চাহিব বিবি ঔৰ গুলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
চাহিব বিবি ঔৰ গুলাম
Sahib Bibi Aur Ghulam poster.jpg
পৰিচালক আব্ৰাৰ আলভি
লেখক আব্ৰাৰ আলভি
বিমল মিত্ৰ
প্ৰযোজক গুৰু দত্ত
অভিনয়ত মীনা কুমাৰী
গুৰু দত্ত
ৱাহীদা ৰহমান
ৰেহমান
চাপ্ৰু
মিনু মমতাজ
চিত্ৰগ্ৰহণকাৰী ভি কে মূৰ্তি
সম্পাদনা ৱাই কে চৌহান
সংগীত পৰিচালক হেমন্ত কুমাৰ
মুক্তি
৭ ডিচেম্বৰ ১৯৬২ (1962-12-07)[1]
দৈৰ্ঘ্য
১৫৫ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

চাহিব বিবি ঔৰ গুলাম (হিন্দী: साहिब बीबी और गुलाम; ইংৰাজী: Sahib Bibi Aur Ghulam) ১৯৬২ চনত মুক্তিপ্ৰাপ্ত, আব্ৰাৰ আলভি পৰিচালিত আৰু গুৰু দত্ত প্ৰযোজিত এখন ক'লা-বগা হিন্দী বোলছবি। বিমল মিত্ৰৰ বঙালী উপন্যাস 'চাহেব বিবি গোলাম'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ঊনবিংশ শতিকাৰ বংগৰ পতনমুখী জমিদাৰী প্ৰথাৰ এখন দলিল-স্বৰূপ 'চাহিব বিবি ঔৰ গোলাম'ত এজন জমিদাৰৰ (চাহেব) নিসংগ সুন্দৰী পত্নীৰ (বিবি) আৰু দুখ-যন্ত্ৰণা আৰু তেওঁৰ প্ৰতি এটা সেন্দূৰ কাৰখানাত কাম কৰা এজন সাধাৰণ যুৱকৰ (গোলাম) অন্তৰত গঢ় লৈ উঠা যৌনতাবিহীন অনুৰাগৰ কাহিনী বৰ্ণিত হৈছে। ছবিৰ সঙ্গীত ৰচনা কৰিছে হেমন্ত কুমাৰে, গীত ৰচনা কৰিছে চাকিল বাদাউনিয়ে আৰু চিত্ৰ-গ্ৰহণ কৰিছে ভি কে মূৰ্তিয়ে। অভিনয় কৰিছে গুৰু দত্ত, মীনা কুমাৰী, ৰেহমান, ৱাহীদা ৰহমান আৰু নাচিৰ হুছেইনে।[2]

ছবিখনে সমালোচকৰ উচ্চ প্ৰশংসা পোৱাৰ লগতে বাণিজ্যিক সফলতাও লাভ কৰিছিল। ইয়াত সৰু বোৱাৰীৰ (চোটী বহু) ৰূপত মীনা কুমাৰীয়ে কৰা অভিনয় হিন্দী ছবি জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনয় প্ৰদৰ্শন বুলি গণ্য কৰা হয়।[3] ই শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটাকে ধৰি চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ই ত্ৰয়োদশ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত গোল্ডন বিয়েৰ বঁটাৰ বাবে মনোনয়ন পোৱাৰ উপৰিও অস্কাৰ বঁটাৰ বিদেশী ভাষাৰ ছবি শিতানত প্ৰতিদ্বন্দ্বতা কৰিবলৈ ভাৰতৰ আনুষ্ঠানিক প্ৰৱিষ্টিত স্থান পাইছিল৷[4] ইণ্ডিয়া টাইম মুভিজে অৱশ্যেই চাবলগীয়া শীৰ্ষৰ ২৫খন বলিউডৰ ছবিৰ তালিকাত চাহিব বিবি ঔৰ গুলামক অন্তৰ্ভুক্ত কৰিছে।[5]

কাহিনী[সম্পাদনা কৰক]

চাহিব বিবি ঔৰ গুলামৰ এটা দৃশ্যত মীনা কুমাৰী (চোটী বহু) আৰু ৰহমান (জমিদাৰ)

এজন শিক্ষিত ডেকা ভূতনাথ কামৰ সন্ধানত ঔপনিবেশিত কলকাতাত পদাৰ্পন কৰে। তেওঁ সুবিনয় বাবুৰ মোহিনী সেন্দূৰ কাৰখানাত এটা কামৰ যোগাৰ কৰে।

