সমললৈ যাওক

উত্তম কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তম কুমাৰ
জন্ম অৰুণ কুমাৰ চট্টোপাধ্যায়
৩ ছেপ্টেম্বৰ, ১৯২৬
কলকাতা, বেংগল প্ৰেছিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ২৪ জুলাই, ১৯৮০ (৫৩ বছৰ)
ভৱানীপুৰ, কলকাতা, পশ্চিম বংগ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম মহানায়ক
শিক্ষানুষ্ঠান গোৱেংকা কলেজ অফ বিজিনেচ এণ্ড এডমিনিষ্ট্ৰেচন
পেচা অভিনেতা, পৰিচালক, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৪৮-১৯৮০
সন্তান
আত্মীয়-স্বজন
  • তৰুণ কুমাৰ চেতাৰ্জী (ভাতৃ)
  • গৌৰৱ চেতাৰ্জী (নাতি)
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

উত্তম কুমাৰ (ইংৰাজী: Uttam Kumar; জন্ম: অৰুণ কুমাৰ চাট্টোপাধ্যায়; ৩ ছেপ্টেম্বৰ ১৯২৬ – ২৪ জুলাই ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ আৰু গায়ক আছিল, যিয়ে মূলতঃ বঙালী চলচ্চিত্ৰত কাম কৰিছিল।[1] বহুলভাৱে তেওঁ মহানায়ক নামেৰে পৰিচিত।[2]

কুমাৰে এণ্টনি ফিৰিংগী (১৯৬৭) আৰু চিৰিয়াখানা (১৯৬৭) ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3][4] তেওঁ বঙালী চলচ্চিত্ৰ ইতিহাসৰ অন্যতম সফল আৰু প্ৰভাৱশালী অভিনেতা আছিল।[5][6] তেওঁৰ কৰ্মজীৱন ১৯৪০ চনৰ শেষৰফালৰপৰা ১৯৮০ চনত মৃত্যুলৈকে তিনিটা দশক জুৰি বিস্তৃত আছিল।[2]

২০০খনতকৈও অধিক ছবিত তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰে কিছু প্ৰখ্যাত ছবি হ’ল- অগ্নি পৰীক্ষা, হাৰানো সুৰ, বিচাৰক, সপ্তপদী, ঝিন্দেৰ বন্দী, শেষ অংক, দেয়া-নেয়া, লাল পাথৰ, জতুগৃহ, থানা থেকে আসছি, চৌৰংগী, নায়ক, অমানুষ, আৰু বাঘ বন্দী খেলা[7][8] [2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯২৬ চনৰ ৩ ছেপ্টেম্বৰত উত্তৰ কলকাতাৰ অহিৰিতোলাৰ মোমায়কৰ ঘৰত অৰুণ কুমাৰ চট্টোপাধ্যায়ৰ জন্ম হয়।[9] তেওঁৰ পিতৃৰ নাম সতকাৰী চট্টোপাধ্যায় আৰু মাতৃৰ নাম চপলা দেৱী।[10] এটা মধ্যবিত্তীয় পৰিয়ালৰ সন্তান আছিল তেওঁ।[11] তেওঁৰ দুজন ভাতৃ আছিল বৰুণ কুমাৰ আৰু তৰুণ কুমাৰ। ভায়েক তৰুণ কুমাৰো এজন অভিনেতা আছিল।[12] "উত্তম" ডাকনাম তেওঁৰ মাকৰফালৰপৰা আইতাকে দিছিল।[13]

কুমাৰে চক্ৰবেৰিয়া হাইস্কুলত ভৰ্তি হয় আৰু পিছলৈ দক্ষিণ উপনগৰ বিদ্যালয় (মুখ্য)ত ভৰ্তি হয়। তাৰপৰাই তেওঁ মেট্ৰিক পাছ কৰে। স্কুলত থাকোঁতে তেওঁ "লুনাৰ ক্লাব" নামৰ এটা নাট্যগোষ্ঠীৰ নেতৃত্ব দিয়ে।[14] ৰবীন্দ্ৰনাথ ঠাকুৰৰ মুকুট নাটত তেওঁ প্ৰথম অভিনয় কৰিছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ গোয়েংকা কলেজ অফ কমাৰ্চ এণ্ড বিজনেছ এডমিনিষ্ট্ৰেচনত যোগদান কৰে যদিও শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ পিছত তেওঁ কলকাতা প'ৰ্ট ট্ৰাষ্টত কেৰাণী হিচাপে যোগদান কৰে।

