- Oscar.com—official Academy Award ceremony site.
- Official Academy Awards Database (searchable)
- Academy Awards বিষয়ে Curlie (DMOZ)-ত থকা তথ্য.
- "Oscar Greats" at Time magazine.