প্যাছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
প্যাছা
Pyaasa-1957-002-waheeda-rehman-guru-dutt.jpg
চলচ্চিত্ৰখনৰ পোষ্টাৰত থকা গুৰু দত্ত আৰু ৱাহীদা ৰহমানৰ চিত্ৰ
পৰিচালক গুৰু দত্ত
চিত্ৰনাট্য
কাহিনী গুৰু দত্ত
প্ৰযোজক গুৰু দত্ত
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী ভি কে মূৰ্তি
সম্পাদনা ৱাই জি চৌহান
সংগীত পৰিচালক শচীন দেৱ বৰ্মন
প্ৰযোজনা
কোম্পানী
মুক্তি
১৯ ফেব্ৰুৱাৰী ১৯৫৭ (1957-02-19)
দৈৰ্ঘ্য
১৪৩ মিনিট[1]
দেশ ভাৰত
ভাষা হিন্দী
সৰ্বমুঠ আয় ২৯ মিলিয়ন[2]

প্যাছা (ইংৰাজী: Pyaasa, অৰ্থ: পিপাসু) গুৰু দত্তৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৭ চনৰ ১৯ ফেব্ৰুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে স্বয়ং গুৰু দত্ত, মালা সিনহা, ৱাহীদা ৰহমান, ৰেহমান আৰু জনী ৱাকাৰে। এজন প্ৰতিভাশালী তথা দৰিদ্ৰ কবিয়ে জীৱনত সন্মুখীন হোৱা সংঘৰ্ষ‌ৰ পৰা আদি কৰি সমাজত এজন সফল কবি হিচাপে স্বীকৃত হোৱালৈ সংঘটিত ঘটনাৱলী চলচ্চিত্ৰখনত দৰ্শোৱা হৈছে।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

