সমললৈ যাওক

সংগীত নাটক একাডেমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Sangeet Natak Akademiৰ পৰা পুনঃনিৰ্দেশিত)
সংগীত নাটক একাডেমী
Sangeet Natak Akademi
গঠন মে' ৩১, ১৯৫২ (1952-05-31) (৭৪ বছৰ পূৰ্বে)
Headquarters ৰবীন্দ্ৰ ভৱন, ফিৰোজশ্বাহ ৰোড, নতুন দিল্লী
Region served
ভাৰত
Parent organisation
সাংস্কৃতিক মন্ত্ৰণালয়, ভাৰত চৰকাৰ
ৱেবছাইট sangeetnatak.org

সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।

১৯৫২ চনৰ ৩১ মে' তাৰিখে ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰথম নিৰ্দেশক আছিল ডঃ পি. ভি. ৰাজমান্নাৰ। ১৯৫৩ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সংসদ ভৱনত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ইয়াক উদ্বোধন কৰে। একাডেমী খনে সংগীত নাটক একাডেমী ফেল'শ্বিপ আৰু বঁটা আগবঢ়ায়।

একাডেমী খনে দেশৰ পৰিবেশ্য কলা অৰ্থাৎ সংগীত, নৃত্য আৰু নাটকৰ শীৰ্ষ অনুষ্ঠান হিচাপে কাৰ্য কৰে। ভাৰতীয় পৰিবেশ্য কলাৰ বিকাশ আৰু প্ৰচাৰ ইয়াৰ অন্যতম প্ৰধান লক্ষ্য। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ স্বৰূপ পৰিবেশ্য কলাৰ মাধ্যমৰে প্ৰচাৰ কৰা হয়। ই দেশে বিদেশে নানা অনুষ্ঠান আৰু কাৰ্যসূচী আয়োজিত কৰে। লগতে চৰকাৰৰ লগত লগ লাগি পৰিবেশ্য কলাৰ উন্নতিৰ হকে কাম কৰে।

সংগীত নাটক একাডেমীয়ে প্ৰতিষ্ঠা কৰা কেইখন মান অনুষ্ঠান হ'ল,

  • মণিপুৰী নৃত্য একাডেমী, ইম্ফল[1]
  • সত্ৰীয়া নৃত্য কেন্দ্ৰ
  • কথক নৃত্য কেন্দ্ৰ (ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান, নতুন দিল্লী)
  • ৰবীন্দ্ৰ ৰংশাল কেন্দ্ৰ [2]
  • কুটিয়াট্টম কেন্দ্ৰ, তিৰুঅনন্তপুৰম
  • ছাউ কেন্দ্ৰ, বাড়িপাৰা, জামছেদপূৰ
  • উত্তৰ-পূব কেন্দ্ৰ

লগতে একাডেমী খনে

  • নাটক, সংগীত আৰু নৃত্য পৰিবেশন আৰু শিক্ষণত আৰ্থিক সাহায্য প্ৰদান কৰে
  • পৰিবেশ্য কলাৰ গৱেষণা, তথ্য চিত্ৰ আৰু প্ৰকাশৰ বাবে পুঁজিৰ যোগান ধৰে
  • সভা, সমিতি, আলোচনা চক্ৰৰ আয়োজন কৰে
  • পৰিবেশ্য কলাৰ ইলেকট্ৰনিক মাধ্যমত সংৰক্ষণ কৰে
  • চৰকাৰক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Institutions of the Sangeet Natak Akademi". SNA. http://sangeetnatak.org/sna/inst.htm আহৰণ কৰা হৈছে: 8 November 2010.
  2. "Centres of the Akademi". SNA. http://sangeetnatak.org/sna/centres.htm আহৰণ কৰা হৈছে: 8 November 2010.