ৰামকৃষ্ণ পৰমহংস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Ramakrishna
ৰামকৃষ্ণ পৰমহংস

দক্ষিনেশ্বৰত ৰামকৃষ্ণ পৰমহংস
জন্ম ফেব্ৰুৱাৰী ১৮, ১৮৩৬
প্ৰকৃত নাম গদাধৰ চট্টোপাধ্যায়
উপাধি/সন্মান পৰমহংস
গুৰু ভৈৰবী ব্ৰাহ্মণী, তোতাপুৰী, গোবিন্দ ৰায়
দৰ্শন অদ্বৈত বেদান্ত, ভক্তি

ৰামকৃষ্ণ পৰমহংস (এই শব্দটোৰ বিষয়ে Ramkṛiṣṇo Pôromôhongśo ) আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেঁওৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ । সেয়েহে তেঁওৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেঁও আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেঁও এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথো ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন।[উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম[সম্পাদনা কৰক]

ৰামকৃষ্ণ পৰমহংসদেৱৰ জন্ম হৈছিল ১৮৩৬ খ্ৰীষ্টাব্দত, পশ্চিমবংগৰ গাঁও কামাৰপুকুৰত । তেঁওৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায়[1] আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী । ৰামকৃষ্ণ পৰমহংসৰ সৰুকালৰ নাম আছিল গদাধৰ। তেঁওৰ শিশুসুলভ সৰলতা আৰু মন্ত্ৰমুগ্ধ হাঁহিয়ে সকলোকে মোহিত কৰিছিল ।

জীৱন[সম্পাদনা কৰক]

হিন্দু ধৰ্ম

হিন্দু ধৰ্মOhm.GIF

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্মHinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

১৮৫৫ চনত কলকাতাৰ এগৰাকী চহকী কৈৱৰ্ত সম্প্ৰদায়ৰ মহিলা ৰাণী ৰাসমণিয়ে নিৰ্মাণ কৰা দক্ষিণেশ্বৰ কালি মন্দিৰত ৰামকুমাৰে পূজাৰী হিচাপে যোগদান কৰিছিল৷[2] ৰামকৃষ্ণ আৰু তেওঁৰ ভতিজাক হৃদয় ৰামকুমাৰৰ সহকাৰী ৰূপে মুৰ্তি সজোৱাৰ কামত নিয়োজিত হৈছিল। ১৮৫৬ চনত ৰামকুমাৰৰ মৃত্যুৰ পিছত ৰামকৃষ্ণই মন্দিৰৰ পুৰোহিতৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।[3] কলকতাৰ এখন পাঠশালাৰ সঞ্চালক অগ্ৰজ ককায়েক ৰামকুমাৰ চট্টোপাধ্যায়ে ৰামকৃষ্ণ পৰমহংসক তেঁওৰ পাঠশালাত অধ্যাপনা কৰিবলৈ লৈ গৈছিল । কিন্তু বহু চেষ্টাৰ পিছতো অধ্যাপনা-অধ্যয়নত তেওঁৰ মন নবহাত কলিকতাৰে ওচৰৰ দক্ষিনেশ্বৰত থকা কালী মাতাৰ মন্দিৰত ককায়েকে তেওঁক পুৰোহিতৰ দায়িত্ব সঁপিলে । ৰামকৃষ্ণ পৰমহংস হৈ পৰিল কালীমাৰ পৰম ভক্ত । এনেদৰে ২০ বছৰ বয়সতে মাতাৰ কৃপাত তেওঁ লাভ কৰিলে পৰম দিব্য জ্ঞান ।

ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। ৰামকৃষ্ণদেৱে নিজস্ব অনুভূতিতে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰিছিল । আধ্যাত্মিক সত্য, প্ৰখৰ ভক্তি এইবোৰ আছিল তেওৰ পথ প্ৰদৰ্শক । তেঁও ভক্তসকলক মানৱতাৰ পাঠ পঢ়ুৱাইছিল । ওণ ৰামকৃষ্ণদেৱৰ শিষ্য নাগ মহাশয়দেৱে এদিন গংগাৰ পাৰত দুজন লোকে ৰামকৃষ্ণ পৰমহংসদেৱক গালি পাৰি কথা কৈ থকা শুনি ক্ৰোধিত হোৱাৰ পাছতো ঈশ্বৰক কৈছিল যে তেওঁলোকৰ মন ৰামকৃষ্ণৰ প্ৰতি ভক্তিৰে ভৰাই তোলা । সঁচা ভক্তিৰ ফলত সেই দুজন লোকে সন্ধিয়ালৈ একেলগে আহি ৰামকৃষ্ণদেৱৰ ভৰিত পৰি ক্ষমা খুজিছিল আৰু ৰামকৃষ্ণদেৱেও মানুহ দুজনক ক্ষমা কৰি দিছিল ।

জীৱনৰ বিয়লি বেলাত ৰামকৃষ্ণদেৱে সমাধিক্ষেত্ৰতে থাকিবলৈ ল'লে । শৰীৰৰ প্ৰতি মোহ লাহে লাহে কমি আহিল । স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবলৈ শিষ্যসকলে কৰা অনুৰোধত তেঁও মাথো হাঁহিবলৈ ধৰিলে । তেঁওৰ শিষ্যসকলে তেঁওক ঠাকুৰ নামেৰে মাতিছিল । ৰামকৃষ্ণ পৰমহংসৰ পৰমশিষ্য বিবেকানন্দই কিছুদিনৰ বাবে হিমালয়ত গৈ তপস্যা কৰিবলৈ বিচাৰিছিল । আজ্ঞা ল'বলৈ বিবেকানন্দই যেতিয়া ৰামকৃষ্ণদেৱৰ ওচৰলৈ গৈছিল, তেতিয়া ৰামকৃষ্ণদেৱে কৈছিল যে- চাৰিওফালে মানুহ ভোকাতুৰ, চাৰিওফালে মাথো অজ্ঞানৰ আন্ধাৰ । ইয়াত মানু্হে হাহাকাৰ কৰিব আৰু তেঁও হিমালয়ৰ কোনো গুহাৰ আনন্দত নিমগ্ন থাকিলে তেঁওৰ আত্মাই শান্তি নাপাব । ইয়াৰ পাছতে বিবেকানন্দই দৰিদ্ৰৰ সেৱাত নিমগ্ন হ'ল ।

ৰামকৃষ্ণ পৰমহংস আছিল মহান যোগী, মানৱ সেৱাক ঈশ্বৰপ্ৰশস্ত পথ বুলি মনতে থাপি লৈ সমাজ সেৱাত নিজ জীৱন উচৰ্গা কৰি অনৈকতাত একতাৰ সন্ধান কৰা এজন মহাপুৰুষ ।ং

মৃত্যু[সম্পাদনা কৰক]

তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।

আলোকচিত্ৰ[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. Smart, Ninian The World’s Religions (1998) p.409, Cambridge
  2. Sen 2006, p. 176
  3. Harding 1998, পৃষ্ঠা 251

তথ্যসূত্ৰ[সম্পাদনা কৰক]

অধিক তথ্য[সম্পাদনা কৰক]

  • Ananyananda, Swami (1981). Ramakrishna: a biography in pictures. Advaita Ashrama, Calcutta. ISBN 978-8185843971. 
  • Chetanananda, Swami (1990). Ramakrishna As We Saw Him. প্ৰকাশক St. Louis: Vedanta Society of St Louis. ISBN 978-0916356644. 
  • Hourihan, Paul (2002). Ramakrishna & Christ, the Supermystics: New Interpretations. Vedantic Shores Press. ISBN 1-931816-00-X. 
  • Olson, Carl (1990). The Mysterious Play of Kālī: An Interpretive Study of Rāmakrishna. American Academy of Religion (Scholars Press). ISBN 1-55540-339-5. 
  • Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5
  • Satyananda, Saraswati. Ramakrishna: The Nectar of Eternal Bliss. Devi Mandir Publications. ISBN 1-877795-66-6. 
  • Torwesten, Hans (1999). Ramakrishna and Christ, or, The paradox of the incarnation. The Ramakrishna Mission Institute of Culture. ISBN 978-8185843971. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]