ঘটনাক্ৰমে ভূতনাথৰ জমিদাৰ চৌধুৰী পৰিয়ালৰ সৰু বোৱাৰীৰ (চোটী বহু) (মীনা কুমাৰী) সৈতে সংযোগ ঘটে। জমিদাৰ পৰিয়ালটোৰ তিনিজন ভাতৃৰ ডাঙৰজন ইতিমধ্যে ঢুকাইছে। চোটী বহু সৰু ভাতৃ চোটে চৰকাৰ বা চোটে বাবুৰ পত্নী। চোটে চৰকাৰে প্ৰতি নিশাই কটায় সুৰা আৰু বাঈজীৰ সৈতে। কাৰণ সুন্দৰী হলেও পত্নীৰ সংগই বিলাস-বৈভৱত গা উটুৱাই দিয়া জমিদাৰসকলক ৰোমাঞ্চিত কৰিব নোৱাৰে। স্বামীৰ সংগ বিচাৰি ব্যাকুল হোৱা চোটী বহুৱে ভূতনাথক এটেমা মোহিনী সেন্দূৰ আনি দিবলৈ অনুৰোধ জনায়, কিজানি মোহিনী সেন্দূৰৰ মাহাত্ম্যই স্বামীক তেওঁৰ ওচৰলৈ ওভতাই আনেই। কিন্তু মোহিনী সেন্দূৰে চোটে চৰকাৰক সু-পথলৈ ঘূৰাই আনিব নোৱাৰিলে। স্বামীৰ মন পাবলৈ চোটী বহুৱে সুৰা পান কৰিবলৈ ললে। এইবাৰ যেনিবা কেইদিনমানৰ বাবে চোটে চৰকাৰ ঘৰতে আবদ্ধ হৈ থাকিল।

ভূতনাথ চোটী বহুৰ সৌন্দৰ্য আৰু বিষণ্ণতাত মুগ্ধ হয় আৰু তেওঁৰ ভাল বন্ধু হৈ পৰে। এদিন বজাৰত এটা বোমা বিস্ফোৰণ হয় আৰু তাৰ পিছত ব্ৰিটিছ সেনা আৰু স্বধীনতা সংগ্ৰামীৰ মাজত হোৱা গুলীয়াগুলীত ভূতনাথ আহত হয়। জবাই তেওঁক শুশ্ৰূষা কৰি আৰোগ্য কৰে। ভূতনাথে স্থাপত্যবিদৰ চাকৰি এটা পাই কলকাতাৰপৰা গুচি যায়।

মদ্যপানৰ সংগীত পৰিণত হোৱাৰ পিছতহে চোটী বহুৱে গিৰিয়েকৰ সান্নিধ্য লাভ কৰে। কিছু বছৰৰ পিছত কলকাতালৈ ঘূৰি আহি ভূতনাথে দেখে যে সুবিনয় বাবুৰ মৃত্যু ঘটিছে; আনহাতে তেওঁ আৰু জবাৰ শৈশৱতে বিয়া ঠিক হৈ আছিল। তেওঁ হাৱেলীলৈ গৈ তাৰ জৰাজীৰ্ণ ৰূপ দেখি আচৰিত হয়। তেতিয়ালৈ চোটী বহু এগৰাকী দুৰ্ঘোৰ মদাহী আৰু গিৰিয়েক পক্ষাঘাত ৰোগী। চোটী বহুৱে গিৰিয়েকৰ বাবে প্ৰাথনা কৰিবলৈ মন্দিৰ এটালৈ ভূতনাথক লগ ধৰে। তেওঁলোকৰ কথা-বতৰা মাজু জমিদাৰে শুনা পায় আৰু চৌধুৰী পৰিয়ালৰ বাহিৰৰ মানুহৰ লগত হলি-গলি কৰাৰ বাবে চোটী বহুক শাস্তি দিবলৈ আদেশ কৰে। ভূতনাথ আৰু চোটী বহু ঘোঁৰাগাড়ীত গৈ থাকোঁতে তেওঁলোকক বাটতে ৰখোৱা হয়। ভূতনাথক মূৰত আঘাত কৰা হয় আৰু বহুক অপহৰণ কৰা হয়। ভূতনাথে সংজ্ঞা ঘূৰাই পাওঁতে তেওঁক কোৱা হয় যে চোটী বহুক বিচাৰি পোৱা হোৱা নাই আৰু সৰু জমিদাৰৰ মৃত্যু ঘটিছে। ইয়াতে ফ্লাছবেকৰ অন্ত পৰে।

