সমললৈ যাওক

লক্ষ্মীকান্ত-প্যাৰেলাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষ্মীকান্ত-প্যাৰেলাল
লক্ষ্মীকান্ত (বাওঁফালে)- প্যাৰেলাল (সোঁফালে)
লক্ষ্মীকান্ত (বাওঁফালে)- প্যাৰেলাল (সোঁফালে)
পৃষ্ঠভূমি
অন্য নাম এল পি, লক্ষ্মী-প্যাৰে
সংগীতৰ ধৰণ ফিল্ম স্ক’ৰ, ফিউজন সংগীত
পেচা কম্পজাৰ, সংগীত পৰিচালক, অৰ্কেষ্ট্ৰেটৰ, আয়োজক
সক্ৰিয়তাৰ বছৰ ১৯৬৩–১৯৯৮

লক্ষ্মীকান্ত-প্যাৰেলাল (ইংৰাজী: Laxmikant–Pyarelal) হৈছে এটি জনপ্ৰিয় ভাৰতীয় সংগীতজ্ঞ যুটি। সুকীয়াকৈ তেওঁলোকৰ নাম হ’ল; লক্ষ্মীকান্ত শান্তাৰাম কুদলকাৰ (১৯৩৭-১৯৯৮) আৰু প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা (জন্ম ১৯৪০)।[1] তেওঁলোকে ১৯৬৩ চনৰ পৰা ১৯৯৮ চনলৈ ৬৩৫ খন হিন্দী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল আৰু ৰাজ কাপুৰ, দেৱ আনন্দ, বি.আৰ. যোশী, শক্তি সামন্ত, মনমোহন দেশাই, য়শ চোপ্ৰা, সুভাষ ঘাই আৰু মনোজ কুমাৰ ধৰি এই সময়ৰ প্ৰায় সকলো উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে কাম কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

লক্ষ্মীকান্ত

[সম্পাদনা কৰক]
লক্ষ্মীকান্ত
জন্ম নাম লক্ষ্মীকান্ত শান্তাৰাম কুদলকাৰ
জন্ম ৩ নৱেম্বৰ, ১৯৩৭
বোম্বাই, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
(বৰ্তমান মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত)
মৃত্যুৰ তাৰিখ ২৫ মে', ১৯৯৮ (৬০ বছৰ)
সক্ৰিয়তাৰ বছৰ ১৯৪৭ৰ পৰা ১৯৯৮

১৯৩৭ চনৰ ৩ নৱেম্বৰত, লক্ষ্মী পূজাৰ দিনা লক্ষ্মীকান্ত শান্তাৰাম কুদলকাৰৰ জন্ম হৈছিল। সম্ভৱতঃ, লক্ষ্মী পূজাৰ দিনা জন্ম হোৱাৰ বাবে, তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক লক্ষ্মী দেৱীৰ নামেৰে লক্ষ্মীকান্ত নাম দিছিল। সৰুতে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। পৰিয়ালৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে তেওঁ শৈক্ষিক শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। লক্ষ্মীকান্তৰ দেউতাকৰ সংগীতজ্ঞ বন্ধু এজনে লক্ষ্মীকান্ত আৰু তেওঁৰ ডাঙৰ ভায়েকক সংগীত শিকিবলৈ পৰামৰ্শ দিছিল। সেই অনুসৰি, লক্ষ্মীকান্তে মেণ্ডোলিন বজাবলৈ শিকিছিল আৰু তেওঁৰ ডাঙৰ ভাতৃয়ে তবলা বজাবলৈ শিকিছিল। তেওঁ দুবছৰ প্ৰখ্যাত মেণ্ডোলিন বাদক হুছেইন আলীৰ সান্নিধ্যত কটাইছিল। তেওঁ কিছু টকা উপাৰ্জন কৰিবলৈ ভাৰতীয় শাস্ত্ৰীয় বাদ্যযন্ত্ৰ সংগীত অনুষ্ঠানৰ আয়োজন আৰু প্ৰদৰ্শন আৰম্ভ কৰিছিল। পিছলৈ, ১৯৪০ ৰ দশকত, তেওঁ বাল মুকুন্দ ইন্দোৰকাৰৰ পৰা মেণ্ডোলিন আৰু হুচনালালৰপৰা ভায়’লিন শিকিছিল।

