পথেৰ পাঁচালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পথেৰ পাঁচালী
পৰিচালক সত্যজিৎ ৰায়
চিত্ৰনাট্য সত্যজিৎ ৰায়
ভিত্তি বিভূতিভূষণ বন্দ্যোপাধ্যায়পথেৰ পাঁচালী 
অভিনয়ত সুবীৰ বন্দ্যোপাধ্যায়
কানু বন্দ্যোপাধ্যায়
কৰুণা বন্দ্যোপাধ্যায়
উমা দাশগুপ্ত
চুনীবালা দেবী
তুলসী চক্ৰবৰ্ত্তী
সংগীত পৰিচালক ৰবি শংকৰ
চিত্ৰগ্ৰহণকাৰী সুব্ৰত মিত্ৰ
সম্পাদনা দুলাল দত্ত
ষ্টুডিঅ’ পশ্চিমবঙ্গ চৰকাৰ
পৰিবেশক অৰোৰা ফিল্ম কৰ্পোৰেচন (১৯৫৫)
এডৱাৰ্ড হেৰিচন (১৯৫৮)
মাৰ্চেণ্ট আইভৰি প্ৰডাকচনচ্
চনি পিকচাৰ্চ ক্লাসিকচ্ (১৯৯৫)[lower-alpha 1]
মুক্তি ২৬ আগষ্ট ১৯৫৫ (1955-08-26) (ভাৰত)
দৈৰ্ঘ্য ১১২–১২৬ মিনিট[lower-alpha 2]
দেশ ভাৰত
ভাষা বঙালী ভাষা
বাজেট ৭০,০০০-১,৫০,০০০ টকা[lower-alpha 3]
সৰ্বমুঠ আয় প্ৰায় ১০ কোটি টকা[7]

পথেৰ পাঁচালী ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজিত আৰু সত্যজিৎ ৰায় পৰিচালিত এটি বঙালী ভাষাৰ চলচ্চিত্ৰ। বিভূতিভূষণ বন্দ্যোপাধ্যায় লিখা পথেৰ পাঁচালী নামৰ উপন্যাসখনৰ অৱলম্বনেৰে নিৰ্মিত এই ছবিখন সত্যজিৎ ৰায় পৰিচালিত প্ৰথম চলচ্চিত্ৰ। মুখ্য চৰিত্ৰ অপুৰ শৈশৱক কেন্দ্ৰ কৰি চলচ্চিত্ৰখনত বিংশ শতাব্দীৰ কুৰিৰ দশকত বঙ্গদেশৰ এটি গাঁৱৰ জীৱনধাৰা চিত্ৰায়িত কৰা হৈছে।

এই চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অৰ্থৰ সমস্যা থকাৰ বাবে নিৰ্মাণকাৰ্য বহুবাৰ ব্যাহত হয় আৰু দীঘলীয়া তিনি বছৰৰ পাছত সেয়া সম্পূৰ্ণ হয়। কম বাজেটত অদক্ষ অভিনেতা আৰু অনভিজ্ঞ শিল্পীসকলক লৈ এই চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। চেতাৰ বাদক ৰবি শংকৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ৰাগ ব্যৱহাৰ কৰি চলচ্চিত্ৰখনৰ সঙ্গীত নিৰ্মাণ কৰে। সুব্ৰত মিত্ৰ চিত্ৰগ্ৰহণ আৰু দুলাল দত্ত সম্পাদনাৰ দায়িত্ব আছিল। ১৯৫৫ চনৰ ৩ মে' তাৰিখত নিউয়ৰ্ক চহৰৰ মিউজিয়াম অব মডাৰ্ন আৰ্টৰ এটি প্ৰদৰ্শনীত চলচ্চিত্ৰখন মুক্তি পায় আৰু তাৰ পাছত সেই একেই বছৰতে কলকাতাতো মুক্তি লাভ কৰে। ছবিৰ সমালোচকসকলে চলচ্চিত্ৰখনত প্ৰদৰ্শিত বাস্তৱতা, মানৱতা আৰু গুণমানক প্ৰশংসা কৰিলেও বহুতে ছবিখনৰ মন্থৰ গতিৰ বাবে চলচ্চিত্ৰখনক সমালোচনা কৰে।