বিজয় (গুৰু দত্ত) কলিকতাৰ এজন অসফল, আদৰ্শবাদী তথা স্বপ্নভংগ হোৱা হিন্দী-উৰ্দু ছায়ৰ (কবি)। প্ৰকাশকে তাৰ নজমসমূহ (উৰ্দু কবিতা) প্ৰকাশ কৰিবলৈ গুৰত্ব দিয়া নাছিল। আনকি তাৰ ভায়েকহঁতেও সেইবোৰ অলাগতিয়াল কাগজৰ দৰে বিক্ৰী কৰি দিছিল। ভায়েকহঁতৰ উপহাস সহ্য কৰিব নোৱাৰি বিজয়ে ঘৰৰ পৰা দূৰতেই থাকিছিল আৰু প্ৰায়ে বাটে-পথে ঘূৰি ফুৰিছিল। পৰম্পৰাগত ৰোমাণ্টিক বিষয়ৰ পৰিৱৰ্তে নিবনুৱা সমস্যা, দৰিদ্ৰতা আদিৰ নিচিনা সামাজিক সমস্যাৰ ওপৰত বিজয়ে কবিতা লিখাটো প্ৰকাশকসকলে পচন্দ কৰা নাছিল আৰু সেইবাবেই তাৰ লেখা অপ্ৰকাশিত হৈয়েই থাকে। এনেতে এদিন বিজয়ৰ সাক্ষাৎ হয় গুলাবো (ৱাহীদা ৰহমান) নামৰ এজনী ভাল মনৰ বেশ্যাৰ লগত। গুলাবো বিজয়ৰ কবিতাসমূহৰ প্ৰতি প্ৰেমাসক্ত হয় আৰু লাহে লাহে তাই বিজয়ৰো প্ৰেমত পৰে। ইয়াৰোপৰি এদিন বিজয়ে তাৰ কলেজীয়া দিনৰ প্ৰেয়সী মীনাৰ (মালা সিনহা) সন্মুখীন হয় আৰু জানিবলৈ পায় যে মীনাই আৰ্থিক সুৰক্ষাৰ বাবে এজন নামী-দামী প্ৰকাশক মিষ্টাৰ ঘোষৰ (ৰেহমান) সৈতে বিবাহপাশত আৱদ্ধ হৈছে। মিষ্টাৰ ঘোষে বিজয় আৰু মীনাৰ বিষয়ে অধিক জানিবলৈ ইচ্ছা কৰি বিজয়ক নিজৰ চাকৰ হিচাপে ৰাখে। পাছলৈ জীৱনৰ প্ৰতি অনাসক্ত হৈ বিজয়ে আত্মহননৰ পথ বাছি লয় যদিও এজন মগনীয়াই এখন চলন্ত ৰে'লৰ সন্মুখৰ পৰা নিজৰ জীৱন দি হ'লেও বিজয়ক উদ্ধাৰ কৰে। কিন্তু মৃত মগনীয়াজন বিজয় বুলি সকলোৱে ভুলকৈ ভাবি লয় কিয়নো মগনীয়াজনে পিন্ধি থকা কোটটো আছিল বিজয়ৰ যিটো সি মগনীয়াজনক দিছিল। এই ঘটনাৰ পাছত গুলাবোয়ে বিজয়ৰ কবিতাসমূহ প্ৰকাশ কৰিবলৈ মনস্থ কৰে আৰু মিষ্টাৰ ঘোষৰ ওচৰলৈ যায়। অৱশেষত মৰণোত্তৰভাৱে বিজয়ৰ এখন কবিতা সংকলন প্ৰকাশ হয়। সংকলনটিৰ নাম পৰচাইয়া অৰ্থাৎ ছাঁ। প্ৰকাশৰ পাছতেই বিজয়ৰ কবিতাসমূহে ৰাইজৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। লাহে লাহে বিজয় জীৱিত থকাৰ খবৰ বাহিৰলৈ ওলাই আহিলে। কিন্তু স্বাৰ্থপৰ ঘোষ আৰু বিজয়ৰ নিকট বন্ধু শ্যামে তাক চিনাক্ত কৰিবলৈ অমান্তি হয় আৰু বিজয়ক এজন পাগল বুলি ভাবি তাক এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰাই দিয়ে। আনকি ঘোষৰ কথামতে বিজয়ৰ ভায়েকহঁতেও এক মোটা অংকৰ ধনৰ বিনিময়ত তাক চিনাক্ত কৰিবলৈ অমান্তি হয়। ঘোষে বিজয়ৰ স্মৃতিত এটা স্মাৰকো নিৰ্মাণ কৰে। এনেতে বিজয়ে তাৰ বন্ধু আব্দুছ চাত্তাৰৰ (জনী ৱাকাৰ) সহায়ত পগলা-ফাটেকখনৰ পৰা পলাই আহে আৰু তাৰ স্মাৰক সভাত উপস্থিত হয়গৈ য'ত বিজয়ে এই দুৰ্নীতি আৰু বস্তুবাদী জগতখনৰ ৰাজহুৱাকৈ বিৰোধিতা কৰে। বিজয়ক জীৱিত দেখি তাৰ বন্ধু আৰু ভায়েকহঁত আচৰিত হয়। যিখন সভাত বিজয় প্ৰকৃতাৰ্থত সন্মানৰ পাত্ৰ, তাত চাৰিওফালে চলি থকা ভণ্ডামি দেখি অতিষ্ঠ হৈ বিজয়ে ঘোষণা কৰে যে সি বিজয় নহয়। অৱশেষত এটা নতুন জীৱন আৰম্ভ কৰাৰ মানসেৰে বিজয় গুলাবোৰ স'তে তাৰ পৰা বহু দূৰলৈ গুচি যায়।

প্ৰযোজনা[সম্পাদনা কৰক]

প্ৰথমাৱস্থাত চলচ্চিত্ৰখনৰ মূল নাম দিয়া হৈছিল প্যাছ (পিপাসা), কিন্তু গুৰু দত্ত‌ই পাছলৈ এই নামটো সলনি কৰি প্যাছা (পিপাসু) ৰাখে যাতে নামটোৱে চলচ্চিত্ৰখনৰ কাহিনীটোৰ লগত ভালকৈ খাপ খায়।[3] চিনেমাখনৰ অন্তিম দৃশ্যটোত গুৰু দত্ত‌ই বিজয় অকলে গুচি যোৱাটো বিচাৰিছিল, কিন্তু পৰিবেশকৰ আহ্বানত অন্তিম দৃশ্যটো সলনি কৰি দিয়া হয়। শ্যাম নামৰ চৰিত্ৰটোত গুৰু দত্তৰ বন্ধু জনী ৱাকাৰে অভিনয় কৰাৰ কথা আছিল যদিও পাছলৈ এইটো চৰিত্ৰত অভিনয় কৰে গুৰু দত্তৰ এগৰাকী সহকাৰী পৰিচালকে।

