সমললৈ যাওক

চাৰ্বাক দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চাৰ্বাকৰ পৰা পুনঃনিৰ্দেশিত)
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

চাৰ্বাক দৰ্শন (সংস্কৃত: चार्वाक) হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।

প্ৰায়বােৰ ভাৰতীয় দৰ্শনে আধ্যাত্মবাদী চিন্তাৰ ওপৰত গুৰুত্ব দিয়ে যদিও চাৰ্বাক ইয়াৰ ব্যতিক্ৰম। চাৰ্বাকসকলৰ মতে অচেতন জড় পদাৰ্থই একমাত্ৰ সত্তা। জগতৰ সকলাে জড়ৰ পৰা উদ্ভৱ হৈছে। প্ৰাণ, মন সকলাে জড় সম্ভূত। চাৰ্বাকে আত্মা, ঈশ্বৰ আদিকো বিশ্বাস নকৰে। স্বৰ্গ, অপবৰ্গ বা মুক্তি, পাৰলৌকিক ফলভােগ, বৰ্ণ বিভাজন বুলিও একো নাই।

চাৰ্বাক দৰ্শনৰ কোনাে প্ৰামাণিক গ্ৰন্থ অদ্যাপি পােৱা নাই যদিও ৰামায়ণ, মহাভাৰত মহাকাব্য তথা বৌদ্ধ সাহিত্যৰ ঠায়ে ঠায়ে চাৰ্বাক মতবাদৰ উল্লেখ আছে। এই দিশৰ পৰা চাৰ্বাক দৰ্শন অতি প্ৰাচীন বুলি গণ্য কৰিব পাৰি। অন্যান্য ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহে চাৰ্বাকসকলৰ মত খণ্ডন কৰিবলৈ আগবঢ়োৱা ব্যাখ্যাৰ প্ৰতি লক্ষ্য ৰাখিও ইয়াৰ প্ৰাচীনত্ব স্বীকাৰ কৰিব পাৰি।

চাৰ্বাক দৰ্শন প্ৰতিষ্ঠাতা কোন সেই কথাও স্পষ্টভাবে জনা নাযায়। বহুতৰ মতে পুৰণিকালত চাৰ্বাক নামৰ এজন ঋষি আছিল আৰু তেওঁৱেই এই দৰ্শনৰ প্ৰতিষ্ঠাতা। এচাম পণ্ডিতৰ মতে 'লােক'ৰ পুত্ৰ বৃহস্পতি হ'ল এই দৰ্শনৰ প্ৰতিষ্ঠাতা।

চাৰ্বাক শব্দৰ অৰ্থকলৈয়াে মতভেদ আছে। কোনাে কোনােৰ মতে 'চৰ্ব' ধাতুৰ পৰা 'চাৰ্বাক' শব্দৰ উৎপত্তি হৈছে। চৰ্ব ধাতুৰ অৰ্থ হৈছে চোবােৱা বা খােৱা। চাৰ্বাক দৰ্শনে খােৱা - বােৱাক জীৱনৰ লক্ষ্য হিচাপে বিবেচনা কৰাৰ হেতু এই নাম হ'ব পাৰে বুলি তেওঁলােকে মত প্ৰকাশ কৰিছে। আনহাতে আন বহুতৰ মতে 'চাৰু' আৰু 'বাক' শব্দ দুটাৰ পৰা চাৰ্বাক শব্দটো আহিছে। 'চাৰু' শব্দৰ অৰ্থ হৈছে মধুৰ আৰু 'বাক' শব্দৰ অৰ্থ কথা। সাধাৰণ মানুহৰ মন ভাল লগাব পৰা সুমধুৰ বাক্য বা কথা ব্যৱহাৰ কৰাৰ হেতু এওঁলােকক চাৰ্বাক বােলা হয় বুলি ভবা হৈছে।

সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় হােৱাৰ বাবে এই দৰ্শনক লােকায়ত বােলা হয়। অৱশ্যে এইলৈয়ে মতভেদ আছে। বহুতৰ মতে চাৰ্বাকসকলে ইহলােককহে বিশ্বাস কৰে, পৰলােকক নকৰে। সেয়েহে তেওঁলােকৰ মতবাদক লােকায়ত বােলা হয়।

