সাবিত্ৰী চট্টোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সাবিত্ৰী চট্টোপাধ্যায়

সাবিত্ৰী চট্টোপাধ্যায়ে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰিছে, ৩১ মাৰ্চ ২০১৪
জন্ম ২২ ফেব্ৰুৱাৰী, ১৯৩৭ (৮৪ বছৰ)[1]
কুমিল্লা, ব্ৰিটিছ ভাৰত, (বৰ্তমান বাংলাদেশত)[1]
পেচা অভিনেত্ৰী[1]
উল্লেখযোগ্য কৰ্ম ৰাত ভোৰ
মৰুতীৰ্থ হিংলাজ
নিশিপদ্ম
বঁটা, সন্মান, পুৰস্কাৰ আদি BFJA বঁটা
সংগীত নাটক একাডেমী বঁটা
বাংলাভূষণ
পদ্মশ্ৰী

সাবিত্ৰী চট্টোপাধ্যায় (ইংৰাজী: Sabitri Chatterjee ; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৩৭) এগৰাকী অভিনেত্ৰী, যাক বঙালী চলচ্চিত্ৰ আৰু পশ্চিমবঙ্গৰ মঞ্চত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ৬০ বছৰ জুৰি অভিনয়ৰ সৈতে জড়িত আছে।[2] তেওঁ দুবাৰ ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা’ পাইছে। বঙালী মঞ্চত কৰা অভিনয়ৰ বাবে তেওঁক ১৯৯৯ চনত সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল। তদুপৰি তেওঁ ২০১৪ চনত পশ্চিমবঙ্গ চৰকাৰৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান ‘বঙ্গবিভূষণ’ আৰু ভাৰত চৰকাৰৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰেও বিভূষিত হৈছে।[3] তেওঁৰ জন্ম ব্ৰিটিছ ভাৰতৰ আৰু বৰ্তমান বাংলাদেশৰ অন্তৰ্গত কুমিল্লাত হৈছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৭ চনত ব্ৰিটিছ ভাৰতৰ কুমিল্লা জিলাৰ এখন সৰু চহৰ কমলপুৰত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) হৈছিল। তেওঁলোকৰ দহজনী ছোৱালীৰ ভিতৰত তেওঁ আটাইতকৈ সৰু আছিল। তেওঁৰ কোনো ককাই-ভাই নাছিল। দেউতাক ৰেলৱেত এজন ষ্টেচন মাষ্টাৰৰ চাকৰি কৰিছিল। ১৯৪৭ চনৰ বঙ্গ বিভাজনৰ সময়ত সাবিত্ৰীক কলকাতাৰ টালিগঞ্জত থকা তেওঁৰ বিবাহিতা বায়েক এজনীৰ ঘৰলৈ পঠিয়াই দিয়া হৈছিল। বঙ্গৰ চলচ্চিত্ৰ নিৰ্মাণৰ কেন্দ্ৰস্থল টালিগঞ্জত সেই সময়তে তেওঁ চলচ্চিত্ৰ তাৰকাসকলক দেখা পাইছিল।[1][4][5]

কৰ্মজীৱন[সম্পাদনা কৰক]

দশম শ্ৰেণীত পঢ়ি থাকোঁতেই সাবিত্ৰীক প্ৰবীন অভিনেতা ভানু বেনাৰ্জীৰ চকুত পৰিছিল। উত্তৰ সাৰথি গ্ৰুপ থিয়েটাৰে পূব পাকিস্তানৰ শৰনাৰ্থী সমস্যাৰ ওপৰত আধাৰিত আৰু কানু বেনাৰ্জী পৰিচালিত নাট এখনত অভিনয় কৰিবলৈ ভানু বেনাৰ্জীয়ে সাবিত্ৰীক লৈ আহিছিল। পৰিচালক কানু বেনাৰ্জী পৰৱৰ্তী কালত সত্যজিৎ ৰায়পথেৰ পাঁচালীত হৰিহৰ ৰায়ৰ চৰিত্ৰটো কৰিছিল। এই নাটকখনক লৈ ১৯৫৩ চনত অগ্ৰদূতৰ পৰিচালনাৰে চলচ্চিত্ৰ এখনো নিৰ্মাণ কৰা হৈছিল, য’ত সাবিত্ৰীয়েও অভিনয় কৰিছিল।[1] অগ্ৰদূতে পৰিচালনা কৰা আৰু উত্তম কুমাৰে অভিনয় কৰা ‘সহযাত্ৰী’ (১৯৫১) ছবিখনেৰে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰিছিল। তেওঁৰ মূল নাৰী চৰিত্ৰত অভিনয় কৰা প্ৰথম ছবিখন হ’ল- সুধীৰ মুখাৰ্জীৰ কমেডী ছবি ‘পাশেৰ বাড়ী’ (১৯৫২)। ছবিখন বক্স অফিচ সফল হৈছিল।[1][4]

সাবিত্ৰীৰ আন এখন ছবি ‘শুভদা’ (১৯৫২)। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাসৰ আধাৰত, ছবি বিশ্বাস, পাহাৰী সান্যালক লৈ নিৰ্মাণ কৰা শুভদা পৰিচালনা কৰিছিল নিৰেন লাহিড়ীয়ে। সাবিত্ৰীয়ে এজনী দুৰ্ভগীয়া ছোৱালী ললনাৰ চৰিত্ৰটো কৰিছিল। একে সময়তে তেওঁ উত্তম কুমাৰৰ ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰিছিল নিৰ্মল দে পৰিচালিত ‘বসু পৰিবাৰ’ত (১৯৫২)। উত্তম কুমাৰে নিজে প্ৰযোজনা কৰা থিয়েটাৰ গ্ৰুপ ‘কৃষ্টি ও সৃষ্টি’ত তেওঁক অভিনয় কৰিবলৈ মাতিছিল। ‘উত্তম-সাবিত্ৰী’ বঙালী চলচ্চিত্ৰৰ এক জনপ্ৰিয় যুঁটি আছিল, দুয়োৰ মাজত ভাল বন্ধুত্বও আছিল। কিন্তু দুয়োৰো মাজত বিয়া হোৱা বুলি মিছা গুজৱ ওলাইছিল।[1][2] উত্তম-সাবিত্ৰীয়ে অসংখ্য স্মৰণীয় ছবি উপহাৰ দিছে। তাৰে কেইখনমান- ‘লাখ তাৰা’ (১৯৫৩), ‘কল্যাণী’ (১৯৫৪), ‘অনুপমা’ (১৯৫৪), ‘ৰাইকমল’ (১৯৫৫), ‘নৱজন্ম’ (১৯৫৬), ‘পুনৰ মিলন’ (১৯৫৭), ‘মৰুতীৰ্থ হিংলাজ’ (১৯৫৯), ‘ৰাজা-সাজা’ (১৯৬০), ‘দুই ভাই’ (১৯৬১), ‘ভ্ৰান্তি বিলাস’ (১৯৬৩), ‘মমেৰ আলো’ (১৯৬৪), ‘নিশিপদ্ম’ (১৯৭০) আদি। তেওঁলোকে মৃণাল সেনৰ প্ৰথম ছবি ‘ৰাত ভোৰে’ (১৯৫৫) আৰু তপন সিনহাৰ দ্বিতীয় প্ৰয়াস- ‘উপহাৰ’ত (১৯৫৫) গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ‘ভ্ৰান্তি বিলাস’, ‘মৌচাক’ আৰু ‘ধনী মেয়ে’ জনপ্ৰিয় বঙালী কমেডী ছবিবোৰৰ ভিতৰত অন্যতম।[1]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]