আশা ভোছলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আশা ভোঁচলেৰ পৰা পুনঃনিৰ্দেশিত)
আশা ভোঁচলে
প্ৰাথমিক তথ্য
জন্মৰ নাম আশা মংগেশকাৰ
জন্ম ৮ ছেপ্টেম্বৰ, ১৯৩৩ (৯০ বছৰ)
ছাংলি, ব'ম্বে প্ৰেছিডেন্সি
সংগীতৰ প্ৰকাৰ পপ, লোকসংগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত
পেচা গায়িকা, নেপথ্য কণ্ঠশিল্পী
বাদ্যযন্ত্ৰ কণ্ঠ
কাৰ্যকাল ১৯৪৩ - বৰ্তমান

আশা ভোঁচলে (ইংৰাজী: Asha Bhosle) ভাৰতৰ এগৰাকী স্বনামধন্যা জনপ্ৰিয় গায়িকা। তেওঁ ১৯৪৩ চনৰপৰা এতিয়ালৈকে সহস্ৰাধিক হিন্দী আৰু ভিন্নভাষী চলচ্চিত্ৰৰ লগতে বহুকেইটা ব্যক্তিগত এলবামত গান গাইছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিৱেশন কৰিছে। তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী। তেওঁ নিজৰ কণ্ঠৰ বিচিত্ৰতাৰ কাৰণে ভিন্ন ভাষাৰ বোলছবি সংগীত, পপ সংগীত, গজল, ভজন, ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোকসংগীত, কাৱালি, ৰবীন্দ্ৰ সংগীত ইত্যাদি প্ৰায় সকলোধৰণৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁ হিন্দী ভাষাৰ উপৰিও ২০ টাতকৈ অধিক দেশী বিদেশী ভাষাত কণ্ঠদান কৰিছে। ২০০৯ চনত 'ৱৰ্ল্ড ৰেকৰ্ডছ একাডেমী' নামৰ এটা আন্তৰ্জাতিক সংগঠনে তেওঁক বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী (১২০০০তকৈয়ো অধিক) বুলি স্বীকৃতি দিয়ে আৰু ২০১১ চনত একেটা কাৰণতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০০০ চনত দাদা চাহেব ফাল্কে বঁটা আৰু ২০০৮ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে।

জীৱন বৃত্ত[সম্পাদনা কৰক]

১৯৩৩ চনৰ ৮ ছেপ্তেম্বৰত ব্ৰিটিছ শাসিত ব'ম্বে প্ৰেছিডেন্সীৰ (এতিয়াৰ মহাৰাষ্ট্ৰ) ছাংলিৰ এখন সৰু গাঁৱত আশা ভোঁচলেৰ জন্ম হৈছিল। দেউতাক দীননাথ মংগেশকাৰ এজন থিয়েটাৰ অভিনেতা আৰু শাস্ত্ৰীয় সংগীতশিল্পী আছিল। তেওঁৰ ৯ বছৰ বয়সতে দেউতাক ঢুকুৱাত তেওঁলোকৰ পৰিয়াল প্ৰথমে কোলহাপুৰত আৰু পাছত মুম্বাইত থাকিবলৈ লয়। পৰিয়ালৰ ভৰণ পোষণত সহায় কৰিবলৈ তেওঁ আৰু বায়েক লতা মংগেশকাৰে গান গাবলৈ আৰু অভিনয় কৰিবলৈ আৰম্ভ কৰে। ১৬ বছৰ বয়সতে তেওঁ ৩১ বছৰীয়া গণপতৰাও ভোঁচলেৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল যদিও কেইবছৰমানৰ পাছতে সেই সম্পৰ্কৰ অন্ত পৰে আৰু ১৯৬০ চনত তেওঁ দুটি সন্তান আৰু এটি গৰ্ভস্থ সন্তানৰ সৈতে মাতৃগৃহলৈ গুচি আহে। পাছত তেওঁ ১৯৮০ চনত সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ লগত পুনৰ বিবাহপাশত আৱদ্ধ হয়।

সংগীত জীৱন[সম্পাদনা কৰক]