তেওঁ নিদানবন্ধু বেনাৰ্জীৰপৰা গান শিকিছিল।[15] তেওঁ লাঠি খেলা আৰু মল্লযুঁজৰো অনুশীলন কৰিছিল।[13] কুমাৰে একেৰাহে তিনি বছৰ ভৱানীপুৰ সাঁতোৰ সংস্থাত সাঁতোৰৰ চেম্পিয়ন হৈছিল।[16] তেওঁৰ পৰিয়ালৰ সুহৃদ সমাজ নামৰ এটা অপেছাদাৰী নাট্যগোষ্ঠী আছিল।[13]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি

[সম্পাদনা কৰক]
উত্তম কুমাৰৰ সোঁৱৰণত ভাৰতীয় ডাক বিভাগে ২০০৯ চনত মুকলি কৰা ডাকটিকট

হিন্দী ছবি মায়াদোৰত এক্সট্ৰাৰ চৰিত্ৰত অভিনয়েৰে ১৯৪৭ চনত কুমাৰে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে, যিখন ছবি কেতিয়াও মুক্তি পোৱা নাছিল। তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল ১৯৪৮ চনত নিতিন বসু পৰিচালিত আৰু অসিত বৰণ অভিনীত দৃষ্টিদান। পিছৰ বছৰ তেওঁ কামনাত নায়ক হিচাপে অভিনয় কৰে। ১৯৫১ চনৰ সহযাত্ৰীত পাহাৰী সান্যালৰ পৰামৰ্শ তেওঁ প্ৰথম উত্তম কুমাৰ নাম ব্যৱহাৰ কৰিছিল।[17] কুমাৰৰ প্ৰাৰম্ভিক কালছোৱাৰ বহুতো ছবিয়ে ফ্লপ হৈছিল; যাৰবাবে তেওঁক ফ্লপ মাষ্টাৰ জেনেৰেল নাম দিয়া হৈছিল।[18]

১৯৫২ চনত নিৰ্মল দেৰ পৰিচালনাত নিৰ্মিত বসু পৰিবাৰত কুমাৰে সহযোগী চৰিত্ৰত অভিনয় কৰে আৰু প্ৰথমবাৰৰ বাবে তেওঁ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।[17] পিছৰ বছৰত তেওঁ একেটা ষ্টুডিঅ'ৰপৰা আৰু একেজন পৰিচালকৰ পৰিচালনাত চাৰে চুৱাত্তৰত কাম কৰে, যিখন ছবিত তেওঁ প্ৰথমবাৰৰ বাবে সুচিত্ৰা সেনৰ সৈতে জোঁটবন্ধন হয়। তেওঁৰ প্ৰথম দৃষ্টি আকৰ্ষণকাৰী ভূমিকা আছিল ১৯৫৪ চনত মুক্তি পোৱা অগ্ৰদূত পৰিচালিত অগ্নিপৰীক্ষা ছবিত।[18]

সত্যজিত ৰায়ৰ সৈতে

[সম্পাদনা কৰক]

সত্যজিৎ ৰায়ে ১৯৫৬ চনত লিখি উলিওৱা ঘৰে বাইৰে ছবিৰ সন্দিপৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে প্ৰথম উত্তম কুমাৰক প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু তেওঁ এই চৰিত্ৰটোত এজন প্ৰতিষ্ঠিত অভিনেতাই অভিনয় কৰাহে উচিত হ’ব বুলি বিবেচনা কৰি ছবিখনত অভিনয় কৰিবলৈ অমান্তি হৈছিল। ১৯৮৪ চনত তেওঁৰ মৃত্যুৰ পাছত ৰায়ে ছবিখন সম্পূৰ্ণ কৰিছিল। সন্দিপৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল সৌমিত্ৰ চেটাৰ্জীক।[19]