অপুৰ জীৱনৰ ভিত্তিত সত্যজিৎ ৰায়ৰ অপু ত্ৰিলজী চলচ্চিত্ৰ চিৰিজৰ পৰবৰ্তী দুখন ছবি 'অপৰাজিত' (১৯৫৬) আৰু 'অপুৰ সংসাৰ' (১৯৫৯) নিৰ্মাণ কৰা হৈছিল। পথেৰ পাঁচালী চলচ্চিত্ৰখনে ভাৰতীয় চলচ্চিত্ৰ জগতত সামাজিক বাস্তৱতাৰ ওপৰত ভিত্তি কৰা সামান্তৰাল চলচ্চিত্ৰ ধাৰাৰ আৰম্ভ কৰে। স্বাধীন ভাৰতত নিৰ্মাণ কৰা পথেৰ পাঁচালী আছিল প্ৰথম ভাৰতীয় চলচ্চিত্ৰ যিখন আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছিল। এইখন চলচ্চিত্ৰখন ১৯৫৫ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৫৬ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মানৱিক দলিল পুৰস্কাৰৰ লগতে আৰু বহুতো পুৰস্কাৰ অৰ্জন কৰে। সেইবাবে সত্যজিৎ ৰায়ক ভাৰতৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালকসকলৰ ভিতৰত অন্যতম বুলি কোৱা হয়।

কাহিনী[সম্পাদনা কৰক]

বিংশ শতাব্দীৰ কুৰি দশকত নিশ্চিন্তপুৰ নামক বঙালী এক প্ৰত্যন্ত গাওঁ অঞ্চলত অপু (সূবীৰ বন্দ্যোপাধ্যায়) আৰু তাৰ পৰিয়ালৰ কথাই পথেৰ পাঁচালী ছবিৰ মূল কাহিনী। অপুৰ দেউতা পুৰোহিত হৰিহৰ ৰায় (কানু বন্দ্যোপাধ্যায়) নিশ্চিন্দিপুৰৰ পৈতৃক ভূমিত তেওঁৰ পৰিয়াল সৈতে বসবাস কৰে। তেওঁৰ পেশাত আছিল এজন পুৰোহিত। খুবেই দৰিদ্ৰ। পঢ়াশুনা জনা শিক্ষিত মানুহ। এবাৰ তীব্ৰ অৰ্থসংকটৰ সময়ত তেওঁ তেওঁৰ প্ৰাপ্য পাৰিশ্ৰমিক আদায় কৰাৰ বাবে নিয়োগকৰ্তাৰ পৰা পইচা বিচাৰিব নোৱাৰে। তেওঁ এজন লাজুকী প্ৰকৃতিৰ মানুহ আছিল। হৰিহৰৰ স্ত্ৰী সৰ্বজয়া (কৰুণা বন্দ্যোপাধ্যায়) তেওঁৰ দুই সন্তান দুৰ্গা (উমা দাশগুপ্ত) আৰু অপু আৰু হৰিহৰৰ দূৰ সম্পৰ্কৰ বিধবা পেহীয়েক ইন্দিৰ ঠাকুৰণ (চুনীবালা দেবী)-ৰ চোৱাচিতা কৰে। হৰিহৰ দুখীয়া হোৱা বাবে সৰ্বজয়া ইন্দিৰ ঠাকুৰনক ছোৱাচিতা কৰাটো ভাল চকুৰে নাছায়। সৰ্বজয়াৰ বেয়া ব্যৱহাৰত অতিষ্ট হৈ ইন্দিৰ ঠাকুৰণ মাজে সময়ে বেলেগ আত্মীয়ৰ ঘৰত গৈ আশ্ৰয় লয়। দুৰ্গাই তেওঁলোকৰ ধনী চুবুৰীয়াৰ বাগিচাৰ পৰা ফল চুৰ কৰি আনে আৰু ইন্দিৰ ঠাকুৰণৰ লগত ভগাই খায়। এদিন সেই চুবুৰীয়াৰ গৃহিণী আহি দুৰ্গাক তেওঁলোকৰ এখন পুতিৰ মালা চুৰ কৰাৰ বাবে চোৰ বুলি অভিহিত কৰে আৰু সেই চুৰিৰ প্ৰৱণতাক উৎসাহ দিয়াৰ বাবে সৰ্বজয়াক দোষী সাব্যস্ত কৰে।