চাৰ্বাক দৰ্শনৰ মতে প্ৰত্যক্ষই হৈছে যথাৰ্থ জ্ঞানৰ একমাত্ৰ উপায়। চাৰ্বাকসকলে অনুমান আৰু শব্দক প্ৰমাণ বুলি বিশ্বাস নকৰে।

এওঁলােকৰ মতে মাটি, পানী, বায়ু আৰু জুই - ইন্দ্ৰিয়গ্ৰাহ্য এই চাৰি উপাদানৰ দ্বাৰা জগতৰ সকলাে উদ্ভৱ হৈছে। চাৰ্বাকসকলে আত্মাৰ অস্তিত্বক বিশ্বাস নকৰে। কাৰণ ইয়াক দেখা পােৱা নাযায়। চেতন্য বিশিষ্ট দেহেই আত্মা। মানুহৰ বৰ্তমান জীৱনেই একমাত্ৰ জীৱন। মৃত্যুতেই জীৱনৰ শেষ। পৰজন্ম বুলি একোৰে অস্তিত্ব চাৰ্বাকসকলে বিশ্বাস নকৰে। গতিকে মৃত্যুৰ পাছত মানুহে তেওঁ কৰা কামৰ ফলভােগ কৰিব লাগিব বুলি ভবাটো অৰ্থহীন। যিহেতু চৈতন্যবিশিষ্ট দেহেই আত্মা, সেয়েহে মৃত্যুত দেহাৱসানৰ লগে লগে জীৱনৰ সকলােবােৰৰ চিৰ সমাপ্তি ঘটে।

চাৰ্বাকসকলে নৈতিকতাৰ ক্ষেত্ৰত সুখবাদ বিশ্বাস কৰে। সুখবাদ অনুসৰি সুখেই জীৱনৰ পৰম শ্ৰেয়। ব্যক্তিগত সুখৰ ওপৰত গুৰুত্ব দিয়ে বাবে চাৰ্বাকসকলৰ মতবাদ আত্মসুখবাদী বা স্বসুখবাদী। যি সুখবাদে ব্যক্তিয়ে কেৱল নিজৰ কাৰণে সুখ বিচৰা উচিত বুলি বিবেচনা কৰে। সেই মতবাদেই হৈছে স্বসুখবাদ। চাৰ্বাকে সুখৰ কোনাে গুণগত পাৰ্থক্য স্বীকাৰ নকৰে, পৰিমাণগত পাৰ্থক্যহে মানি লয়। সুখ যিমানেই তীব্ৰ, যিমানেই প্ৰখৰ, যিমানেই স্থায়ী সেই সুখ সিমানেই বেছি আদৰণীয় আৰু কাম্য। ইন্দ্ৰিয়জ সুখ আধ্যাত্মিক বা মানসিক সুখতকৈ অধিক তীব্ৰ, প্ৰখৰ আৰু স্থায়ী বুলি গণ্য কৰা চাৰ্বাকসকলে ইন্দ্ৰিয়সুখকেই চৰম সুখবুলি মানে। সেইবাবে চাৰ্বাক নীতিতত্ত্বক অমাৰ্জিত বা স্থল স্বসুখবাদ বােলা হয়। চাৰ্বাক নীতিতত্ত্বৰ প্ৰাচীন গ্ৰীক দাৰ্শনিক এৰিষ্টিপাছৰ সুখবাদৰ লগত সামঞ্জস্য আছে।

সুখ আৰু দুখ প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰি চাৰ্বাকসকলে কৰ্মৰ ভাল - বেয়া বিচাৰ কৰিছে। সুখ প্ৰদান কৰা কৰ্মই হৈছে ভাল কৰ্ম আৰু দুখ দিয়া কৰ্মই বেয়া কৰ্ম। এক সুখী জীৱনেই হৈছে আদৰ্শ নৈতিক জীৱন। এই পৃথিৱীৰ পাৰ্থিব বস্তুবোৰ যিমান পৰা যায় উপভোগ কৰাতে মানৱ জীৱনৰ সাৰ্থকতা নিৰ্ভৰ কৰে।

তথ্য-সূত্ৰ

[সম্পাদনা কৰক]
  • নীতিশাস্ত্ৰ-প্ৰাচ্য আৰু পাশ্চাত্য -শৈলেন বৰকাকতি, থগেন্দ্ৰ চুতীয়া