সুচিত্ৰা সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুচিত্ৰা সেন
জন্ম ৰাম দাশগুপ্তা
০৬ এপ্ৰিল, ১৯৩১
পাবনা, বাংলা প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ বাংলাদেশ)
মৃত্যু ১৭ জানুৱাৰী, ২০১৪ (৮২ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সক্ৰিয় হৈ থকা সময় ১৯৫২–১৯৭৯
গৃহস্থান পাবনা, বাংলাদেশ
দাম্পত্যসঙ্গী দিৱনাথ সেন (বি. ১৯৪৭; মৃ. ১৯৭০)
সন্তান মুন মুন সেন
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
বংগ বিভূষণ

সুচিত্ৰা সেন (৬ এপ্ৰিল, ১৯৩১ - ১৭ জানুৱাৰী, ২০১৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁৰ জন্মগত নাম আছিল ৰমা দাশগুপ্ত। তেওঁ মূলত বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল।[1] বঙালী চলচ্চিত্ৰত উত্তম কুমাৰৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৬৩ চনত 'সাত পাকে বাঁধা' চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে মস্কো চলচ্চিত্ৰ উৎসবত সুচিত্ৰা সেনে "চিলভাৰ প্ৰাইজ ফৰ বেষ্ট একট্ৰেচ" জয় কৰে। তেৱেঁই প্ৰথম ভাৰতীয় অভিনেত্ৰী যি কোনো আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসবত পুৰস্কৃত হৈছিল।[2][3] ১৯৭২ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সম্মান প্ৰদান কৰে।[4] শুনা যায়, ২০০৫ চনত তেওঁক দাদাচাহেব ফালকে বঁটা প্ৰদানৰ বাবেও প্ৰস্তাব গ্ৰহণ কৰা হৈছিল; কিন্তু সুচিত্ৰা সেনে এই পুৰস্কাৰ গ্ৰহণৰ বাবে মান্তি নহয়। ২০১২ চনত তেওঁক পশ্চিমবঙ্গ চৰকাৰৰ সৰ্বোচ্চ সম্মান বঙ্গবিভূষণ প্ৰদান কৰা হয়।[5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৩১ চনৰ ৬ এপ্ৰিল ব্ৰিটিছ ভাৰতৰ বাংলা প্ৰেচিডেন্সিৰ (অধুনিক বাংলাদেশ ৰাষ্ট্ৰৰ অন্তৰ্গত চিৰাজগঞ্জ জিলাৰ বেলকুচি থানাৰ অন্তৰ্গত সেন ভাঙ্গাবাড়ী গাঁও সুচিত্ৰা সেনৰ পৈত্ৰিক নিবাস) পাবনা জিলাৰ সদৰ পাবনাত সুচিত্ৰা সেনে জন্মগ্ৰহণ কৰিছিল।[6][7] তেওঁৰ দেউতাক কৰুণাময় দাশগুপ্ত আছিল এখন স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মা ইন্দিৰা দেবী আছিল এগৰাকী গৃহীনী। তেওঁ আছিল পৰিয়ালৰ পঞ্চম সন্তান ও তৃতীয় কন্যা। পাবনা চহৰতেই তেওঁ পঢ়া-শুনা কৰিছিল। তেওঁ আছিল কবি ৰজনীকান্ত সেনৰ নাতিনী।[8] ১৯৪৭ চনত বিশিষ্ট শিল্পপতি আদিনাথ সেনৰ পুত্ৰ দিবানাথ সেনৰ সৈতে সুচিত্ৰা সেন বিবাহ পাশত আবদ্ধ হয়।[9] তেওঁলোকৰ একমাত্ৰ কন্যা মুনমুন সেনো এগৰাকী খ্যাতনামা অভিনেত্ৰী। ১৯৫২ চনত সুচিত্ৰা সেন বঙালী চলচ্চিত্ৰ জগতৰ সৈতে যুক্ত হয়।

