সমললৈ যাওক

ভগিনী নিবেদিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভগিনী নিবেদিতা
Image of Sister Nivedita, sitting!
ভাৰতত ভগিনী নিবেদিনা
জন্ম মাৰ্গাৰেট এলিজাবেথ ন'বেল
২৮ অক্টোবৰ, ১৮৬৭
Dungannon, কাউণ্টি টাইৰন, উত্তৰ আয়াৰলেণ্ড, যুক্তৰাজ্য
মৃত্যু ১৩ অক্টোবৰ, ১৯১১ (৪৩ বছৰ)
দাৰ্জিলিং, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান পশ্চিম বংগ)
প্ৰভাৱ
প্ৰভাৱিত কৰিছে
  • ই. বি. হেভেল
  • অৰবিন্দ নাথ ঠাকুৰ
  • আনন্দ কুমাৰস্বামী
  • নন্দলাল বসু
  • অসিত কুমাৰ হালদাৰ
  • সুব্ৰমনিয়া ভাৰতী
ধৰ্ম হিন্দু (মৃত্যুৰ সময়ত)
কেথলিক (জন্মৰ সময়ত)

ভগিনী নিবেদিতা (ইংৰাজী: Sister Nibedita; জন্ম:এলিজাবেথ ন’বেল; ২৮ অক্টোবৰ ১৮৬৭ – ১৩ অক্টোবৰ ১৯১১) [1] [2] এগৰাকী আয়াৰলেণ্ড দেশীয় শিক্ষয়িত্ৰী, লেখিকা, সমাজ কৰ্মী, বিদ্যালয় প্ৰতিষ্ঠাপক আৰু স্বামী বিবেকানন্দৰ শিষ্যা আছিল। শৈশৱ আৰু যৌৱনৰ আৰম্ভণিৰ কালছোৱা আয়াৰলেণ্ডত কটায়। ৱেলছৰ এজন যুৱকলৈ তেওঁক বাগদান কৰা হৈছিল যদিও তেওঁলোকৰ বাগদানৰ কম সময়ৰ ভিতৰতে যুৱকজনৰ মৃত্যু হয়। [3]

১৮৯৫ চনত লণ্ডনত ভগ্নী নিবেদিতাই স্বামী বিবেকানন্দক লগ পায় আৰু ১৮৯৮ চনত ভাৰতৰ কলিকতালৈ যাত্ৰা কৰে। ১৮৯৮ চনৰ মাৰ্চৰ ২৫ তাৰিখে স্বামী বিবেকানন্দই তেওঁক ব্ৰহ্মচৰ্যত দিক্ষিত কৰি নিবেদিতা (অৰ্থাৎ "ঈশ্বৰৰ প্ৰতি উৎসৰ্গিত") নাম দিয়ে। ১৮৯৮ চনৰ নৱেম্বৰ মাহত ভগিনী নিবেদিতাই উত্তৰ কলিকতাৰ বাগবজাৰ অঞ্চলত ছোৱালী বিদ্যালয় খোলে। মৌলিক শিক্ষাৰ পৰা বঞ্চিত ছোৱালীখিনিক তেওঁ শিক্ষিত কৰিব বিচাৰিছিল। ১৮৯৯ চনত কলিকতাত প্লেগ মহামাৰীৰ সময়ত নিবেদিতাই দৰিদ্ৰ ৰোগীসকলক পৰিচৰ্যা আৰু যত্ন লৈছিল। নৱপ্ৰতিষ্ঠিত ৰামকৃষ্ণ মিছনৰ লগত নিবেদিতাৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। ভাৰতীয় জাতীয়তাবাদৰ ক্ষেত্ৰত তেওঁৰ সক্ৰিয় অৱদানৰ বাবেই তেতিয়াৰ সভাপতি স্বামী ব্ৰহ্মানন্দ পৰিচালিত ৰামকৃষ্ণ মিছনৰ কাৰ্যকলাপৰ পৰা ৰাজহুৱাভাৱে বিচ্ছিন্ন হ’বলগীয়া হয়। ভাৰতৰ শাসনভাৰৰ দায়িত্বত থকা ব্ৰিটিছ কৰ্তৃপক্ষৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তেওঁ এই কাম কৰিবলগীয়া হৈছিল। ৰামকৃষ্ণৰ পত্নী তথা ৰামকৃষ্ণ মিছনৰ আঁৰৰ অন্যতম প্ৰধান প্ৰভাৱশালী সাৰদা দেৱীৰ লগতে স্বামী বিবেকানন্দৰ সকলো ভাতৃ শিষ্যৰ সৈতেও তেওঁৰ অতি ঘনিষ্ঠ আছিল। ১৯১১ চনৰ ১৩ অক্টোবৰত দাৰ্জিলিঙত তেওঁৰ মৃত্যু হয়। তেওঁৰ এপিটাফত লিখা আছে, “ইয়াত ভগ্নী নিবেদিতা শুই আছে, যিয়ে ভাৰতক তেওঁৰ সকলোখিনি দিছিল”। [4]