উত্তম কুমাৰে ১৯৬৬ নায়ক ছবিৰ যোগেদি চনত প্ৰথমবাৰৰ বাবে ৰায়ৰ ছবিত অভিনয় কৰিছিল। নায়কত তেওঁক দেখাৰ পিছত অভিনেত্ৰী এলিজাবেথ টেইলৰে তেওঁৰ অভিনয়ত মোহিত হৈছিল আৰু তেওঁৰ সৈতে একেলগে কাম কৰাৰ আৰু লগ পোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল।[20]

১৯৬৭ চনত তেওঁ পুনৰ সত্যজিত ৰায়ৰ চিৰিয়াখানাত কাম কৰে।[21] চিৰিয়াখানা তথা এন্থনি ফিৰিংগি ছবিত অভিনয় কৰাৰ বাবে তেওঁ ১৯৬৮ চনত শ্ৰেষ্ঠ অভিনেতাৰ পঞ্চদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। উত্তম কুমাৰ আছিল শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অভিনেতা।[22]

প্ৰযোজনা আৰু পৰিচালনা

[সম্পাদনা কৰক]

কুমাৰে ছখন বাংলা আৰু এখন হিন্দী ছবি নিৰ্মাণ কৰিছিল। তেওঁ নিৰ্মাণ কৰা প্ৰথম ছবি হাৰানো সুৰ (১৯৫৭) আৰু সপ্তপদী আলোছায়া প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল। অজয় কৰে পৰিচালনা কৰা দুয়োখন ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৬৩ চনত তেওঁ নিজৰ প্ৰডাকচন হাউচৰ নাম উত্তম কুমাৰ ফিল্মছ প্ৰাইভেট এল.টি.ডি.লৈ সলনি কৰে। এই বেনাৰত নিৰ্মিত প্ৰথমখন ছবি ভ্ৰান্তি বিলাস। তাৰ পিছত নিৰ্মাণ কৰে উত্তৰ ফাল্গুণী, জতুগৃহ আৰু গৃহদাহ আদি ছবি।[23]

তেওঁ সুধু একটি বছৰ, বন পলাশীৰ পদাৱলী আৰু কলংকিনী কংকাৱতী ছবি পৰিচালনা কৰে। কলংকিনী কংকাৱতী তেওঁৰ মৃত্যুৰ পাছত মুক্তিলাভ কৰিছিল।

তেওঁ কাল তুমি আলেয়া ছবিৰ বাবে সংগীত ৰচনা কৰিছিল, য’ত কণ্ঠদান কৰিছিল হেমন্ত কুমাৰ আৰু আশা ভোছলেই। তেওঁ সংগীত ৰচনা কৰা আন এখন ছবি হ’ল সব্যসাচি (১৯৭৭)। তেওঁৰ নিজা ছবি নৱজন্মৰ (১৯৫৬) তেওঁ নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ কণ্ঠদান কৰা প্ৰথম ছবিখন ১৯৫০ চনত মুক্তি পোৱা মৰ্যাদা[24]

হিন্দী চলচ্চিত্ৰ

[সম্পাদনা কৰক]

১৯৫৬ চনত ৰাজ কাপুৰে জাগতে ৰহোৰ বঙালী সংস্কৰণত কুমাৰক অভিনয় কৰোঁৱাব বিচাৰিছিল যদিও তেওঁ অস্বীকাৰ কৰে।[25] ১৯৬২ চনত তেওঁৰ বন্ধু সংগীত পৰিচালক হেমন্ত কুমাৰে তেওঁক বীৰেন নাগৰ পৰিচালনাত নিৰ্মিত শৰ্মিলি নামৰ এখন হিন্দী ছবিৰ মুখ্য চৰিত্ৰৰ প্ৰস্তাৱ দিয়ে।[26] ছবিখনৰ প্ৰচাৰত উত্তম কুমাৰক অন্তৰ্ভুক্ত কৰা হৈছিল যদিও পিছত অজ্ঞাত কাৰণত বাতিল কৰা হৈছিল। তেওঁ নাকচ কৰাৰ পাছত তেওঁলোকৰ সম্পৰ্কত ফাট মেলে। ১৯৬৪ চনত ৰাজ কাপুৰে তেওঁৰ আৰ.কে ফিল্মছৰ বেনাৰত সংগম নামৰ এখন ছবিত অভিনয় কৰিবলৈ তেওঁৰ ওচৰলৈ যায় যদিও কুমাৰে সেইবাৰো নাকচ কৰে আৰু এই চৰিত্ৰটো ৰাজেন্দ্ৰ কুমাৰৰ হাতলৈ যায়।[27]

