সমললৈ যাওক

ৰাইচাঁদ বড়াল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাইচাঁদ বড়াল

ৰাইচাঁদ বড়ালৰ সোঁৱৰণত ভাৰতীয় ডাকবিভাগে মুকলি কৰা ডাকটিকট, ২০১৩
জন্ম ৰাইচাঁদ বড়াল
১৯ অক্টোবৰ, ১৯০৩
কলকাতা, বেংগল প্ৰেছিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পশ্চিম বংগ)[1]
মৃত্যু ২৫ নৱেম্বৰ, ১৯৮১ (৭৮ বছৰ)
কলকাতা, পশ্চিম বংগ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সংগীত পৰিচালক

ৰাইচাঁদ বড়াল (ইংৰাজী: Rai Chand Boral  ; ১৯ অক্টোবৰ ১৯০৩ – ২৫ নৱেম্বৰ ১৯৮১) এজন ভাৰতীয় সংগীতকাৰ। সংগীতৰ ৰসিকসকলে তেওঁক ভাৰতৰ চলচ্চিত্ৰীয় সংগীতৰ পিতৃ ভীষ্ম পিতামহ বুলি গণ্য কৰে।[2]

১৯৭৮ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা আৰু একে বছৰতে সংগীত নাটক একাডেমী বঁটাও লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বড়ালৰ জন্ম হৈছিল কলিকতাত। তেওঁৰ পিতৃ লালচাঁদ বড়াল আছিল ধ্ৰুপদৰ বিশেষজ্ঞ, এজন শাস্ত্ৰীয় সংগীতজ্ঞ । তেওঁৰ তিনিজন পুত্ৰৰ ভিতৰত ৰাইচাঁদ বড়াল আছিল আটাইতকৈ সৰু। সংগীত শিক্ষাৰ বাবে ৰামপুৰ আৰু গোৱালিয়ৰ সংগীতজ্ঞসকলক আমন্ত্ৰণ কৰি অনা হৈছিল। ইয়াৰ ভিতৰত ৰামপুৰ-সহস্বান ঘৰানাৰ ওস্তাদ মুস্তাক হুছেইন খান, মসিত খান (তবলাবাদক), আৰু ওস্তাদ হাফিজ আলী খান (সৰোদবাদক) অন্যতম। বড়ালে তবলাত "সাথ সংগত" শিকিছিল আৰু লক্ষ্ণৌ, এলাহাবাদ, আৰু বেনাৰসত সংগীত সন্মিলনত অংশ লৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰাইচাঁদ বড়ালক ভাৰতৰ চলচ্চিত্ৰীয় সংগীতৰ পথ প্ৰদৰ্শক হিচাপে প্ৰায়ে কৃতিত্ব দিয়া হয়।[3] পংকজ মল্লিকৰ সৈতে তেওঁ নিউ থিয়েটাৰৰ সংগীত বিভাগৰ দায়িত্বত আছিল। ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক সময়ছোৱাত তেওঁলোকে চলচ্চিত্ৰীয় সংগীতক গঢ় দিছিল আৰু হিন্দী চলচ্চিত্ৰীয় সংগীতত প্ৰথম ২০–৩০ বছৰলৈকে তেওঁলোকৰ ফৰ্মেটকে বেছি ক্ষেত্ৰত অনুসৰণ কৰা হৈছিল। তেৱেঁ ছাইগলৰ উত্থিত কেৰিয়াৰ গঢ় দিছিল। অনিল বিশ্বাসে বড়ালক চলচ্চিত্ৰীয় সংগীতৰ ভীষ্ম পিতামহ বুলি অভিহিত কৰে।

বড়ালে ১৯২৭ চনত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীত যোগদান কৰে। কোম্পানীটোৰ এই বছৰটোতে আৰম্ভণি হৈছিল। ১৯৩১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰীয় যুগত ছবি প্ৰদৰ্শিত হৈ থকাসময়ত যি জীৱন্ত যন্ত্ৰ-সংগীত ব্যৱহাৰ হৈছিল, তাত সহযোগ কৰিবলৈ নিউ থিয়েটাৰলৈ স্থানান্তৰিত হয়। উত্তৰ ভাৰতৰ গজল শৈলীৰ গায়নক তেওঁ ১৯ শতিকাৰ বঙালী সুৰত তাঁৰবাদ্যৰ মাধ্যমেৰে দ্ৰৱীভূত কৰিছিল। ১৯৩৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবি ধূপ ছাঁৱত (১৯৩৫) প্লেবেক গায়নৰ প্ৰৱৰ্তন কৰে। পাৰুল ঘোষৰ নেতৃত্বত গোৱা মেঁই খুছ হোনা চাহুঁ শীৰ্ষক কোৰাচটো সুপ্ৰভা চৰকাৰ আৰু হৰিমতিৰ এটা নৃত্যৰ দৃশ্যত চিত্ৰায়িত কৰা হৈছিল। ১৯৫৩ চনত বম্বেলৈ যোৱাৰ পিছত বড়ালে দৰ্দ-এ-দিল (১৯৫৩) ছবিৰ বাবে সংগীত ৰচনা কৰে, যিখন ছবিৰ গীতত লতা মংগেশকাৰে কণ্ঠ দিছিল। কেইখনমান অচলচ্চিত্ৰীয় গীতৰ ৰেকৰ্ডৰ বাবেও তেওঁ সংগীত ৰচনা কৰিছিল। নিউ থিয়েটাৰৰ দ্বাৰা প্ৰযোজিত তেওঁৰ শেষ বিখ্যাত ছবি হ’ল- অঞ্জনগড় (১৯৪৮)। নিৰ্বাক যুগৰ চলচ্চিত্ৰৰ লাইভ স্ক’ৰক বাদ দি তেওঁ প্ৰায় ৭০খনমান হিন্দী আৰু বঙালী ছবিৰ সংগীত ৰচনা কৰিছিল।

১৯৮১ চনত ৭৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]