চলচ্চিত্ৰ জীৱন[সম্পাদনা কৰক]

১৯৫২ চনত 'শেষ কোথায়' ছবিৰ মাধ্যমে তেওঁ চলচ্চিত্ৰৰ যাত্ৰা আৰম্ভ কৰে যদিও এই ছবিখনে মুক্তি লাভ কৰা নাছিল।

সন্মান[সম্পাদনা কৰক]

১৯৫৫ চনৰ দেবদাস ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে, যিখন আছিল তেওঁৰ জীৱনৰ প্ৰথম হিন্দী ছবি। উত্তম কুমাৰৰ সৈতে বঙালী ছবিত ৰোমান্টিকতা সৃষ্টি কৰাৰ বাবে তেওঁ বঙালী চলচ্চিত্ৰৰ সকলোতকৈ বিখ্যাত অভিনেত্ৰী। ১৯৬০ ও ১৯৭০ দশকত তেওঁৰ অভিনীত ছবি মুক্তি পাইছিল। স্বামীৰ মৃত্যুৰ পিছটো তেওঁ অভিনয় যাত্ৰা অব্যাহত ৰাখিছিল। হিন্দী ছবি 'আন্ধিত' তেওঁ এগৰাকী নেত্ৰীৰ ভূমিকাত অভিনয় কৰিছিল। কোৱা হয় যে উক্ত চৰিত্ৰটিয়ে ইন্দিৰা গান্ধীক প্ৰতিনিধিত্ব কৰিছিল। এই ছবিৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে মনোনয়ন পাইছিল তথা তেওঁৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰা সঞ্জীব কুমাৰে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল। হিন্দী চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ অবদানৰ বাবে প্ৰতিবছৰ ভাৰত চৰকাৰে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। চলচ্চিত্ৰৰ অন্যতম মৰ্যাদাপূৰ্ণ এই সম্মান সুচিত্ৰা সেনে প্ৰত্যাখ্যান কৰে।

চলচ্চিত্ৰৰ তালিকা[সম্পাদনা কৰক]

নম্বৰ মুক্তি চলচ্চিত্ৰ মুক্তিৰ তাৰিখ চৰিত্ৰ পৰিচালক নায়ক মন্তব্য
1 ১৯৫২ শেষ কোথায় অমুক্তিপ্ৰাপ্ত ছবিখনে মুক্তি লাভ কৰা নাছিল
2 ১৯৫৩ সাত নম্বৰ কয়েদী ৭ ফেব্ৰুৱাৰী ১৯৫৩ সুকুমাৰ দাশগুপ্ত সমৰ ৰায় মুক্তিপ্ৰাপ্ত প্ৰথম ছবি
3 ১৯৫৩ সাড়ে চুয়াত্তৰ ২০ ফেব্ৰুৱাৰী ১৯৫৩ ৰমলা নিৰ্মল দে উত্তম কুমাৰ
4 ১৯৫৩ ভগবান শ্ৰীকৃষ্ণ চৈতন্য ১১ ডিচেম্বৰ ১৯৫৩ বিষ্ণুপ্ৰিয়া দেবকী বসু বসন্ত চৌধুৰী
5 ১৯৫৩ কাজৰী ১০ এপ্ৰিল ১৯৫৩ নীৰেন লাহিড়ী নায়ক নাই
6 ১৯৫৪ অ্যাটম বম্ব ১ জানুৱাৰী ১৯৫৪ তাৰু মুখোপাধ্যায় ৰবীন মজুমদাৰ এক্সট্ৰা হিচাপে আত্মপ্ৰকাশ। ছবিৰ প্ৰধান নায়িকা সাবিত্ৰী চট্টোপাধ্যায়
7 ১৯৫৪ ওৰা থাকে ওধাৰে ৫ ফেব্ৰুৱাৰী ১৯৫৪ প্ৰমীলা সুকুমাৰ দাশগুপ্ত উত্তম কুমাৰ
8 ১৯৫৪ ঢুলি ৩ জুন ১৯৫৪ মিনতি পিনাকী মুখোপাধ্যায় প্ৰশান্ত কুমাৰ
9 ১৯৫৪ মৰণেৰ পৰে ২৫ জুন ১৯৫৪ তনিমা সতীশ দাশগুপ্ত উত্তম কুমাৰ
10 ১৯৫৪ সদানন্দেৰ মেলা ১৬ জুলাই ১৯৫৪ শীলা সুকুমাৰ দাশগুপ্ত উত্তম কুমাৰ