তেওঁ অভিনয় কৰা প্ৰথম হিন্দী চলচ্চিত্ৰ আছিল ১৯৬৭ চনৰ ছোটি ছী মুলাকাত; যিখন ছবি পৰিচালনা কৰিছিল আলো চৰকাৰে আৰু প্ৰযোজনা আছিল তেওঁৰ নিজৰে॥[25] কুমাৰৰ পূৰ্বৰ বঙালী ছবি অগ্নি পৰীক্ষাৰ অভিযোজিত আছিল এই ছবিখন। ছোটি ছী মুলাকাত সফল হোৱা নাছিল; কাৰণ ইয়াক পুৰণি সামগ্ৰী বুলি গণ্য কৰা হৈছিল আৰু মূল ছবিখনৰ সূক্ষ্মতা আৰু মাধুৰ্য হিন্দী সংস্কৰণটোত দেখা পোৱা যোৱা নাছিল। কুমাৰ অভিনীত চৰকাৰৰ দ্বিতীয়খন ছবি বন্দীও (১৯৭৮) বিফল হৈছিল।

হিন্দীত কুমাৰৰ একমাত্ৰ সফলতা আছিল অমানুষ[28] শক্তি সামন্তৰ পৰিচালনাত নিৰ্মিত এই ছবিখন বাংলা আৰু হিন্দী দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।[25] সামন্তৰ পৰিচালনাত নিৰ্মিত আন এখন দ্বিভাষিক ছবি আনন্দ আশ্ৰমতো কুমাৰে অভিনয় কৰিছিল; যিখন আছিল পংকজ মল্লিক আৰু অহিন্দ্ৰ চৌধুৰী অভিনীত, ১৯৪১ চনত মুক্তিপ্ৰাপ্ত ডক্টৰ ছবিৰ পুনৰ্নিৰ্মাণ।

কুমাৰৰ আন দুখন হিন্দী ছবি কিতাব আৰু দূৰিয়াঁও বক্স অফিচত মুখ থেকেচা খাইছিল।[25]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৬১: দ্বিতীয় শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট- সপ্তপদী (প্ৰযোজক হিচাপে)[29]
  • ১৯৬৩: শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- উত্তৰ ফাল্গুণী (প্ৰযোজক হিচাপে)[30]
  • ১৯৬৭: শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - এণ্টনী ফিৰিংগি, চিৰিয়াখানা

