সমললৈ যাওক

ভগিনী নিবেদিতা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভগিনী নিবেদিতা

ভগিনী নিবেদিতাৰ এটা দৃশ্যত অৰুন্ধতী দেৱী
পৰিচালক বিজয় বসু
প্ৰযোজক আৰোৰা ফিল্ম কৰ্পোৰেচন
মুক্তি
১৬ ফেব্ৰুৱাৰী ১৯৬২ (1962-02-16) (Kolkata)
দেশ ভাৰতীয়
ভাষা বঙালী

ভগিনী নিবেদিতা (ইংৰাজী: Bhagini Nivedita ) ১৯৬২চনত মুক্তি পোৱা এখন জীৱনীমূলক বঙালী ভাষাৰ চলচ্চিত্ৰ। [1] স্বামী বিবেকানন্দৰ আয়াৰলেণ্ডদেশীয় শিষ্যা মাৰ্গাৰেটৰ জীৱন আৰু কৰ্মাৱলীৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। বিবেকানন্দৰ ওচৰত দীক্ষাগ্ৰহণ কৰাৰ পাছত তেওঁক ভগিনী নিবেদিতা নামেৰে নামকৰণ কৰা হৈছিল। ছবিখনৰ পৰিচালনা বিজয় বসু। নামভূমিকাত অভিনয় কৰিছিল অৰুন্ধতী দেৱীয়ে। ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। [2][3][4]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

এজন আইৰিছ পাদুৰীৰ ঘৰত জন্মগ্ৰহণ কৰা মাৰ্গেৰেটে লণ্ডনত এজন মহান ভাৰতীয় সন্ন্যাসী স্বামী বিবেকানন্দক লগ পায় আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত হয়। কেই বছৰমান পাছত মাৰ্গাৰেটে বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰিবলৈ ভাৰতলৈ আহে। বিবেকানন্দই তেওঁক ব্ৰহ্মচৰ্যৰ দিক্ষা প্ৰদান কৰে আৰু নিবেদিতা নামৰে নামকৰণ কৰে। ইয়াৰ পিছতে নিবেদিতাই বিভিন্ন সামাজিক হেঙাৰ নেওচি মানৱ কল্যাণত ব্ৰতী হয়। আনকি গুৰুৰ মৃত্যুৰ পাছতো আমৃত্যু তেওঁ কল্যাণকামী কৰ্মৰাজিত ব্ৰতী হৈ থাকিল।[5]

অভিনয়শিল্পী

[সম্পাদনা কৰক]
  • অৰুন্ধতী দেৱী (ভগিনী নিবেদিতা)
  • অসিত বৰণ
  • অজিত বন্দোপধ্যায়
  • শোভা সেন
  • দিলীপ ৰয়
  • মুমতাজ আহমেদ খান (মিঃ উইলছল)
  • সনন্দ বেনাৰ্জী
  • হাৰাধন বেনাৰ্জী
  • দ্বিজু ভাৱাল
  • প্ৰেমাংশু বসু
  • অমৰেশ দাস
  • ১৯৬১- ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক।[5]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. "Bhagini Nivedita (1962) Movie: Watch Full Movie Online on JioCinema". Jiocinema. Archived from the original on 2021-11-17. https://web.archive.org/web/20211117100541/https://www.jiocinema.com/movies/bhagini-nivedita?type=0&id=32dd8d807f8111e9874ff37428256286 আহৰণ কৰা হৈছে: 2021-11-17.
  2. Gopa Sabharwal (2007). India Since 1947: The Independent Years. Penguin Books India. পৃষ্ঠা. 83. ISBN 978-0-14-310274-8. https://books.google.com/books?id=LKySGJAGVEQC&pg=PA83.
  3. "No Show – International Film Festival of India". http://iffi.nic.in/akalPdf/GoaScreeningSchedule.pdf আহৰণ কৰা হৈছে: 6 October 2012.
  4. "9th National Film Awards". International Film Festival of India. Archived from the original on 2 December 2016. https://web.archive.org/web/20161202115652/http://iffi.nic.in/Dff2011/Frm9thNFAAward.aspx আহৰণ কৰা হৈছে: 6 October 2012.
  5. 1 2 "9th National Film Award Catalogue". DIRECTORATE OF FILM FESTIVALS. https://www.dff.gov.in/images/Documents/105_9thNfacatalogue.pdf আহৰণ কৰা হৈছে: 11 September 2023.