11 ১৯৫৪ অন্নপূৰ্ণাৰ মন্দিৰ ৬ আগষ্ট ১৯৫৪ সতী নৰেশ মিত্ৰ উত্তম কুমাৰ
12 ১৯৫৪ অগ্নিপৰীক্ষা (চলচ্চিত্ৰ) ৩ সেপ্টেম্বৰ ১৯৫৪ তাপসী অগ্ৰদূত উত্তম কুমাৰ
13 ১৯৫৪ গৃহপ্ৰৱেশ ১২ নৱেম্বৰ ১৯৫৪ অজয় কৰ উত্তম কুমাৰ
14 ১৯৫৪ বলয়গ্ৰাস ১৭ ডিচেম্বৰ ১৯৫৪ মণিমালা পিনাকী মুখোপাধ্যায়
15 ১৯৫৫ সাঁঝেৰ প্ৰদীপ ২৮ জানুৱাৰী ১৯৫৫ ৰাজু সুধাংশু মুখোপাধ্যায় উত্তম কুমাৰ
16 ১৯৫৫ দেবদাস ১ জানুয়াৰি ১৯৫৫ পাৰ্বতী (পাৰু) বিমল ৰায় দিলীপ কুমাৰ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস "দেবদাস"ৰ আধাৰত নিৰ্মিত প্ৰথম হিন্দী ছবি
17 ১৯৫৫ সাজঘৰ ১১ মাৰ্চ ১৯৫৫ অজয় কৰ বিকাশ ৰায়
18 ১৯৫৫ শাপমোচন ২৭ মে ১৯৫৫ মাধুৰী সুধীৰ মুখোপাধ্যায় উত্তম কুমাৰ
19 ১৯৫৫ মেজ বৌ ৩০ ছেপ্টেম্বৰ ১৯৫৫ দেবনাৰায়ণ গুপ্ত বিকাশ ৰায়
20 ১৯৫৫ ভালোবাসা ৬ অক্টোবৰ ১৯৫৫ দেবকী বসু বসন্ত চৌধুৰী
21 ১৯৫৫ সবাৰ উপৰে ১ ডিচেম্বৰ ১৯৫৫ ৰিতা অগ্ৰদূত উত্তম কুমাৰ
22 ১৯৫৬ সাগৰিকা ১ ফেব্ৰুৱাৰী ১৯৫৬ সাগৰিকা অগ্ৰগামী উত্তম কুমাৰ
23 ১৯৫৬ শুভৰাত্ৰি ৩০ মাৰ্চ ১৯৫৬ শান্তি সুশীল মজুমদাৰ বসন্ত চৌধুৰী
24 ১৯৫৬ একটি ৰাত ১১ মে ১৯৫৬ সান্ত্বনা চিত্ত বসু উত্তম কুমাৰ
25 ১৯৫৬ ত্ৰিযামা ২৮ জুন ১৯৫৬ স্বৰুপা অগ্ৰদূত উত্তম কুমাৰ
26 ১৯৫৬ শিল্পী ৩০ নৱেম্বৰ ১৯৫৬ অঞ্জনা অগ্ৰগামী উত্তম কুমাৰ
27 ১৯৫৬ আমাৰ বৌ ১৪ ডিচেম্বৰ ১৯৫৬ খগেন ৰায় বিকাশ ৰায়
28 ১৯৫৭ হাৰানো সুৰ ৬ ছেপ্টেম্বৰ ১৯৫৭ ডঃ ৰমা ব্যানাৰ্জি অজয় কৰ উত্তম কুমাৰ
29 ১৯৫৭ চন্দ্ৰনাথ ১৫ নৱেম্বৰ ১৯৫৭ সৰযূ কাৰ্তিক চট্টোপাধ্যায় উত্তম কুমাৰ শৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "চন্দ্ৰনাথ"ৰ আধাৰত
30 ১৯৫৭ পথে হল দেৰী ৫ ডিচেম্বৰ ১৯৫৭ মল্লিকা ব্যানাৰ্জি অগ্ৰদূত উত্তম কুমাৰ
31 ১৯৫৭ জীৱন তৃষ্ণা ২৫ ডিচেম্বৰ ১৯৫৭ শকুন্তলা অসিত সেন উত্তম কুমাৰ
32 ১৯৫৭ মুসাফিৰ শকুন্তলা বৰ্মা হৃষীকেশ মুখোপাধ্যায় শেখৰ হিন্দী ছবি
33 ১৯৫৭ চম্পাকলি চম্পাকলি নন্দলাল জসবন্তলাল ভাৰত ভূষণ হিন্দী ছবি
34 ১৯৫৮ ৰাজলক্ষ্মী ও শ্ৰীকান্ত ২৮ ফেব্ৰুৱাৰী ১৯৫৮ ৰাজলক্ষ্মী হৰিদাস ভট্টাচাৰ্য উত্তম কুমাৰ শৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "ৰাজলক্ষ্মী ও শ্ৰীকান্ত"ৰ আধাৰত
35 ১৯৫৮ সূৰ্যতোৰণ ২১ নৱেম্বৰ ১৯৫৮ অনিতা চেটাৰ্জি অগ্ৰদূত উত্তম কুমাৰ
36 ১৯৫৮ ইন্দ্ৰাণী (১৯৫৮-ৰ চলচ্চিত্ৰ) ১০ অক্টোবৰ১৯৫৮ ইন্দ্ৰাণী নীৰৰন লাহিড়ী উত্তম কুমাৰ