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Of fond memories". The Telegraph. 24 July 2003. http://www.telegraphindia.com/1030724/asp/calcutta/story_2188727.asp.
  2. 1 2 3 Pothukuchi, Madhavi (24 July 2019). "Uttam Kumar — the 'mahanayak' who defined Bengali cinema for three decades". ThePrint. https://theprint.in/theprint-profile/uttam-kumar-the-mahanayak-who-defined-bengali-cinema-for-three-decades/266891/.
  3. Dasgupta, Priyanka (24 July 2010), "Star struck for Uttam?", The Times of India, archived from the original on 14 August 2013, https://web.archive.org/web/20130814064045/http://articles.timesofindia.indiatimes.com/2010-07-24/news-interviews/28282785_1_uttam-kumar-myth-death-anniversary, আহৰণ কৰা হৈছে: 15 August 2010
  4. "Actor Uttam Kumar's biography to hit stands next month" (en ভাষাত). The Indian Express. 25 July 2021. https://indianexpress.com/article/books-and-literature/actor-uttam-kumars-biography-to-hit-stands-next-month-7421309/ আহৰণ কৰা হৈছে: 9 April 2022.
  5. "ইন্দিৰা সিনেমায় সত্যজিতেৰ ভাবনায় তৈৰি কৰা হয় 'নায়ক' ছবিৰ ব্যানাৰ | TheWall" (en-US ভাষাত). 6 May 2021. Archived from the original on 18 December 2024. https://web.archive.org/web/20241218115854/https://www.thewall.in/entertainment/satyajit-ray-planned-for-the-fancy-banner-of-nayak-movie-on-indira/ আহৰণ কৰা হৈছে: 19 April 2022.
  6. মণ্ডল, পুলক. "ওই চাহনি, ওই হাসি এবং উত্তমকুমাৰ" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/entertainment/uttam-kumar-dominated-bengali-cinema-for-three-decades-until-his-death-1.776261 আহৰণ কৰা হৈছে: 19 April 2022.
  7. "Byomkesh Bakshi". The Telegraph. 7 August 2010. http://www.telegraphindia.com/1100807/jsp/entertainment/story_12780913.jsp.
  8. Nag, Kushali (20 July 2008). "Living with Uttam Kumar". The Telegraph. http://www.telegraphindia.com/1080720/jsp/calcutta/story_9567833.jsp.
  9. Chowdhury, Sayandeb (30 December 2021) (en ভাষাত). Uttam Kumar: A Life in Cinema. Bloomsbury Publishing. পৃষ্ঠা. 5–6. ISBN 978-93-5435-271-3. https://books.google.com/books?id=yD9cEAAAQBAJ&q=Satkori&pg=PA5.
  10. PTI (24 July 2021). "Bengalis are still obsessed with Mahanayake : Uttam Kumar Death Anniversary". The Statesman. https://www.thestatesman.com/bengal/bengalis-still-obsessed-mahanayake-uttam-kumar-death-anniversary-1502985783.html.
  11. "Excerpt: Uttam Kumar, the Much Loved Superstar, Was In Solitary Confinement of His Fame". The Wire. https://thewire.in/books/excerpt-uttam-kumar-a-life-in-cinema-sayandeb-chowdhury আহৰণ কৰা হৈছে: 10 April 2022.
  12. "Now, Tarun Kumar's grandson in films" (en ভাষাত). The Times of India. 11 January 2017. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/now-tarun-kumars-grandson-in-films/articleshow/12425023.cms.
  13. 1 2 3 "Uttam Kumar: Undisputed King of the Bengali Silver Screen" (en ভাষাত). The Daily Star. 2007-09-13. https://www.thedailystar.net/news-detail-3755 আহৰণ কৰা হৈছে: 2022-09-04.
  14. "'ৰোম্যাণ্টিসিজমেৰ চূড়ান্ত এক ব্যক্তিত্ব উত্তমদা'" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/patrika/some-unknown-facts-about-uttam-kumar-1.667751 আহৰণ কৰা হৈছে: 2022-09-04.
  15. "সংগীত পৰিচালক উত্তম কুমাৰ, যাৰ সুৰে গেয়েছেন হেমন্ত থেকে আশা | TheWall" (en-US ভাষাত). 3 September 2021. https://www.thewall.in/entertainment/special-feature-on-music-director-uttam-kumar/ আহৰণ কৰা হৈছে: 11 April 2022.
  16. Bali, Karan (8 May 2015). "Uttam Kumar". Upperstall.com. https://upperstall.com/profile/uttam-kumar/ আহৰণ কৰা হৈছে: 9 April 2022.
  17. 1 2 "বিস্ময়েৰ অন্য নাম উত্তম কুমাৰ, ফ্লপ মাষ্টাৰ থেকে হয়ে উঠেছিলেন মহানায়ক" (bn ভাষাত). News18 Bengali. 2018-07-24. Archived from the original on 2022-09-05. https://web.archive.org/web/20220905203200/https://bengali.news18.com/news/features/know-about-the-life-of-uttam-kumar-198083.html আহৰণ কৰা হৈছে: 2022-09-04.