লক্ষ্মীকান্তে ভক্ত পুণ্ডলিক (১৯৪৯) আৰু আঁখে (১৯৫০) চলচ্চিত্ৰত শিশু অভিনেতা হিচাপে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ কিছু গুজৰাটী চলচ্চিত্ৰতো অভিনয় কৰিছিল।[3]

প্যাৰেলাল

[সম্পাদনা কৰক]
প্যাৰেলাল
জন্ম নাম প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা
জন্ম ৩ ছেপ্টেম্বৰ, ১৯৪০ (৮৫ বছৰ)
বাডিয়া হস্পিটেল, পৰেল, মুম্বাই
সক্ৰিয়তাৰ বছৰ ১৯৫২ৰ পৰা বৰ্তমানলৈ

প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা (জন্ম ৩ ছেপ্টেম্বৰ ১৯৪০) বাবাজী নামেৰে জনাজাত এগৰাকী প্ৰখ্যাত ট্ৰাম্পেট বাদক পণ্ডিত ৰামপ্ৰসাদ শৰ্মাৰ পুত্ৰ। দেউতাকৰ অধীনত তেওঁ সংগীতৰ মৌলিক শিক্ষা লৈছিল। উত্তৰ প্ৰদেশৰ গোড়খপুৰত তেওঁৰ জন্ম হৈছিল। ৮ বছৰ বয়সত তেওঁ ভায়োলিন শিকিবলৈ আৰম্ভ কৰিছিল আৰু দৈনিক ৮ ৰ পৰা ১২ ঘণ্টা অনুশীলন কৰিছিল। তেওঁ এন্থনি গ্ঞ্জাল্বিছ নামে এজন গোৱান সংগীতজ্ঞৰ পৰা ভায়’লিন বজাবলৈ শিকিছিল। লক্ষ্মীকান্ত-প্যাৰেলালে অমৰ-আকবৰ-এন্থনি ছবিৰ সংগীতৰ কাম কৰোঁতে, শিক্ষকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মাই নেইম ইজ এন্থনি গ্ঞ্জাল্বিছ গীতটো সংযোগ কৰিছিল। ১২ বছৰ বয়সত, তেওঁ পৰিয়ালক আৰ্থিক সকাহ দিবলৈ ৰঞ্জিত ষ্টুডিঅ’ আৰু অন্যান্য ষ্টুডিঅ’ত ভায়’লিন বজাবলৈ আৰম্ভ কৰিছিল।

সংগীত দল গঠন

[সম্পাদনা কৰক]

লক্ষ্মীকান্তে ১০ বছৰ বয়সত লতা মংগেশকাৰৰ সংগীতানুষ্ঠানত সাৰংগী বজাইছিল। লতাজী তেওঁৰ ওপৰত ইমানেই প্ৰভাৱিত হৈছিল যে অনুষ্ঠানৰ শেষত তেওঁ লক্ষ্মীকান্তৰ সৈতে কথা পাতিছিল। [4]

জনপ্ৰিয় গীত

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰগীতগায়ক
১৯৬৪দৌস্তি (১৯৬৪)ৰাহী মনবা দুখ কী চিন্তামহম্মদ ৰফী
১৯৬৭মিলন (১৯৬৭)চাবন কা মহিনামুকেশ, লতা মংগেশকাৰ
১৯৬৮শাগিৰ্দদিল বিল প্যাৰ ব্যাৰলতা মংগেশকাৰ
১৯৬৯ইন্তেকামকেইছে ৰহু চুপলতা মংগেশকাৰ
১৯৬৯দৌ ৰাস্তেবিন্দিয়া চমকেগীলতা মংগেশকাৰ
১৯৭৩মনচলীহে মনচলী কহা চলীকিশোৰ কুমাৰ

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

লক্ষ্মীকান্ত-প্যাৰেলাল যুটীয়ে ১৯৬৫ চনৰপৰা ১৯৯৪ চনলৈ প্ৰায় ২৫ খন চলচ্চিত্ৰৰ বাবে ২৫ বাৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল আৰু দৌস্তি (১৯৬৫), মিলন (১৯৬৮), জীনে কী ৰাহ (১৯৭০), অমৰ আকবৰ এন্থনি (১৯৭৮), সৰগম (১৯৮০), সত্যম শিৱম সুন্দৰম (১৯৭৯) আৰু কৰ্জ (১৯৮১) ছবিৰ বাবে সাতবাৰকৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]