সমললৈ যাওক

মালা সিনহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালা সিনহা

মালা সিনহা, ২০১৩
জন্ম আলদা সিনহা
১১ নৱেম্বৰ, ১৯৩৬ (৮৭ বছৰ)
কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ পশ্চিমবঙ্গত)
ৰাষ্ট্ৰীয়তা ভাৰতী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫২-১৯৯৪
দাম্পত্যসঙ্গী চিদাম্বৰম প্ৰসাদ লোহানী (বি. ১৯৬৬)
পিতৃ-মাতৃ এলবাৰ্ট সিনহা
সন্তান প্ৰতিভা সিং

আলদা সিনহা (ইংৰাজী: Mala Sinha; জন্ম ১১ নবেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰূপালী পৰ্দাৰ মালা সিনহা নামেৰ তেওঁ অধিক জনাজাত। তেওঁ হিন্দী, বঙালী আৰু নেপালী চলচ্চিত্ৰত কাম কৰিছে। প্ৰথমে তেওঁ আঞ্চলিক ছবিত প্ৰতিষ্ঠিত হোৱাৰ পিছতহে ১৯৫০ৰ দশকৰ শেষৰ ফালে হিন্দী ছবিত অভিনয় কৰিবলৈ লয়। তেওঁৰ চাৰি দশক জোৰা কৰ্ম-জীৱনক গুৰু দত্তপ্যাছা (১৯৫৭) যশ চোপ্ৰাধুল কা ফুল (১৯৫৯) আদি ছবিয়ে বিশিষ্টতা প্ৰদান কৰিছিল। পিছলৈ তেওঁ শতাধিক ছবিত অভিনয় কৰিছিল, যাৰ ভিতৰত অন্যতম- ফিৰ সুবহ হোগী (১৯৫৮),হাৰিয়ালী ঔৰ ৰাস্তে, অনপঢ় (১৯৬২),দিল তেৰা দিৱানা (১৯৬২),গুমৰাহ, বহুৰাণী (১৯৬৩),জাহানাৰা (১৯৬৪),হিমালয় কী গোদ মেঁ (১৯৬৫),আঁখে, দো কলীয়াঁ (১৯৬৮),মৰ্যাদা (১৯৭১) আদি।[1] সময়তকৈ আগবঢ়া বুলি বিবেচিত বহুতো শক্তিশালী নাৰী কেন্দ্ৰিক ছবিত অপৰম্পৰাগত চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে তেওঁক ডেয়াৰিং ডিবা (daring diva) আৰু নাৰী কেন্দ্ৰিক চলচ্চিত্ৰৰ পথ প্ৰদৰ্শক বুলি উল্লেখ কৰা হয়। বহুতো বঁটা-বাহেনেৰে সন্মানিত হোৱা অভিনেত্ৰীগৰাকীক ২০১৮ চনত জীৱনজোৰা সাধনাৰ ফিল্মফেয়াৰ বঁটা আগবঢ়োৱা হয়।[2]

সিনহাই উত্তম কুমাৰ, দেৱ আনন্দ, ধৰ্মেন্দ্ৰ, ৰাজ কুমাৰ, ৰাজেন্দ্ৰ কুমাৰ, বিশ্বজিত, কিশোৰ কুমাৰ, মনোজ কুমাৰ আৰু ৰাজেশ খান্নাৰ দৰে তাৰকাৰ সৈতে জুটি বান্ধিছে। ১৯৫৮ চনৰ পৰা ১৯৬৫ চনতলৈ বৈজয়ন্তীমালাৰ পিছতে আৰু ১৯৬৮ চনৰ পৰা ১৯৭১ চনলৈ শৰ্মিলা ঠাকুৰৰ পিছতে দ্বিতীয় সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিল। ১৯৭২-৭৩ত পাৰিশ্ৰমিকৰ ক্ষেত্ৰত তেওঁৰ স্থান সাধনা আৰু নন্দাৰ পিছতে তৃতীয়লৈ নামি আহে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মালা সিনহাই এজনী শিশুশিল্পী হিচাপে জয় বৈষ্ণোদেৱী (১৯৪৬) নামৰ বঙালী ছবি এখনেৰে অভিনয় জীৱনৰ পাতনি মেলে। পৰৱৰ্তী ছবি শ্ৰীকৃষ্ণ লীলা (১৯৪৭), যোগ বিয়োগ আৰু ঢোলী। প্ৰখ্যাত বঙালী পৰিচালক অৰ্ধেন্দু দেই স্কুলৰ নাটক এখনত তেওঁৰ অভিনয় দেখি ৰোচনাৰা (১৯৫২) নামৰ বঙালী ছবিখনৰ নায়িকা চৰিত্ৰৰ বাবে দেউতাৰ পৰা অনুমতি লয়। নায়িকা হিচাপে এইখন তেওঁৰ প্ৰথম ছবি। কলকাতাত কিছু সংখ্যক ছবিত কাম কৰাৰ পিছত তেওঁ মুম্বাইলৈ যায়। তাত বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী গীতা বালিয়ে তেওঁক পৰিচালক কিদাৰ শৰ্মাৰ সৈতে চিনাকি কৰাই দিয়ে। কিদাৰ শৰ্মাই তেওঁক ৰংগীলে ৰাতেৰ (১৯৫৬) বাবে চুক্তিবদ্ধ কৰায়। তেওঁৰ প্ৰথম মুক্তি পোৱা হিন্দী ছবি বাদচাহ (১৯৫৪); য’ত তেওঁ প্ৰদীপ কুমাৰৰ বিপৰীতে অভিনয় কৰিছিল। ইয়াৰ পিছত আহে ধৰ্মমূলক ছবি একাদশী (১৯৫৫)। দুয়োখন ছবিয়ে বক্স অফিচত সফল নহ’ল। আনহাতে প্ৰদীপ কুমাৰৰ বিপৰীতে মূল নাৰী চৰিত্ৰত অভিনয় কৰা, কিশোৰ চাহু পৰিচালিত হেমলেটে যদিও ব্যৱসায়িকভাবে সফল হোৱা নাছিল যদিও ই এক ধনাত্মক সমীক্ষাই লাভ কৰিছিল। বলৰাজ সাহানীয়ে পৰিচালনা কৰা একমাত্ৰ ছবি লাল বট্টী (১৯৫৭), ছোহৰাব মোডীৰ নৌশেৰৱান-ই-আদিল (১৯৫৭) আৰু দস্তয়েভস্কিক্ৰাইম এণ্ড পানিচমেণ্টৰ অভিযোজন, ৰমেশ চাইগল পৰিচালিত ফিৰ সুবহ হোগী (১৯৫৮) ছবিয়ে এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেত্ৰী হিচাপে তেওঁক প্ৰতিষ্ঠা কৰে, যিয়ে যথেষ্ট বিপদ শংকা থকাৰ পিছতো কিছুমান অপৰম্পৰাগত চৰিত্ৰত অভিনয় তেওঁ কৰিবলৈ সাহস কৰিছিল।[4][5]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]