  18. 1 2 Sarkar, Roushni. "From 'flop master general' to 'Nayak', the artistic journey of Uttam Kumar". Cinestaan. Archived from the original on 7 April 2022. https://web.archive.org/web/20220407040302/https://www.cinestaan.com/articles/2018/jul/24/14602/from-flop-master-general-to-nayak-the-artistic-journey-of-uttam-kumar আহৰণ কৰা হৈছে: 10 April 2022.
  19. "Uttam Kumar once rejected an offer from Satyajit Ray - Crazy unsettling facts about your favourite Bengali celebrities". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/crazy-unsettling-facts-about-your-favourite-bengali-celebrities/uttam-kumar-once-rejected-an-offer-from-satyajit-ray/photostory/66525880.cms আহৰণ কৰা হৈছে: 21 April 2022.
  20. Gupta, Ranjan Das (2010-07-21). "Master of expressions" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/Master-of-expressions/article16205048.ece.
  21. "The immortal Uttam Kumar". The New Indian Express. https://www.newindianexpress.com/thesundaystandard/2021/aug/15/the-immortal-uttam-kumar-2344783.html আহৰণ কৰা হৈছে: 7 April 2022.
  22. "National Awards for Films - 1967". Directorate of Film Festivals. 25 November 1968. পৃষ্ঠা: 29. http://iffi.nic.in/Dff2011/Frm15thNFAAward.aspx?PdfName=15NFA.pdf আহৰণ কৰা হৈছে: 5 April 2022.
  23. "Uttam Kumar: The Mahanayak as Producer and Director" (en ভাষাত). Cinemaazi. Archived from the original on 28 May 2022. https://web.archive.org/web/20220528083441/https://www.cinemaazi.com/feature/uttam-kumar-the-mahanayak-as-producer-and-director আহৰণ কৰা হৈছে: 7 April 2022.
  24. "সম্পাদক সমীপেষু" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/editorial/letters-to-the-editor-1.655081 আহৰণ কৰা হৈছে: 14 April 2022.
  25. 1 2 3 4 Chaudhuri, Shanthanu Ray (24 July 2022). "Uttam Kumar: Why the Bengali megastar could never become a national star". The Telegraph. https://www.telegraphindia.com/my-kolkata/lifestyle/bengali-film-superstar-uttam-kumars-hindi-film-career-decoded/cid/1876240.
  26. "সম্পাদক সমীপেষু: হেমন্তেৰ প্ৰস্তাৱ" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/editorial/letters-to-the-editor/article-on-why-uttam-kumar-had-failed-in-bollywood-1.841362 আহৰণ কৰা হৈছে: 10 April 2022.
  27. BonikBarta. "উত্তম কুমাৰ কেন বলিউডে ব্যৰ্থ হয়েছিলেন?" (en ভাষাত). উত্তম কুমাৰ কেন বলিউডে ব্যৰ্থ হয়েছিলেন?. https://bonikbarta.net/home/news_description/270486/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A6%B0-%E0%A6%95%E0%A7%87%E0%A6%A8-%E0%A6%AC%E0%A6%B2%E0%A6%BF%E0%A6%89%E0%A6%A1%E0%A7%87-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%B0%E0%A7%8D%E0%A6%A5-%E0%A6%B9%E0%A7%9F%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A6%B2%E0%A7%87%E0%A6%A8 আহৰণ কৰা হৈছে: 10 April 2022.
  28. Chowdhury, Sayandeb. "Why Bengali cinema's colossus Uttam Kumar had a rough time in the Hindi film industry" (en-US ভাষাত). Scroll.in. https://scroll.in/reel/1000964/why-bengali-cinemas-colossus-uttam-kumar-had-a-rough-time-in-the-hindi-film-industry আহৰণ কৰা হৈছে: 10 April 2022.
  29. "9th National Film Awards". International Film Festival of India. Archived from the original on 2 December 2016. https://web.archive.org/web/20161202115652/http://iffi.nic.in/Dff2011/Frm9thNFAAward.aspx আহৰণ কৰা হৈছে: 8 September 2011.
  30. "11th National Film Awards". International Film Festival of India. Archived from the original on 2 May 2017. https://archive.today/20170502124428/http://iffi.nic.in/Dff2011/Frm11thNFAAward.aspx আহৰণ কৰা হৈছে: 6 July 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]