অপু আৰু দুৰ্গা, দুই ভাই ভনীয়েকৰ মাজত বহুত মিল। দুৰ্গা ডাঙৰ, তায়ো তাইৰ মাৰ নিচিনা সৰু ভায়েক অপুক বহুত মৰম কৰে। কিন্তু মাজে সময়ে দুৰ্গা আৰু অপুৰ মাজত কাজিয়াও হয়। তেওঁলোকে কেতিয়াবা গছৰ তলত বহি থাকে, কেতিয়াবা মিঠাই বিক্ৰেতাৰ পিছে পিছে দৌৰি ফুৰে, কেতিয়াবা একেলগে যাত্ৰা নাট চাবলৈ যায়। এদিন দুয়োটা মিলি সকলোৰ অগোচৰে ৰেলগাড়ী চাবলৈ যায়। কঁহুৱা বনত অপু আৰু দুৰ্গাৰ দৌৰি দৌৰি ৰেলগাড়ী চাবলৈ যোৱাৰ দৃশ্য সত্যজিৎ ৰায়ে এই ছবিখনত ধুনীয়াকৈ চিত্ৰায়িত কৰিছে। ঘৰত উভতি আহি সিহঁতে ইন্দিৰা ঠাকুৰণক মৃত অৱস্থাত দেখা পায়।

গাঁৱত উপাৰ্জন ভাল নোহোৱাৰ বাবে হৰিহৰ অধিক উপাৰ্জনৰ বাবে চহৰলৈ যায়। হৰিহৰে সৰ্বজয়াক প্ৰতিশ্ৰুতিৰ দি যায় যে চহৰত ভাল উপাৰ্জন হ'লে উভতি আহি সি সিহঁতৰ ভঙা পুৰণি পৈতৃক ঘৰখন ঠিক কৰিবহি। হৰিহৰৰ অনুপস্থিতিত সৰ্বজয়া তীব্ৰ অৰ্থ সংকটত পৰে আৰু সৰ্বজয়া অকলশৰীয়া হোৱাৰ কাৰণে বহুত খঙাল হৈ পৰে। এবাৰ বৰষুণত তিতি দুৰ্গাৰ জ্বৰ হয়। উপযুক্ত চিকিৎসাৰ অভাৱত দুৰ্গাৰ জ্বৰ আৰু অধিক হৈ পৰে আৰু এদিন তীব্ৰ ধুমুহাৰ ৰাতিত দুৰ্গাৰ মৃত্যু হয়। ইয়াৰ পাছত এদিন হৰিহৰ চহৰৰ পৰা উভতি আহে। চহৰৰ পৰা অনা বস্তু অতি আগ্ৰহেৰে সৰ্বজয়াক দেখুৱাব আৰম্ভ কৰে; সৰ্বজয়া প্ৰথমে মনে মনে থাকে আৰু পাছত হৰিহৰৰ ভৰিত মুৰ থৈ কান্দিব আৰম্ভ কৰে। তেতিয়া হৰিহৰ বুজিব পাৰে যে সিহঁতৰ একমাত্ৰ কন্যা দুৰ্গা আৰু নাই। ইয়াৰ পাছত সিহঁতে পৈতৃক ঘৰ আৰু গাওঁ এৰি চহৰলৈ গুচি যায়। এই চলচ্চিত্ৰখনৰ শেষত অপু, হৰিহৰ আৰু সৰ্বজয়া গৰুৰ গাড়ীৰে চহৰলৈ যাত্ৰা কৰাৰ দৃশ্য দেখোৱা হৈছে।

অভিনয়ত[সম্পাদনা কৰক]