ভূতনাথৰ কৰ্মীসকলে তেওঁক জনায় যে হাৱেলীৰ ভগ্নাৱশেষৰ মাজত মানুহৰ জঁকা এটা পুতি থোৱা অৱস্থাত পোৱা গৈছে। জঁকাটোত থকা গহণাৰপৰা ভূতনাথে সেইটো চোটী বহুৰ বুলি চিনাক্ত কৰে।

অন্তিম দৃশ্যত নষ্টালজিক ভূতনাথক তেওঁৰ পত্নী জবাৰ সৈতে বাগীত গৈ থকা দেখুওৱা হয়। উপন্যাসখনত এই দৃশ্যটো ছবিখনতকৈ বেলেগ; তাত জবা আৰু ভূতনাথৰ সুখী সমাপ্তি দেখুওৱা হোৱা নাই।

অভিনয়[সম্পাদনা কৰক]

অভিনয় শিল্পী ভাও
মীনা কুমাৰী চোটী বহু
গুৰু দত্ত ভূতনাথ
ৰেহমান চোটে চৰকাৰ
ৱাহীদা ৰহমান জৱা
নাচিৰ হুছেইন সবিনয় বাবু (জৱাৰ দেউতাক)
ধুমল বংশী
ডি কে চাপ্ৰু চৌধুৰী (মঝলে চৰকাৰ)
হৰিন্দ্ৰনাথ চেটাৰ্জী ঘড়ী বাবু

সঙ্গীত[সম্পাদনা কৰক]

চাহিব বিবি ঔৰ গুলামৰ সঙ্গীত ৰচনা কৰিছে হেমন্ত কুমাৰে আৰু গীত লিখিছে চাকিল বাদাউনিয়ে।

ছবিৰ গীতসমূহ[সম্পাদনা কৰক]
শীৰ্ষক কণ্ঠশিল্পী চিত্ৰায়িত কৰা শিল্পী
"সখীয়া আজ মুঝে নিন্দ নহী আয়েগী" আশা ভোচলে মিনু মুমতাজ
"মেৰী জান অ' মেৰী জান" আশা ভোচলে
"পিয়া এইচো জিয়া মেঁ সমায়ে গয়ো ৰে" গীতা দত্ত মীনা কুমাৰী
"না যাও চেইয়া চুড়াকে বেইয়াঁ" গীতা দত্ত মীনা কুমাৰী, ৰেহমান
"কোই দূৰসে আৱাজ দে চলে আও" গীতা দত্ত মীনা কুমাৰী
"ভঁৱৰা বড়া নাদান" আশা ভোচলে গুৰু দত্ত, ৱাহীদা ৰহমান
"মেৰী বাত ৰহী মেৰে মন মেঁ" আশা ভোচলে ৱাহীদা ৰহমান

সঁহাৰি[সম্পাদনা কৰক]

ছবিখনে বাণিজ্যিক সফলতা লাভ কৰাৰ উপৰিও সমালোচকৰ বিশেষ গুৰুত্ব পাবলৈ সক্ষম হৈছিল। ২৪ জুন, ১৯৬২ সংখ্যাৰ 'দ্য টাইমচ অৱ ইণ্ডিয়া'ত 'চাহেব বিবি ঔৰ গুলাম' সম্পৰ্কত লিখিছিল-

সু-সংগঠিত চিত্ৰনাট্য, বিভিন্ন চৰিত্ৰ আৰু আবেগিত দশাবোৰৰ মাজত সফল সমতা ৰক্ষাই এটা সুস্পষ্ট নাটকীয় ৰূপ দিছে। দক্ষ, কিন্তু অতি বিশৃঙ্খল ৰচনা-ৰীতিত অভ্যস্ত বিমল মিত্ৰৰ উপন্যাসখনৰ বহুবল্কিতা আৰু মূল বিষয়ৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতাৰ কথা বিবেচনা কৰি এয়া (ছবিখন ) এক বিশেষভাবে সফল কৰ্ম।
(The well-knit screenplay, achieving an effective balance between the various characters and emotional phases, provides a neat dramatic pattern. It appears to be a specially successful job considering the verbosity and digressiveness of the novel of Mr. Bimal Mitra who, though often brilliant, writes in a highly disorderly way.)