অভিনয় শিল্পী[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে শচীন দেৱ বৰ্মনে। গীতিকাৰ আছিল চাহিৰ লুধিয়ানৱী। প্যাছা চলচ্চিত্ৰখনতেই শচীন দেৱ বৰ্মন আৰু চাহিৰ লুধিয়ানৱীয়ে অন্তিমবাৰৰ বাবে একেলগে কাম কৰিছিল।

নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "আজ চাজন মোহে অঙ্গ লগালো"  গীতা দত্ত ০৪:৫৬
2. "হম আপকী আখো মে"  গীতা দত্ত, মহম্মদ ৰফি ০৫:৪২
3. "জানে ক্যা তুনে কহী"  গীতা দত্ত ০৪:১০
4. "জানে ৱহ ক্যেছে লোগ"  হেমন্ত কুমাৰ ০৪:৪৯
5. "ছৰ জো তেৰা চকৰায়ে"  মহম্মদ ৰফি ০৪:৩৩
6. "য়ে দুনীয়া অগৰ মিল ভী জায়ে"  মহম্মদ ৰফি ০৫:০৮
7. "য়ে হছতে হুয়ে ফুল"  মহম্মদ ৰফি ০৭:৫০
8. "জিনহে নাজ হ্যে হিন্দ পৰ"  মহম্মদ ৰফি ০৬:০৬
9. "তঙ্গ আ চুকে হ্যে কছ্‌ম-এ-কছে জিন্দগী চে"  মহম্মদ ৰফি ০৪:২৩
10. "হো লাখ মুছীবত ৰাস্তে মে"  গীতা দত্ত, মহম্মদ ৰফি ০১:৩৭

পুনৰুদ্ধাৰ[সম্পাদনা কৰক]

মুম্বাই-স্থিত আল্ট্ৰা মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট কোম্পানীটোৱে চলচ্চিত্ৰখন ডিজিটাইজ কৰি পুনৰুদ্ধাৰ কৰে। মূল চলচ্চিত্ৰখনলৈ পুনৰুদ্ধাৰ কৰা এইখনেই প্ৰথম ভাৰতীয় চলচ্চিত্ৰ[4] প্ৰতিবেদনমতে, লেখ্যাগাৰৰ পৰা অনা মূল কেমেৰা নিগেটিভবোৰ সম্পূৰ্ণকৈ গলি যোৱা অৱস্থাত আছিল। আনকি কিছু অংশ নষ্ট‌ও হৈছিলগৈ। তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল ফ্লিক্‌ৰ কৰা কাৰ্যটো। প্ৰত্যেকটো ফ্ৰেমেই বেলেগ বেলেগ কোণৰ পৰা আছিল আৰু তাত কোনো ধৰণৰ সুস্থিৰতা নাছিল। বহুত পৰিস্কাৰ আৰু পৰিপাটি কৰাৰ পাছতহে মূল কেমেৰা নিগেটিভবোৰৰ পৰা আচল অন্তৰ্বস্তুখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে ই সম্পূৰ্ণৰূপে স্পষ্ট হৈ উঠা নাছিল। প্ৰায় ২ লাখ ফ্ৰেমৰ ওপৰত প্ৰায় ৪ মাহৰ বাবে ৪৫ গৰাকী পুনৰুদ্ধাৰ বিশেষজ্ঞই এই কৰ্মত মনোনিবেশ কৰিছিল। অৰিজিনেল ম'ন'অৰল ছাউণ্ডট্ৰেকটো ৩৫ মি:মি: অপটিকেল ছাউণ্ডট্ৰেকৰ পৰা ২৪ বিটত ৰি-মাষ্টাৰ কৰা হৈছিল। ২০১৫ চনত অনুষ্ঠিত ৭২ সংখ্যক ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ ইয়াক প্ৰেৰণ কৰা হৈছিল য'ত ইয়াৰ প্ৰতিদ্বন্দ্বী আছিল আন ২০ খন পুনৰুদ্ধাৰ কৰা ক্লাছিক চলচ্চিত্ৰ। উল্লেখযোগ্য যে ভেনিচ ক্লাছিক্স শাখাৰ অংশ হিচাপে গোটেই পৃথিৱীৰ আন ১১ খন চলচ্চিত্ৰৰ লগতে প্যাছা চলচ্চিত্ৰখনো ৰূপালী পৰ্দাত দেখুওৱাবলৈ নিৰ্বাচিত হয়।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]