বিবেকানন্দৰ সৈতে সাক্ষাৎ[সম্পাদনা কৰক]

১৮৯৫ চনৰ নৱেম্বৰ মাহত তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ পৰা লণ্ডন ভ্ৰমণ কৰিবলৈ অহা স্বামী বিবেকানন্দক লগ পায়। লণ্ডনত বিবেকানন্দ তিনিমাহ আছিল। [5] এটা ঠাণ্ডা দুপৰীয়া স্বামী বিবেকানন্দই লণ্ডনৰ এটা অভিজাত পৰিয়ালৰ বৈঠকখানাত বেদান্ত দৰ্শন বুজাই আছিল। মাৰ্গাৰেটৰ বন্ধু লেডী ইছাবেল মাৰ্জেছনে মাৰ্গাৰেটৰ ‘ৰাস্কিন স্কুল’ৰ শিক্ষক এবেনেইজাৰ কুকক এই বৈঠকলৈ আমন্ত্ৰণ জনাইছিল। মাৰ্গাৰেট কুকৰ লগত প্ৰবল কৌতুহল আৰু আগ্ৰহেৰে ইছাবেলৰ ঘৰলৈ আহিছিল। মাৰ্গাৰেটে জনা নাছিল যে আজি সন্ধিয়াই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'ব। [6]

মাৰ্গাৰেটে এই অনুষ্ঠানৰ অভিজ্ঞতা এনেকৈ বৰ্ণনা কৰিছে, “গেৰুৱা ৰঙৰ সাজ পিন্ধা আৰু কঁকালত ৰঙা টঙালি বন্ধা এজন মহিমামণ্ডিত ব্যক্তিয়ে এখন ভৰিৰ ওপৰত আনখন ভৰি থৈ মজিয়াত বহি আছিল। সমবেত ব্যক্তিসকলৰ সৈতে কথা পাতি থাকোঁতে তেওঁ গভীৰ, ধ্বনিময় কণ্ঠৰে সংস্কৃত পদ আবৃত্তি কৰিছিল।” মাৰ্গাৰেটে ইতিমধ্যে প্ৰাচ্যৰ জ্ঞানৰ জগতখনৰ গভীৰতালৈ সোমাই গৈছিল আৰু শুনা কথাখিনিত তেওঁৰ বাবে নতুনত্ব নাছিল, আছিল স্বামীজীৰ ব্যক্তিত্বহে। স্বামী বিবেকানন্দৰ আন কেইবাটাও বক্তৃতাত তেওঁ অংশগ্ৰহণ কৰে। তেওঁ বহুত প্ৰশ্ন কৰিছিল আৰু বিবেকানন্দৰ উত্তৰে তেওঁৰ সন্দেহ দূৰ কৰি বক্তাৰ প্ৰতি তেওঁৰ বিশ্বাস আৰু শ্ৰদ্ধা প্ৰতিষ্ঠা কৰিছিল।

ব্ৰহ্মচৰ্যত দীক্ষা[সম্পাদনা কৰক]

১৮৯৮ চনৰ ২৫ মাৰ্চত নীলাম্বৰ মুখাৰ্জী গাৰ্ডেনত [7] স্বামী বিবেকানন্দই মাৰ্গাৰেটক আনুষ্ঠানিকভাৱে ব্ৰহ্মচৰ্যৰ ব্ৰতত (আজীৱন অবিবাহিত হৈ থকাৰ সংকল্প) দীক্ষা দিয়ে আৰু তেওঁক “নিবেদিতা” নাম দিয়ে। [8] [9] স্বামী বিবেকানন্দই তেওঁক কয়, “যোৱা আৰু তেওঁৰ অনুসৰণ কৰা, যিজনে বুদ্ধৰ দৰ্শন লাভ কৰাৰ আগতে পাঁচশ বাৰ জন্ম লৈ আনৰ বাবে প্ৰাণ দিছিল।” [10]

সাৰদাৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

ভাৰতলৈ অহাৰ কেইদিনমানৰ ভিতৰতে ১৮৯৮ চনৰ ১৭ মাৰ্চত মাৰ্গাৰেটে ৰামকৃষ্ণৰ পত্নী আৰু আধ্যাত্মিক সংগী সাৰদা দেৱীক লগ পায়। সাৰদা দেৱীয়ে সকলো ভাষা-সাংস্কৃতিক বাধা অতিক্ৰম কৰি ‘খুকী’ বা ‘কণ ছোৱালী’ বুলি আকোঁৱালি লৈছিল। [11] ১৯১১ চনত তেওঁৰ মৃত্যুৰ আগলৈকে নিবেদিতা সাৰদা দেৱীৰ অন্যতম ঘনিষ্ঠ সহযোগী হৈ থাকিল। ১৮৯৮ চনৰ ১৩ নৱেম্বৰত পবিত্ৰ মাতৃ সাৰদা দেৱীয়ে নিবেদিতাৰ নতুনকৈ প্ৰতিষ্ঠা কৰা বিদ্যালয়খন মুকলি কৰিবলৈ আহিছিল। আশীৰ্বাদ দি সাৰদা দেৱীয়ে কৈছিল যে “মই প্ৰাৰ্থনা কৰোঁ যাতে বিদ্যালয় আৰু ছোৱালীৰ ওপৰত ঐশ্বৰিক মাতৃৰ আশীৰ্বাদ যাতে সৰ্বদাই বৰিষণ হয় আৰু বিদ্যালয়ৰ পৰা প্ৰশিক্ষণ লৈ ওলাই যোৱা ছোৱালীবোৰ যাতে আদৰ্শ নাৰী হ'ব পাৰে।” নিবেদিতাই আনন্দিত হৈছিল আৰু পিছত নিজৰ অনুভৱবোৰ লিপিবদ্ধ কৰিছিল যে "ভৱিষ্যতৰ শিক্ষিত হিন্দু নাৰীত্বৰ ওপৰত বৰিষণ হোৱা ইয়াতকৈ ডাঙৰ আশীৰ্বাদ মই কল্পনা কৰিব নোৱাৰো।" [12]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Constance Jones; James D. Ryan (2007). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 316–317. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC&pg=PA317. 
  2. "Hindus want national holiday on October 13 to mark Sister Nivedita's 100th death anniversary". Hindustan Times (Highbeam). Archived from the original on 29 March 2015. https://web.archive.org/web/20150329154630/http://www.highbeam.com/doc/1P3-2254149551.html. 
  3. Ananda Kentish Coomaraswamy; Whitall N. (INT) Perry (2011). The Wisdom of Ananda Coomaraswamy: Reflections on Indian Art, Life, and Religion. World Wisdom, Inc. পৃষ্ঠা. 129–. ISBN 978-1-935493-95-2. https://books.google.com/books?id=SXD_NsQycKYC&pg=PA129. 
  4. Compiled (2008). Awakening Indians to India (Paperback). Chinmaya Mission. পৃষ্ঠা. 370–. ISBN 978-81-7597-434-0. https://books.google.com/books?id=AIU4LzftaPAC&pg=PA370. [সংযোগবিহীন উৎস]
  5. "The Swami and the people he knew," Sister Nivedita
  6. Atmaprana, p. 1
  7. Hironmoy N. Mukherjee (2015) Swami Vivekananda's Spiritual Daughter: Sister Nivedita. Sri Ramakrishna Math Chennai. p. 19
  8. M. G. Chitkara (2001). Women & Social Transformation. APH Publishing. পৃষ্ঠা. 416–. ISBN 978-81-7648-251-6. https://books.google.com/books?id=1chAq-ETv7oC&pg=PA416. 
  9. Rolland, Romain (1965). The Life of Vivekananda and the Universal Gospel. Advaita Ashrama. পৃষ্ঠা. 77. ISBN 81-85301-01-8. https://archive.org/details/lifeofvivekanand00roll/page/77. 
  10. Atmaprana, p. 3
  11. Adhyatmasadhika Nivedita, by Pravrajika Gyanadaprana
  12. Nivedita of India, published by Ramakrishna Mission Institute of Culture

বাহ্যিক সংযোগ[সম্পাদনা কৰক]