সমললৈ যাওক

ভালজী পেন্ধাৰকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভালজী পেন্ধাৰকৰ

পেন্ধাৰকৰৰ স্মৃতিত প্ৰকাশিত ডাকটিকট, ২০১৩
জন্ম ৩ মে', ১৮৯৭
মৃত্যু ২৬ নৱেম্বৰ, ১৯৯৪ (৯৭ বছৰ)
পেচা পৰিচালক, প্ৰযোজক, লেখক
দাম্পত্যসঙ্গী শান্তাবাই (সাবিত্ৰী)
সৰলাবাই
লীলাবাই
বকুলাবাই

ভালজী পেন্ধাৰকৰ (ইংৰাজী: Bhalji Pendharkar ; ৩ মে’ ১৮৯৭-২৬ নৱেম্বৰ ১৯৯৪) ভাৰতৰ এজন চলচ্চিত্ৰ ব্যক্তিত্ব। তেওঁ ৬০খনত অধিক মাৰাঠী আৰু ৮খন হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ১৯৯১ চনত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

এটা ব্ৰাহ্মণ পৰিয়ালত[1] জন্মগ্ৰহণ কৰা ভালজী পেন্ধাৰকৰৰ মাক-দেউতাক আছিল ক্ৰমে ৰাধাবাই আৰু ড° গোপাল পেন্ধাৰকৰৰ [1] ভাৰতীয় চলচ্চিত্ৰ জগতৰ যথেষ্ট সংখ্যক চলচ্চিত্ৰ ব্যক্তিত্বৰ সৈতে তেওঁৰ সম্বন্ধ আছিল। তেওঁলোকৰ ভিতৰত আছে তেওঁৰ জ্যেষ্ঠ ভাতৃ বাবুৰাও পেন্ধাৰকাৰ, সতীয়া ভাতৃ অভিনেতা-পৰিচালক মাষ্টৰ বিনায়ক কৰ্ণাটকী আৰু মাতৃৰ ফালৰ পৰা সম্পৰ্কীয় ভায়েক ভি শান্তাৰাম

ভালজীৰ এগৰাকী পত্নী লীলা চন্দ্ৰগিৰিয়ে ১৯৩০ চনত মিছ লীলা নামেৰে হিন্দী আৰু মাৰাঠী ছবিত অভিনয় আৰু গীত গাইছিল। ভালজীক প্ৰথম লগ পোৱাৰ সময়ত ইতিমধ্যে লীলাবাইৰ দুটা সন্তান- এজন পুত্ৰ আৰু এজনী কন্যা আছিল। ভালজীয়ে দুয়োকে তুলি লৈছিল। পিছত মাধৱী নামেৰে পৰিচিত ছোৱালীজনীয়ে ঔপন্যাসিক ৰঞ্জিত দেশাইক বিয়া কৰাইছিল।

চলচ্চিত্ৰীয় জীৱন

[সম্পাদনা কৰক]

তেওঁৰ চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভ ১৯২০ চনত, অৰ্থাৎ ভাৰতীয় চলচ্চিত্ৰৰ জন্মৰ আশেপাশে হয়। তেওঁ পাঁচখন নিৰ্বাক চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখে। ১৯৩২ চনত তেওঁ প্ৰথম সবাক চলচ্চিত্ৰ শ্যাম সুন্দৰৰ পৰিচালনা কৰে। তেওঁ ভাৰতৰ প্ৰাচীন গৌৰৱগাঁথাক অৱলম্বন কৰি বহু কেইখন ছবি নিৰ্মাণ কৰিছিল, যি অতিকৈ জনপ্ৰিয় হয়। ইয়াৰ ভিতৰত সাবিত্ৰী (১৯৩৬),মহাৰথী কৰ্ণ (১৯৪৪), বাল্মিকী (১৯৪৬) উল্লেখনীয়। ১৯৫২ চনত তেওঁ ঐতিহাসিক ছবি ছত্ৰপতি শিৱাজী নিৰ্মাণ কৰে, য’ত দেশভক্তিৰ ভাৱনাক চিত্ৰিত কৰা হৈছিল।[2]

প্ৰায় ৭০ বছৰীয়া চলচ্চিত্ৰীয় জীৱনত পেন্ধাৰকৰে ৬০খনতকৈও অধিক মাৰাঠী আৰু ৮খন হিন্দী ছবি নিৰ্মাণ কৰে। তেওঁৰ অধিকাংশ ছবিয়ে ঐতিহাসিক আৰু সাংস্কৃতিক বিষয়ৰ ওপৰত আধাৰিত। নিজৰ ছবিৰ বিষয়বস্তুৰ কাৰণে তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ এজন সংস্থাপকৰ সমান্তৰালকৈ ৰাষ্ট্ৰ নিৰ্মাণৰ এজন অৱদানকাৰী ৰূপে প্ৰখ্যাত। স্বতন্ত্ৰতাৰ প্ৰতি তেওঁৰ সমৰ্পন আৰু ঐতিহাসিক অভিব্যক্তিক বহুলভাবে স্বীকৃতি দিয়া হয়।[2]

তেওঁৰ সাধী মানস (১৯৬৫) ছবিখনে মাৰাঠী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। সাধী মানসৰ উপৰিও তেওঁৰ আন দুখন মাৰাঠী ছবি তম্বাদী মাটি (১৯৬৭) আৰু গাৰচী ৰাণীক (১৯৬৮) মহাৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হৈছিল।[2]

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৬৫: ১৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ মাৰাঠী ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- সাধী মানস[3]
  • ১৯৯১: ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দাদা চাহেব ফাল্কে বঁটা[2]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Patil, Kavita. "FILM INDUSTRY OF KOLHAPUR: A HISTORICAL SIGNIFICANCE." Proceedings of the Indian History Congress, vol. 64, 2003. pp. 1197. "Baburao Painter was a carpenter, Bhalji and. Baburao Pendharkar were Brahmins". 
  2. 2.0 2.1 2.2 2.3 "39th National Film Festivl". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 20, 142. http://dff.nic.in/images/Documents/78_39ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 7 July 2020. 
  3. "13th National Film Award". Directorate of film Festivals. https://www.dff.gov.in/Archive.aspx। আহৰণ কৰা হৈছে: 15 August 2023. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]