37 ১৯৫৯ দীপ জ্বেলে যাই ১ মে ১৯৫৯ ৰাধা মিত্ৰ অসিত সেন বসন্ত চৌধুৰী
38 ১৯৫৯ চাওয়া পাওয়া (১৯৫৯-ৰ চলচ্চিত্ৰ) ২৭ ফেব্ৰুৱাৰী ১৯৫৯ মঞ্জু যাত্ৰিক উত্তম কুমাৰ
39 ১৯৬০ হস্পিতাল ১৬ সেপ্টেম্বৰ ১৯৬০ শৰ্বৰী সুশীল মজুমদাৰ অশোক কুমাৰ
40 ১৯৬০ স্মৃতিটুকু থাক ২৩ ছেপ্টেম্বৰ ১৯৬০ শোভা/উৎপলা যাত্ৰিক অসিতবৰণ মুখোপাধ্যায় / বিকাশ ৰায় প্ৰথম বাৰ দ্বৈত চৰিত্ৰত অভিনয়
41 ১৯৬০ বোম্বাই কা বাবু মায়া ৰাজ খোসলা দেব আনন্দ হিন্দী ছবি
42 ১৯৬০ সৰহদ শঙ্কৰ মুখাৰ্জি দেব আনন্দ হিন্দী ছবি
43 ১৯৬১ সপ্তপদী ২০ অক্টোবৰ ১৯৬১ ৰিনা ব্ৰাউন অজয় কৰ উত্তম কুমাৰ
44 ১৯৬২ বিপাশা ২৬ জানুৱাৰী ১৯৬২ বিপাশা অগ্ৰদূত উত্তম কুমাৰ
45 ১৯৬৩ সাত পাকে বাঁধা ২২ মাৰ্চ ১৯৬৩ অৰ্চনা অজয় কৰ সৌমিত্ৰ চট্টোপাধ্যায়
46 ১৯৬৩ উত্তৰ ফাল্গুনী ১১ অক্টোবৰ ১৯৬৩ দেবযানী / পান্নাবাঈ / সুপৰ্ণা অসিত সেন দিলীপ মুখোপাধ্যায় / বিকাশ ৰায় দ্বৈত চৰিত্ৰ
47 ১৯৬৪ সন্ধ্যাদীপেৰ শিখা ২ অক্টোবৰ ১৯৬৪ জয়ন্তী বেনাৰ্জি হৰিদাস ভট্টাচাৰ্য দিলীপ মুখোপাধ্যায় / বিকাশ ৰায়
48 ১৯৬৬ মমতা দেবযানী / পান্নাবাঈ / সুপৰ্ণা অসিত সেন ধৰ্মেন্দ্ৰ / অশোক কুমাৰ বঙালী চলচ্চিত্ৰ "উত্তৰ ফাল্গুনী"ৰ হিন্দী সংস্কৰণ
49 ১৯৬৭ গৃহদাহ ৫ মে ১৯৬৭ অচলা সুবোধ মিত্ৰ উত্তম কুমাৰ শৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "গৃহদাহ"ৰ আধাৰত
50 ১৯৬৯ কমললতা ২ অক্টোবৰ ১৯৬৯ কমললতা হৰিসাধন দাশগুপ্ত উত্তম কুমাৰ শৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "কমললতা" আধাৰত
51 ১৯৭০ মেঘ কালো ৪ ছেপ্টেম্বৰ ১৯৭০ ডঃ নিৰ্মাল্য ৰায় সুশীল মুখোপাধ্যায় বসন্ত চৌধুৰী
52 ১৯৭১ নবৰাগ ৪ ফেব্ৰুৱাৰী ১৯৭১ নাৰায়ণী / ৰিনা বিজয় বসু উত্তম কুমাৰ
53 ১৯৭১ ফৰিয়াদ ৫ নৱেম্বৰ ১৯৭১ চাঁপা / ৰতনমালা বিজয় বসু উৎপল দত্ত
54 ১৯৭২ আলো আমাৰ আলো ১৭ মাৰ্চ ১৯৭২ অতসী পিনাকী মুখোপাধ্যায় উত্তম কুমাৰ
55 ১৯৭২ হাৰ মানা হাৰ ১৯ ডিচেম্বৰ ১৯৭২ নীৰা (নীৰজা) সলিল সেন উত্তম কুমাৰ
56 ১৯৭৪ দেবী চৌধুৰানী ৬ ছেপ্টেম্বৰ ১৯৭৪ প্ৰফুল্লমুখী দীনেন গুপ্ত ৰঞ্জিত মল্লিক
57 ১৯৭৪ শ্ৰাবণ সন্ধ্যা ২৫ জানুৱাৰী ১৯৭৪ বীৰেশ্বৰ বসু সমিত ভঞ্জ
58 ১৯৭৫ প্ৰিয় বান্ধবী ৩ অক্টোবৰ ১৯৭৫ শ্ৰীমতী হীৰেন নাগ উত্তম কুমাৰ
59 ১৯৭৫ আঁধি ১৩ ফেব্ৰুৱাৰী ১৯৭৫ আৰতি দেবী গুলজাৰ সঞ্জীব কুমাৰ হিন্দী ছবি
60 ১৯৭৬ দত্তা ৩০ জুলাই ১৯৭৬ বিজয়া অজয় কৰ সৌমিত্ৰ চট্টোপাধ্যায় শৰৎচন্দ্ৰৰ বিখ্যাত উপন্যাস "দত্তা" আধাৰত
