সমললৈ যাওক

দো বিঘা জমিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দো বিঘা জমিন
পৰিচালক বিমল ৰয়
ৰচনা পল মহেন্দ্ৰ
চিত্ৰনাট্য হৃষিকেশ মুখাৰ্জী
কাহিনী সলিল চৌধুৰী
ভিত্তি "দুই বিঘা জমি"
লেখক: ৰবীন্দ্ৰনাথ ঠাকুৰ
প্ৰযোজক বিমল ৰয়
অভিনয়ত বলৰাজ সাহানী
নিৰূপা ৰয়
মীনা কুমাৰী
চিত্ৰগ্ৰহণকাৰী কমল বসু
সম্পাদনা হৃষিকেশ মুখাৰ্জী
সংগীত পৰিচালক সলিল চৌধুৰী
প্ৰযোজনা
কোম্পানী
বিমল ৰয় প্ৰডাক্‌চন্স
পৰিবেশক বিমল ৰয় প্ৰডাক্‌চন্স
মুক্তি
১৬ জানুৱাৰী ১৯৫৩ (1953-01-16)
দৈৰ্ঘ্য
১২০ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
সৰ্বমুঠ আয় ৭০ লাখ (৯৮,১০০ ডলাৰ)

দো বিঘা জমিন (ইংৰাজী: Do Bigha Zamin, অৰ্থ: দুই বিঘা মাটি) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাভাৰতীয় চলচ্চিত্ৰবিমল ৰয়ৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ বঙালী কবিতা "দুই বিঘা জমি"ৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহানী আৰু নিৰূপা ৰয়ে। চলচ্চিত্ৰখনৰ সমাজবাদী বিষয়বস্তুৰ বাবে ই ভাৰতৰ প্ৰাৰম্ভিক সমান্তৰাল চলচ্চিত্ৰ জগতৰ এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।[1]

১৯৪৮ চনত মুক্তিপ্ৰাপ্ত ইটালীয়ান নিঅ'-ৰিয়েলিষ্টিক চিনেমা "বাইচাইকেল থীভ্‌ছ"ৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিমল ৰয়ে দো বিঘা জমিন নিৰ্মাণ কৰে।[2]

অভিনয়শিল্পী

[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে সলিল চৌধুৰীয়ে আৰু গীতৰ কথা শৈলেন্দ্ৰৰ। অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চৌধুৰীয়ে কয় যে ৰেড আৰ্মিৰ এটা মাৰ্চ গীতৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰু ভৈৰৱী ৰাগৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ “অপনী কাহানী চোড় যা – ধৰতী কাহে পুকাৰ কে” শীৰ্ষক গীতটিৰ সুৰ কৰিছিল।[3]

গীতকণ্ঠশিল্পী
"আজা ৰি আ, নিন্দিয়া তু আ" লতা মংগেশকাৰ
"ধৰতী কাহে পুকাৰ কে, বীজ বিচা লে প্যাৰ কে" লতা মংগেশকাৰ, মান্না দে
"হৰিয়ালা ছাৱন ঢোল বজাতা আয়া" লতা মংগেশকাৰ, মান্না দে
"অজব তোৰি দুনীয়া" মহম্মদ ৰফি

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Trends and genres". Film Reference. http://www.filmreference.com/encyclopedia/Independent-Film-Road-Movies/India-TRENDS-AND-GENRES.html আহৰণ কৰা হৈছে: 7 January 2024.
  2. Anwar Huda (2004). The Art and science of Cinema. Atlantic Publishers & Dist. পৃষ্ঠা. 100. ISBN 81-269-0348-1. https://books.google.com/books?id=HiA3X6RLLnYC&pg=PA100.
  3. Surer, Bhuban. "Rare interview – Salil Chowdhury". All India Radio. https://www.youtube.com/watch?v=x_M-JbJPCXE.
  4. Raheja, Dinesh. "Do Bigha Zamin: Poignant, stark, human". Rediff.com. http://m.rediff.com/movies/2002/may/09dinesh.htm আহৰণ কৰা হৈছে: 4 July 2022.
  5. "1st National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/1st_nff_1954.pdf আহৰণ কৰা হৈছে: 4 July 2022.
  6. "Festival de Cannes: Do Bigha Zamin". festival-cannes.com. http://www.festival-cannes.com/en/archives/ficheFilm/id/3829/year/1954.html আহৰণ কৰা হৈছে: 4 July 2022.
  7. "Do Bigha Zamin - Film (Movie) Plot and Review". Film Reference. http://www.filmreference.com/Films-De-Dr/Do-Bigha-Zamin.html আহৰণ কৰা হৈছে: 7 January 2024.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]