বিশ্ব সিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিশুৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
বিশ্ব সিংহ
ৰাজত্ব ১৫১৫-১৫৪০
অভিষেক ১৫১৫
পূৰ্বসূৰী নাই
উত্তৰসূৰী নৰনাৰায়ণ
পিতৃ হাড়িয়া মণ্ডল

বিশ্ব সিংহ (১৫১৫-১৫৪০) কমতা ৰাজ্য শাসন কৰা কোচ ৰাজবংশৰ আদি ৰজা। তেওঁ কোচ বংশীয় আছিল।[1] কোচসকলৰ শাসক হাজোৰ নাতি আৰু হাড়িয়া মণ্ডলৰ নাতি বিশ্ব সিংহ‌ই বাৰ ভূঞাসকলৰ বিৰুদ্ধে কেইবাটাও জনগোষ্ঠীক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ অৱশেষ এতিয়াও আছে।

কোচ ৰাজবংশৰ আৰম্ভণি[সম্পাদনা কৰক]

১২শ শতিকাত কামৰূপ ৰাজ্যৰ ভাঙোনৰ পাছত স্থানীয় শাসক আৰু জমিদাৰসকলে সৰু সৰু ৰাজ্য ভগাই লয়। একবাৰে পূবত চুতীয়া, আহোম আৰু কছাৰী ৰাজ্য ঠন ধৰি উঠে।[2] পশ্চিম দিশে পূবৰ ৰাজ্যসমূহ আৰু কমতা ৰাজ্যৰ মাজত অংশত বাৰভূঞাসকলে থিতাপি লৈছিল। ১৪৯৮ চনত গৌড়ৰ ৰজা আলাউদ্দিন হুছেইন শ্বাহে কমতাৰ ৰজা নীলাম্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। কমতা অধিকাৰ কৰি তেওঁ পুতেক ডানিয়ালক চমজাই যায়। পাছত বাৰভূঞাসকলে হাৰূপ নাৰায়ণৰ নেতৃত্বত ডানিয়ালক পৰাস্ত কৰে। আক্ৰমণকাৰীসকলক ঘূৰাই পঠিয়ালেও বাৰভূঞাসকলে এখন ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহ'ল আৰু আগৰ দৰেই সৰু সৰু অঞ্চলত শাসন চলাই যায়। পাছৰ কালৰ বিশ্ব সিংহ‌ই কমতা অঞ্চলৰ আন জনগোষ্ঠীসমূহ একত্ৰিত কৰি ৰাজ্য স্থাপন কৰিবলৈ সমৰ্থ হয়।

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

বিশ্ব সিংহৰ দেউতাকৰ নাম হাড়িয়া মণ্ডল বা হাৰিয়া মেছ। তেওঁ কোচ নেতা কোচ হাজোৰ দুজনী জীয়েক হীৰা আৰু জীৰাক বিয়া পাতিছিল। হীৰাৰ ঔৰসতে বিশু বা বিশ্ব সিংহৰ জন্ম হয়। বিশুৱে খুব সম্ভৱ ডানিয়ালৰ বিৰুদ্ধে ভূঞাসকলৰ যুঁজত অংশ লৈছিল। [3]

ভূঞাসকলৰ লগত যুঁজ[সম্পাদনা কৰক]

১৫০৯ চন মানত বিশুৱে জনজাতীয় নেতাসকলক একগোট কৰাৰ অভিযান আৰম্ভ কৰিলে।[4] দৰং, কৰাইবাৰী, আতিয়াবাৰী, কমতাবাৰী, বলৰামপুৰ আদি কেইখনমান জনজাতীয় অঞ্চলে তেওঁৰ লগত জোট হ'ল।[5] এই অভিযানত তেওঁ ঔগুৰিৰ কুসুম ভূঞা, দীঘলা ভূঞা, কলিয়া ভূঞা, ঝাৰগাঁৱৰ কবিলাস ভূঞা, কৰ্ণপুৰ, ফুলগুৰি, বিজনী আৰু শেষত পাণ্ডুনাথৰ (গুৱাহাটীৰ পাণ্ডু) ভূঞাক পৰাস্ত কৰিছিল। কৰ্ণপুৰৰ ভূঞাৰ বিৰুদ্ধে অভিযান অতি কঠিন সাব্যস্ত হৈছিল।[6] এই অভিযানে বান্দুকা আৰু সজলাগ্ৰামৰ দৰে ঠাইৰ ভূঞাসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল।