'মাঝা বাল' (১৯৪৩) নামৰ মাৰাঠী ছবিখনত তেওঁ 'চলা চলা নাৱ ব'লা' শীৰ্ষক তেওঁৰ প্ৰথম বোলছবি সংগীতটো গায়। হিন্দী বোলছবিত তেওঁৰ প্ৰথম গীতটো আছিল 'চুনৰিয়া' (১৯৪৮) বোলছবিৰ 'ছাৱন আয়া', আৰু তেওঁৰ প্ৰথম একক হিন্দী বোলছবি গীতটো গায় 'ৰাত কি ৰাণী' (১৯৪৯) বোলছবিখনত। তেওঁ প্ৰথমে কম বাজেটৰ আৰু বি গ্ৰেড হিন্দী বোলছবিবিলাকতহে গীত গাবলৈ সুবিধা পাইছিল আৰু বিশেষ সফলতা পোৱা নাছিল। কিন্তু ১৯৫৭ চনত বি আৰ চোপ্ৰাৰ 'নয়া দৌৰ' বোলছবিৰপৰা তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। তাৰ পাছৰপৰা তেওঁ প্ৰায় সকলো প্ৰতিষ্ঠিত সংগীত পৰিচালকৰ সৈতে কাম কৰিছে আৰু বহুকেইটা চিৰসেউজ আৰু যুগজয়ী গীত উপহাৰ দিছে। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰতো কণ্ঠ দিছে। ইয়াৰ উপৰিও তেওঁ বহুকেইটা ব্যক্তিগত এলবাম যেনে 'দিল পড়োছী হে' (১৯৮৭), 'লিগেছী', 'ৰাহুল এণ্ড আই', 'জানম ছমঝা কৰো' (১৯৯৭), 'আপ কি আশা' (২০০২) ইত্যাদিত কণ্ঠ দিছে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

সংগীতৰ উপৰিও তেওঁ ব্যৱসায়ৰ লগতো জড়িত। ডুবাই, আবু ধাবি, ড'হা আৰু কুৱেইটত তেওঁৰ 'আশাছ' নামৰ বহুকেইখন ৰেস্তোৰাঁ আছে, য'ত পশ্চিম ভাৰতীয় খাদ্যৰ সোৱাদ পোৱা যায়।

পুৰস্কাৰ[সম্পাদনা কৰক]

ফিল্মফেয়াৰ বঁটা

ফিল্মফেয়াৰ বঁটা, শ্ৰেষ্ঠ নেপথ্য গায়িকা

  • ১৯৬৮: গৰীব' কি ছুন' (দছ লাখ)
  • ১৯৬৯: পৰ্দে' মে ৰেহনে দ' (ছিকাৰ)
  • ১৯৭২: পিয়া তু অব ত' আজা (কাৰাভান)
  • ১৯৭৩: দম মাৰ' দম (হৰে ৰামা হৰে কৃষ্ণা)
  • ১৯৭৪: হ'নে লগি হে' ৰাত (নেইনা)
  • ১৯৭৫: চেইন চে হমক' কভি (প্ৰাণ যায়ে পৰ বচন না যায়ে)
  • ১৯৭৯: য়ে মেৰা দিল (ডন)

ইয়াৰ পাছৰপৰা তেওঁ এই বঁটা ল'বলৈ অস্বীকাৰ কৰে। তথাপি তেওঁ আৰু অলকা য়াগনিকেই এতিয়ালৈকে সৰ্বাধিক ৭ বাৰ এই বঁটা লাভ কৰিছে।

  • ১৯৯৬: ফিল্মফেয়াৰ বিশেষ বঁটা (ৰংগীলা)
  • ২০০১: ফিল্মফেয়াৰ জীৱনজোৰা সফলতা বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ নেপথ্য গায়িকা