আপাৰষ্টল ডট্‌ কমে মন্তব্য কৰে, "চাহেব বিবি ঔৰ গোলাম এখন ৰোমাণ্টিক আৰু হেৰোৱা দিনৰ নষ্টালজিক কাহিনী। বোলছবিখন অপূৰ্ব আৰু পৰিৱেশ ৰচনা, সংলাপ, চিনেমাট'গ্ৰাফী, গানৰ দৃশ্যগ্ৰহণ, সুন্দৰ অভিনয়েৰে ই এক বিষণ্ণ চাপ এৰি যায়। " মীনা কুমাৰীৰ অভিনয়কো প্ৰশংসা কৰা হয়: "যদিও আটাইকেইজন অভিনেতাৰে অভিনয় সুন্দৰ, মীনা কুমাৰী এই ছবিখনৰ আত্মাস্বৰূপ। চোটী বহুৰ ৰূপত তেওঁৰ অভিনয় বোধহয় ভাৰতীয় চিনেমাত সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন। [3]

ইণ্ডিয়াটাইম্‌ছে ইয়াক "অৱশ্যেই চাবলগীয়া ২৫খন বলিউডৰ চলচ্চিত্ৰ"ত অন্তৰ্ভুক্ত কৰি কয় যে "কেৱল মীনা কুমাৰীৰ অনবদ্য প্ৰদৰ্শনৰ জোৰতে ছবিখন আপোনাৰ মনত চিৰকাল থাকি যাব। "[5]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

  • ১৯৬২: দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৬২) হিন্দী ভাষাৰ শ্ৰেষ্ঠ কাহিনী ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক।[6]
  • ১৯৬৩: ত্ৰয়োদশ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন বিয়েৰ বঁটাৰ বাবে মনোনয়ন।[7]
  • ১৯৬২: অস্কাৰ বঁটাৰ বিদেশী ভাষাৰ ছবি শিতানত প্ৰতিদ্বন্দ্ব্বিতা কৰিবলৈ ভাৰতৰ আধিকাৰিক প্ৰৱিষ্টিত স্থান লাভ।
  • শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা- গুৰু দত্ত
  • শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা- আব্ৰাৰ আলভি
  • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ ফিল্মফেয়াৰ বঁটা- ভি কে মূৰ্তি
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা- মীনা কুমাৰী
  • শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন- গুৰু দত্ত
  • শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন- ৰেহমান
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন- ৱাহীদা ৰহমান
  • শ্ৰেষ্ঠ কাহিনীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন-বিমল মিত্ৰ[8]
  • বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টচ্ এৱাৰ্ড- বছৰটোৰ ছবি।

পৰিচালনা সম্পৰ্কীয় বিতৰ্ক[সম্পাদনা কৰক]

গুৰু দত্তৰ অনুভৱ আৰু শৈলীৰ বহিৰ্প্ৰকাশ ঘটা 'চাহিব বিবি ঔৰ গুলাম'ৰ পৰিচালনা কাৰ আছিল, সেই সম্পৰ্কে দীৰ্ঘদিন ধৰি বিতৰ্ক তলি আছে। তেওঁ ছবিখনৰ পৰিচালক নাছিল বুলি ভাবিবলৈ কঠিন হয়। আলভিয়ে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল আৰু গুৰু দত্তই কেতিয়াও আলভিৰ ভূমিকাক অস্বীকাৰ কৰা নাছিল। আলভিয়ে প্ৰকাশ কৰিছিল যে ছবিখনৰ গীতকেইটা দত্তই পৰিচালনা কৰিছিল যদিও বাকী অংশ পৰিচালনা কৰা নাছিল। ছবিৰ সম্পাদক ৱাই জি চৌহানে কৈছিল যে সম্পাদনাৰ মেজত আলভিহে তেওঁৰ সৈতে বহিছিল। "আব্ৰাৰে ছবিখনৰ বাবে যথেষ্ট কষ্ট কৰিছিল, কিন্তু তেওঁ কেতিয়াও ইয়াৰ স্বীকৃতি পোৱা নাছিল। ৰাইজে কয়, ছবিখন গুৰু দত্তই প্ৰযোজনা কৰিছিল, এতেকে ই গুৰু দত্তৰ ছবি। "[3] 'চাহিব বিবি ঔৰ গুলাম'ৰ এগৰাকী সহযোগী অভিনেত্ৰী ৱাহীদা ৰহমানেও নিশ্চিত কৰি গৈছে যে দত্তই নহয়, আলভিয়েহে ছবিখনৰ পৰিচালনা কৰিছিল।[9]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]