61 ১৯৭৮ প্ৰণয় পাশা ৯ জুন ১৯৭৮ বাসবদত্তা মঙ্গল চক্ৰবৰ্তী সৌমিত্ৰ চট্টোপাধ্যায়

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sharma, Vijay Kaushik,9 Bela Rani (1998). Women's rights and world development. প্ৰকাশক New Delhi: Sarup & Sons. পৃষ্ঠা. 368. ISBN 8176250155. 
  2. "Suchitra Sen, Bengal's sweetheart". NDTV. 17 January 2014. Archived from the original on 18 January 2014. https://archive.ph/20140118062214/http://movies.ndtv.com/bollywood/suchitra-sen-bengal-s-sweetheart-472105। আহৰণ কৰা হৈছে: 17 January 2014. 
  3. "3rd Moscow International Film Festival (1963)". MIFF. Archived from the original on 16 January 2013. https://web.archive.org/web/20130116210707/http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1963। আহৰণ কৰা হৈছে: 1 December 2012. 
  4. "Padma Awards Directory (1954–2013)". Ministry of Home Affairs. Archived from the original on 2015-10-15. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 2019-03-31. "1972: 130: Smt Suchitra Sen" 
  5. "Suchitra Sen awarded Banga-Bibhusan". Zee News India. 20 May 2012. http://zeenews.india.com/entertainment/regional/suchitra-sen-awarded-banga-bibhusan_111742.htm। আহৰণ কৰা হৈছে: 2 June 2012. 
  6. Deb, Alok Kumar. "APRIL BORN a few PERSONALITIES". www.tripurainfo.com. Archived from the original on 10 December 2008. https://web.archive.org/web/20081210082337/http://www.tripurainfo.com/citizen_services/helping_bytes/april_born.html। আহৰণ কৰা হৈছে: 23 October 2008. 
  7. "Garbo meets Sen Two women bound by beauty and mystery". Telegraph (Calcutta, India). 8 July 2008. http://www.telegraphindia.com/1080302/jsp/entertainment/story_8968619.jsp। আহৰণ কৰা হৈছে: 2 June 2012. 
  8. "Archived copy". Archived from the original on 22 February 2014. https://web.archive.org/web/20140222013638/http://www.sirajganj.gov.bd/node/367534। আহৰণ কৰা হৈছে: 2014-02-12. 
  9. Chakraborty, Ajanta (18 Jun 2011). "Actress Suchitra Sen's secrets out!". TNN (Times of India).