  • ১৯৮১: দিল চিজ ক্যা হে' (উমৰাও জান)
  • ১৯৮৬: মেৰা কুছ ছামান (ইজাজত)
অন্যান্য
  • ১৯৮৭: নাইটিংগেল অৱ এছিয়া বঁটা (ইণ্ডো পাক এছ'ছিয়েছন, যুক্তৰাজ্য)
  • ১৯৮৯: লতা মংগেশকাৰ বঁটা (মধ্য প্ৰদেশ চৰকাৰ)
  • ১৯৯৭: স্ক্ৰীন ভিডিঅ'কন বঁটা ('জানম ছমঝা কৰো' এলবামৰ কাৰণে)
  • ১৯৯৭: এম টি ভি বঁটা ('জানম ছমঝা কৰো' এলবামৰ কাৰণে)
  • ১৯৯৭: চেনেল ভি বঁটা ('জানম ছমঝা কৰো' এলবামৰ কাৰণে)
  • ১৯৯৮: দয়াৱতী মোদী বঁটা
  • ১৯৯৯: লতা মংগেশকাৰ বঁটা (মহাৰাষ্ট্ৰ চৰকাৰ)
  • ২০০০: সহস্ৰাব্দৰ গায়িকা (ডুবাই)
  • ২০০০: জী গ'ল্ড বলিউড বঁটা (গীত- মুঝে ৰং দে, তক্ষক)
  • ২০০১: এম টি ভি বঁটা (গীত- কমবখ্ত ইস্ক)
  • ২০০২: বি বি চি জীৱনজোৰা সফলতা বঁটা
  • ২০০২: জী চিনে' বঁটা (গীত- ৰাধা কে'চে না জলে, লগান)
  • ২০০২: জী চিনে স্পেচিয়েল এৱাৰ্ড ফৰ হল অৱ ফে'ম
  • ২০০২: স্ক্ৰীন ভিডিঅ'কন বঁটা (গীত- ৰাধা কে'চে না জলে, লগান)
  • 2002: ছেনছুই চলচ্চিত্ৰ বঁটা (গীত- ৰাধা কে'চে না জলে, লগান)
  • ২০০৩: স্বৰালয় য়ছ'দাছ বঁটা
  • ২০০৪: জীৱন্ত কিংবদন্তী বঁটা (ফেডাৰেছন অৱ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী)
  • ২০০৫: এম টি ভি ইমিজ শ্ৰেষ্ঠা পপ গায়িকা (গীত- আজ জানে কি জতদ না কৰো)
  • ২০০৫: সংগীতজগতৰ সৰ্বাধিক ষ্টাইলিছ ব্যক্তি
অন্যান্য সন্মান আৰু স্বীকৃতি
  • সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী ৰূপে তেওঁৰ নাম গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে।
  • পদ্মবিভূষণ, ২০০৮
  • দাদা চাহেব ফাল্কে বঁটা, ২০০০
  • ১৯৯৭ চনত তেওঁ প্ৰথম ভাৰতীয় হিচাপে গ্ৰেমী পুৰস্কাৰৰ কাৰণে মনোনয়ন লাভ কৰে (উস্তাদ আলি আকবৰ খানৰ লগত 'লিগেছী' এলবামৰ কাৰণে)
  • ফ্ৰেডি মাৰ্কাৰি বঁটা
  • ২০০২ চনত বাৰ্মিংহাম চলচ্চিত্ৰ উৎসৱে তেওঁক বিশেষ সন্মান প্ৰদান কৰে।
  • তেওঁ ১৭টা মহাৰাষ্ট্ৰ ৰাজ্যিক বঁটা লাভ কৰিছে।
  • অমৰাৱতী বিশ্ববিদ্যালয় আৰু জলগাঁও বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট প্ৰদান কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

  • Cakrabarti, Atanu (1999) (Bengali ভাষাত). Āśā Bhom̐śale, jībana o gāna. প্ৰকাশক Kolkata: Madela Publishing House. ISBN 978-8176160407. OCLC 42764343. 
  • Ciṭakārā, Mukeśa (2006) (Hindi ভাষাত). Āśā Bhoṃsale : gāne, kôrḍsa, aura svaralipi. প্ৰকাশক Delhi: Music Books. ISBN 978-8189511005. OCLC 71351425. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]