জপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
প্ৰাৰ্থনাৰ মণি লৈ জপ কৰি থকা অৱস্থাত ভুটানৰ এগৰাকী মহিলা।

জপ (সংস্কৃত: जप) হৈছে ধ্যানৰত অৱস্থাত কৰা মন্ত্ৰ বা ঐশ্বৰিক নামৰ পুনৰাবৃত্তি। হিন্দু ধৰ্মৰ উপৰিও[1] জৈন ধৰ্ম,[2] শিখ ধৰ্ম,[3][4] আৰু বৌদ্ধ ধৰ্মত জপক এক প্ৰথা হিচাপে গণ্য কৰা হয়। [5]

ধ্যানৰ ভঙ্গীত বহি থাকোঁতে, আন কাম-কাজ কৰোঁতে,[6] বা বহুলোকৰ সমাৱেশত আনুষ্ঠানিক উপাসনাৰ অংশ হিচাপে জপ সম্পন্ন কৰিব পাৰি। জপ কৰোঁতাই মনৰ ভিতৰত অত্যন্ত নীৰৱে বা উচ্চস্বৰত মন্ত্ৰ আদি পাঠ বা আবৃত্তি কৰিব পাৰে। [7]

ব্যুৎপত্তি[সম্পাদনা কৰক]

সংস্কৃত শব্দ 'জপ'ৰ অৰ্থ হৈছে "নিম্ন স্বৰত উচ্চাৰণ কৰা, অভ্যন্তৰীণভাৱে পুনৰাবৃত্তি কৰা, বিড়বিড়াই থকা।" [8] ইয়াত 'জ্অ' অংশই জন্ম, মৃত্যু, আৰু পুনৰ্জন্মক ধ্বংস কৰা আৰু 'প্অ অংশই' পাপ ধ্বংস কৰাৰ অৰ্থ বহন কৰে। [9][10]

মনিয়াৰ-উইলিয়ামছৰ মতে এই শব্দটো বৈদিক সাহিত্য যেনে ঐতৰেয় ব্ৰাহ্মণ (ঋকবেদ) আৰু শতপথ ব্ৰাহ্মণ (যজুৰ্বেদ)ত উল্লেখ পোৱা যায়। [11] এই শব্দটোৰ অৰ্থ হৈছে শাস্ত্ৰ, বা মন্ত্ৰ, বা দেৱতাৰ নাম আদি মুখৰ ভিতৰত বিড়বিড়াই থকা, ফুচফুচাই থকা। [11] এইসমূহ প্ৰায়ে কোনো পদ বা মন্ত্ৰৰ পুনৰাবৃত্তি মূলক শ্লোক জাতীয় অংশ, কেতিয়াবা জপমালাৰ সহায়টো মণি গণনা কৰি জপ কৰা হয়। [11] জপৰ ধাৰণাটো প্ৰাৰম্ভিক বৌদ্ধ গ্ৰন্থতো পোৱা যায়, আৰু তিব্বতীয় বৌদ্ধ ধৰ্ম সাহিত্যত প্ৰায়ে ইয়াৰ উল্লেখ দেখা যায়। [12] ঋষি পতঞ্জলি (৪০০খ্ৰীষ্টাব্দ) অনুসৰি, জপকৰা মানে শব্দ বা পৰ্যায়ৰ পুনৰাবৃত্তি কৰা নুবুজাই, বৰঞ্চ মন্ত্ৰৰ অৰ্থৰ ওপৰত চিন্তা-চৰ্চা কৰাকহে বুজাই, [13][14][15]

লক্ষ্য[সম্পাদনা কৰক]

জপ কৰাৰ লক্ষ্য, বা উদ্দেশ্য অন্তৰ্ভুক্ত মন্ত্ৰ আৰু অনুশীলনকাৰীৰ ধৰ্মীয় দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণে পৰিৱৰ্তন হ'ব পাৰে। বৌদ্ধ আৰু হিন্দু দুয়োটা পৰম্পৰাতে দীক্ষা লোৱাৰ পিছত গুৰুৰ দ্বাৰা প্ৰত্যাশীসকলক মন্ত্ৰ প্ৰদান কৰা হয়। এই লক্ষ্যসমূহ হ'ব পাৰে মোক্ষ, নিৰ্বাণ, ভক্তি, বা প্ৰাৰ্থনাৰ দৰে এক ঐশ্বৰিক শক্তিৰ সৈতে সৰল ব্যক্তিগত মিলন। বিভিন্ন গুৰু আৰু অন্যান্য আধ্যাত্মিক শিক্ষক, আৰু অন্যান্য ধৰ্মীয় নেতা, বিশেষকৈ হিন্দু আৰু বৌদ্ধ সকলৰ মতে এইসমূহে একে পৰিৱৰ্তিত চেতনাৰ অৱস্থাৰ বাবে বিভিন্ন নাম প্ৰতিনিধিত্ব কৰে। অৱশ্যে, এই দাবীয়ে কোনো নিৰ্দিষ্ট মন্ত্ৰৰ দ্বাৰা আধ্যাত্মিক বিকাশ আৰু আত্ম-উপলব্ধিৰ বাবে জপ কৰা নুবুজায়। [lower-alpha 1]