কমতাপুৰত[সম্পাদনা কৰক]

ভূঞাসকলক পৰাস্ত কৰি বিশুৱে তেওঁৰ কৰ্মস্থলী চিকণাৰ পৰা কমতাপুৰলৈ (বৰ্তমানৰ কোচবিহাৰ নগৰৰ কেইমাইলমান দক্ষিণ-পূবে) তুলি নিলে আৰু নিজকে কমতা ৰাজ্যৰ শাসক বুলি ঘোষণা কৰিলে। তেওঁ বিশ্ব সিংহ বুলি হিন্দু নাম গ্ৰহণ কৰে। এইদৰে ১৫১৫ চনত কমতাৰ কোচ ৰাজবংশৰ সূত্ৰপাত হয়।[7] তেওঁ ভায়েক শিশুক (শিষ্য সিংহ) যুৱৰাজ ঘোষণা কৰে। পাছলৈ শিশুৰ সতি-সন্ততি জলপাইগুৰিৰ ৰাইকূট ৰজা হয়। ভূঞাৰ বিৰুদ্ধে অভিযানত সহায় কৰা জনজাতীয় নেতাসমূহৰ মাজৰ পৰা তেওঁ কাৰ্জি নামৰ বাৰজন মন্ত্ৰীৰ পদৰ সৃষ্টি কৰিলে। ইয়াৰে দুজন কাৰ্জি আৰু যুৱৰাজ মিলি মন্ত্ৰীসভা গঠন কৰে। সেনাবাহিনীৰ নায়ক হিচাপে সেনাপতি পদৰ সৃষ্টি কৰা হ'ল। এটা লোকপিয়লৰ পাছত তেওঁ প্ৰজাৰ সুনিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদবীৰ সৃষ্টি কৰিলে। সুস্থ-সবল পুৰুষসকলক পাইক বোলা হৈছিল, তাৰ ওপৰত আছিল ঠাকুৰীয়া (২০ জন পাইকৰ ওপৰত), শইকীয়া (১০০ জন পাইকৰ ওপৰত), হাজাৰী (১০০০ জন পাইকৰ ওপৰত), ওমৰা (৩০০০ জন পাইকৰ ওপৰত) আৰু নৱাব (৬৬,০০০ জন পাইকৰ ওপৰত)।[8]

জনজাতীয় লোকসকলক কাৰ্জি হিচাপে নিযুক্ত কৰি বিশ্ব সিংহ‌ই তেওঁলোকৰ লগত সম্পৰ্ক অব্যাহত ৰাখিলে। নিযুক্ত কৰা একমাত্ৰ ব্ৰাহ্মণ আছিল ৰাজ পুৰোহিত[9]

বিশ্ব সিংহ‌‌ই বিবাহৰ যোগেদি আন ৰজা আৰু নেতাসকলৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। নেপাল, গৌড়, কামৰূপ, বাৰাণসী, মিথিলা আৰু কাশ্মীৰৰ পৰা তেওঁৰ ওঠৰগৰাকী পত্নী আছিল আৰু তেওঁলোকৰ পৰা ওঠৰজন পুত্ৰ লাভ কৰিছিল। পুত্ৰসকলকো প্ৰশাসনিক দায়িত্ব দিয়া হৈছিল। নৰ সিংহক (নেপালৰ ৰত্নকান্তিৰ পুত্ৰ) ভূটানৰ ৰজাৰ পৰা জয় কৰা অঞ্চলৰ দায়িত্ব দিছিল। গৌড়ৰ হেমপ্ৰভাৰ পুত্ৰ মল্লদেৱ (পাছলৈ নৰনাৰায়ণ) উত্তৰাধিকাৰী আছিল। গৌড়ৰ পদ্মাৱতীৰ পুত্ৰ শুক্লধ্বজ (পাছলৈ চিলাৰায়), কামৰূপৰ চন্দ্ৰকান্তিৰ পুত্ৰ গোহাঁই কমল আদি ৰাজহুৱা কামৰ দায়িত্বত আছিল আদি।

