যজ্ঞ
![]() | এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
![]() |
যজ্ঞ (সংস্কৃত: यज्ञ, আক্ষৰিক অৰ্থ: 'বলিদান, ভক্তি, পূজা, প্ৰসাদ') শব্দই হিন্দু ধৰ্মত পবিত্ৰ অগ্নিৰ সন্মুখত সচৰাচৰ মন্ত্ৰৰ সৈতে কৰা যিকোনো আচাৰ-অনুষ্ঠানক বুজায়।[1] যজ্ঞ বৈদিক পৰম্পৰা হৈ আহিছে, ব্ৰাহ্মণ নামৰ বৈদিক সাহিত্যৰ ব্ৰাহ্মণসমূহৰ লগতে যজুৰ্বেদতো বৈদিক পৰম্পৰা হিচাপে ইয়াৰ বৰ্ণনা কৰা হৈছে।[2] পবিত্ৰ অগ্নিত আহুতি আৰু তৰ্পণ প্ৰদানৰ পৰা অগ্নিৰ উপস্থিতিত প্ৰতীকী আহুতিলৈ এই পৰম্পৰাৰ বিৱৰ্তন ঘটিছে।[1]
যজ্ঞ-কাণ্ড-সম্পৰ্কীয় সাহিত্যসমূহক বৈদিক উপনিষদত থকা জ্ঞান-কাণ্ড অংশৰ বিপৰীতে বৈদিক সাহিত্যৰ কৰ্মকাণ্ড (আচাৰ-অনুষ্ঠান) অংশ বুলি কোৱা হৈছে। যজ্ঞসদৃশ আচাৰ-অনুষ্ঠানসমূহ সঠিকভাৱে সম্পূৰ্ণ কৰাটো হিন্দু দৰ্শনৰ মীমাংসা শিক্ষাৰ কেন্দ্ৰবিন্দু আছিল।[3] হিন্দুৰ বিবাহৰ দৰে ৰীতি-নীতিত যজ্ঞই কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।[4] আধুনিক কালৰ প্ৰধান হিন্দু মন্দিৰ, হিন্দু সম্প্ৰদায়ৰ উদ্থযাপন, বা মঠৰ দীক্ষাত বৈদিক যজ্ঞ অনুষ্ঠানো অন্তৰ্ভুক্ত হ'ব পাৰে।
ব্যুৎপত্তি[সম্পাদনা কৰক]
যজ্ঞ শব্দৰ সংস্কৃত মূল হৈছে যজত যাৰ অৰ্থ হৈছে 'পূজা কৰা, আৰাধনা কৰা, সন্মান কৰা, শ্ৰদ্ধা কৰা' আৰু ইয়াক খ্ৰীষ্টপূৰ্ব ২য় সহস্ৰাব্দত ৰচিত প্ৰাচীন বৈদিক সাহিত্যত পোৱা যায়।[5][6] ঋগ্বেদ, যজুৰ্বেদ (উক্ত শব্দৰ পৰা উদ্ভুত) আৰু অন্যান্য সাহিত্যত ইয়াৰ অৰ্থ হৈছে "পূজা, যিকোনো বস্তুৰ প্ৰতি ভক্তি, প্ৰাৰ্থনা আৰু প্ৰশংসা, পূজা বা ভক্তিৰ কাৰ্য্য, নৈবেদ্য বা উছৰ্গাৰ এটা ৰূপ, আৰু বলিদান"।[5] বৈদিক কালৰ পিছৰ সাহিত্যত এই শব্দটোৱে প্ৰকৃত বা প্ৰতীকী আহুতি বা প্ৰযত্নৰে যিকোনো ধৰণৰ ৰীতি-নীতি, অনুষ্ঠান বা ভক্তিক বুজায়।[5]
যজ্ঞ পবিত্ৰ অগ্নিৰ উপস্থিতি বা অনুপস্থিতিত, কেতিয়াবা ভোজ-ভাত আৰু সামূহিক অনুষ্ঠানৰ সৈতে বৃহৎ আনুষ্ঠানিক ভক্তি-আচৰণ আছিল। কোনো কোনো পণ্ডিতৰ মতে ইয়াত দেৱতাসকলৰ পূজা (দেৱপূজন), ঐক্য (সংগতিকৰণ) আৰু দানৰ ত্ৰিগুণ অৰ্থ নিহিত হৈ আছে।[7]
সংস্কৃত শব্দটোৰ সৈতে পাৰ্ছী ধৰ্মৰ (য'ৰ'এষ্ট্ৰিনিয়েজম) আৱেষ্টন ভাষাৰ শব্দ যস্নৰ সম্পৰ্ক আছে। কিন্তু বৈদিক যজ্ঞৰ বিপৰীতে যস্ন হৈছে এটা নিৰ্দিষ্ট ধৰ্মীয় সেৱাৰ নামহে। ই যজ্ঞৰ দৰে এক শ্ৰেণীৰ ৰীতি-নীতি নহয়, আৰু ইয়াৰ সৈতে অগ্নিৰ সলনি পানীৰ সম্পৰ্ক আছে।[8][9] সংস্কৃত শব্দটো প্ৰত্ন-ভাৰত-ইউৰোপীয় মূল *Hyeh2ǵ-ৰ ("পূজা কৰা") পৰা উদ্ভৱ প্ৰাচীন গ্ৰীক শব্দ ἅζομαι (হাজোমাই) অৰ্থাৎ "শ্ৰদ্ধা কৰা"ৰ সৈতে আৰু অধিক সম্পৰ্কিত।
ইতিহাস[সম্পাদনা কৰক]