  • কানু বন্দ্যোপাধ্যায় - হৰিহৰ ৰায়, দুৰ্গা আৰু অপুৰ দেউতাক
  • কৰুণা বন্দ্যোপাধ্যায় - সৰ্বজয়া ৰায়, অপু আৰু দুৰ্গাৰ মাক
  • সূবীৰ বন্দ্যোপাধ্যায় - অপূৰ্ব ৰায়, অপু
  • ৰুঙ্কি বন্দ্যোপাধ্যায় - শিশু দুৰ্গা
  • উমা দাশগুপ্ত - কিশোৰী দুৰ্গা
  • চুনীবালা দেৱী - ইন্দিৰ ঠাকুৰণ
  • হৰেন বন্দ্যোপাধ্যায় - মিঠাই বিক্ৰেতা
  • তুলসী চক্ৰবৰ্ত্তী - প্ৰসন্ন, শিক্ষক

কাহিনীৰ উৎস[সম্পাদনা কৰক]

বিভূতিভূষণ বন্দোপাধ্যায় ৰচিত পথেৰ পাঁচালী উপন্যাসখন বঙালী ভাষাৰ এক ধ্ৰূপদী জীৱনীমূলক উপন্যাস। ১৯২৮ চনত এখন আলোচনীত ধাৰাবাহিকভাবে উপন্যাসখন প্ৰকাশ পাইছিল আৰু ১৯২৯ চনত উপন্যাসখন কিতাপ আকাৰে ছপা হয়। বিভূতিভূষণে উপন্যাসখনত এটা দুখীয়া পৰিয়ালৰ পৈতৃক গৃহত বসবাস আৰু তীব্ৰ আৰ্থিক সংকটৰ মাজত সিহঁতৰ জীয়াই থকাৰ সংগ্ৰাম ধুনীয়াকৈ বৰ্ণনা কৰিছে।

সত্যজিৎ ৰায়ে ১৯৪৪ চনত চিগনেট প্ৰেছত গ্ৰাফিক্স ডিজাইনাৰ ৰূপে কাম কৰাৰ সময়তে পথেৰ পাঁচালী উপন্যাসখনৰ নতুন অখণ্ড সংস্কৰণৰ অলংকৰণ কৰাৰ সুবিধা লাভ কৰে। তেতিয়া তেওঁ কিতাপখন পঢ়ে আৰু প্ৰেছৰ মালিক ডি কে গুপ্তক ব্যক্ত কৰে যে কিতাপখনৰ পৰা এখন ভাল চলচ্চিত্ৰ নিৰ্মাণ কৰিব পৰা যাব। ১৯৪৬ চনত যেতিয়া সত্যজিৎ ৰায়ে চলচ্চিত্ৰ নিৰ্মাণৰ কথা ভাবে তেতিয়া ডি কে গুপ্তই তেওঁক পথেৰ পাঁচালী উপন্যাসৰ কাহিনীৰ ভিত্তিত ছবি নিৰ্মাণৰ পৰামৰ্শ দিয়ে।

অৰ্জিত সন্মান[সম্পাদনা কৰক]

পথেৰ পাঁচালী চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুতো আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰে।