ঐশ্বৰিক শক্তিৰ সৈতে আত্ম-উপলব্ধি বা ঘনিষ্ঠতা বৃদ্ধি কৰাৰ উদ্দেশ্যে কৰা মন্ত্ৰ এটা দীঘলীয়া কৈ জপ কৰাৰ পিছত এজন ব্যক্তি অজপ জপ অৱস্থাত উপনীত হ'ব পাৰে। 'পুনৰাবৃত্তিহীন পুনৰাবৃত্তি', য'ত মন্ত্ৰটোৱে মনত "নিজকে পুনৰাবৃত্তি" কৰে। [7] আন মুখ্য ধৰ্ম্মপৰম্পৰাৰ অনুসৰণকাৰীসকলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত প্ৰাৰ্থনা কৰিও একে এক অৱস্থাত উপনীত হ'ব পাৰে।

অন্যান্য পৰম্পৰাত[সম্পাদনা কৰক]

কিছুমান কেথলিক প্ৰাৰ্থনাৰ য'ত জপ কৰাৰ দৰে প্ৰাৰ্থনাৰ শব্দ, বাক্য বা পংক্তিৰ পুনৰাবৃত্তি অন্তৰ্ভুক্ত হৈ থাকে (যেনেঃ ৰোজাৰী বা বিভিন্ন চেপলেট)। এই প্ৰাৰ্থনা জপৰ দৰে একে যদিও প্ৰথাবোৰ একে নহয় কিয়নো তেওঁলোকৰ লক্ষ্য-উদ্দেশ্যপৃথক। খ্ৰীষ্টান পৰম্পৰাত জপৰ দৰে বাৰে বাৰে আওৰাই থকা চমু প্ৰাৰ্থনাৰ মানসিক পদ্ধতি ব্যৱহাৰ কৰা হয়, বিশেষকৈ ইষ্টাৰ্ণ অৰ্থডক্স গীৰ্জাত প্ৰচলিত যীচুৰ প্ৰাৰ্থনাৰ পুনৰাবৃত্তি কৰাৰ প্ৰথা। [16][17] চুফীসকলৰ মাজতো জপ কৰাৰ দৰে জিকিৰ গোৱা প্ৰথা প্ৰচলিত। দুটা মুখ্য শিখ শাস্ত্ৰ শাখাৰ নামৰ আগতো এই জপ শব্দটোৰ ব্যৱহাৰ হয় যেনেঃ জপজি চাহিব আৰু জাপ চাহিব[18]

টোকা[সম্পাদনা কৰক]

  1. উদাহৰণ স্বৰূপে, যেতিয়া কোনো যাদু বা যাদুবিদ্যাৰ পৰিপ্ৰেক্ষিতত ব্যৱহাৰৰ কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Beck (1995), পৃষ্ঠা. 92-23, 132-134.
  2. Chapple (2015), পৃষ্ঠা. 311-312.
  3. Deol (1998), পৃষ্ঠা. 11.
  4. Kohli (1993), পৃষ্ঠা. 33-34.
  5. Dasgupta & Dasgupta (1958), পৃষ্ঠা. 167-168.
  6. SSRF (n.d.).
  7. 7.0 7.1 Easwaran (2008).
  8. Apte (1890), পৃষ্ঠা. 447.
  9. Ashley (2006), পৃষ্ঠা. 11.
  10. Keshavadas (1990), পৃষ্ঠা. 16.
  11. 11.0 11.1 11.2 Monier-Williams (2005), পৃষ্ঠা. 412.
  12. Padoux (2011), পৃষ্ঠা. 31-53.
  13. Saraswati (1986).
  14. Padoux (2011), পৃষ্ঠা. 32.
  15. Raghavan (2011), পৃষ্ঠা. 43.
  16. Oman & Driskill (2003), পৃষ্ঠা. 5-19.
  17. Sjögren (1996).
  18. Singha (2009), পৃষ্ঠা. 110.

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]