বৈদিক যুগৰ পৰাই যজ্ঞ কোনো ব্যক্তিগত বা সামাজিক ৰীতি-নীতিৰ অংশ হৈ আহিছে। যেতিয়া বিধিগতভাৱে দেৱতা আৰু দেৱতাৰ বাৰ্তাবাহক হিচাপে ঐশ্বৰিক অগ্নিক এক যজ্ঞত নিয়োজিত কৰা হৈছিল তেতিয়াই মন্ত্ৰ জপ কৰা হৈছিল।[6] স্তৱক-গীত আৰু অগ্নিত অৰ্পণ কৰা আহুতিসমূহ বৈদিক দেৱতাসকলৰ প্ৰতি আতিথ্যৰ এক প্ৰকাৰ আছিল। প্ৰসাদসমূহ অগ্নিয়ে দেৱতাসকলৰ ওচৰলৈ লৈ যায় বুলি বিশ্বাস কৰা হৈছিলঅ। বিনিময়ত দেৱতাসকলে বৰ আৰু আশীৰ্বাদ প্ৰদান কৰে বুলি আশা কৰা হৈছিল আৰু এইদৰে এই অনুষ্ঠানে দেৱতা আৰু মানুহৰ মাজত আধ্যাত্মিক আদান-প্ৰদানৰ মাধ্যম হিচাপে কাম কৰিছিল।[6][10] বৈদিক সাহিত্যৰ লগত জড়িত বেদাঙ্গসমূহে যজ্ঞৰ সংজ্ঞা নিম্নলিখিতভাৱে দিছে,
এক বৈদিক যজ্ঞৰ সংজ্ঞা'যজ্ঞ, বলিদান, এনে এক কাৰ্য্য যাৰ দ্বাৰা আমি দেৱতাৰ কাৰণে কিবা এটা আত্মসমৰ্পণ কৰোঁ। এনে কাৰ্য্য এটা পবিত্ৰ কৰ্তৃত্বৰ (আগম) ওপৰত নিৰ্ভৰ কৰিব লাগিব, আৰু মানুহৰ পৰিত্ৰাণৰ (শ্ৰেয়ৰ্থ) বাবে হ'ব লাগিব। উপহাৰৰ প্ৰকৃতিৰ গুৰুত্ব কম। ই হ’ব পাৰে পিঠা (পুৰোদাশ), দালি (কাৰু), মিশ্ৰিত গাখীৰ (সান্নায়), কোনো প্ৰাণী (পশু), সোম-গছৰ ৰস (সোম) ইত্যাদি; নহ'লে, মাখন, আটা আৰু গাখীৰৰ ক্ষুদ্ৰতম নৈবেদ্যই বলিদানৰ উদ্দেশ্যে পূৰ কৰিব পাৰে।
— আপস্তম্ব যজ্ঞ পৰিভাষ-সূত্ৰ ১.১, অনুবাদক: এম ধৱমনি[11][12]
কোনো কোনো পণ্ডিতে কয় যে উপনিষদৰ সময়ত বা খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ পিছত যজ্ঞ শব্দটোৰ অৰ্থ পুৰোহিতসকলে জুইৰ চাৰিওফালে কৰা "আচাৰভিত্তিক বলিদান"ৰ পৰা কোনো "ব্যক্তিগত মনোভাৱ আৰু কৰ্ম বা জ্ঞান"লৈ বিকশিত হৈছিল যাৰ বাবে ভক্তি আৰু সমৰ্পণৰ প্ৰয়োজন হৈছিল।[6] আটাইতকৈ পুৰণি বৈদিক উপনিষদসমূহ, যেনে চান্দোগ্য উপনিষদৰ (~৭০০ খ্ৰীষ্টপূৰ্ব) অষ্টম অধ্যায়ত[13] কোৱা হৈছে,
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव
तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं
विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव
तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते॥ १॥
যিটোক সাধাৰণতে যজ্ঞ বুলি কোৱা হয়, সেয়া প্ৰকৃততে পবিত্ৰ জ্ঞানৰ ছাত্ৰৰ সদাচাৰী জীৱন,
কাৰণ এজন ছাত্ৰৰ সদাচাৰী জীৱনৰ দ্বাৰাহে যিজন জ্ঞানী তেওঁ তাক প্ৰাপ্ত কৰে,
যিটোক সাধাৰণতে ইস্তম (বলিদান) বুলি কোৱা হয়, সেয়া প্ৰকৃততে পবিত্ৰ জ্ঞানৰ ছাত্ৰজনৰ সদাচাৰী জীৱন,
কাৰণ ছাত্ৰৰ সদাচাৰী জীৱনেৰে অনুসন্ধান কৰিহে আত্মন (আত্মা, স্ব) পোৱা যায় || ১ ||
—চান্দোগ্য উপনিষদ ৮.৫.১ [13][14]
পুৰোহিত[সম্পাদনা কৰক]
আহুতি আৰু ধৰণ[সম্পাদনা কৰক]
প্ৰকাৰ[সম্পাদনা কৰক]
প্ৰক্ৰিয়া[সম্পাদনা কৰক]
বিবাহৰ সময়ত[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 SG Nigal (1986), Axiological Approach to the Vedas, Northern Book, আই.এচ.বি.এন. 978-8185119182, pages 80–81
- ↑ Laurie Patton (2005), The Hindu World (Editors: Sushil Mittal, Gene Thursby), Routledge, আই.এচ.বি.এন. 978-0415772273, pages 38-39