প্ৰাবৰ ৰাজ্য[সম্পাদনা কৰক]

কমতা ৰাজ্য স্থাপন কৰিলেও প্ৰশাসন ইমান সবল নাছিল। গৌড়ৰ শাসকে ব্ৰহ্মপুত্ৰ উপত্যকা জয় কৰাৰ মনোভাৱ পুহি ৰাখিছিল আৰু আহোম ৰাজ্যৰ লগত প্ৰায়েই সংঘাত হৈছিল। ১৫৩২-৩৩ চনত আহোম ৰাজ্য আক্ৰমণ কৰা তুৰ্বক[10] খুব সম্ভৱ কমতা ৰাজ্যৰ মাজেদিয়েই গৈছিল।[11] তুৰ্বল পৰাস্ত হ'ল আৰু তেওঁৰ সেনাবাহিনীক আহোম সেনাপতি টংখাম বুঢ়াগোহাঁয়ে কমতা ৰাজ্যৰ পশ্চিম সীমা কৰতোৱা নদীলৈকে খেদি যায়। এই যুদ্ধৰ শেষত টংখাম বুঢ়াগোহাঁয়ে বিশ্ব সিংহক কমতা ৰাজ্য চমজাই আহোম ৰাজ্য আৰু গৌড়ৰ মাজত প্ৰাবৰ ৰাজ্য (buffer state) হিচাপে থাকিবলৈ দিয়ে।

বিশ্ব সিংহ‌ই আহোমৰ কৰতলীয়া হৈ থাকিব নিবিচাৰি ১৫৩৭ চনত আহোম ৰাজ্য আক্ৰমণৰ মন মেলে। ৰছদ-পাতিৰ অভাৱ হোৱাত তেওঁ এই মনোভাৱ সামৰি আহোম ৰাজসভালৈ যায় আৰু বছৰি কৰ-কাতল দিবলৈ হাত লয়।[12] এই কথা তেওঁৰ বাবে অসহনীয় আছিল আৰু মৃত্যুশৰ্যাত উত্তৰাধিকাৰীক তেওঁ কৰতলীয়া ৰাজ্যৰ চেকা আঁতৰাবলৈ কৈ যায়।

তেওঁ সৌমাৰপীঠৰ ৰাজ্য [[বিজনী, বিদ্যাগ্ৰাম আৰু বিজয়পুৰ আক্ৰমণ কৰি জয়ী হৈছিল। ইয়াৰ পাছত তেওঁ ভূটান আক্ৰমণ কৰি জয়ী হয় আৰু এখন চুক্তি কৰে। হুছেইন শ্বাহে শাসন কৰা গৌড়ৰো কিছু অংশ তেওঁ জয় কৰিছিল। তেওঁৰ ৰাজত্বকালত তুৰুক খান আৰু গৌড়ৰ ৰজা নুছৰত শ্বাহকে ধৰি মুছলমানসকলে কেইবাবাৰো আক্ৰমণ কৰিছিল আৰু কোচসকলৰ হাতত পৰাস্ত হৈছিল।

বিশ্ব সিংহ এজন ভাল ৰাজ্যশাসকো আছিল। বিদ্যাৰ প্ৰতি অনুৰাগী ৰজাই পুত্ৰ নৰনাৰায়ণ আৰু শুক্লধ্বজক বাৰাণসীলৈ শিক্ষাৰ বাবে পঠিয়াইছিল। কনৌজ, মিথিলা আদিৰ পৰা তেওঁ পুৰোহিত আনি কেইবাটাও মন্দিৰ স্থাপন কৰিছিল। ১৫৫৪ চনত ৫৩ বছৰ বয়সত তেওঁ দ্বিতীয় পুত্ৰ নৰনাৰায়ণক ৰাজ্য গটাই হিমালয়লৈ নিৰ্বাসন লয়।

টোকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]