চন পুৰস্কাৰ চলচ্চিত্ৰ মহোৎসৱ দেশ
১৯৫৫ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (স্বৰ্ণকমল)
বঙালী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজতকমল)
তৃতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাৰত
১৯৫৬ পাল্ম ডৰ, শ্ৰেষ্ঠ মানৱিক দলিল ১৯৫৬ ৯ম কাঁ চলচ্চিত্ৰ মহোৎসৱ ফ্ৰান্স
১৯৫৬ ভেটিকান পুৰস্কাৰ, ৰোম ইটালী
১৯৫৬ গ'ল্ডেন কাৰবাও, মেনিলা ফিলিপাইন
১৯৫৬ মেধাৰ ডিপ্লোমা এডিনবৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ স্কটলেণ্ড
১৯৫৭ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে চাজনিক গ'ল্ডন লৰেল বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ জাৰ্মানী
১৯৫৭ শ্ৰেষ্ঠ পৰিচালকৰ বাবে গ'ল্ডন গেট আৰু শ্ৰেষ্ঠ ছবিৰ বাবে গ'ল্ডেন গেট চান ফ্ৰাঞ্চিচস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৫৮ শ্ৰেষ্ঠ চলচ্চিত্ৰ ভেনকুভাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কানাডা
১৯৫৮ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে ক্ৰিটিকচ্ এৱাৰ্ড ষ্টেটফৰ্ড চলচ্চিত্ৰ মহোৎসৱ কানাডা
১৯৫৮ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ, ৰাষ্ট্ৰীয় বৰ্ড পৰ্যালোচনা পুৰস্কাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৫৯ শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ নিউয়ৰ্ক চলচ্চিত্ৰ উতসৱ যুক্তৰাষ্ট্ৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sengoopta, Chandak (16 November 2009). "Apu-In-The-Word". Outlook. পৃষ্ঠা: 2/5. Archived from the original on 24 April 2014. https://web.archive.org/web/20140424010723/http://www.outlookindia.com/printarticle.aspx?262710। আহৰণ কৰা হৈছে: 22 April 2014. 
  2. Tooze, Gary. "Pather Panchali". www.dvdbeaver.com. Archived from the original on 11 December 2013. https://web.archive.org/web/20131211145015/http://www.dvdbeaver.com/FILM/dvdcompare/patherpanchali.htm। আহৰণ কৰা হৈছে: 12 October 2008. 
  3. "Pather Panchali". LA Weekly. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203033918/http://www.laweekly.com/movies/pather-panchali-179696/। আহৰণ কৰা হৈছে: 2 December 2013. 
  4. Jeffries, Stuart (19 October 2010). "Pather Panchali: No 12 best arthouse film of all time". The Guardian. Archived from the original on 17 October 2013. https://web.archive.org/web/20131017070224/http://www.theguardian.com/film/2010/oct/20/pather-panchali-ray-arthouse। আহৰণ কৰা হৈছে: 2 December 2013. 
  5. Hal Erickson, Rovi. "Pather Panchali (1955)". The New York Times. Archived from the original on 8 December 2013. https://web.archive.org/web/20131208171855/http://www.nytimes.com/movies/movie/37409/Pather-Panchali/overview। আহৰণ কৰা হৈছে: 2 December 2013. 
  6. "Pather Panchali (1957)". British Board of Film Classification. Archived from the original on 27 April 2014. https://web.archive.org/web/20140427164430/http://www.bbfc.co.uk/releases/pather-panchali-1991। আহৰণ কৰা হৈছে: 21 April 2014. 
  7. Ray, Bibekananda (2017). Conscience of The Race. Publications Division Ministry of Information & Broadcasting. পৃষ্ঠা. 424. ISBN 9788123026619. https://books.google.com/books?id=EKo-DwAAQBAJ&pg=PT424. 
টোকা
  1. 1.0 1.1 Aurora Film Corporation was the distributor, according to credits shown in the film. MoMA and the distributor Edward Harrison were instrumental in the film's MoMA screening and later US release.[1](Bee, Hellczer & McFadden 2013, পৃষ্ঠা 204) A DVD review in dvdbeaver.com listed Artificial Eye Entertainment as the distributor of Region 2 and Columbia Tri-Star as the distributor of Region 1 format DVDs.[2][lower-alpha 1]
  2. Different sources identify different running times for the film. A Museum of Modern Art anthology states 112 minutes.(Bee, Hellczer & McFadden 2013, পৃষ্ঠা 204) An LA Weekly notice states 115 minutes.[3] Stuart Jeffries of The Guardian states 125 minutes in a 2010 report.[4] Rovi Hal Erickson of The New York Times states 126 minutes in a review summary in NYT Critics' Pick.[5] In 2005 Doug Pratt states 125 minutes but mentions that most references list the running time at about 10 minutes less than that. (Pratt 2005, পৃষ্ঠা 908) The British Board of Film Classification lists separate running times for film (110 minutes 55 seconds) and video (119 minutes 31 seconds) versions.[6]
  3. Satyajit Ray wrote in My Years with Apu: A Memoir (1994) that the budget was 70,000, (Ray 1996, পৃষ্ঠা 36) and the loan from the government of West Bengal was 70,000. (Ray 1996, পৃষ্ঠা 60) During an interview in 1970, in reply to the question "How much did the production of Pather Panchali cost in all, if you count in the value of the rupee today?", Ray said, "In those days it cost a little over 150,000, whereas an average film now costs twice that much."(Isaksson 2007, পৃষ্ঠা 40)