- ↑ Randall Collins (1998), The Sociology of Philosophies, Harvard University Press, আই.এচ.বি.এন. 978-0674001879, page 248
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;rjb1969
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ 5.0 5.1 5.2 Monier Monier-Williams, Sanskrit English Dictionary, Oxford University Press, আই.এচ.বি.এন. 978-8120831056 (Reprinted in 2011), pages 839-840
- ↑ 6.0 6.1 6.2 6.3 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;sikora86
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Nigal, p. 81.
- ↑ Drower, 1944:78
- ↑ Boyce, 1975:147-191
- ↑ "Give and take spirit" (en-IN ভাষাত). The Hindu. 2019-05-31. ISSN 0971-751X. https://www.thehindu.com/society/faith/give-and-take-spirit/article27393857.ece.
- ↑ M Dhavamony (1974). Hindu Worship: Sacrifices and Sacraments. Studia Missionalia. 23. Gregorian Press, Universita Gregoriana, Roma. পৃষ্ঠা. 107–108. https://books.google.com/books?id=kwLaO91rsu0C.
- ↑ Jan Gonda (1980). Handbuch Der Orientalistik: Indien. Zweite Abteilung. BRILL Academic. পৃষ্ঠা. 345–346. ISBN 978-90-04-06210-8. https://books.google.com/books?id=7UBxYpXWP30C.
- ↑ 13.0 13.1 Robert Hume, Chandogya Upanishad 8.5.1, Oxford University Press, page 266
- ↑ Jack Sikora (2002), Religions of India, iUniverse, আই.এচ.বি.এন. 978-0595247127, page 87
গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]
- Agrawala, Vasudeva Sharana. India as known to Pāṇini: a study of the cultural material in the Ashṭādhyāyī. Prithvi Prakashan, 1963.
- Dallapiccola Anna. Dictionary of Hindu Lore and Legend.......আই.এচ.বি.এন. 0-500-51088-1.
- Gyanshruti; Srividyananda. Yajna A Comprehensive Survey. Yoga Publications Trust, Munger, Bihar, India; 1st edition (December 1, 2006). আই.এচ.বি.এন. 8186336478.
- Krishnananda (Swami). A Short History of Religious and Philosophic Thought in India. Divine Life Society, Rishikesh.
- Nigal, S.G. Axiological Approach to the Vedas. Northern Book Centre, 1986. আই.এচ.বি.এন. 81-85119-18-X.
- Prasoon, (Prof.) Shrikant. Indian Scriptures. Pustak Mahal (August 11, 2010). আই.এচ.বি.এন. 978-81-223-1007-8.
- Vedananda (Swami). Aum Hindutvam: (daily Religious Rites of the Hindus). Motilal Banarsidass, 1993. আই.এচ.বি.এন. 81-20810-81-3.