সমললৈ যাওক

হিন্দুত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিনায়ক দামোদৰ সাভাৰকাৰ, হিন্দুত্বৰ প্ৰতিষ্ঠাতা

হিন্দুত্ব (ইংৰাজী: Hindutva) হৈছে এক হিন্দু জাতীয়তাবাদী ৰাজনৈতিক আদৰ্শ।[1][2][3] ১৯২৩ চনত বিনায়ক দামোদৰ সাভাৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা এই আদৰ্শক মূলতঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS), বিশ্ব হিন্দু পৰিষদ (VHP), শাসকীয় ভাৰতীয় জনতা পাৰ্টী (BJP)[4][5] আৰু অন্যান্য সংগঠনসমূহৰ দ্বাৰা সমৰ্থন কৰা হয়, যিবোৰক সামূহিকভাৱে সংঘ পৰিয়াল বুলি জনা যায়।[6][7]

ইউৰোপীয় ফেচীবাদৰ ধাৰণা আৰু তত্ত্বসমূহ ধাৰ কৰি, আন্তঃযুদ্ধৰ সময়ছোৱাত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিন্দুত্ব আন্দোলন ইটালীয় ফেচীবাদ আৰু নাজীবাদৰ সৈতে জড়িত আছিল।[8] হিন্দুত্বক সোঁপন্থী চৰমপন্থীৰ এক প্ৰকাৰ[8] আৰু ধ্ৰুপদী অৰ্থত "প্ৰায় ফেচীবাদী" বুলি বৰ্ণনা কৰা হৈছে, যি একজাতীয় সংখ্যাগৰিষ্ঠতা আৰু সাংস্কৃতিক আধিপত্যৰ ধাৰণা মানি চলে।[9] কিছুমান বিশ্লেষকে হিন্দুত্বক ফেচীবাদৰ সৈতে একাকাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনায় আৰু মত প্ৰকাশ কৰে যে হিন্দুত্ব হৈছে ৰক্ষণশীলতা বা জনগোষ্ঠীয় জাতীয়তাবাদৰ এক চৰম ৰূপ। কিছুমান পণ্ডিতে ইয়াক এটা বিচ্ছিন্নতাবাদী আদৰ্শ বুলিও বৰ্ণনা কৰিছে।[10][11]

হিন্দুত্বৰ সমৰ্থকসকলে, বিশেষকৈ ইয়াৰ প্ৰাৰম্ভিক তত্ত্ববিদসকলে হিন্দু ৰাষ্ট্ৰৰ ধাৰণাটোক ন্যায্যতা প্ৰদান কৰিবলৈ ৰাজনৈতিক বাকচাতুৰী আৰু কেতিয়াবা ভুল তথ্যৰ আশ্ৰয় লৈছে। এই আন্দোলনক প্ৰায়েই হিন্দু ধৰ্মীয় আৱেগক ব্যৱহাৰ কৰি সাম্প্ৰদায়িক ভিত্তিত মানুহক মেৰুকৰণ কৰা আৰু ৰাজনৈতিক লাভালাভৰ বাবে হিন্দু ধৰ্মৰ সামগ্ৰিক আৰু বহুত্ববাদী চৰিত্ৰক বিকৃত কৰাৰ বাবে সমালোচনা কৰা হয়।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Haokip, Jangkholam (2014). Can God Save My Village?: A Theological Study of Identity among the Tribal People of North-East India with a Special Reference to the Kukis of Manipur. Langham Monographs. পৃষ্ঠা. 35. ISBN 978-1-78368-981-1. https://books.google.com/books?id=Y4MuDgAAQBAJ আহৰণ কৰা হৈছে: 2023-05-03. "Hindutva is a political ideology that does not necessarily represent the view of the majority of Hindus in India."
  2. Gregory, Derek; Johnston, Ron; Pratt, Geraldine; Watts, Michael; Whatmore, Sarah (2011). The Dictionary of Human Geography. John Wiley & Sons. পৃষ্ঠা. 1–. ISBN 978-1-4443-5995-4. https://books.google.com/books?id=5gCHckKszz0C&pg=RA1-PT467 আহৰণ কৰা হৈছে: 9 May 2019.
  3. "Hindutva, n.", Oxford English Dictionary Online, Oxford University Press, 2011, http://www.oed.com/view/Entry/291968?redirectedFrom=Hindutva#eid, আহৰণ কৰা হৈছে: 17 November 2021
  4. "The Hindutva road" (en ভাষাত). Frontline. 4 December 2004. https://frontline.thehindu.com/politics/article30225920.ece.
  5. Krishna 2011, পৃষ্ঠা. 324.
  6. Ross, M.H. (2012). Culture and Belonging in Divided Societies: Contestation and Symbolic Landscapes. Book collections on Project MUSE. University of Pennsylvania Press. পৃষ্ঠা. 34. ISBN 978-0-8122-0350-9. https://books.google.com/books?id=osHNwPkLh30C&pg=PA34.
  7. Sweetman, W.; Malik, A. (2016). Hinduism in India: Modern and Contemporary Movements. SAGE Publications. পৃষ্ঠা. 109. ISBN 978-93-5150-231-9. https://books.google.com/books?id=XW02DAAAQBAJ&pg=PA109.
  8. 1 2 Leidig, Eviane (17 July 2020). "Hindutva as a variant of right-wing extremism". Patterns of Prejudice খণ্ড 54 (3): 215–237. doi:10.1080/0031322X.2020.1759861. ISSN 0031-322X.
  9. Frykenberg 2008, পৃষ্ঠা 178–220: "This essay attempts to show how — from an analytical or from an historical perspective — Hindutva is a melding of Hindu fascism and Hindu fundamentalism."
  10. Parel, Anthony (2000). Gandhi, Freedom, and Self-rule. Lexington Books. পৃষ্ঠা. 133. ISBN 978-0-7391-0137-7. https://books.google.com/books?id=sErf-DzVI9EC আহৰণ কৰা হৈছে: 30 March 2023. "The agendas of Hindutva though strong on the issues of self - identity and self - definition, have tended to be separatist."
  11. Varadarajan, Siddharth (2002). Gujarat, the Making of a Tragedy. Penguin Books. পৃষ্ঠা. 20. ISBN 978-0-14-302901-4. https://books.google.com/books?id=1kc9GmFWePUC.
  12. "Hindutuva vs Hinduism". 8 April 2017. https://www.hindustantimes.com/india-news/hinduism-versus-hindutva/story-SYB9a5bwKPqBJxbM4fPg2O.html.